এধানী মাহীৰ হাঁহি অসমৰ সাহিত্যিক মহিম বৰাই ৰচনা কৰা এখন উপন্যাস। কুৰি শতিকাৰ অসমীয়া সমাজখনৰ বৰ্ণনাৰে সমৃদ্ধ উপন্যাসখনে ২০০১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১২ ৩
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: মহিম বৰা
পদ্মশ্ৰী মহিম বৰা (১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও বিশ্ববিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনৰ বেছিভাগ সময় নগাঁৱতে পাৰ কৰে। তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়।৪৫
কাহিনী
জ্ঞানেন্দ্ৰ বায়ন ওৰফে এধানী মাহীৰ মৰমৰ দেউকণ হৈছে উপন্যাসখনৰ কাহিনীৰ কথক। এধানী মাহী দেউকণৰ বুঢ়ীমাকৰ ভনীয়েকৰ জীয়েক। এধানী মাহীৰ মাক-দেউতাক ঢুকোৱাত ককায়েক-নবৌৱেকৰ লগত মিলি থাকিব নোৱাৰি তেখেতে অকলশৰীয়া হোৱা দেউকণৰ ককাদেউতা-বুঢ়ীমাকৰ লগত থাকিবলৈ লয়হি। এল পি স্কুল পাছ কৰাৰ পিছত দেউকণক মাক-দেউতাকে ককাদেউতা-বুঢ়ীমাকৰ ঘৰত মাইনৰ স্কুলত ইংৰাজী চাৰিটা শ্ৰেণী পঢ়িবলৈ পঠিয়ায়। এই সম্পূৰ্ণ চাৰিটা বছৰ দেউকণে এধানী মাহীৰ মৰম-আদৰ তথা আপডালত অতিবাহিত কৰে। এনেদৰে উপন্যাসখনৰ কাহিনীটো খৰস্ৰোতা নৈৰ গতিৰ দৰে আগবাঢ়ে। এধানী মাহীৰ ভোলানাথ কলিতা নামৰ এগৰাকী গান্ধীবাদী লোকৰ সৈতে বিয়া হয়। এখেত স্বদেশী আন্দোলনৰ প্ৰচাৰ চলোৱা তথা নিৰাশ্ৰয় বিধৱা-তিৰোতা আৰু ভকতসকলক আশ্ৰয় প্ৰদান কৰা এখন আশ্ৰমৰ ভলণ্টিয়াৰ আছিল। এধানী মাহীৰ বিয়াৰ বৰ্ণনাই সেই সময়ৰ সামাজিক ৰীতি-নীতিসমূহ পৰিস্ফূট কৰি তুলিছে। বিয়াৰ পিছত এধানী মাহীয়ে ভোলানাথৰ সহধৰ্মিনী হিচাপে আশ্ৰমত সূতা কটা, কাপোৰ বোৱা, পলু পোহা, বামখেতি কৰা ইত্যাদি কামত সহায়-সহযোগিতা কৰি তাতে থাকিবলৈ লয়। দেউকণেও সেই সময়তে চাহ বাগানৰ চাকৰি পায়। গতিকে ককাদেউতা-বুঢ়ীমাকৰ ঘৰত থকা চাৰিবছৰীয়া জীৱনৰ সমাপ্তি ঘটাই সি চাহ বাগানত থাকিবলৈ লয়। কেইবছৰমান পাছত ভোলানাথ কলিতাৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত এধানী মাহীয়ে পত্নীধৰ্ম পালন কৰি আশ্ৰমতেই থাকে। সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ অসমতো পৰাৰ কথা উপন্যাসখনত বৰ্ণিত হৈছে। এইখিনিতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ দৰ বৃদ্ধি পোৱাকে আদি কৰি বিভিন্ন সামাজিক পৰিৱৰ্তনৰ দৃশ্য ভাহি আহে। এধানী মাহী এবাৰ বাগানলৈ আহি দেউকণৰ বিয়া ঠিক কৰি থৈ যায়। ইয়াৰ এমাহৰ পিছতেই মুখেৰে নকʼলেও দেউকণৰ মনৰ কথা বুজি পোৱা এধানী মাহীৰ মৃত্যু হয়। সংক্ৰামক ৰোগ কলেৰাই আশ্ৰমৰ ওচৰৰ গাঁও উছন কৰি পেলোৱাৰ সময়ত এধানী মাহীয়ে সেই ৰোগাক্ৰান্ত লোকসকলক শুশ্ৰূষা কৰি নিজেও সেই ৰোগত আক্ৰান্ত হয় আৰু জীৱন বৈতৰণী পাৰ কৰে। লেখকে আমৃত্যু এধানী মাহীৰ ওঁঠত লাগি থকা বিশেষ, বিৰল হাঁহিটিৰ বৰ্ণনা দিছে এনেদৰে - "প্ৰথমে ওঁঠৰ মাজ দুটা লগলগাই, লগে লগে ওঁঠ দুখন টিপা মাৰি ধৰি, লাহে লাহে ওঁঠ আতৰাই দিয়াৰ লগে লগে নীৰৱ মিচিকি হাঁহিটোৰে মুখমণ্ডলত, চকুৰ মণি দুটাত, ডাঠ কʼলা চেলাউৰি দুটাত কঁঠালগুটীয়া নিগনি এটাৰ দৰে দৌৰা-দৌৰি কৰিবলৈও ধৰে। শেষ মুহূৰ্ত্তত ওঁঠ দুখন টিপা মাৰি ধৰাৰ লগে লগে হাঁহিটো দুভাগ হৈ চকুৰ মণি দুটাত থিৰ হৈ পৰে, লাটুম এটা কোঁ-কোৱাই ঘূৰি থিৰ হৈ পৰাৰ দৰে।"৬
চৰিত্ৰসমূহ
- জ্ঞানেন্দ্ৰ বায়ন ওৰফে দেউকণ
- এধানী মাহী
- নৰমামা
- বৃন্দা বাইদেউ
- মিতা মামা
- লংকালি
- ভোলানাথ কলিতা
- বুপকণ আদি।
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃ. ২৮৬. ISBN 978-81-950015-4-5
- ↑ www.axomiyahahitiyarsaneki.com/2021/11/blog-post ৰ পৰা আহৰণ কৰা হৈছে।
- ↑ www.dailyassam.com/2021/01/blog-post.html?m=1 ৰ পৰা আহৰণ কৰা হৈছে।
- ↑ কবি মহিম বৰাক আজীৱন আমনি কৰি থকা ‘ৰঙা জিঁয়া’ৰ সন্ধানত. janambhumi.in
- ↑ গ্ৰন্থ:ভাৰত ৰত্নৰ পৰা পদ্মশ্ৰীলৈ, লেখক:সমীন কলিতা, পৃষ্ঠা:২৭৭-৭৮
- ↑ মহিম বৰাৰ উপন্যাস-এধানী মাহীৰ হাঁহি; প্ৰকাশ: এপ্ৰিল,২০১৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এধানী মাহীৰ হাঁহি” প্ৰবন্ধৰ সংশোধন ৬১৬৩৭০ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।