ৰুণু দেৱী হ’ল অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। সংগ্ৰাম লগ্নে আজি নামৰ একাংকিকা নাট এখনৰ জৰিয়তে শিশু অৱস্থাতে অভিনয় জীৱনৰ পাতনি মেলা দেৱীয়ে পঞ্চাশৰো অধিক মঞ্চ নাট,ষাঠিৰো অধিক অনাতাঁৰ নাট,সন্ধ্যাৰাগ,কোলাহল (চলচ্চিত্ৰ),মেঘমুক্তি আদি উচ্চ প্ৰশংসিত অসমীয়া চলচ্চিত্ৰ আৰু বিভিন্ন ধৰাবাহিকত অভিনয় কৰাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰিছে। ইয়াৰে কোলাহল ছবিৰ বাবে দেৱীয়ে অসম চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী আৰু হেঙুল থিয়েটাৰৰ ‘গডমাদাৰ”ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠা অভিনেত্ৰীৰ মুনলাইট মিডিয়া বঁটা লাভ কৰে।১
জন্ম আৰু শিক্ষাগ্ৰহণ
১৯৫৭ চনৰ ২১ ছেপ্তেম্বৰত গুৱাহাটীত ৰুণু দেৱীৰ জন্ম হয়। তেওঁৰ দেউতাক আছিল ভোলানাথ শৰ্মা আৰু মাক কিৰণ বালা দেৱী। পিতৃৰ চাকৰি সূত্ৰে গুৱাহাটীত জন্ম হ’লেও দেৱীৰ শৈশৱ্কাল প্ৰথমতে ডিব্ৰুগড়,তাৰ পিছত গোৱালপাৰা,তাৰ পিছত তিনিচুকীয়া আৰু শেষত নামৰূপত অতিবাহিত হয়। নামৰূপৰ অসম ৰাজ্যিক বিদ্যুত পৰিষদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা দেৱীয়ে মেট্ৰিক পৰীক্ষা পাছ কৰে। পিছলৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰে।
অভিনয় জীৱন
মঞ্চজগত
মই গৌৰৱবোধ কৰো যে ৰুণু দেৱীয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত অভিনয় প্ৰতিভাৰ প্ৰথম পৰিচয় নিশ্চিত প্ৰতিশ্ৰুতি লৈ উপস্থিত হৈছিল প্ৰায় তিনি দশক পূৰ্বে মোৰ এখন নাটকৰ এটা জটিল নাৰী চৰিত্ৰৰ অতুলনীয় মঞ্চ ৰূপায়ণেৰে। নাটকখন আছিল আহাৰ। .....নাটকখনত এককভাৱে পাঁচটা বিভিন্ন চৰিত্ৰত তেওঁ অভিনয় কৰিব লগা হৈছিল। যি পাৰংগতা,অন্তৰ্দৃষ্টি আৰু স্বাভাৱিকতাৰে নিপুণভাৱে ৰুণুৱে চৰিত্ৰকিটা ৰূপায়ণ কৰিছিল সেই অভিনয় অসমৰ মঞ্চ ইতিহাসৰ এক বিৰল কৃতি ৰূপে উল্লিখিত হৈ থাকিব।
— অৰুণ শৰ্মা
পিতৃ চাকৰি সূত্ৰে গোৱালপাৰাত থাকোঁতে ‘’সংগ্ৰাম লগ্নে আজি’’ নামৰ একাংকিকা নাট এখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰি দেৱীয়ে শ্ৰেষ্ঠ শিশু শিল্পীৰ পুৰস্কাৰ লাভ কৰে। নামৰূপলৈ অহাৰ পিছত দেৱীয়ে অসমৰ সাংস্কৃতিক জীৱনৰ প্ৰখ্যাত ব্যক্তি কিছুমানক লগ পাই আৰু অভিনয় জগতৰ লগত ওতপ্ৰোত ভাৱে জড়িত হৈ পৰে। সেই সময়তে শম্ভু গুপ্তাৰ স্তব্ধবিহংগ(১৯৭১) আৰু সেন্দূৰৰ ৰং মাধুৰ্য(১৯৭২) নাটকত অভিনয় কৰি তেওঁ সদৌ অসম ভিত্তিত শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰে।১ সন্দিকৈ কলেজত নাম ভৰ্তি কৰাৰ পিছত দেৱীয়ে এক বহল সাংস্কৃতিক ক্ষেত্ৰৰ লগত নিজকে জড়িত কৰাৰ সুযোগ পাই আৰু আৱৰণ,শিপা,আথেল’ আদি নাটত অভিনয় কৰে। অগ্নিপৰীক্ষা নামৰ নাটখনৰ পূৰ্ব নিৰ্ধাৰিত অভিনেত্ৰী গৰাকী হঠাত অসুস্থ হৈ পৰাত দেৱীয়ে নামমাত্ৰ অনুশীলনেৰে নাটকখনত অভিনয় কৰে আৰু প্ৰশংসা লাভ কৰে। ১৯৭৬ চনত ৰবীন্দ্ৰ ভৱনত অৰুণ শৰ্মাৰ আহাৰ নাটখনত একেলগে পাঁচটা চৰিত্ৰত অভিনয় কৰি দেৱীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ১৯৯৮ চনত মাক্সিম গ’ৰ্কীৰ মাদাৰ উপন্যাসৰ আধাৰত নিৰ্মিত অৰুণ শৰ্মাৰ মা ত তেওঁৰ অভিনয় বহুলভাৱে সমাদৃত হয়।
কথাছবি
১৯৭৫ চনত ইন্দুকল্প হাজৰিকাৰ নিয়তি কথাছবিৰ জৰিয়তে ৰুণু দেৱীয়ে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তাৰ পিছত তেওঁ ভবেন্দ্ৰ নাথ শইকীয়াৰ সন্ধ্যাৰাগ (চলচ্চিত্ৰ)ত অভিনয় কৰে। অনিৰ্বাণ,অপৰূপা,মেঘ,মেঘমুক্তি আদিত অভিনয় কৰাৰ পিছত দেৱীয়ে বহাগৰ দুপৰীয়াত আগৰ চৰিত্ৰসমূহৰ সম্পূৰ্ণ বিপৰীত এক চৰিত্ৰত অভিনয় কৰি প্ৰশংসিত হয়। ১৯৮৮ চনত দেৱীয়ে এন্দুৰ গল্পৰ আধাৰত ভবেন্দ্ৰ নাথ শইকীয়া নিৰ্মিত কোলাহল (চলচ্চিত্ৰ)ত অভিনয় কৰে। এই অভিনয়ৰ বাবে দেৱীয়ে ৰাষ্ট্ৰীয় বঁটাৰ বাবে বাছনিত উঠে যদিও পিছলৈ পৰাজিত হয়।১ লণ্ডনৰ দ্য গাৰ্ডিয়ান কাকতত চলচ্চিত্ৰ সমালোচক ডেৰেক মেলেকমে এই অভিনয়ৰ প্ৰশংসা কৰে।১ ইয়াৰ পিছত দেৱীয়ে লাজ,কইনা মোৰ ধুনীয়া,কদম তলে কৃষ্ণ নাচে আদি ছবিত অভিনয় কৰে।
ভ্ৰাম্যমাণ
১৯৮২-৮৩ চনত কহিনুৰ থিয়েটাৰৰ ক্লিঅ’পেট্ৰা নাটৰ জৰিয়তে দেৱীৰ ভ্ৰাম্যমাণ প্ৰৱেশ ঘটে।১ এই নাটৰ নাম ভূমিকাত দেৱীৰ অভিনয় প্ৰশংসিত হয়। ইয়াৰ পিছত দেৱীয়ে গডমাদাৰ,জয় পৰাজায়,গোসাঁই থানৰ চাকি আদি নাটত অভিনয় কৰে।
অনাতাঁৰ নাট
দেৱীয়ে ৰাষ্ট্ৰীয় পৰ্যায়্ত মালিয়া,অনুতৰিত প্ৰশ্ন,হয় বদন,বাঘ আদি আৰু আঞ্চলিক পৰাজয়ত এজন মানুহৰ জন্ম,যযাতি,ভোগজৰা,পৰিচয় আদি ৬০ ৰো অধিক নাটকত অভিনয় কৰিছে।
সাংসাৰিক জীৱন
১৯৮৫ চনত অঞ্জন ঠাকুৰৰ সৈতে ৰুণু দেৱী বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ স্নেহা দেৱী নামৰ এক কন্যা আৰু অম্বৰীশ ঠাকুৰ নামৰ এক পুত্ৰ সন্তান আছে।
সামাজিক কাম-কাজ
ৰুণু দেৱী এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও কণ্ঠশিল্পী আৰু নৃত্যশিল্পী হিচাপেও পৰিচিত। ২০০৬ চনত দেৱীয়ে প্ৰজ্ঞাঞ্জলী নামৰ এক সামাজিক-সাংস্কৃতিক অনুষ্ঠান গঠন কৰে যাৰ জৰিয়তে বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰা হয়।
উল্লেখযোগ্য বঁটা আৰু সন্মান
- অসম চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠা অভিনেত্ৰীৰ পুৰস্কাৰ (কোলাহল),১৯৮৯
- অসম চিনে আৰ্টছ ছ’চাইটিৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠা অভিনেত্ৰীৰ পুৰস্কাৰ,১৯৯৫
- শ্ৰেষ্ঠা অভিনেত্ৰীৰ মুনলাইট মিডিয়া বঁটা (হেঙুল থিয়েটাৰৰ ‘গডমাদাৰ”),২০০১
- জ্যোতিৰূপাৰ শ্ৰেষ্ঠা সহঃ-অভিনেত্ৰীৰ বঁটা(কদম তলে কৃষ্ণ নাচে),২০০৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ বি.বৰুৱা মহাবিদ্যালয়ৰ মুখপত্ৰ. (২০১১). ৰুণু দেৱী. বিবিয়ান. পৃ. ১০৫-১১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুণু দেৱী” প্ৰবন্ধৰ সংশোধন ২৬৮৫২৬ (২১ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।