মিহিৰজ্যোতি বৰুৱা (Mihirjyoti Baruah) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা৷ অসমৰ গোলাঘাট জিলাত জন্মগ্ৰহণ কৰা বৰুৱাই বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে৷১ তাৰে ভিতৰত চামেলি মেমচা'ব (১৯৭৫), সূৰ্য তেজৰ অন্য নাম (১৯৯১), বন্ধন (২০০৩), সৰু বোৱাৰী (২০০৩), বাৰুদ (২০০৪) আদি উল্লেখযোগ্য।১
প্ৰাৰম্ভিক জীৱন
১৯৬৩ চনৰ ৮ এপ্ৰিলত অসমৰ গোলাঘাট জিলাত মিহিৰজ্যোতি বৰুৱাৰ জন্ম হয়।২ তেওঁৰ পিতৃ আছিল শিশুপ্ৰসাদ বৰুৱা আৰু মাতৃ ৰেণুকা বৰুৱা।৩৪
বৰুৱাই গোলাঘাটৰ ১ নং টাউন প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰি ষষ্ঠ শ্ৰেণীলৈকে যোৰহাট বেজবৰুৱা বয়জ হায়াৰ চেকেণ্ডেৰী স্কুলত আৰু পৰৱৰ্তী সময়ত সপ্তম শ্ৰেণীৰ পৰা গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি তাৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।৩৪
কৰ্মজীৱন
বৰুৱাই ছাত্ৰ অৱস্থাতে তেওঁৰ সহপাঠীৰ লগত ইক’ক্লাব নামৰ অনুষ্ঠান এটাৰ জন্ম দি সেই অনুষ্ঠানৰ পৰা বাদ্যযন্ত্ৰৰ শিল্পী ৰূপে সাংস্কৃতিক জগতত প্ৰৱেশ কৰে। ৮০ৰ দশকৰ প্ৰথমভাগত গোলাঘাটত অনুষ্ঠিতত ঈদ-বিহু প্ৰীতি সন্মিলনত তেওঁ প্ৰথমবাৰৰ বাবে গোলাঘাট এমেচাৰ থিয়েটাৰৰ মঞ্চত এগৰাকী অভিনেতা ৰূপে আত্মপ্ৰকাশ কৰে।৪৫
আব্দুল মজিদৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ চামেলি মেমচা'বত ছাত্ৰ অৱস্থাতে তেওঁ শিশু চৰিত্ৰৰে বোলছবি জগতত আত্মপ্ৰকাশ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ ঘৰ সংসাৰ, সূৰ্য তেজৰ অন্য নাম, শেৱালি, বন্ধন, সৰু বোৱাৰী, বাৰুদ, হিৰ’ আদি চলচ্চিত্ৰত অভিনয় কৰিছিল৷৪৫
তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ আৰু মায়াবিনী নামৰ অসমীয়া ধাৰাবাহিক এখনতো অভিনয় কৰিছিল৷৪৫
চলচ্চিত্ৰপঞ্জী
| চন | চলচ্চিত্ৰ | চৰিত্ৰ | পৰিচালক | তথ্য প্ৰসংগ |
|---|---|---|---|---|
| ১৯৭৫ | চামেলি মেমচা'ব | - | আব্দুল মজিদ | ১৫ |
| ১৯৮৩ | ঘৰ সংসাৰ | - | শিৱপ্ৰসাদ ঠাকুৰ | ৪৫ |
| ১৯৯১ | সূৰ্য তেজৰ অন্য নাম | - | ১৪৫ | |
| ২০০৩ | বন্ধন | - | ||
| সৰু বোৱাৰী | - | ১৪ | ||
| ২০০৪ | বাৰুদ | - | ১ | |
| ২০০৬ | হিৰ’ | - | ||
| -১৯৮৭ | শেৱালি | - | শিৱ প্ৰসাদ ঠাকুৰ | ৪৫ |
মৃত্যু
যকৃত ৰোগত আক্ৰান্ত হৈ থকা বৰুৱাই ২০২৩ চনৰ ৯ মে’ তাৰিখে গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত দিনৰ ২:২০ বজাত ইহলীলা সম্বৰণ কৰে৷৩৪৫ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ।৪৫
তথ্যসূত্ৰ
- ↑ (2023-05-09). Veteran Actor Mihirjyoti Baruah passed away. Guwahatiplus. Guwahatiplus.com/
- ↑ (2023-05-09). Assamese Actor Mihirjyoti Baruah No More. Pratidin Time. Pratidintime.com/
- ↑ (2023-05-09). ভ্ৰাম্যমাণ-বোলছবি জগতৰ বলিষ্ঠ অভিনেতা মিহিৰ জ্যোতি বৰুৱাৰ মৃত্যু. Niyomiya Barta. Niyomiyabarta.com/
- ↑ (2023-05-10). চলচ্চিত্ৰ মঞ্চৰ বলিষ্ঠ অভিনেতা মিহিৰ জ্যোতি বৰুৱাৰ দেহাৱসান. Niyomiya Barta. Niyomiyabarta.com/
- ↑ (2023-05-10). ছবি - ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যু. Assamiyakhabor. Assamiyakhabor.com/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিহিৰজ্যোতি বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬২৩০০৫ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।