গীতাৱলী ৰাজকুমাৰী (Gitawali Rajkumari) হৈছে অসমৰ এগৰাকী অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল অসমৰ যোৰহাট জিলাত।১ তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” আদি অন্যতম।
কেৰিয়াৰ
গীতাৱলীয়ে মৃদুল গুপ্তাৰ দ্বাৰা পৰিচালিত ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ কৃষ্ণচূড়াৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০০০ চনত মুক্তিপ্ৰাপ্ত মুনিন বৰুৱাৰ চুপাৰহিট ছবি হিয়া দিয়া নিয়া তেখেতৰ অভিনয় জীৱনৰ উল্লেখযোগ্য ছবি। তেওঁ বহুকেইখন অসমীয়া ভিচিডি ছবি আৰু ধাৰাবাহিকতো অভিনয় কৰিছে।
চলচ্চিত্ৰপঞ্জী
| চন | ছবিৰ নাম | অভিনীত চৰিত্ৰ | অন্যান্য |
|---|---|---|---|
| ১৯৯৮ | কৃষ্ণচূড়া | গীতাৱলীৰ প্ৰথম চলচ্চিত্ৰ | |
| ২০০০ | হিয়া দিয়া নিয়া | সুনিতা | |
| ২০০১ | কইনা মোৰ ধুনীয়া | গায়ত্ৰী | |
| ২০০২ | ককাদেউতাৰ ঘৰ জোঁৱাই | গীতা | |
| ২০০২ | ত্যাগ | তৰামাই | |
| ২০০৩ | হিট লিষ্ট | ||
| ২০০৩ | হেঁপাহ | ||
| ২০০৩ | পত্নী | ৰুমা | |
| ২০১২ | তুলা আৰু তেজা | ||
| ২০১২ | ঘৰ সংসাৰ | ভিচিডি | |
| ২০২২ | ৰাজনীতি |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (1 September 2019). সাক্ষাৎকাৰ – মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ সৈতে এখন্তেক. fotadhol.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতাৱলী ৰাজকুমাৰী” প্ৰবন্ধৰ সংশোধন ৬০৫৭১৫ (১০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।