অসমীয়া উপন্যাস
৯৭ প্ৰবন্ধ
-
গঙা চিলনীৰ পাখি (উপন্যাস)
গঙা চিলনীৰ পাখি (Ganga Silonir Pakhi) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৬৫ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনৰ আধাৰত ছবি-নিৰ্মাতা পদুম বৰুৱাই ১৯৭৬ চনত একে নামেৰে এখনি অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।
-
চাহেবপুৰাৰ বৰষুণ
চাহেবপুৰাৰ বৰষুণ অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত। উপন্যাসখনত নাৰীৰ প্ৰতিবাদী সত্তাটো সুন্দৰভাৱে প্ৰতিফলিত হৈছে
-
ছাংলট ফেন্লা
ছাংলট ফেন্লা হৈছে লেখক-সাংবাদিক পৰাগ কুমাৰ দাসৰ এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ যোগেদি লেখকে অসমৰ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ উত্থান আৰু অৱক্ষয়ৰ বিভিন্ন দিশ সম্পৰ্কে বৰ্ণনা কৰিছে।
-
জছনাৰ ঝিটাছ
জছনাৰ ঝিটাছ ( Josnar Jhitas) হৈছে অসমীয়া সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখন চাহ জনগোষ্ঠীয় মহিলা দুৰ্গী ভূমিজৰ জীৱনৰ ওপৰত আধাৰিত। দুৰ্গী ভূমিজ এটি সঁচা চৰিত্ৰ।
-
জীৱনৰ বাটত
জীৱনৰ বাটত উপন্যাসখনৰ লেখক হৈছে বীণা বৰুৱা। বীণা বৰুৱাৰ প্ৰকৃত নামটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা৷ জীৱনৰ বাটত উপন্যাসখনক অসমীয়া সাহিত্যৰ প্ৰথমখন সৰ্বাংগ সুন্দৰ উপন্যাস হিচাপে স্বীকৃতি দিয়া হয়। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৪ চনত৷
-
নিৰ্ম্মল ভকত
নিৰ্ম্মল ভকত উপন্যাসখনৰ ৰচক হ'ল ৰজনীকান্ত বৰদলৈ। উপন্যাসখনত সামৰণিকে ধৰি মুঠ ২৬টা অধ্যায় আছে। 'নিৰ্ম্মল ভকত' উপন্যাসৰ কাহিনী সৃষ্টিৰ অন্তৰালৰ মূল কাৰণ হৈছে মানৰ আক্ৰমণ আৰু অত্যাচাৰ। নিৰ্ম্মল ভকত দক্ষিণপাট সত্ৰৰ এগৰাকী ভকত,তেওঁৰ সোঁৱৰণিত জিলিকি উঠিছে মানৰ আক্ৰমণৰ পটভূমি।
-
পাটকাইৰ ইপাৰে মোৰ দেশ
পাটকাইৰ ইপাৰে মোৰ দেশ (Patkair Ipare Mor dex) হৈছে অসমৰ ঔপন্যাসিক চন্দনা গোস্বামীৰ দ্বাৰা লিখিত এখন বুৰঞ্জীমূলক উপন্যাস। উপন্যাসখনৰ মূল আধাৰ হৈছে অসমৰ বুৰঞ্জী। উপন্যাসখনে ২০১২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
ফেৰেংগাদাও
ফেৰেংগাদাও (Ferengadao) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰে এইখনি উপন্যাস সমৃদ্ধ হৈছে।
-
বকুল ফুলৰ দৰে (গ্ৰন্থ)
বকুল ফুলৰ দৰে হৈছে ড॰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ২০১৫ চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰে। উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰথমে কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী বাৰ ওঠৰত প্ৰকাশ পায়।
-
মেৰেং
মেৰেং ( Mereng) হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১০ চনৰ ডিচেম্বৰ মাহত বনলতা প্ৰকাশনে উপন্যাসখন প্ৰথম প্ৰকাশ কৰি উলিয়ায়। ইন্দিৰা মিৰিৰ জীৱনক কেন্দ্ৰ কৰি মূলতঃ এই উপন্যাসখন লিখা হৈছিল।
-
যাকেৰি নাহিকে উপাম
যাকেৰি নাহিকে উপাম (Jakeri Nahike Upaam) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক ড॰ লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-আধাৰিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখনক অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাসৰ মৰ্যাদা দিয়া হয়।
-
লাহৰী
লাহৰী হৈছে পদ্মনাথ গোহাঞিবৰুৱা দ্বাৰা ৰচিত এখন উপন্যাস। পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। গোহাঞি বৰুৱাৰ দ্বিতীয়খন উপন্যাস আৰু শেষ উপন্যাস হ’ল লাহৰী। ই এখন মিলনাত্মক উপন্যাস।
-
শৱ কটা মানুহ
শৱ কটা মানুহ অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এটি প্ৰচলিত পৰম্পৰাক আধাৰ কৰি লিখা এখন অসমীয়া ভাষাত ৰচিত উপন্যাস। উপন্যাসখনৰ ৰচক য়েছে দৰজে ঠংচি। কিতাপ আকাৰে প্ৰকাশ পোৱাৰ আগতে এই উপন্যাসখন সাদিনৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় নৱেম্বৰ, ২০০৪ চনত।
-
অন্য যুগ অন্য পুৰুষ
অন্য যুগ অন্য পুৰুষ (Onyo Jug Onyo Purux) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৭০ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন তেখেতৰ সাহিত্যিক জীৱনৰ প্ৰথমখন উপন্যাস বুলি গণ্য কৰা হয়।
-
অভিযাত্ৰী
অভিযাত্ৰী (Ovijatri) হৈছে অসমীয়া সাহিত্যিক নিৰুপমা বৰগোহাঞি ৰচিত এখনি জীৱনীমূলক উপন্যাস। এই উপন্যাসখনত অসম প্ৰাদেশিক মহিলা সমিতিৰ জন্মদাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু কৰ্মৰ খতিয়ান দাঙি ধৰা হৈছে। চন্দ্ৰপ্ৰভা শইকীয়ানী বিষয়ক প্ৰথমখন অসমীয়া উপন্যাস।
-
কা মেইখাৰ ঘৰ
কা মেইখাৰ ঘৰ হৈছে তিলোত্তমা মিশ্ৰৰ দ্বাৰা ৰচিত এক অসমীয়া উপন্যাস। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ শ্বিলং চহৰৰ বিচিত্ৰ সামাজিক-ৰাজনৈতিক জীৱনৰ পটভূমিত উপন্যাসখন ৰচিত হৈছে। কা মেইখাৰ ঘৰৰ অসমীয়া প্ৰতিশব্দ হ'ব আইতাৰ ঘৰ।
-
কুলাংগাৰ (গ্ৰন্থ)
কুলাংগাৰ (Kulangar) হৈছে পংকজ জ্যোতি মহন্ত ৰচিত এখন উপন্যাস। এইখন লেখকৰ প্ৰথমখন উপন্যাস। ২০২৩ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে সঞ্জীৱন প্ৰকাশনে। গ্ৰন্থখনৰ প্ৰচ্ছদ GPT-4 এ আই সঁজুলিৰ সহায়ত ফটো লৈ লেখকৰ সম্পাদনাত প্ৰস্তুত কৰা হৈছে।
-
কেঁচা পাতৰ কঁপনি
কেঁচা পাতৰ কঁপনি (Kesa Paator Koponi) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক, গৱেষক প্ৰফুল্ল দত্ত গোস্বামীৰ এখন উপন্যাস। ১৯৫২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই উপন্যাসখনক কথন-ৰীতিক স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ পৰম্পৰাগত শৈলীৰ পৰা সামান্য পৃথক বুলি কোৱা হয়।
-
গজৰাজ প্ৰেম আৰু বন্দীত্ব
গজৰাজ প্ৰেম আৰু বন্দীত্ব হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ১৯৯৯ চনৰ অক্টোবৰ মাহত। এই উপন্যাসখনৰ বাবে লেখিকাই ২০০০ চনত বাসন্তী বৰদলৈ সাহিত্য বঁটা লাভ কৰে।
-
চেনাবৰ সোঁত
চেনাবৰ সোঁত (Senabor Xoot) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা লিখিত এখনি উপন্যাস। উল্লেখযোগ্য যে এইখন তেখেতৰ প্ৰথম উপন্যাস। উপন্যাসখন ১৯৭২ চনত প্ৰকাশিত হৈছিল। ১৯৬৪ চনৰ পৰা তেখেতে অসমীয়া দৈনিক কাকত দৈনিক অসমত ধাৰাবাহিকভাৱে এই উপন্যাসখন লিখি আছিল।
-
জলছবি
জলছবি (Jalchobi) অসমীয়া সাহিত্য জগতৰ এগৰাকী সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১৪ চনত প্ৰকাশ হোৱা এই উপন্যাসখন মূলতঃ এগৰাকী এলঝাইমাৰ ৰোগী আৰু তেওঁক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ঘটনা-পৰিঘটনাৰ ঔপন্যাসিক বিৱৰণ।
-
টোকোৰা বাহৰ সোণৰ বেজী
টোকোৰা বাহৰ সোণৰ বেজী (Tokora Bahor Sonar Beji) হৈছে অৰূপা পটংগীয়া কলিতাৰ দ্বাৰা লিখিত এখনি অসমীয়া ভাষাৰ উপন্যাস। উপন্যাসখন মঙলদৈৰ দাঁতিকাষৰীয়া কাল্পনিক অঞ্চল এটাৰ পটভূমিত ৰচিত। মৌজাদাৰ বনমালী চৌধুৰী আৰু তেওঁৰ হাউলীটোৰ বিভিন্ন চৰিত্ৰই উপন্যাসখনত ভূমুকি মাৰিছে।
-
ডাৱৰ আৰু নাই
ডাৱৰ আৰু নাই (Daawor aru Nai) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে দ্বিতীয় মহাযুদ্ধ। ১৯৫৫ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন যোগেশ দাসৰ দ্বিতীয়খন উপন্যাস।
-
ধন্য নৰ তনু ভাল
ধন্য নৰ তনু ভাল (Dhanya Nara Tanu Bhaal) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক, নাট্যকাৰ চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি বিশিষ্ট উপন্যাস। উপন্যাসখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজী অংকিত কৰা হৈছে। গ্ৰন্থখনি ১৯৮৭ চনত প্ৰকাশিত হৈছিল।
-
নাং-ফা
নাং-ফা জুৰি বৰা বৰগোহাঞিয়ে ৰচনা কৰা অসমীয়া ভাষাৰ এখন ঐতিহাসিক আৰু জীৱনীভিত্তিক উপন্যাস। আহোমৰ ৰাজত্ব কালৰ সাহিত্য-সমাজ-সংস্কৃতিৰ বিষয়ে ইয়াত প্ৰকাশ কৰা হৈছে। উপন্যাসখন প্ৰকাশ কৰিছে অসমৰ প্ৰখ্যাত প্ৰকাশন গোষ্ঠী 'বনলতা'ই। টাই আহোম ভাষাত 'নাং' মানে হৈছে শ্ৰীমতী আৰু 'ফা' মানে হৈছে দেৱ-দেৱী।
-
নামঘৰীয়া (উপন্যাস)
নামঘৰীয়া হৈছে অতুলানন্দ গোস্বামীয়ে ৰচনা কৰা এখন অসমীয়া ভাষাৰ উপন্যাস। এজন অবিবাহিত, সমাজপ্ৰিয় নামঘৰীয়াৰ জীৱনৰ আধাৰত উপন্যাসখনি ৰচিত। উপন্যাসখনি যোগেশ দাস সম্পাদিত 'অধিনায়ক' নামৰ অলোচনীখনত চোৱা-চোৱাকৈ প্ৰকাশ পায়। ২০১০ চনত বনলতা প্ৰকাশনে গ্ৰন্থখন প্ৰকাশ কৰে।
-
নীল প্ৰজাপতি
নীল প্ৰজাপতি অসমীয়া গল্পকাৰ, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ এখন সমাজকেন্দ্ৰিক উপন্যাস। উপন্যাসখন অসমীয়া প্ৰতিদিনৰ পূজা সংখ্যাত সম্পাদকৰ তাগিদাত সৃষ্টি হৈছিল। "বিশ্বায়ন, মুক্ত বাণিজ্যিক অৱস্থাত, আধুনিক সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিছে।
-
পৰাণ নিগৰে
পৰাণ নিগৰে হ’ল অসমৰ নৱপ্ৰজন্মৰ সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমৰ এখন উপন্যাস। নিভাঁজ গাঁৱলীয়া পৰিৱেশৰ বৰ্ণনা সম্বলিত উপন্যাসখন বনফুল প্ৰকাশনৰ পৰা প্ৰকাশিত। ২০১৯ চনৰ নৱেম্বৰ মাহত উপন্যাসখন প্ৰথম প্ৰকাশ হৈছে। মুঠ ২১৬ পৃষ্ঠাৰ উপন্যাসখনৰ মূল্য ২২৫ টকা।
-
ফেলানী
ফেলানী হ'ল অৰূপা পটংগীয়া কলিতাই লিখা এখন অসমীয়া উপন্যাস। এই উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে জাতি-ধৰ্মীয় মাজত ভেদ-বিচাৰ নকৰি মানুহৰ মাজত একতা স্থাপন কৰা। উপন্যাসখনৰ মুখ্য চৰিত্ৰ হৈছে মালতী, যি এগৰাকী অপ্ৰতিৰোধ্য নাৰী।
-
বঙল বহু দূৰ
বঙল বহু দূৰ (Bangal Bahu Dur) নন্দিতা দেৱীৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন সামাজিক উপন্যাস। উপন্যাসখন ২০১৯ চনৰ অক্টোবৰ মাহত জ্যোতি প্ৰকাশনৰ বেনাৰত প্ৰকাশ পায়। এই উপন্যাসখন লেখিকাৰ প্ৰথমখন প্ৰকাশিত উপন্যাস। প্ৰকাশৰ পূৰ্বে 'বঙল বহু দূৰ' অসমীয়া আলোচনী প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল।