অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেঘৰঞ্জনী মেধি

মেঘৰঞ্জনী মেধি এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী আৰু অভিনেত্ৰী। ২০২৪ চনত তেওঁ সংগীত নাটক একাডেমীৰ পৰা কথক নৃত্যশিল্পী হিচাপে ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰে।

হালনাগাদ: ৮ নৱেম্বৰ ২০২৫ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

মেঘৰঞ্জনী মেধি এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী আৰু অভিনেত্ৰী। ২০২৪ চনত তেওঁ সংগীত নাটক একাডেমীৰ পৰা কথক নৃত্যশিল্পী হিচাপে ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰে।

জীৱনী

মেঘৰঞ্জনী মেধিৰ জন্ম হৈছিল গায়ক, সংগীত পৰিচালক জয় প্ৰকাশ মেধি আৰু কথক নৃত্যশিল্পী মৰমা মেধিৰ ঘৰত।১ মাকৰ পৰা তিনিবছৰ বয়সতেই তেওঁ কথক নৃত্য শিকিবলৈ আৰম্ভ কৰে।১ তাৰ পিছত তেওঁ পণ্ডিত বীৰজু মহাৰাজ আৰু পণ্ডিত ৰাজেন্দ্ৰ গংগনীৰ ওচৰত তালিম লয়।২ তেওঁ লক্ষ্ণৌৰ ভাটখণ্ডে সংগীত বিদ্যাপীঠৰ পৰা কথক নৃত্যত নৃত্য নিপুণ উপাধি লাভ কৰাৰ পিছত খৈৰাগড়স্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ অধীনত কথক নৃত্যত স্নাতকোত্তৰ উপাধি লাভ কৰে।২ ২০১৭ চনত তেওঁ অসম সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ পৰা সত্ৰীয়া নৃত্যত নৃত্য নিপুণ উপাধি লাভ কৰে।২

বৰ্তমান মেঘৰঞ্জনী নিজৰ স্বামী শিল্পী নীল দাসৰ সৈতে নিউজিলেণ্ডত বসবাস কৰি আছে।১

নৃত্য জীৱন

তিনিবছৰৰ বয়সতেই মাকৰ পৰা নৃত্য শিক্ষা আৰম্ভ কৰি ২০০৯ চনত লক্ষ্ণৌৰ ভাটখণ্ডে সংগীত বিদ্যাপীঠৰ পৰা কথকত নৃত্য নিপুণ উপাধি লাভ কৰে।৩ তেওঁ ভাৰত চৰকাৰৰ সংস্কৃতি বিভাগ আৰু কেন্দ্ৰীয় সংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ বৃত্তি লাভ কৰিছিল আৰু ২০১২ চনত ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ পেনেল শিল্পী হিচাপে নিৰ্বাচিত হৈছিল।৩

তেওঁয়ে মাকৰ সৈতে ভাৰতৰ বিভিন্ন ঠাইত একেলগে প্ৰদৰ্শন কৰাৰ লগতে দেশবিদেশৰ বহুতো উৎসৱত একক কথক নৃত্যাভিনয় কৰিছে। তাৰ ভিতৰত আছে - নতুন দিল্লীৰ সাধনা উৎসৱ, কথক কেন্দ্ৰত আয়োজিত কথক মহোৎসৱ, প্ৰাগজ্যোতি আন্তঃৰাষ্ট্ৰীয় নৃত্য উৎসৱ (২০১১, ২০১২, ২০১৩, ২০১৪), খজুৰাহো নৃত্য উৎসৱ (২০১৪), কালা ঘোঁড়া শিল্প উৎসৱ (২০১৫), সাৰজয়া উৎসৱ (২০১৩), পঞ্চ তত্ত্ব উৎসৱ, মুম্বাই, আৰু চেন্নাইত অনুষ্ঠিত বিশ্ব নৃত্য দিৱস।৩ তেওঁ ICCRৰ উদ্যোগত ইজিপ্ত, ইজৰাইল, পেলেষ্টাইন আৰু সংযুক্ত আৰব আমিৰাতত ভ্ৰমণ কৰিছিল আৰু ২০১১ চনৰ জুন মাহত টৰণ্টোৰ হাৰ্বাৰফ্ৰণ্ট চেণ্টাৰৰ Fleck Dance Theatre-ত অভিনয় কৰিছিল।৩

মাকৰ সৈতে একেলগে তেওঁ গুৱাহাটীস্থিত “সুৰ সংগম” নামৰ এখন নৃত্য বিদ্যালয় চলায়।৪

অভিনয় জীৱন

তেওঁৰ অভিনয় জীৱন আৰম্ভ হৈছিল লখিমী নামৰ ভিডিঅ’ ছবিৰ জৰিয়তে। তাৰ পিছত তেওঁ অভিমানী মন, পূৰ্ণিমা, জনমণি (ভলিউম-১ আৰু ২), ৰুমাল আৰু কাঁচিজোন নামৰ চলচ্চিত্ৰত অভিনয় কৰে।৩ তেওঁৰ প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ অনুৰাধা ২০১৫ চনত মুক্তি পায়।৩ তদুপৰি তেওঁ তুমি দুচকুত কজল ললে নামৰ টেলিভিছন মেগা ছিৰিয়েল আৰু কেইবাটাও বাণিজ্যিক বিজ্ঞাপনত অভিনয় কৰিছে।৩

বঁটা আৰু সন্মান

মেঘৰঞ্জনীয়ে ২০০৭ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃকলেজ যুৱ উৎসৱত একেৰাহে তিনিবছৰ ধৰি স্বৰ্ণ পদক লাভ কৰে।৩ ২০১০-২০১১ চনত তেওঁ ভিডিঅ’ ছবি জানমণিৰ বাবে নেবকাচ মিডিয়া বেষ্ট এক্ট্ৰেছ পুৰস্কাৰ লাভ কৰে।৩ ২০১৫ চনত তেওঁৰ প্ৰথম চলচ্চিত্ৰ অনুৰাধাৰ বাবে নিৰোধ চৌধুৰী শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে।৩ ২০২৪ চনত তেওঁ ২০২৩ বৰ্ষৰ বাবে কথক নৃত্যশিল্পী হিচাপে ওস্তাদ বিছমিল্লাহ খান যুৱ বঁটা লাভ কৰে।৫৬ ২০২৫ চনৰ জানুৱাৰীত তেওঁ ‘‘কলা সাধক - দ্য ৱান ডিভ’টেড টু আৰ্ট’’ বঁটা লাভ কৰে।৭

তথ্যসূত্ৰ

  1. ↑ (9 November 2023). Meghranjani Medhi - Kathak Dancer Artistic Journey from Tradition to Global Stages - YetiNews
  2. ↑ Medhi, Marami; Talukdar, Debasish. (2022-09-17). Kathak Volume-1 A Theoretical & Practical Guide. anshika publication. ISBN 978-93-5780-420-2
  3. ↑ (22 April 2016). Meghranjani Medhi – Making Waves With Her Dance and Acting. Assam Online Portal
  4. ↑ Dance chose me, says Kathak exponent Meghranjani Medhi. The Tribune
  5. ↑ Tribune, The Assam. (2024-02-28). Meghranjani Medhi among 12 to receive Sangeet Natak Akademi Award. assamtribune.com
  6. ↑ Time, Pratidin. 5 Assam Artists Among 82 Conferred with Ustad Bismillah Khan Yuva Puraskar. www.pratidintime.com
  7. ↑ (24 January 2025). Kathak dancer Meghranjani Medhi honoured with prestigious 'Kala Sadhak' award. India Today NE

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঘৰঞ্জনী মেধি” প্ৰবন্ধৰ সংশোধন ৫৪৮৮২০ (৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।