অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বৈৰাগী বিহংগ

বৈৰাগী বিহংগ (Boiragi Bihanga) তথ্যচিত্ৰকাৰ তথা লেখক মানিক বড়াই ৰচনা কৰা এখন অসমীয়া উপন্যাস। বিস্ময় প্ৰকাশনৰ বেনাৰত প্ৰকাশ পোৱা উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৩ চনৰ জুলাই মাহত। উপন্যাসৰূপে প্ৰকাশ পোৱাৰ আগেয়ে ই বিস্ময় আলোচনীত ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বৈৰাগী বিহংগ (Boiragi Bihanga) তথ্যচিত্ৰকাৰ তথা লেখক মানিক বড়াই ৰচনা কৰা এখন অসমীয়া উপন্যাস। বিস্ময় প্ৰকাশনৰ বেনাৰত প্ৰকাশ পোৱা উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৩ চনৰ জুলাই মাহত। উপন্যাসৰূপে প্ৰকাশ পোৱাৰ আগেয়ে ই বিস্ময় আলোচনীত ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল।

উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ এক পৰিভ্ৰমী বিহংগ যি প্ৰথম পুৰুষত উপন্যাসখনৰ বৰ্ণনাকাৰীৰ ভূমিকাও পালন কৰিছে। সহচৰ পক্ষীকুলৰ মাজত বৈৰাগী নামেৰে পৰিচিত এই বিহংগই নিজা দৃষ্টিভংগীৰে প্ৰকৃতিৰ নান্দনিক বৰ্ণনাৰ লগতে মানৱ সভ্যতাৰ উত্তৰণৰ এছোৱাৰ কথা সংগীসকলক কৈ গৈছে।

কাহিনীভাগ

ঔপন্যাসিকে 'বৈৰাগী বিহংগ'ক মুঠ বাৰটা অধ্যায়ত ভগাইছে। উপন্যাসখনত পক্ষীকুলৰ মাজত 'মামা'ৰূপে পৰিচিত বৈৰাগী হৈছে এক পৰিভ্ৰমী পক্ষী যি স্বভাৱজাত তাড়নাত অন্যান্য পক্ষীসমূহৰ সৈতে সুদূৰ হিমালয়ৰপৰা অসম তথা ভাৰতৰ বিভিন্ন ঠাইলৈ নিয়মিতভাৱে বাৰ্ষিক পৰিভ্ৰমণৰ বাবে আহে। প্ৰথম অধ্যায়ত লেখকে বৈৰাগীৰ দৃষ্টিৰে হিমালয় পৰ্বতাঞ্চলৰ লগতে মানস সৰোবৰৰ সৌন্দৰ্য আৰু ভৌগোলিক বৰ্ণনা দাঙি ধৰিছে। দ্বিতীয় অধ্যায়ত হিমালয়ৰ পৰিভ্ৰমী পক্ষীকুলৰ অসম অভিমুখী যাত্ৰা আৰম্ভ হৈছে আৰু ইয়াৰপৰাই বৈৰাগীয়ে অবিৰামভাৱে কিশোৰ পক্ষীহঁ‌তক যাত্ৰাপথৰ গিৰি-গুহা, নদ-নদী, গাঁও-চহৰ ইত্যাদিৰ ইতিহাস তথা বৈশিষ্ট্যৰ বৰ্ণনা দি গৈছে। সেয়ে প্ৰকাশকৰ মতে এই গ্ৰন্থখন "গল্পৰ ছলেৰে বুৰঞ্জী কোৱা" কিতাপ। কাহিনীয়ে অগ্ৰগতি লাভ কৰোঁতেই ঘটনাৰ পাকচক্ৰত বৈৰাগীয়ে যাত্ৰাপথৰ আটাইবোৰ সংগীকে হেৰুৱাই পেলাইছে। পদে পদে আহি পৰা বিপদসংকুল নভোপথত কোনো এক মুহূৰ্তত চৰাইটো হতাশ হৈ পৰিছে। তথাপিও সি মনোবল নেহেৰুৱাই পূৰ্ববংগৰ মাজেদি উত্তৰ-ভাৰতৰ ওপৰেৰে হিমালয়লৈ উলটি যাত্ৰা কৰিছে। নিজ ঠাইলৈ ঘূৰি আহি বৰ্ষ পৰিক্ৰমা শেষ কৰা চৰাইবোৰে লগত কঢ়িয়াই অনা নৱজাতক পক্ষীহঁ‌তক চাই বৈৰাগীয়ে চিৰ প্ৰশান্তি লাভ কৰাৰ উপলব্ধিৰেই লেখকে উপন্যাসখনিৰ মোখনি মাৰিছে।

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: মানিক বড়া

মাণিক বড়া মূলতঃ সাহিত্য ৰচনা আৰু তথ্যচিত্ৰ নিৰ্মাণৰ বাবে জনাজাত আছিল। ৭০-ৰ দশকত তেওঁ‌ বিস্ময়ৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ 'ৰংঘৰ' নামৰ চলচ্চিত্ৰ বিষয়ক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ চিত্ৰনাট্য আৰু নাটক ৰচনা কৰাৰ লগতে বহুসংখ্যক চুটিগল্পও ৰচনা কৰিছিল।

বড়াই ১৯৭৭ চনত মুক্তিপ্ৰাপ্ত ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগ চলচ্চিত্ৰৰ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।১

বড়াই নিৰ্মাণ কৰা 'অপৰূপ ৰংপুৰ' শীৰ্ষক তথ্যচিত্ৰখন অসমৰ প্ৰথমখন বিহংগম দৃষ্টিৰ তথ্যচিত্ৰ। এই তথ্যচিত্ৰখনৰ বিষয়বস্তু হৈছে শিৱসাগৰ জিলাৰ মধ্যযুগীয় কীৰ্তিচিহ্নসমূহ।২

তথ্যসূত্ৰ

  1. ↑ (6 November 2018). Writer, filmmaker Manik Bora passes away. The Assam Tribune
  2. ↑ (৬ নৱেম্বৰ ২০১৮). চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, লেখক মাণিক বৰাৰ দেহাৱসান. এন ই নাও নিউজ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈৰাগী বিহংগ” প্ৰবন্ধৰ সংশোধন ৩৮৫৫৩২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।