বিপুলজ্যোতি শইকীয়া (Bipuljyoti Saikia) অসমৰ এগৰাকী কবি১, বিজ্ঞানী২, অনুবাদক, সম্পাদক, নাট্যকাৰ, জনপ্ৰিয় বিজ্ঞান লেখক। তেখেতে কটন কলেজৰপৰা পদাৰ্থবিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত জাপানৰ কিয়ুশ্বু বিশ্ববিদ্যালয়ৰপৰা তেখেতে পোষ্ট ডক্টৰেল ডিগ্ৰী লাভ কৰে। তেখেত নাজিৰাখাত, টেপেচিয়া, সোণাপুৰ, কামৰূপ (মহানগৰ)ত বৰ্তমান চেণ্টাৰ অব্ প্লাজমা ফিজিক্স ইনষ্টিটিউট ফৰ প্লাজমা ৰিছাৰ্চত বিজ্ঞানী হিচাপে কৰ্মৰত। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলত তেখেতৰ আঢ়ৈকুৰিমান গৱেষণা-পত্ৰ প্ৰকাশ পাইছে।
জন্ম
১৮ অক্টোবৰ, ১৯৬৪। বৰ্তমান অসমৰ শোণিতপুৰ জিলাৰ চতিয়াৰ অন্তৰ্গত পাঠেককুৰি গাঁৱত। ১৯৬৬ চনৰপৰা জামুগুৰিহাটৰ অন্তৰ্গত কুসুমতোলা গাঁৱৰ নিবাসী। বৰ্তমান গুৱাহাটীৰ নিবাসী।
শিক্ষা
- প্ৰাথমিক শিক্ষা- বড়ি বৰফলীয়া প্ৰাথমিক বিদ্যালয়, বড়িগাঁও, জামুগুৰিহাট, শোণিতপুৰ।
- হাইস্কুলীয়া শিক্ষা- জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, জামুগুৰিহাট, শোণিতপুৰ। ১৯৮২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ।
- কলেজীয়া শিক্ষা- প্ৰাক-স্নাতক (বিজ্ঞান) কটন কলেজ (১৯৮২-৮৪)। স্নাতক (পদাৰ্থবিজ্ঞানত মেজৰ) - কটন কলেজ (১৯৮৪-৮৭)।
- বিশ্ববিদ্যালয়ৰ শিক্ষা- স্নাতকোত্তৰ (পদাৰ্থবিজ্ঞান)- কটন কলেজ (১৯৮৯-৯১)।
- ডক্টৰেল শিক্ষা- পি. এইচডি, (পদাৰ্থবিজ্ঞান)- গুৱাহাটী বিশ্ববিদ্যালয় (১৯৯২-৯৬)। (Thesis title: "A New Maser Effect in Plasma Turbulence")
বৃত্তি
- পোষ্ট ডক্টৰেল শিক্ষা- কিয়ুশ্বু বিশ্ববিদ্যালয়, ফুকুঅ'কা, জাপান (১৯৯৯-২০০১)।
- বিজ্ঞানী, চেণ্টাৰ অব্ প্লাজমা ফিজিক্স ইনষ্টিটিউট ফৰ প্লাজমা ৰিছাৰ্চ (CPP-IPR: Centre of Plasma Physics Institute for Plasma Research, an aided institute of Department of Atomic Energy, Govt. of India), নাজিৰাখাত, টেপেচিয়া, সোণাপুৰ, কামৰূপ (মহানগৰ)২
পৰিয়াল
তেখেতৰ পিতৃৰ নাম স্বৰ্গীয় কেশৱ শইকীয়া আৰু মাতৃৰ নাম শ্ৰীমতী সুশীলা শইকীয়া। পত্নী- শ্ৰীমতী পূৰৱী শইকীয়া।
প্ৰকাশিত গ্ৰন্থ
কবিতা
- মহাকাব্যৰ প্ৰথম পাত, প্ৰথম প্ৰকাশ, ১৯৮৯, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী২
- পাহৰণিৰ নৈ, প্ৰথম প্ৰকাশ, ১৯৯৭, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী৩
- স্বপ্ন স্মৃতি বিষাদৰ গাথা, প্ৰথম প্ৰকাশ: ২০১১, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী
- এসো বৃষ্টি, প্ৰথম প্ৰকাশ: ২০১৫, প্ৰকাশক: মনফকিৰা, কলকাতা, (বাংলা অনুবাদ: মাণিক দাস)
- শ্ৰডিঙ্গাৰৰ মেকুৰী, প্ৰথম প্ৰকাশ: ২০২৩, প্ৰকাশক: পূৰ্বায়ণ প্ৰকাশন৪
- মেঘ, প্ৰথম প্ৰকাশ: ২০২৪, প্ৰকাশক: পাঞ্চজন্য বুক্ছ
অনুবাদ কবিতা
- জাপানী মৃত্যুকবিতা, প্ৰথম প্ৰকাশ: ২০০৮, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী
- অনিল সৰকাৰৰ নিৰ্বাচিত কবিতা, প্ৰথম প্ৰকাশ: ২০১৩, প্ৰকাশক: অসম সাহিত্য সভা৫
- পুৰণি পুখুৰী, (মাৎছুঅ’ বাশ্ব’ৰ নিৰ্বাচিত কবিতা) প্ৰথম প্ৰকাশ: ২০২১, প্ৰকাশক: পাঞ্চজন্য বুক্ছ
জনপ্ৰিয় বিজ্ঞান
- সোণালী সংখ্যা, প্ৰথম প্ৰকাশ, ১৯৯৮, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী৬
- বিস্ময়কৰ চিপ (অনুবাদ), প্ৰথম প্ৰকাশ: ১৯৯৮, প্ৰকাশক: নেশ্যনেল বুক ট্ৰাষ্ট, নতুন দিল্লী
- ঈশ্বৰ কণিকা আৰু অন্যান্য প্ৰবন্ধ, প্ৰথম প্ৰকাশ: ২০১৪, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী
- নিউটনৰ আপেল, প্ৰথম প্ৰকাশ: ২০১৬, প্ৰকাশক: ছানবীম পাব্লিকেশ্যনচছ, গুৱাহাটী
- ব্ৰহ্মাণ্ডৰ প্ৰথম পোহৰ, প্ৰথম প্ৰকাশ: ২০১৭, প্ৰকাশক: ছানবীম পাব্লিকেশ্যনচছ, গুৱাহাটী
- আকাশৰ সিপাৰে, প্ৰথম প্ৰকাশ: ২০২২, প্ৰকাশক: অসম প্ৰকাশন পৰিষদ, গুৱাহাটী
শিশু বিজ্ঞান সাহিত্য
- ৰামানুজন, প্ৰথম প্ৰকাশ: ১৯৯৭, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী
- কেৰ্কেটুৱা (অনুবাদ), প্ৰথম প্ৰকাশ: ২০০৬, প্ৰকাশক: স্কলাষ্টিক, নতুন দিল্লী
- মকৰা (অনুবাদ), প্ৰথম প্ৰকাশ: ২০০৬, প্ৰকাশক: স্কলাষ্টিক, নতুন দিল্লী
- লিওনাৰ্ডো ডা ভিন্সি, প্ৰথম প্ৰকাশ: ২০১১, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী
- গানৰপৰা বিজ্ঞানলৈ, প্ৰথম প্ৰকাশ: ২০১৪, প্ৰকাশক: পাঞ্চজন্য বুক্ত, গুৱাহাটী
- এলবাৰ্ট আইনষ্টাইন সমীপেষু, প্ৰথম প্ৰকাশ: ২০১৬, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী
নাটক (অনুবাদ, অভিযোজনা)
বাংলা ভাষাৰ সাহিত্যিক শীৰ্ষেন্দু মুখোপাধ্যায়ৰ তিনিটা চুটিগল্পৰ অসমীয়া নাট্য অভিযোজনা। কানাডিয়ান নাট্যকাৰ ইমানুৱেল গেব্ৰিয়েলৰ 'আইনষ্টাইন' নাটকৰ অসমীয়া অনুবাদ।
সম্পাদিত গ্ৰন্থ
- অজান বৰুৱাৰ কবিতা, ২০০৩, প্ৰকাশক: অজান বৰুৱাৰ পৰিয়াল।
- শব্দৰ মৌ-বিচনী (কবি হীৰেন ভট্টাচাৰ্যৰ বিষয়ে; তৃপ্তি ভট্টাচাৰ্য আৰু দিব্যৰঞ্জন খাটনিয়াৰৰ সৈতে), ২০১৩, প্ৰকাশক: চিত্ৰবন প্ৰিণ্টাৰ্হ, গুৱাহাটী।
- সূৰ্য্যমগ্ন স্তৱ (গুৱাহাটীৰ সাংস্কৃতিক সংঘ 'সূৰ্য্য'ৰ কৰ্মৰাজিৰ বিষয়ে, সঞ্জীৱ হাজৰিকা আৰু নয়ন প্ৰসাদৰ সৈতে), ২০২০, প্ৰকাশক: সূৰ্য্য, গুৱাহাটী।
- হীৰেন ভট্টাচাৰ্য ৰচনাৱলী, ২০২০, প্ৰকাশক: অসম প্ৰকাশন পৰিষদ, গুৱাহাটী।
- বীণাবাদিনী (অভিনেত্ৰী বীণা প্ৰসাদৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে, নয়ন প্ৰসাদৰ সৈতে), ২০২১, প্ৰকাশক: বীণা প্ৰসাদৰ পৰিয়াল।
- কিৰণ শংকৰ (চিত্ৰশিল্পী কিৰণ শংকৰৰ জীৱন আৰু কৃতি), ২০২৪, প্ৰকাশক: কিৰণ শংকৰৰ পৰিয়াল, গুৱাহাটী।
- মিহিৰকান্ত বৰুৱা ৰচনা সম্ভাৰ (ৰামধেনু যুগৰ গল্পকাৰ মিহিৰকান্ত বৰুৱাৰ ৰচনাৱলী), ২০২৪, প্ৰকাশক: নীলাক্ষি বৰুৱা শইকীয়া ন্যাস, গুৱাহাটী।
বিভিন্ন জলপানি
- নেশ্যনেল মেৰিট স্কলাৰশ্বিপ (১৯৮২-১৯৯১)।
- কাউন্সিল অব্ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চৰ (CSIR: Council of Scientific & Industrial Research) জুনিয়ৰ (১৯৯২-৯৪) আৰু ছিনিয়ৰ (১৯৯৪-৯৬) বিচাৰ্চ ফেলোশিপ।
- ইণ্ডিয়ান স্পেচ বিচাৰ্চ অৰ্গেনাইজ্যেশনৰ (ISRO: Indian Space Research Organizaation)
- প্ৰজেক্ট ফেলোশিপ (১৯৯৬-৯৯)।
- জাপান চৰকাৰৰ জাপান ছ'ছাইটী ফৰ দি প্ৰ'ম'শ্যন অব্ ছায়েন্সৰ (JSPS: Japan Society for the Promotion of Science) পোষ্ট ডক্টৰেল ফেলোশিপ (১৯৯৯-২০০১)।
সাহিত্য পুৰস্কাৰ
- 'সোণালী সংখ্যা' গ্ৰন্থখনলৈ ২০০০ চনত জনপ্ৰিয় বিজ্ঞানৰ শ্ৰেষ্ঠ গ্ৰন্থ ৰূপে অসম সাহিত্য সভাৰ অনিল কুমাৰ শৰ্মা সোঁৱৰণী বঁটা।
- ২০২২ চনত 'অন্যযুগ সাহিত্য সম্মান'।৭
তথ্যসূত্ৰ
- ↑ নব্য মাধ্যমত অসমীয়া কবিতাৰ চৰ্চা. poetrywithoutfear.com
- ↑ विपुलज्योति शईकिया 1967 शोणितपुर, असम सुपरिचित असमिया कवि, लेखक और अनुवादक। पेशे से वैज्ञानिक।. www.hindwi.org
- ↑ Paharanir Noi (পাহৰণিৰ নৈ) Hardcover – 1 January 2019 Assamese Edition by Bipuljyoti Saikia (Author). www.amazon.in
- ↑ https://www.amazon.in
- ↑ Anil Sarkaror Nirbachitto Kabita by Bipuljyoti Saikia. archive.org
- ↑ books.jamini.co.in
- ↑ অন্যযুগ সাহিত্য বঁটা, ২০২২. www.anyayug.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপুলজ্যোতি শইকীয়া” প্ৰবন্ধৰ সংশোধন ৫৩৪৫৬৩ (২৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।