কিউপিড আৰু ছাইকী হেম বৰুৱাৰ এখন গ্ৰন্থ। হেম বৰুৱাই প্ৰেম কাহিনীৰ আলমত লিখিছে। কিউপিড আৰু ছাইকী অমৰ প্ৰেম কাহিনীৰ এই অনুবাদ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৫৯ চনত|১
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: হেম বৰুৱা
হেম বৰুৱা 22 এপ্ৰিল ১৯১৫ চনত তেজপুৰত জন্ম হয়।২ তেওঁৰ দেউতাক আছিল বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ পদ্মালোচনী দেৱী।৩ তেওঁ অসমৰ প্ৰসিদ্ধ কবি,সাহিত্যিক,শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল।৪ হেম বৰুৱা নিজা ঘৰ উত্তৰ শৰণীয়াত ১৯৭৭ চনৰ ৯ এপ্ৰিলত তেওঁ শেষনিশ্বাস ত্যাগ কৰে।
কাহিনীৰ সাৰাংশ
বনলতা প্ৰকাশনৰ ৪৬ পৃষ্ঠা এই কিতাপখনত নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু এই কথাটো স্পষ্ট ৰূপে ফুটি উঠিছে।৫ কাহিনী ভাগত এগৰাকী নাৰীৰ সৌন্দৰ্য দেখি আন এগৰাকী নাৰী ঈৰ্ষাত তিলতিল কৈ দেই পুৰি মৰা দেখিবলৈ পোৱা গৈছে আৰু ঘৰ শত্ৰু বিভীষণ ৰূপী দুগৰাকী বায়েকে নিজৰ ভনীয়েকৰ উন্নতি দেখি ভনীয়েকৰ অনিষ্ট কৰিবলৈ উঠি পৰি লগিছে। এগৰাকী নাৰীয়ে কেতিয়াও স্বামীৰ মুখ নেদেখাকৈয়ে কি দৰে মনে প্ৰাণে ভাল পাব পাৰে এই কিতাপখনত তাক উপস্থাপন কৰিছে। ভাল পোৱা আছে বাবেই এই পৃথিৱীত মানুহ জীয়াই আছে আৰু ভাল পোৱাৰ বাবে মানুহে কিদৰে সকলো কষ্ট হেলাৰঙে গ্ৰহণ কৰিব পাৰে তাৰো আভাস পোৱা গৈছে।
তথ্যসূত্ৰ
- ↑ htts://assamesebook-wordpress-com.cdn.ampproject.org
- ↑ অসমীয়া কাব্য় পৰিক্ৰমা,অৰবিন্দ ৰাজখোৱা,বনলতা প্ৰকাশন,তৃতীয় সংস্কৰণ ২০১৩,পৃষ্ঠা নং৩২৪
- ↑ অসমীয়া কাব্য় পৰিক্ৰমা,অৰবিন্দ ৰাজখোৱা,বনলতা প্ৰকাশন,তৃতীয় প্ৰকাশন ২০১৩,পৃষ্ঠা নং ৩২৪
- ↑ অসমীয়া কাব্য় পৰিক্ৰমা,অৰবিন্দ ৰাজখোৱা,বনলতা প্ৰকাশন,তৃতীয় সংস্কৰণ ২০১৩,পৃষ্ঠা নং৩২৫
- ↑ হেম বৰুৱা,কিউপিড আৰু ছাইকী,বনলতা প্ৰকাশন,২০০৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিউপিড আৰু ছাইকী” প্ৰবন্ধৰ সংশোধন ৩৬৯৮১৮ (২৫ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।