হালধীয়া চৰায়ে বাওধান খায় ( Halodhiya Choraye Baudhan Khai) সাহিত্যিক হোমেন বৰগোহাঞিৰ এখন অন্যতম উপন্যাস। উপন্যাসখন ১৯৭২ চনত প্ৰথম প্ৰকাশ হৈছিল। উপন্যাখনত তেওঁ বৰ্ণনা কৰিছে দৰিদ্ৰ কৃষকৰ জীৱন সংগ্ৰাম। সৰল গ্ৰাম্য জীৱনৰ শোষিত শ্ৰেণীৰ শোকগাথাৰে ৰচিত এই উপন্যাসখনৰ পৃষ্ঠাই পৃষ্ঠাই উন্মোচিত হৈছে আৰ্থ ৰাজনৈতিক ব্যৱস্থাই প্ৰভাৱিত কৰা গাঁৱৰ এগৰাকী কৃষকৰ জীৱনগাথা। হোমেন বৰগোহাঞিৰ এই উপন্যাসখনৰ আধাৰতে জাহ্নু বৰুৱাৰ পৰিচালনাৰে একে নামেৰে ৩১ আগষ্ট,১৯৮৭ চনত মুক্তি লাভ কৰিছে হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)খনে। ছবিখনে ৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৭) শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা পোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।
কাহিনী
উপন্যাসখন এজন দুখীয়া খেতিয়কৰ জীৱনেৰে আৰম্ভ হৈছে। নাম তেওঁৰ ৰসেশ্বৰ বৰা। সি, তাৰ পত্নী আৰু দুটা সন্তান সহ চাৰিজনীয়া পৰিয়াল। এপোৰা মাটিত খেতিবাতি কৰি কিবাকৈ জোৰা-তাপলি মাৰি সংসাৰ চলায়। এবাৰ শাওন মাহলৈকে বৰষুণ নিদিয়াত সি পথাৰলৈ হাল নিব পৰা নাই। কেইদিনমানৰ পাছত এজাক বৰষুণ অহাত নাঙল লৈ ৰসেশ্বৰ হাল বাবলৈ গ'ল। কিন্তু পথাৰলৈ গৈহে ৰসেশ্বৰে গম পালে যে যিটুকুৰা মাটি পুৰুষানুক্ৰমে খেতি কৰি আহিছে, সেই টুকুৰা মাটিৰ গৰাকী এতিয়াৰে পৰা গাঁৱৰ প্ৰভাৱশালী মহাজন সনাতনহে। ৰসেশ্বৰ সনাতন মহাজনৰ ওচৰত ঋণগ্ৰস্থ হৈ আছিল। সেই ঋণ আৰু তাৰ বাবদ দিবলগীয়া সুতৰ বিনিময়ত মহাজনে মাটিখিনি দখল কৰিলে। এই অন্যায়ৰ বিৰুদ্ধে তেওঁ আদালতত গোচৰ তৰিলে। কিন্তু ৰঙাফিতাৰ মেৰপাকত ন্যায় পাব দূৰৈৰ কথা, তাৰ জীৱন আৰু বেছি দুৰ্দশাগ্ৰস্থহে হৈ পৰিল। এনেতে নিৰ্বাচন আহিল। সনাতন মহাজনো নিৰ্বাচনৰ প্ৰাৰ্থী হ'ল। পেটৰ দায়ত ৰসেশ্বৰে চিৰশক্ৰ সনাতন মহাজনৰ হৈ নিৰ্বাচনৰ কাম কৰিবলৈ বাধ্য হ'ল। সৌভাগ্যক্ৰমে ৰসেশ্বৰৰ গোচৰটো এজন সত্ হাকিমৰ ওচৰলৈ গ'ল। হাকিমে দেখিলে যে ন্যায়িক যুদ্ধত ৰসেশ্বৰে মাটি ঘূৰাই পোৱাৰ সম্ভৱনা ক্ষীণ বা গোচৰ চলাই থকাটোও তাৰ বাবে অসম্ভৱ কথা। সেয়েহে হাকিমে গোচৰ চলাই যোৱাৰ সলনি অন্য এটা পন্থা উলিয়ালে। হাকিমে মহাজনক বুজালে যে মহাজন যিহেতু এজন নিৰ্বাচনী প্ৰাৰ্থী, ৰসেশ্বৰৰ বিষয়টোক লৈ বিৰোধীপক্ষই সুবিধা ল’ব পাৰে। এতেকে মাটিখিনি ৰসেশ্বৰক ওভতাই দিয়া উচিত। সনাতনে ৰসেশ্বৰৰ ওচৰত ভোট খুজি টকা পঁচিশটা আগবঢ়াই। কিন্তু অজলা ৰসেশ্বৰে সনাতনৰ চাল-চাতুৰীৰ কথা বুজিব নোৱাৰিছিল আচলতে সি ইলেকচ্নৰ বাবেহে এইবোৰ নাটক কৰিছিল। কিন্তু ৰসেশ্বৰে সনাতন শৰ্মাৰ জয়বাৰ্তা প্ৰচাৰ কৰাত উঠি পৰি লাগে।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
হোমেন বৰগোহাঞি (১৯৩২ – ২০২১) অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ।১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।২ তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা-বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।৩বৰগোহাঞিয়ে 'সাউদৰ পুতেকে নাও মেলি যায়', 'হালধীয়া চৰায়ে বাওধান খায়', 'অস্তৰাগ', 'পিতাপুত্ৰ', 'মৎসগন্ধা', 'তিমিৰ তীৰ্থ' আদি বহুকেইখন উপন্যাসৰ উপৰি কেইবাখনো আত্মজীৱনী, স্মৃতি-কথা, প্ৰবন্ধ-সংকলন, গল্প-সংকলনৰ উপৰি যথেষ্ট সংখ্যক কবিতা লিখিছে। তেওঁৰ এই কবিতাসমূহ 'হৈমন্তী' নামৰ কাব্যসংকলনত সন্নিৱিষ্ট হৈ আছে। ২০১৫ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অসমীয়া দৈনিক কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ নীলাচল, সাতসৰী (আলোচনী), আমাৰ অসম, অসম বাণী, সূত্ৰধাৰ আদিকে ধৰি ভালেকেইখন কাকত-আলোচনীৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
তথ্যসূত্ৰ
- ↑ বৰগোহাঞি, হোমেন: হালধীয়া চৰায়ে বাওধান খায়, প্ৰথম প্ৰকাশ: ১৯৭২, প্ৰকাশক: শ্ৰী নৰেশ্বৰ দাস
- ↑ Homen Borgohain
- ↑ Sahitya Akademi Official website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালধীয়া চৰায়ে বাওধান খায় (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৫১৯৬৪৪ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।