অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেণু শইকীয়া

ৰেণু শইকীয়া (১০ ডিচেম্বৰ ১৯৩৪ – ১৭ নৱেম্বৰ ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ তিনিখন জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰি চৰিত্ৰ অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ৰেণু শইকীয়া (১০ ডিচেম্বৰ ১৯৩৪ – ১৭ নৱেম্বৰ ২০১১)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰত কৰা অভিনয়ৰ বাবে জনাজাত।২ তেওঁ তিনিখন জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰি চৰিত্ৰ অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিছিল। তেওঁ সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱান (১৯৬৩) আৰু ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱা (১৯৬৮) আৰু ৰতনলাল (১৯৭০ৰ দশক) ছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ কেইখনমান জনপ্ৰিয় নাটক কল্যাণী, জয়মতী, নিমিলা অংক, টেক্সি ড্ৰাইভাৰ, ৰাজপথ আদিতো অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯৩৪ চনৰ ১০ ডিচেম্বৰ তাৰিখে অসমৰ তিনিচুকীয়া জিলাৰ শ্ৰীপুৰীয়াৰ এক সমৃদ্ধিশালী পৰিয়ালত ৰেণু শইকীয়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কমল বৰবৰা আৰু মাতৃ পুণ্যপ্ৰভা বৰবৰা। কমল বৰবৰা ভাৰতীয় তেল প্ৰাধিকৰণ, ডিগবৈৰ কাৰ্যকৰী বিষয়া আছিল। পিছলৈ তেওঁ কোম্পানীৰ দীঘলীয়া ধৰ্মঘটৰ বাবে চাকৰিৰ পৰা পদত্যাগ কৰিছিল। তেওঁলোকৰ দহগৰাকী সন্তান আছিল। অসমৰ প্ৰাপ্তন মুখ্যমন্ত্ৰী আৰু সাংসদ গোলাপ বৰবৰা ৰেণু শইকীয়াৰ ভাতৃ।

অভিনয় জীৱন

ৰেণু শইকীয়া আৰু সমৰেণ শইকীয়া
ৰেণু শইকীয়া আৰু সমৰেণ শইকীয়াছবি: Rtzmaiden · CC BY-SA 3.0

ৰেণু শইকীয়ায়ে ১৮ বছৰ বয়সতে ১৯৫২ চনত জয়মতী নাটকৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। ইয়াত তেওঁ মুখ্য চৰিত্ৰ জয়মতী কুঁৱৰীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ১৯৬১ চনত তেওঁ ৰাজপথ নাটকত অভিনয় কৰিছিল। এইখন নাটকৰ পৰা তেওঁ প্ৰবল জনপ্ৰিয়তা অৰ্জন কৰে আৰু অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰত কাম কৰিবলৈ সুযোগ পায়। তেওঁ সোমেশ্বৰ বৰুৱাৰ বঙালী নাটক নিছেৰ মহলতো অভিনয় কৰিছিল। তেওঁ সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱান (১৯৬৩) আৰু ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱা (১৯৬৮) আৰু ৰতনলাল (১৯৭০ৰ দশক) ছবিত অভিনয় কৰিছিল। মণিৰাম দেৱান বোলছবিত ড॰ ভূপেন হাজৰিকাৰ বিখ্যাত গীত বুকু হম হম কৰে তেওঁৰ ওপৰত চিত্ৰায়ণ কৰা হৈছিল। ডক্তৰ বেজবৰুৱা ছবিত কৰা অভিনয়ৰ বাবে তেওঁ অসমীয়া চলচ্চিত্ৰৰ ললিতা পাৱাৰ আখ্যা পাইছিল।

ব্যক্তিগত জীৱন

১৯৫৬ চনত ৰেণু শইকীয়ায়ে অভিনেতা, লেখক, নিৰ্দেশক সমৰেণ শইকীয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোক ইয়াৰ আগতে কেইবাখনো নাটকত একেলগে কাম কৰিছিল। তেওঁলোকৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছিল।

মৃত্যু

২০১১ চনৰ ১৭ নৱেম্বৰ তাৰিখে তিনিচুকীয়াৰ নিজা বাসভৱনত ৰেণু শইকীয়াৰ মৃত্যু হয়।

চলচ্চিত্ৰৰ তালিকা

চনচলচ্চিত্ৰচৰিত্ৰ
১৯৬৩ইটো সিটো বহুতো৩
১৯৬৪মণিৰাম দেৱানৰাজ মাও
১৯৬৮ডক্তৰ বেজবৰুৱাচাহ বাগিচাৰ মালিকৰ ঘৈণী তথা মুখ্য অভিনেতা নিপন গোস্বামীৰ মাক
১৯৭০ৰ দশকৰতনলালচাহ বাগিচাৰ শ্ৰমিকৰ মুখীয়াৰ ঘৈণী

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ www.nettv4u.com/celebrity/hindi/movie-actress/re
  3. ↑ Arunlochan Das. (2013). 100 Asomiya Chalachchitror kahini Aru Geet. Sashi-Sishu Prakashan, গুৱাহাটী. পৃ. 126

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণু শইকীয়া” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৮৬ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।