জৰ্জ বেকাৰ (George Baker, জন্মː ২৮ অক্টোবৰ ১৯৪৬) এজন ভাৰতীয় অভিনেতা আৰু ৰাজনৈতিক নেতা। তেওঁক মূলতঃ অসমীয়া আৰু বঙালী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ২০১৪ত ভাৰতীয় জনতা পাৰ্টীত ভৰ্তি হয় আৰু হাওৰা লোকসভা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে। ইয়াৰ পিছত সংবিধানৰ ৩৩১ ধাৰা অনুসৰি ইংগ-ভাৰতীয় সদস্যৰ বাবে সংৰক্ষিত লোকসভা আসনৰ সদস্যৰূপে ৰাষ্ট্ৰপতিয়ে তেওঁক মনোনীত কৰে।১
জীৱন পৰিক্ৰমা
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪৫ চনৰ ২৮ অক্টোবৰত অসমৰ তেজপুৰত এটা গ্ৰীক পৰিয়ালত বেকাৰৰ জন্ম হৈছিল। তেওঁ লক্ষ্ণৌৰ লা মাৰ্টিনিয়েৰ কলেজত শিক্ষাগ্ৰহণ কৰিছিল। তেওঁ পিছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰে যদিও দেউতাকৰ মৃত্যু হোৱাত আধাতে এৰি দিয়ে। তেওঁ ৰেলৱেৰ পাৰ্মানেণ্ট ৱে ইঞ্জিনিয়াৰিঙৰ এটা দুবছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰি উত্তৰ পূব সীমান্ত ৰেলৰ অভিযান্ত্ৰিক বিভাগত চাকৰিত সোমায়। তেওঁ ৰেলত দুবছৰ আছিল আৰু তাৰপিছত নিজৰ ব্যৱসায় আৰম্ভ কৰে।
অভিনয় জীৱন
বেকাৰে ১৯৭৪ চনত অসমীয়া ছবি চামেলি মেমচা'বৰ মূল চৰিত্ৰ বাৰ্কলে চাহাবৰ অভিনয়ৰ যোগেদি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। ২৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা পাইছিল। ইয়াক বঙালী আৰু হিন্দী ভাষাতো ৰিমেক কৰা হৈছিল। বঙালী সংস্কৰণটোত এই একেটা চৰিত্ৰতে বেকাৰে অভিনয় কৰিছিল।২
তেওঁ অসমীয়া, বঙালী, ইংৰাজী, হিন্দী আৰু চাঁওতালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও অসংখ্য বঙালী যাত্ৰা, টেলিফিল্ম, ধাৰাবাহিক আদিত বিশেষকৈ ব্ৰিটিছ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ সৈতেও জড়িত আছিল।
শেহতীয়াকৈ তেওঁ পৰিণীতাত (২০০৫ হিন্দী চলচ্চিত্ৰ) চাৰ উইলিয়াম একহাৰ্ট আৰু ভুতেৰ ভৱিষ্যতত (২০১২ বঙালী চলচ্চিত্ৰ) মিষ্টাৰ ৰামচেৰ চৰিত্ৰত অভিনয় কৰিছিল।
ৰাজনৈতিক জীৱন
২০১৪ চনত বেকাৰে ভাৰতীয় জনতা পাৰ্টীৰ টিকটত হাওৰা লোকসভা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ ওচৰত হাৰে।
২০১৫ৰ ২৩ জুলাইত ষোড়শ লোকসভাৰ ইঙ্গ-ভাৰতীয় সদস্যৰ বাবে সংৰক্ষিত দুখন আসনৰ এখনত ৰিচাৰ্ড হে আৰু আনখন অসনত তেওঁক মনোনীত কৰা হয়।৩
২০১৭ চনৰ ২৪ জুনত সংঘটিত হোৱা এক আক্ৰমণত তেওঁক হাস্পাতালত ভৰ্তি কৰাবলগীয়া হয়। এই আক্ৰমণ তৃণমূল কংগ্ৰেছৰ সদস্যই কৰা বুলি অভিযোগ উঠিছিল।৪
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | ছবি | ভূমিকা | ভাষা | পৰিচালক | টোকা |
|---|---|---|---|---|---|
| ১৯৭৫ | চামেলি মেমচা'ব | বাৰ্কলে | অসমীয়া | আব্দুল মজিদ | |
| ১৯৭৬ | আদালত | অসমীয়া | দিলীপ ডেকা | ||
| ১৯৭৯ | চামেলী মেমচাহেব | বাৰ্কলে | বঙালী | ইন্দৰ সেন | |
| ১৯৮২ | অমৃত কুম্ভেৰ সন্ধানে | বঙালী | দিলীপ ৰয় | ||
| ১৯৮৩ | অমৰ গীতি | বঙালী | তৰুণ মজুমদাৰ | ||
| ১৯৮৪ | দেৱী | অসমীয়া | শম্ভু গুপ্তা, দাৰা আহমেদ | ||
| ১৯৮৮ | প্ৰতিপক্ষ | বঙালী | ৰথিস দে চৰকাৰ | ||
| ১৯৮৮ | বোবা সানাই | বঙালী | আজিত গাঙ্গুলী | ||
| ১৯৮৮ | অঞ্জলি | বঙালী | অঞ্জন চৌধুৰী | ||
| ১৯৯৩ | প্ৰিয়জন | অসমীয়া | ৱাইচকুৰ্ণী বৰা | ||
| ২০০২ | দেশ | বঙালী | ৰাজা সেন | ||
| ২০০৪ | Bow Barracks Forever | ইংৰাজী | অঞ্জন দত্ত | ||
| ২০০৫ | পৰিণীতা | চাৰ উইলিয়াম একহাৰ্ট | হিন্দী | প্ৰদীপ চৰকাৰ | |
| ২০০৭ | মিনিষ্টাৰ ফাটাকেষ্ট' | বঙালী | স্বপন সাহা | ||
| ২০০৮ | লভ | বঙালী | ৰিঙ্গো বেনাৰ্জী | ||
| ২০১২ | ভুতেৰ ভৱিষ্যত | মিঃ ৰামচে | বঙালী | অনিক দত্ত | |
| ২০১৩ | স্বভূমি | বঙালী | উজ্জ্বল চেতাৰ্জী |
তথ্যসূত্ৰ
- ↑ (27 February 2014). BJP taps magic and acting. The Telegraph
- ↑ The Telegraph - Calcutta: Guwahati. www.telegraphindia.com
- ↑ Actor George Baker, Professor Richard Hay Nominated to Lok Sabha. NDTV.com
- ↑ Feeds, IANS. (24 June 2017). BJP MP George Baker allegedly attacked by Trinamool
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৰ্জ বেকাৰ” প্ৰবন্ধৰ সংশোধন ৩৭৭৭৪০ (১২ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।