অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰশ্মি দেশাই

শিৱানী দেশাই (Rashami Desai; জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৮৬), পেছাগতভাৱে ৰশ্মি দেশাই নামে জনাজাত, এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ দুটা ইণ্ডিয়ান টেলিভিছন একাডেমি এৱাৰ্ড আৰু গোল্ড এৱাৰ্ডসহ বহু সন্মান লাভ কৰিছে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৪৯৭ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শিৱানী দেশাই (Rashami Desai; জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৮৬), পেছাগতভাৱে ৰশ্মি দেশাই নামে জনাজাত, এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী।১ তেওঁ দুটা ইণ্ডিয়ান টেলিভিছন একাডেমি এৱাৰ্ড আৰু গোল্ড এৱাৰ্ডসহ বহু সন্মান লাভ কৰিছে।

আঞ্চলিক ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পাছত, দেশাই ২০০৬ চনত ৰাৱণৰ জৰিয়তে হিন্দী ভাষা দূৰদৰ্শনত আত্মপ্ৰকাশ কৰে আৰু ২০০৮ চনত পৰী হুঁ ম্যায়ত দ্বৈত চৰিত্ৰত অভিনয় কৰে। কালাৰ্ছ টিভিৰ দীৰ্ঘকাল ধৰি চলা ধাৰাবাহিক উত্তৰণ (২০০৯–২০১৪)ত তপস্যা ঠাকুৰ চৰিত্ৰত তেওঁৰ উল্লেখযোগ্য অভিনয়ে তেওঁক বিপুল জনপ্ৰিয়তা প্ৰদান কৰে আৰু বিভিন্ন বঁটা লাভ কৰায়। দেশায়ে বাস্তৱধৰ্মী অনুষ্ঠানসমূহ যেনে জৰা নাচকে দেখাঃ ২ (২০১০), ঝলক দিখলা জা ৫ (২০১২), ফিয়াৰ ফেক্টৰ: খত্ৰোঁ কে খিলাড়ী ৬ (২০১৫) আৰু নচ বলিয়ে ৭ (২০১৫)ত অংশগ্ৰহণ কৰে আৰু ২০১২ চনৰ চলচ্চিত্ৰ দাবাংগ ২ত বিশেষ উপস্থিতি ৰাখে। তেওঁ কমেডি চাৰ্কাছ মহাসংগ্ৰাম (২০১০), কমেডি কা মহা মুকাবলা (২০১১), কাহিনী কমেডি চাৰ্কাছ কি (২০১২) আৰু কমেডি নাইটছ লাইভ (২০১৬)ৰ দৰে অনুষ্ঠানৰ জৰিয়তে ষ্টেণ্ড-আপ কমেডিতো প্ৰৱেশ কৰে।

পিছলৈ দেশাই কল্পকাহিনীমূলক দূৰদৰ্শনত পুনৰ আগমন কৰি প্ৰেম-ত্ৰিকোণ ধাৰাবাহিক দিল সে দিল তক (২০১৭–২০১৮)ত শোৰভৰী চৰিত্ৰত অভিনয় কৰে। তাৰ পিছত তেওঁ বিগ বচ ১৩ (২০১৯–২০২০) আৰু বিগ বচ ১৫ (২০২১–২০২২)ত অংশগ্ৰহণ কৰে। তেওঁ নাগিন ৪ আৰু নাগিন ৬ত সংক্ষিপ্ত চৰিত্ৰতো অভিনয় কৰে আৰু তামস নামৰ চুটি চলচ্চিত্ৰৰ জৰিয়তে অ’টিটি মাধ্যমত আত্মপ্ৰকাশ কৰে। লগতে তন্দুৰ ৱেব ধাৰাবাহিকৰ জৰিয়তে ৱেব জগততো আত্মপ্ৰকাশ কৰে।

প্ৰাৰম্ভিক জীৱন

ৰশ্মি দেশাই শিৱানী দেশাই নামে ১৩ ফেব্ৰুৱাৰী ১৯৮৬ তাৰিখে অসম ৰাজ্যৰ নগাঁও চহৰত জন্মগ্ৰহণ কৰে।১২৩৪৫৬৭৫

তেওঁ গুজৰাটী ভাষা মূলৰ।৮ তেওঁৰ এজন ভাতৃ আছে, গৌৰৱ দেশাই। দেশাইক মুম্বাইত ডাঙৰ-দিহা কৰা হৈছিল আৰু তাতেই তেওঁ নিজৰ বিদ্যালয় শিক্ষা আৰু স্নাতক অধ্যয়ন সম্পূৰ্ণ কৰে।৯

ৰশ্মিয়ে মুম্বাইস্থিত নাৰ্ছি মনজি কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিকছৰপৰা টুৰ্ছ এণ্ড ট্ৰেভেলছ বিষয়ত ডিপ্ল’মা ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

চলচ্চিত্ৰত অভিনয়ৰ আৰম্ভণি (২০০২–২০০৬)

দেশায়ে নিজৰ অভিনয় কেৰিয়াৰ আঞ্চলিক চলচ্চিত্ৰৰ জৰিয়তে আৰম্ভ কৰে। ২০০২ চনত তেওঁ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাৰ চলচ্চিত্ৰ কন্যাদানত অভিনয় কৰে। তাৰ পিছত তেওঁ ২০০৪ চনত বীৰেন্দ্ৰ নাথ তিৱাৰী পৰিচালিত ৰোমাণ্টিক ৰহস্যধৰ্মী বলিউড চলচ্চিত্ৰ য়ে লমহে জুদাই কেত শাহৰুখ খান আৰু ৰাভীনা টেণ্ডনৰ সৈতে অভিনয় কৰি বলিউডত আত্মপ্ৰকাশ কৰে। ছবিখনত তেওঁ শীতল নামৰ এজনী মহাবিদ্যালয়ৰ ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰে, যাৰ জ্যেষ্ঠ ভগ্নীক (টেণ্ডনে অভিনয় কৰা) হত্যা কৰা হয়।১০১১

২০০৫ চনত দেশায়ে হিন্দী চলচ্চিত্ৰ শবনম মাউসিত অভিনয় কৰে, য’ত তেওঁ নাইনা নামৰ চৰিত্ৰত আশুতোষ ৰাণা আৰু বিজয় ৰাজৰ সৈতে অভিনয় কৰে।১২ পাছলৈ তেওঁ ভোজপুৰী ভাষা চলচ্চিত্ৰ জগতত জনপ্ৰিয়তা লাভ কৰে আৰু বলমা বড়া নাদান আৰু গব্বৰ সিং আদি চলচ্চিত্ৰত অভিনয় কৰে। ২০০৫ চনত দেশায়ে কব হোই গৱনা হামাৰ চলচ্চিত্ৰত অভিনয় কৰে, যিখনে পিছলৈ ভোজপুৰী শ্ৰেষ্ঠ কাহিনীচিত্ৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১৩১৪

ব্যক্তিগত জীৱন

দেশাই তেওঁৰ প্ৰাক্তন স্বামী নন্দীশ সন্ধুৰ সৈতে
দেশাই তেওঁৰ প্ৰাক্তন স্বামী নন্দীশ সন্ধুৰ সৈতেছবি: Bollywood Hungama · CC BY 3.0

তেওঁ উত্তৰণ ধাৰাবাহিকৰ সহ-অভিনেতা নন্দীশ সন্ধুৰ সৈতে ১২ ফেব্ৰুৱাৰী ২০১১ তাৰিখে গাজিয়াবাদত বিবাহ বন্ধনত আবদ্ধ হয়।১৫ ২০১৪ চনত তেওঁলোক পৃথক হৈ যায় আৰু প্ৰায় চাৰিবছৰীয়া বিবাহিত জীৱনৰ পিছত ২০১৫ চনত দুয়ো ডিভ’ৰ্চৰ বাবে আবেদন দাখিল কৰে।১৬ ২০১৬ চনৰ মাৰ্চ মাহত ডিভ’ৰ্চ চূড়ান্ত কৰা হয়।১৭

২০১৮ চনত দেশাই আৰহান খানক লগ পায়। ২০১৯ চনত দুয়ো বিগ বচ ১৩ত অংশগ্ৰহণ কৰে, য’ত আৰহানে দেশাইক বিবাহ প্ৰস্তাৱ আগবঢ়ায় আৰু দেশাই সেই প্ৰস্তাৱ গ্ৰহণ কৰে।১৮ পিছলৈ সালমান খানে প্ৰকাশ কৰে যে আৰহান আগতে বিবাহিত আছিল আৰু তেওঁৰ এটা সন্তান আছিল, যিটো তেওঁ দেশাইৰপৰা গোপন কৰি ৰাখিছিল।১৯ ২০২০ চনত বিগ বচ গৃহৰপৰা ওলাই অহাৰ পাছত দেশাই আৰহানৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰে।২০২১

তথ্যসূত্ৰ

  1. ↑ (12 May 2020). Rashami Desai opens up about being raised by a single mom, says she couldn't afford to pay Rs 350 for dance class. Hindustan Times
  2. ↑ (20 November 2019). Rashami Desai to Nia Sharma: Did you know the original names of these famous TV celebs?. The Times of India
  3. ↑ (13 February 2021). Rashami Desai's 35th birthday: Avika Gor, Yuvika Chaudhary and other TV celebs pour love on the actress. The Times of India
  4. ↑ (13 February 2022). If your birthday is on February 13. The Tribune India
  5. ↑ (13 February 2016). Mrunal Jain wishes sister Rashami Desai a happy birthday!. The Times of India
  6. ↑ Kumar, Rupesh. (18 April 2020). Bigg Boss 13: सलमान खान के साथ रश्मि देसाई कर चुकी हैं रोमांस, जन्मदिन पर वायरल हुआ Video. Dainik Jagaran
  7. ↑ (13 February 2018). Happy Birthday Rashami Desai: Lesser known facts about this television star. The Indian Express
  8. ↑ Jain, Kiran. (22 October 2014). Ssharad Malhotra, Rashami Desai reveals their special shopping plan for Dhanteras. Daily Bhaskar
  9. ↑ Tiwari, Vijaya. (14 December 2019). Exclusive - Bigg Boss 13 contestant Rashami Desai's brother Gaurav: Arhaan Khan is nobody to revive my sister's career, she's already settled - Times of India. The Times of India
  10. ↑ (11 October 2019). Bigg Boss 13: Did You Know That Rashami Desai Had Once Played Parallel Lead Role In An SRK Film?. ABP Live
  11. ↑ (1 October 2019). Bigg Boss 13: Rashami Desai starred in a Shah Rukh Khan film Yeh Lamhe Judaai Ke. India TV
  12. ↑ Shabnam Mausi (2005). Rotten Tomatoes
  13. ↑ Kelkar, Reshma. (21 August 2007). Udit Narayan's Bhojpuri film starring Ravi Kishan wins National Award. Bollywood Hungama
  14. ↑ (9 January 2010). Rashmi's filmy past. The Times of India
  15. ↑ Maheshwari, Neha. (12 February 2011). Uttaran stars Rashmi-Nandish tie the knot. The Times of India
  16. ↑ (30 December 2015). TV actors Rashami Desai, Nandish Sandhu file for divorce. Hindustan Times
  17. ↑ (16 March 2021). Rashami Desai opens up about her divorce from Nandish Sandhu, says she was 'judged'. Hindustan Times
  18. ↑ (2 December 2019). Arhaan khan to propose Rashami Desai; here's an exclusive picture of the ring. The Times of India
  19. ↑ (7 December 2019). Bigg Boss 13: Angry Salman Khan reveals Arhaan khan has a kid, leaves Rashami Desai shocked. Hindustan Times
  20. ↑ (29 January 2020). Bigg Boss 13: Rashami Desai and Arhaan Khan's relationship in trouble; here's what made them fall apart. The Times of India
  21. ↑ (5 March 2020). 'Bigg Boss 13' Winner Sidharth Shukla REACTS To Rashami Desai & Arhaan Khan's BREAK-UP

সম্পৰ্কিত শ্ৰেণী

হিন্দী টেলিভিছনৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীগুজৰাটী চলচ্চিত্ৰৰ অভিনেত্ৰীভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰীঅসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীপঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীউৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰশ্মি দেশাই” প্ৰবন্ধৰ সংশোধন ৫৮৪৮২৩ (৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।