অসমীয়া শিক্ষাবিদ
১২৭ প্ৰবন্ধ
-
দিলীপ শৰ্মা (গণিত লেখক)
ড° দিলীপ শৰ্মা (-) এগৰাকী অসমীয়া গণিত অধ্যাপক, শিক্ষাবিদ, লেখক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে সপ্তম স্থান অধিকাৰ কৰা দিলীপ শৰ্মাই গণিতক সন্মানীয় বিষয় হিচাপে লৈ ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি.এ.ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ উত্তীৰ্ণ হয়।
-
ননী গোপাল মহন্ত
ননী গোপাল মহন্ত (Nani Gopal Mahanta) ভাৰতৰ এগৰাকী শিক্ষাবিদ, ৰাজনৈতিক বিশ্লেষক, অধ্যাপক, লেখক আৰু সম্পাদক। তেওঁ ২০২৪ চনৰপৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (Vice-Chancellor) ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
প্ৰসেনজিৎ চৌধুৰী
প্ৰসেনজিৎ চৌধুৰী (Prasenjit Chowdhury; জন্ম: ১৯ অক্টোবৰ, ১৯৪৬) এগৰাকী অসমীয়া যুক্তিবাদী লেখক, অধ্যাপক আৰু ইতিহাসৰ বস্তুনিষ্ঠ বিশ্লেষক।ইতিহাস চৰ্চাৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা লৈ আহিছে।
-
ময়িদুল ইছলাম বৰা
ময়িদুল ইছলাম বৰা (জন্ম:১৮৯৯ - মৃত্যু:১৯৪৪) এগৰাকী শিক্ষাবিদ আৰু সাহিত্যিক। ফাৰ্চী সাহিত্যৰ গৱেষণা কৰিছিল। অসম সাহিত্য সভাৰ ১৯৪০ চনত বহা যোৰহাট অধিবেশনৰ সভাপতি আছিল।
-
শীলা বৰঠাকুৰ
শীলা বৰঠাকুৰ (১৯৩৫ - ২১ জুন ২০২০) এগৰাকী ভাৰতীয় সমাজসেৱী আৰু লেখিকা। অসমৰ লেখিকা সকলৰ সামাজিক আৰু সাংস্কৃতিক উত্থানৰ বাবে স্থাপন কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেওঁ প্ৰতিষ্ঠাপক আছিল।
-
সৌম্যদ্বীপ দত্ত
সৌম্যদ্বীপ দত্ত (Soumyadeep Datta) অসমৰ এগৰাকী প্ৰকৃতিবিদ, ভ্ৰমণ-কাহিনীৰ লেখক আৰু তেওঁ বৌদ্ধ-সংস্কৃতিৰ গৱেষকো। ১৯৬৭ চনত অসমৰ এক জমিদাৰী পৰিয়ালত তেওঁৰ জন্ম হয়।
-
হৰিপ্ৰসাদ বৰুৱা
হৰিপ্ৰসাদ বৰুৱা (Hari Prasad Baruah) অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক। তেওঁ স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব আছিল।
-
ৰাধানাথ ফুকন
ৰাধানাথ ফুকন (Radhanath Phukan) অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী লোক হোৱাৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল। তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল।
-
অনিল ৰায়চৌধুৰী
অনিল ৰায়চৌধুৰী (Anil Raichoudhury) এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ প্ৰগতিশীল বুদ্ধিজীৱী। ১৯২৬ চনত বৰপেটাত জন্মলাভ কৰা ৰায়চৌধুৰীয়ে স্কুলীয়া দিনতে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল।
-
ইমৰান হুছেইন
ইমৰান হুছেইন (১৯৬৬) এজন লেখক, সমালোচক, অধ্যাপক। ২০০৩ চনত সাহিত্য একাডেমীয়ে অসমীয়া ভাষাত প্ৰকাশ কৰা তেওঁৰ প্ৰথম গল্পপুথিখনৰ নাম হৈছে- হুদুমদেও আৰু অন্যান্য৷ তেওঁ অসমৰ সাহিত্য আলোচনী ভূমিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেওঁ অসমৰ ছিপাঝাৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেওঁৰ ‘বাঁক’ শীৰ্ষক গল্পটোক…
-
উদয়াদিত্য ভৰালী
উদয়াদিত্য ভৰালী অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ তথা অধ্যাপক। পিতৃৰ কৰ্মসূত্ৰে তেওঁ মঙলদৈ, ওদালগুৰি, মাজবাট, গহপুৰ, শিৱসাগৰ, গুৱাহাটী, বৰমা, নলবাৰী আৰু বৰপেটাত বুনিয়াদী আৰু হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল।
-
উপেন ৰাভা হাকাচাম
উপেন ৰাভা হাকাচাম (জন্ম: ১৯৬১ - ) উপেন ৰাভা হাকাচাম একাধাৰে গৱেষক আৰু ৰাভা ভাষা-সাহিত্যৰ সাধক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত।
-
কুলেন্দু পাঠক
ড° কুলেন্দু পাঠক (জন্ম: ১ জানুৱাৰী, ১৯৪৩) এগৰাকী অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা আৰু প্ৰশাসক। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য আৰু কটন মহাবিদ্যালয়ৰ (এতিয়া বিশ্ববিদ্যালয়) পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আছিল।
-
কৰুণা কান্ত কলিতা
কৰুণা কান্ত কলিতা (Korunakanta Kalita)অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ হাঁহদিয়া গাঁৱত, ১৯৪৩ বৰ্ষৰ ১ মাৰ্চত। পিতৃৰ নাম নন্দিৰাম কলিতা আৰু মাতৃৰ নাম দিব্যপ্ৰভা কলিতা।
-
জহৰুল হক
ড॰ জহৰুল হক( ১১ অক্টোবৰ ১৯২৬ – ১৮ জানুৱাৰী ২০১৭) এগৰাকী বিখ্যাত ইছলামিক বিদ্বান। তেওঁ অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাত পৱিত্ৰ কোৰআনৰ অনুবাদ কৰিছিল। তেওঁ অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে পৱিত্ৰ কোৰানক ভাঙনি কৰিছিল। এজন জনস্বাস্থ্য বিষয়া হিচাপে তেওঁ জীৱনৰ শেষৰফালে ওমানত বাস কৰিছিল।
-
প্ৰফুল্ল মহন্ত
ড০ প্ৰফুল্ল মহন্ত (Prafulla Mahanta ১৯৪১-২০২২) অসম, ভাৰতৰ এগৰাকী লেখক, চিন্তাবিদ, ইতিহাসকাৰ, ঔপন্যাসিক, সমাজ বিজ্ঞানী, আৰু অধ্যাপক। অসমৰ জাতীয় সত্তা, মধ্যবিত্ত আৰু জনজাতীয় শ্ৰেণীৰ ইতিহাস আৰু বাস্তৱতা সম্বন্ধে বিস্তৃত আলোচনাৰ লগতে কিছুসংখ্যক গৱেষণামূলক গ্ৰন্থও তেখেতে লিখি থৈ গৈছে৷ ১৯৬০ চনত…
-
প্ৰবীণ চন্দ্ৰ দাস
প্ৰবীণ চন্দ্ৰ দাস (Prabin Chandra Das) অসমৰ এগৰাকী লোক-সংস্কৃতিবিদ, গৱেষক, অধ্যাপক, লেখক, সম্পাদক৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ অধ্যাপক আছিল আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰিছিল৷ অসমৰ লোক-সংস্কৃতিৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ…
-
ভৰত ৰাজখোৱা
ভৰত ৰাজখোৱা একাধাৰে শিশু সাহিত্যিক, ঔপন্যাসিক আৰু এজন শিক্ষাবিদ। শৈক্ষিক দিশত আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ইতিমধ্যে জিলা আৰু ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে অইল ইণ্ডিয়াৰ ‘শিক্ষাৰত্ন’ বঁটা লাভ কৰিছে। শিক্ষক প্ৰশিক্ষক হিচাপেও অসমত তেখেতৰ সুকীয়া পৰিচয় আছে।
-
ভৱপ্ৰসাদ চলিহা
ভৱপ্ৰসাদ চলিহা (Bhabaprasad Chaliha; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। অসম চৰকাৰে তেওঁলৈ ২০২০ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে।
-
মনজ্যোৎস্না মহন্ত
মনজ্যোৎস্না মহন্ত গোস্বামী অসমৰ এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক, অধ্যাপক। তেখেত কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তৰ জীয়ৰী। তেখেতে কণ্ঠ দিয়া অসমীয়া চলচ্চিত্ৰসমূহ হৈছে- সপোন, অজলা ককাই, দ্বীপজ্যোতি।
-
মিনতি বৰঠাকুৰ
মিনতি বৰঠাকুৰ (জন্ম: ১৯৪৭ চন) অসমৰ এগৰাকী অধ্যাপক, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা, সমাজ সেৱক। তেখেতৰ পিতৃৰ নাম ভূমিদেৱ গোশ্বামী আৰু মাতৃৰ নাম মোক্ষদা দেৱী। তেওঁৰ পিতৃ কৰ বিভাগত চাকৰি কৰিছিল।
-
লক্ষ্মীনাথ দাস
লক্ষ্মীনাথ দাস (Laxminath Das) আছিল এগৰাকী অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক। কুৰি শতিকাৰ সময়ছোৱাত অসমত বিজ্ঞান জনপ্ৰিয় কৰাত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা গ্ৰহণ কৰিছিল।
-
লুট্ফা হানুম ছেলিমা বেগম
লুট্ফা হানুম ছেলিমা বেগম একাধাৰে কবি, সমালোচক, অধ্যাপক। তেওঁৰ বহুকেইখন গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ সমান্তৰালভাৱে লগত তেওঁৰ সাহিত্যৰাজি ইংৰাজী, হিন্দী, কন্নড়, নেপালী আদি ভাষালৈকো অনুবাদ হৈছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষা আৰু সাহিত্য উভয় শাখাতে স্নাতকোত্তৰ।
-
শশী শৰ্মা
শশী শৰ্মা (৩ অক্টোবৰ, ১৯৩২, মৃত্যু ব২৮ জানুৱাৰী, ২০২০) অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱী তথা নতুন দিনৰ স্বপ্নলিপিকাৰ। তেওঁক অসমীয়া প্ৰগতিবাদী সাহিত্যৰ প্ৰাতঃস্মৰণীয় প্ৰতিভা আৰু মানৱীয় মূল্যবোধৰ এজন বলিষ্ঠ প্ৰবক্তা বুলি কোৱা হয়।
-
স্বপ্নালী গগৈ
স্বপ্নালী গগৈ তেখেত নৰ্থ লখিমপুৰ কলেজৰ ভূগোল বিভাগৰ অধ্যাপক। সাহিত্যিক আৰু সমালোচক। ভূগোল বিষয়ক গৱেষণা কাৰ্যৰ লগত জড়িত।
-
ৰজনীকান্ত দত্ত
ৰজনীকান্ত দত্ত হৈছে অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জোলাগাঁওত; ১৯৩৪ চনৰ ১৩ এপ্ৰিলত৷ তেখেতৰ পিতৃৰ নাম হাওবড়া দত্ত আৰু মাতৃৰ নাম গোলাপী দত্ত ৷ ২০১১ চনত কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ "জয়হৰি ক্ষেত্ৰ"ত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনৰ…
-
অনিল শইকীয়া
অনিল শইকীয়া (Anil Saikia) একাধাৰে লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক, অধ্যক্ষ আৰু সমাজ সংগঠক। তেওঁ মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। অসমৰ লোক-সংস্কৃতিৰ বহুতো আপুৰুগীয়া সম্পদ ব্যক্তিগতভাৱে সংৰক্ষণ কৰাৰ লগতে গ্ৰাম'ফোন আৰু বিশ্বৰ বহুতো আপুৰুগীয়া গ্ৰাম'ফোন ৰেকৰ্ড সংগ্ৰহ কৰি শইকীয়াই ব্যক্তিগতভাৱে…
-
অমিয়া ৰাজবংশী
অমিয়া ৰাজবংশী (Dr Amiya Rajbonshi) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে ১৯৭০ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বৰ্তমান তেওঁ জিনিয়াছ একাডেমী ৰ ৰেক্টৰ ।
-
আনিছ উজ্ জামান
আনিজ উজ্ জামান এগৰাকী কবি, সাহিত্য সমালোচক, অনুবাদক৷ তেখেতৰ এতিয়ালৈকে দহখনতকৈয়ো অধিক কবিতা পুথি প্ৰকাশ হোৱাৰ লগতে সম্পাদনা গ্ৰন্থও প্ৰকাশ হৈছে৷
-
কমলেশ্বৰ বৰা
কমলেশ্বৰ বৰা অসমৰ এগৰাকী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱাৰ বিষয়া আৰু সমাজসেৱক আছিল। তেওঁ কামৰূপ জিলাৰ উপায়ুক্ত, শিক্ষা বিভাগৰ আয়ুক্ত সচিব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।