ক্ষীৰধৰ বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত নিয়মীয়া প্ৰবন্ধ লিখাৰ উপৰি বিজ্ঞান জেউতি, ৰসায়ন শিক্ষা আদি আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনত তেখতেক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি এছ চি’ উপাধি প্ৰদান কৰে৷১
জন্ম আৰু বংশ পৰিচয়
ক্ষীৰধৰ বৰুৱাই ১৯৪৭ চনৰ ১ চেপ্তেম্বৰ তাৰিখে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰে।২
শিক্ষা
তেখেতে ১৯৬৩ চনত জামুগুৰি হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হয়। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৭ চনত ৰসায়ন বিজ্ঞান বিষয়ত সন্মানসহ বি.এছ.চি পৰীক্ষাত ঊত্তীৰ্ণ হয়। ১৯৭০ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৮ চনত তেখেতে এম.ফিল ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
ক্ষীৰধৰ বৰুৱাই ১৯৭০ চনৰ পৰা ২০০৬ চনৰ ৩১ আগষ্টলৈকে বিশ্বনাথ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল।৩ ৩১ আগষ্ট ২০০৬ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে। ১৯৮৭-৮৮ চনত বোকাজান চিমেণ্ট কাৰখানাত 'Environmental Impact Analysis and Assessment of Bokajan Cement Factory' বিষয়ত গৱেষণা কৰে। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে বহুতো পুথি লিখিছে। উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয় পৰ্যায়ৰ বাবে কেইবাখনো পাঠ্যপুথি ৰচনা কৰিছে। ১৯৬০ চনৰ পৰাই তেখেতে অসমৰ বিভিন্ন বাতৰি কাকত, আলোচনীত ১০০০ৰো অধিক প্ৰবন্ধ প্ৰকাশ কৰি বিজ্ঞানক জনপ্ৰিয়কৰণত অৰিহণা যোগাই আহিছে। ইয়াৰ ভিতৰত অসম বাণী, সাদিন, আমাৰ অসম, দৈনিক অসম, প্ৰান্তিক, বিজ্ঞান জেউতি আদিয়েই প্ৰধান। অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত "বিজ্ঞান জেউতি" নামৰ দুমহীয়া আলোচনীখনৰ ১৯৯৯ চনৰ পৰা ২০০১ চনলৈকে সম্পাদক হিচাবে দায়িত্ব পালন কৰিছিল। তেখেত ২০০২ চনত অসম সাহিত্য সভাই প্ৰকাশ কৰা 'অসমীয়া বিশ্বকোষ"ৰ বিজ্ঞান বিভাগৰ(Vol.I,II & III)ৰ সহযোগী সম্পাদক আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা 'ৰসায়ন শিক্ষা' নামৰ জনপ্ৰিয় আলোচনীৰ তেখেত আছিল সহযোগী সম্পাদক। ইয়াৰ উপৰি 'অসম বিজ্ঞান লিখক সমাজ'এ প্ৰকাশ কৰা ১০খন গ্ৰন্থৰ সহযোগী সম্পাদক আছিল। বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে তেখেতে অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত আলোচনা চক্ৰ আদিত প্ৰায়ে অংশগ্ৰহণ কৰে।৪৫ বিজ্ঞান জনপ্ৰিয় কৰাৰ বাবে তেখেতক 'Scientoons' (Science cartoons) ব্যৱহাৰৰ ক্ষেত্ৰত অসমৰ বাটকটীয়া বুলিব পাৰি। (ভিডিঅ’ সংলগ্ন)
সাহিত্য চৰ্চা
তেখেতে অসমীয়া সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে লিখা কিতাপসমূহ হ'ল:
- আকাশী যানৰ কথা (অসম বিজ্ঞান সমিতি, ১৯৭২ চন)
- সাগৰৰ কথা (১৯৭৫ চন; অসম চৰকাৰৰ বিত্তীয় অনুদান প্ৰাপ্ত)
- বিশ্ববিখ্যাত মহিলা বিজ্ঞানী (১৯৮৩ চন)
- বিজ্ঞানৰ ৰেঙণি (চন্দ্ৰ প্ৰকাশ, ১৯৯০ চন)
- বিজ্ঞানৰ নতুন দিগন্ত (অসম প্ৰকাশন পৰিষদ৬)
- বিজ্ঞানৰ সৰু-বৰ কথা (লয়াৰ্ছ বুক ষ্টল, ১৯৯৭ চন)
- ৰসায়নৰ পঞ্চৰত্ন (ৰসায়ন শিক্ষা সমাজ, ১৯৯৮ চন)
- অসমীয়া বিজ্ঞানী (বুক হাইভ্, ১৯৯৯ চন)
সদস্যপদ
- সভাপতি: অসম বিজ্ঞান লিখক সমিতি (২০০২-২০০৪)
- প্ৰতিষ্ঠাপক সভাপতি: আকাশ, শিশু বিজ্ঞান সংগঠন
- আজীৱন সদস্য:
- ভাৰতীয় বিজ্ঞান লিখক সন্থা, নতুন দিল্লী।
- অসম বিজ্ঞান সমিতি, গুৱাহাটী।
- নেচনেল চেণ্টাৰ ফৰ চায়েঞ্চ কমিনিউকেচন,মুম্বাই।
পুৰস্কাৰ/সন্মান
- বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাজ্যিক বটা:২০০১ চনৰ ঘনশ্যাম গোস্বামী সোৱঁৰণী সন্থা (গুৱাহাটী)এ আগবঢ়োৱা।
- National Award for Best Science and Technology Coverage in the Mass Media 2004 awarded by NCSTC,Dept of Science & Technology,Govt. of India, New Delhi.
- নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা, ২০২২ ৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (১৪-২-২৪). সাহিত্যিক ক্ষীৰধৰ বৰুৱালৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি এছ চি উপাধি প্ৰদান. পৃ. ৭
- ↑ বিজ্ঞান জীৱন৷ ক্ষীৰধৰ বৰুৱাৰ জীৱন সম্পৰ্কে তথ্যচিত্ৰ
- ↑ www.biswanathcollege.org/departments/chemistry.h; আহৰণ ১৪ ফেব্ৰুৱাৰী ২০১২
- ↑ Workshop on low-cost science kit for teachers; The Assam Tribune; 29 July,2008; আহৰণ ১৪ ফেব্ৰুৱাৰী ২০১২
- ↑ Celebration in Dibrugarh, Chemistry 2011; 17 March 2011; আহৰণ ১৪ ফেব্ৰুৱাৰী ২০১২
- ↑ The National Centre for Children's Literature a wing of National Book Trust, India, আহৰণ ১৪ ফেব্ৰুৱাৰী ২০১২
- ↑ নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষীৰধৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬১১৭৬৪ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।