জন্ম আৰু পিতৃ-মাতৃৰ পৰিচয়
কনকেশ্বৰ বৰুৱাৰ জন্ম হয় ১৯১৫ চনত৷ মৰিগাঁও জিলাৰ জাগীচকী গাঁৱত৷ পিতৃৰ নাম কমলেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম আলতী বৰুৱা৷ ১
সামাজিক জীৱন
কনকেশ্বৰ বৰুৱা আছিল একেধাৰে অভিনেতা, গীতিকাৰ, সুৰকাৰ, গায়ক, চিত্ৰকৰ আদি৷ ব্ৰজনাথ শৰ্মা, ফণী শৰ্মা, চন্দ্ৰ চৌধুৰী আদি বিখ্যাত ব্যক্তিৰ সৈতে তেওঁ কলা-কৃষ্টিৰ চৰ্চা কৰিছিল৷ পিছলৈ নটৰাজ, পূৰ্বজ্যোতি আদি ভ্ৰাম্যমাণ নাট্যগোষ্ঠীসমূহতো তেওঁ যোগ দিছিল৷ তেওঁ নিজৰ গাঁৱত চিত্ৰলেখা নাট্য সমিতি গঠন কৰিছিল৷
মৃত্যু
তেখেতৰ মৃত্যু হয় ১৯৭১ চনত৷
তথ্যসূত্ৰ
- ↑ শিৱনাথ বৰ্মন. (২০০৯). কনকেশ্বৰ বৰুৱা. বনলতা. পৃ. ৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনকেশ্বৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৬৪৯৫৯ (৮ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।