অসমীয়া উপন্যাস
৯৭ প্ৰবন্ধ
-
বিপন্ন সময়
বিপন্ন সময় (Biponno Xomoi) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হৈছে ইতিহাস-সচেতনতা আৰু ইতিহাস বিশ্লেষণ। উল্লেখযোগ্য যে, বিশেষ উপন্যাসখনৰ বাবে ঔপন্যাসিক মেদিনী চৌধুৰীয়ে ১৯৯৯ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
মই ডেচডিম’না হ’ব খোজোঁ
মই ডেচডিম’না হ’ব খোজোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত মণিকুন্তলা ভট্টাচাৰ্য ৰচিত এখন উপন্যাস। লেখিকাই এই উপন্যাসৰ বাবে ২০০৭-২০০৯ বৰ্ষৰ অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ২০০৭ চনৰ ডিচেম্বৰত।
-
মৰমৰ দেউতা
মৰমৰ দেউতা নামৰ উপন্যাসখন ড° ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ এখন শিশু-কিশোৰ উপযোগী উপন্যাস। এই উপন্যাসখন ১৯৮৯ আৰু ১৯৯০ চনৰ ভিতৰত সঁফুৰা নামৰ আলোচনীখনত প্ৰথমে প্ৰকাশ পাইছিল। মাক দেউতাকে নিজ সন্তানক অতুলনীয় মৰম-স্নেহেৰে ডাঙৰ-দীঘল কৰে। সন্তান ভাল মানুহ হোৱাটোৱেই তেওঁলোকৰ কাম্য।
-
শংখনিনাদ
শংখনিনাদ হৈছে মনালিছা শইকীয়া ৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। অসম আন্দোলনৰ পটভূমিত ৰচিত শংখনিনাদ এখন উল্লেখযোগ্য গ্ৰন্থ। আশীৰ দশকত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ছবি আৰু নব্বৈৰ দশকত অসমৰ সমাজ জীৱনলৈ নামি অহা বিভিন্ন বিপৰ্যয় সাম্প্ৰতিক সময়ৰ এগৰাকী তৰুণীৰ দৃষ্টিৰে উপন্যাসখনত লেখিকাই দাঙি ধৰিছে।
-
শান্তনুকুলনন্দন
শান্তনুকুলনন্দন হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমীয়া সাহিত্য ক্ষেত্ৰত গৱেষণাধৰ্মী দৃষ্টিকোণেৰে এই উপন্যাসখন ৰচনা কৰা হৈছে। এই উপন্যাসখনে ২০০৭ বৰ্ষৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
সাউদৰ পুতেকে নাও মেলি যায়
সাউদৰ পুতেকে নাও মেলি যায় (Saudor Puteke Nao Meli Jay) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ শৈশৱ-কৈশোৰ জীৱন আধাৰিত প্ৰথমখন উপন্যাস। এই 'সাউদৰ পুতেকে নাও মেলি যায়' উপন্যাসখন ষ্টুডেণ্টছ ষ্টৰছ প্ৰকাশনৰ পৰা ১৯৮৭ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখন দুটা অধ্যায়ত বিভক্ত।
-
সূৰুযমুখীৰ স্বপ্ন
সূৰুযমুখীৰ স্বপ্ন উপন্যাসখনৰ ঔপন্যাসিক হৈছে চৈয়দ আব্দুল মালিক। অসমীয়া সাহিত্যৰ এখন জনপ্ৰিয় উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৯৫ চনত।
-
হালধীয়া চৰায়ে বাওধান খায় (উপন্যাস)
হালধীয়া চৰায়ে বাওধান খায় ( Halodhiya Choraye Baudhan Khai) সাহিত্যিক হোমেন বৰগোহাঞিৰ এখন অন্যতম উপন্যাস। উপন্যাসখন ১৯৭২ চনত প্ৰথম প্ৰকাশ হৈছিল। উপন্যাখনত তেওঁ বৰ্ণনা কৰিছে দৰিদ্ৰ কৃষকৰ জীৱন সংগ্ৰাম।
-
হৃদয় নিৰুপায়
হৃদয় নিৰুপায় এখন অসমীয়া ভাষাৰ উপন্যাস৷ ঔপন্যাসিক ৰীতা চৌধুৰী৷ উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় ২০০৩ চনৰ মে’ মাহত৷ উপন্যাসখন পূৰ্বতে ১৯৯৬ চনত ‘জনমভূমি’ কাকতৰ পূজা সংখ্যাত ‘অন্তঃস্ৰোতা’ শীৰ্ষক নামেৰে প্ৰকাশ হৈছিল৷ ‘হৃদয় নিৰুপায়’ তাৰেই পৰিবৰ্দ্ধিত ৰূপ৷ ২০২০ চনত উপন্যাসখনৰ ষষ্ঠ প্ৰকাশ মুদ্ৰিত হৈছে৷…
-
ৰংমিলিৰ হাঁহি
ৰংমিলিৰ হাঁহি (Rongmilir Hanhi) ৰংবং তেৰাঙে ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক ৰংবং তেৰাংক ২০০৮ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ ১৯৮১ চনত হৈছিল।
-
অ-পদাৰ্থ
অ-পদাৰ্থ হৈছে অসমীয়া কবি-সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা লিখিত এখনি কল্প-বিজ্ঞানধৰ্মী উপন্যাস। উপন্যাসখন ১৯৮২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল।
-
অৰ্ণৱ, আস্থা আৰু JEC
অৰ্ণৱ, আস্থা আৰু জে ই চি (নামটো ষ্টাইলাইজ কৰা হৈছে: অৰ্ণৱ, আস্থা আৰু JEC) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পটভূমিত অৰ্ণৱ আৰু আস্থা বৰুৱাৰ কাল্পনিক প্ৰেমকাহিনীৰে ৰচিত ইন্দ্ৰাণী শৰ্মাৰ এখন অসমীয়া উপন্যাস। তেওঁৰ ৱেবছাইট www.indranee.org-ত এই উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিল।
-
আংৰা (গ্ৰন্থ)
আংৰা চাহ-জনগোষ্ঠীয় জীৱনৰ পটভূমিত ৰচিত বিশ্বজ্যোতি শৰ্মাৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনত চাহ-জনগোষ্ঠীয় মানৱ জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন আদি সকলো দিশ প্ৰকট হোৱাৰ লগতে অতীতৰ পৰা বৰ্তমানলৈকে এই লোকসকলৰ যি ক্ৰমবিৱৰ্তন তাক সাৱলীলভাৱে উপস্থাপন কৰিছে। উপন্যাসখনৰ কাহিনীভাগ বাস্তৱ জীৱন আধাৰিত।
-
ইয়াত এখন অৰণ্য আছিল
অসমীয়া উপন্যাস সাহিত্যক সমৃদ্ধিশালী কৰা এগৰাকী উল্লেখযোগ্য লেখিকা হ'ল অনুৰাধা শৰ্মা পূজাৰী। তেখেতে বিভিন্ন সময়ত বিভিন্ন বিষয় লৈ উপন্যাস ৰচনা কৰি পাঠকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনত প্ৰকাশিত তেখেতৰ ইয়াত এখন অৰণ্য আছিল উপন্যাসখনে পাঠকৰ বিপুল সমাদৰ লাভ কৰিছে।
-
এটা দ্বীপ সাতটা কবৰ
এটা দ্বীপ সাতটা কবৰ ৰঞ্জু হাজৰিকাই ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ হৈছিল ২০০৩ চনত।
-
এধানী মাহীৰ হাঁহি
এধানী মাহীৰ হাঁহি অসমৰ সাহিত্যিক মহিম বৰাই ৰচনা কৰা এখন উপন্যাস। কুৰি শতিকাৰ অসমীয়া সমাজখনৰ বৰ্ণনাৰে সমৃদ্ধ উপন্যাসখনে ২০০১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
কাঠনিবাৰী ঘাট
কাঠনিবাৰী ঘাট অসমীয়া ভাষাৰ এটা উল্লেখযোগ্য গল্প। গল্পকাৰ মহিম বৰা। গল্পটোৰ প্ৰথম প্ৰকাশ হয় ১৯৬১ চনত। মহিম বৰাৰ
-
কিউপিড আৰু ছাইকী
কিউপিড আৰু ছাইকী হেম বৰুৱাৰ এখন গ্ৰন্থ। হেম বৰুৱাই প্ৰেম কাহিনীৰ আলমত লিখিছে। কিউপিড আৰু ছাইকী অমৰ প্ৰেম কাহিনীৰ এই অনুবাদ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৫৯ চনত|
-
চাৰিশাল গোসাঁনীৰ তেজ
চাৰিশাল গোসাঁনীৰ তেজ হৈছে অসমীয়া সাহিত্যিক তুলিকা শইকীয়াই চুতীয়া ৰজা নীতিপাল আৰু ৰাণী সাধনীৰ জীৱনক আধাৰ হিচাপে লৈ ৰচনা কৰা এখন অসমীয়া উপন্যাস। এইখন লেখিকাৰ প্ৰথম উপন্যাস আৰু মৃত্যুৰ পূৰ্বে প্ৰকাশিত একমাত্ৰ উপন্যাস।
-
ছিন্নমস্তাৰ মানুহটো
ছিন্নমস্তাৰ মানুহটো (The Man from Chinnamasta) জ্ঞানপীঠ বঁটা বিজয়িনী ড॰ মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত উপন্যাসখন ২০০১ চনত ষ্টুডেণ্ট ষ্ট’ৰ্চ প্ৰকাশনে প্ৰথমে প্ৰকাশ কৰে আৰু তৃতীয় সংস্কৰণটো প্ৰথম বাৰৰ বাবে চন্দ্ৰ প্ৰকাশনে ২০১১ চনত প্ৰকাশ কৰে।
-
জীয়া-জুৰিৰ ঘাট (উপন্যাস)
জীয়া জুৰিৰ ঘাট হৈছে অসমৰ সাহিত্যক, ঔপন্যাসিক চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি সমাজনিৰ্ভৰ উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে গ্ৰাম্য সমাজৰ এটা সত্য ঘটনাৰ আলমতে প্ৰাণ পাই উঠা উপন্যাস। উপন্যাসখনৰ ৰচনাকাল ১৯৬০ চন।
-
তাম্ৰেশ্বৰীৰ মন্দিৰ (উপন্যাস)
তাম্ৰেশ্বৰীৰ মন্দিৰ ৰজনীকান্ত বৰদলৈ ৰচিত এখন অসমীয়া উপন্যাস। 'অসম হিতৈষী' কাকতত ধাৰাবাহিকভাৱে প্ৰকাশিত এই উপন্যাসখন বৰদলৈয়ে ডিব্ৰুগড়তে ১৯২৬ চনত ৰচনা কৰিছিল।
-
দন্দুৱা দ্ৰোহ (উপন্যাস)
দন্দুৱা দ্ৰোহ (Danduwa Droh) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ দ্বাৰা লিখিত এখনি বুৰঞ্জীনিৰ্ভৰ উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে অসম বুৰঞ্জীৰ এটি উল্লেখযোগ্য বিদ্ৰোহ দন্দুৱা দ্ৰোহ। গ্ৰন্থখনত ১৯০৯ চনত প্ৰকাশিত হৈছিল।
-
দাঁতিপাৰৰ মানুহ
দাঁতিপাৰৰ মানুহ উপন্যাসখন মামাং দাইৰ ইংৰাজী উপন্যাস The Legends of Pensamৰ অসমীয়া অনুবাদ। মূল ইংৰাজী ভাষাত উপন্যাসখনৰ লেখক হৈছে অৰুণাচল প্ৰদেশৰ ঔপন্যাসিক মামাং দাই। এই উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰিছে অসমীয়া সাহিত্যিক পৰী হিলৈদাৰীয়ে। এই অনূদিত উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ডিচেম্বৰ ২০১৫ চনত।
-
ধূসৰতাৰ কাব্য
ধূসৰতাৰ কাব্য (ইংৰাজী: Dhusaratar Kabya) এখন অসমীয়া উপন্যাস। উপন্যাসখনৰ লেখক দেৱব্ৰত দাস। উপন্যাসখন ২০০৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ হয়। উত্তৰ আধুনিকতাবাদ ধাৰণাটোক কেন্দ্ৰ কৰি উপন্যাসখন ৰচিত।
-
নৈ বৈ যায়
নৈ বৈ যায় লীলা গগৈৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯৮৩ চনৰ মাৰ্চ মাহত। প্ৰকাশ কৰিছিল শ্ৰী ভূমি পাবলিচিং কোম্পানী, কলিকতাৰ এটা প্ৰকাশন গোষ্ঠীয়ে। বুৰঞ্জীবিদ, সাহিত্যিক লীলা গগৈ দেৱৰ "নৈ বৈ যায়" উপন্যাসখনত অসমীয়া লোক সংস্কৃতিৰ তথা সমাজ জীৱনৰ সকলো সমল সামৰি লোৱা হৈছে।
-
প্ৰেম অমৃতৰ নদী
প্ৰেম অমৃতৰ নদী (Prem Amritoro Nodi) হৈছে অসমৰ গল্পকাৰ, সাহিত্যিক, নাট্যকাৰ, ঔপন্যাসিক চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি বিশিষ্ট উপন্যাস। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজীৰ আখ্যানেই এই গ্ৰন্থখনৰ মূল আধাৰ। ১৯৯৯ চনত এই উপন্যাসখন প্ৰকাশিত হৈছিল।
-
বণ্ডুকা বেহাৰ
বণ্ডুকা বেহাৰ ( Banduka Behar) হৈছে অসমৰ ঔপন্যাসিক, সাহিত্যিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জীৱন-আধাৰিত এখন জীৱনীমূলক উপন্যাস। অসমীয়া সাহিত্যৰ জীৱনীমূলক ধাৰাত উল্লেখযোগ্য সংযোজন হিচাপে উপন্যাসখন তাৎপৰ্যপূৰ্ণ।
-
বৈৰাগী বিহংগ
বৈৰাগী বিহংগ (Boiragi Bihanga) তথ্যচিত্ৰকাৰ তথা লেখক মানিক বড়াই ৰচনা কৰা এখন অসমীয়া উপন্যাস। বিস্ময় প্ৰকাশনৰ বেনাৰত প্ৰকাশ পোৱা উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৩ চনৰ জুলাই মাহত। উপন্যাসৰূপে প্ৰকাশ পোৱাৰ আগেয়ে ই বিস্ময় আলোচনীত ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল।
-
ভাৰণ্ড পক্ষীৰ জাক
ভাৰণ্ড পক্ষীৰ জাক হৈছে উমাকান্ত শৰ্মাৰ দ্বাৰা ৰচিত অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী বড়ো জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস।