ৰিয়াজ (বঙালী: ব়িয়াজ উদ্দিন আহমেদ ছিদ্দিক); জন্ম: ২৬ অক্টোবৰ, ১৯৭২) ১হৈছে এজন বাংলাদেশী চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক আৰু টেলিভিছন উপস্থাপক ২যিয়ে ১০০ খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ সাধাৰণতে ৰিয়াজ নামেৰে জনাজাত। ৩ৰিয়াজে ৰোমাঞ্চৰ পৰা আৰম্ভ কৰি একচন তথা কমেডীলৈকে একাধিক ধাৰাৰ বাংলা ছবিত অভিনয় কৰিছে। তেওঁ তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা মেৰিল-প্ৰথম-আলো বঁটাকে ধৰি বহুতো বঁটা লাভ কৰিছে। ৪
ৰিয়াজে প্ৰথমবাৰৰ বাবে পৰ্দাত চলচ্চিত্ৰ-নিৰ্মাতা দেৱান নাজৰুলৰ সামাজিক একচন নাটক বাংলাৰ নায়ক (১৯৯৫)ত১পাৰ্শ্ব চৰিত্ৰ হিচাপে অভিনয় কৰিছিল। অতি সফল ৰোমাণ্টিক নাটক প্ৰানেৰ চেয়ে প্ৰিয় (১৯৯৭)ত১ মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ চলচ্চিত্ৰত পূৰ্ণকালীন কেৰিয়াৰ আৰম্ভ কৰে। ১৯৯৫ চনত ৰিয়াজে বলীউডৰ অভিনেত্ৰী সুস্মিতা সেনৰ সৈতে মহেশ মঞ্জৰেকাৰৰ ছবি ইট ৱাজ ৰেইনিং ডেট নাইটত কাম কৰে। তেওঁৰ শেষৰখন চিনেমা কৃষ্ণোপখোই ২০১৬ চনৰ ২৬ ফেব্ৰুৱাৰীত মুক্তি পাইছিল, যাৰ পৰিচালক আছিল মেহেৰ আফ্ৰজ শাওন। ৫৬ ৰিয়াজে চলচ্চিত্ৰ উদ্যোগত যোগদান কৰাৰ পূৰ্বে বাংলাদেশ বায়ুসেনাত কিছু সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল।
আৰম্ভণিৰ জীৱন
ৰিয়াজে ১৯৭২ চনত বাংলাদেশৰ ফৰিদপুৰ জিলাৰ এটা অভিজাত মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।১ ৰিয়াজ তেওঁৰ পৰিয়ালৰ কনিষ্ঠ সন্তান। তেওঁৰ ছয়গৰাকী ভগ্নী আছিল। একমাত্ৰ ভাতৃ হৈছে ৰাইছুদ্দিন আহমেদ ছিদ্দিক। জীৱনৰ প্ৰথম ষোল্ল বছৰ২ তেওঁ ফৰিদপুৰৰ চিএনবিৰ ষ্টাফ কোৱাৰ্টাৰত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ প্ৰয়াত পিতৃ জৈনুদ্দিন আহমেদ ছিদ্দিক চৰকাৰী পদাধিকাৰী আছিল। মাতৃ আছিল অৰ্জুমন্দ আৰা বেগম। ১৯৮৮ চনত তেওঁৰ পিতৃৰ বিয়োগ হয়।
সামৰিক জীৱন
১৯৮৮ চনত HSC ফলাফল পোৱাৰ ঠিক পিছতেই ৰিয়াজে বাংলাদেশ বায়ুসেনাত পাইলট হোৱাৰ উদ্দেশ্যেৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ বিএএফ একাডেমীত বিমান প্ৰশিক্ষণৰ বাবে তেওঁ নামভৰ্তি কৰে আৰু ৰাজশাহী বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। ১৯৯১ চনত তেওঁ পাইলট বিষয়া হিচাপে নিযুক্তি লাভ কৰে। অৱশ্যে ১৯৯৩ চনত তেওঁক বায়ুসেনাৰ পৰা বৰ্খাস্ত কৰা হয়। তেওঁক ফ্লাইং অফিচাৰ পদলকৈ পদোন্নতি দিয়া হৈছিল।
অভিনয় জীৱন
১৯৯৪ চনত বাংলাদেশ বায়ু সেনাৰ পৰা আঁতৰি অহাৰ পিছত ৰিয়াজ ঢাকালৈ গুচি যায়। তাত তেওঁৰ খুলশালীয়েক অভিনেত্ৰী ববিতাক লগ পায়। ১৯৯৫ চনত তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ হয়। ৭ ১৯৯৭ চনত মহম্মদ হান্নানৰ ৰোমাণ্টিক ছবি প্ৰানেৰ চেয়ে প্ৰিয়'ই ব্যৱসায়িকভাৱে অসাধাৰণ সফলতা লাভ কৰে আৰু তাৰ পিছত অতি সোনকালেই ৰিয়াজ জনপ্ৰিয় হয়।৮ তেওঁ বাংলাদেশৰ বহুতো বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে কাম কৰে, আৰু ব্যৱসায়িকভাৱে সফল হোৱা বহুতো ছবিত অভিনয় কৰিছে।৯ তেওঁ চলচ্চিত্ৰ নিৰ্মাতা মহেশ মঞ্জৰেকাৰৰ ছবি ইট ৱাজ ৰেইনিং ডেট নাইটতো আছিল। ১০ এই ছবিখনত তেওঁ প্ৰথমবাৰৰ বাবে সুষ্মিতা সেনৰ সৈতে অভিনয় কৰে।১০
কেৰিয়াৰৰ আৰম্ভণিতে ৰিয়াজে প্ৰানেৰ চেয়ে প্ৰিয়, হৃদোয়েৰ আইনা (১৯৯৭), কাজেৰ মেয়ে, পৃথিবি তোমৰ অমৰ, ভালোবসী তোমাকে (১৯৯৮), নাৰিৰ মন (১৯৯৯), আদি ছবিত কিছু ৰোমাণ্টিকধৰ্মী চৰিত্ৰত অভিনয় কৰিছিল। ২০০২ চনত ছাহাদত হোছেইন লিটনৰ ৰোমাণ্টিকধৰ্মী ছবি অ' প্ৰিয়া তুমি কোথায়ৰ সৈতে শ্ৰেষ্ঠ অভিনেতাৰ তৃতীয়টো মেৰিল-প্ৰথম আলো বঁটা লাভ কৰে। ইয়াৰ উপৰি তেওঁ তাজমহল (২০০২), মনেৰ মাঝে তুমি (২০০৩), ভুল সংখ্যা (২০০৪), হৃদয়ৰ কোথা (২০০৬) আৰু আকাশ ছোৱা ভালোবাছা (২০০৮) আদি ছবিত অভিনয় কৰে।
ৰিয়াজে কিছুমান সাহিত্যিক অভিযোজনত অভিনয় কৰিছে। তেওঁ দুই দুৱাৰী (২০০০), শাস্তি: পানিছমেণ্ট, মেঘেৰ পৰে মেঘ: ক্লাউডছ আফটাৰ ক্লাউড আৰু শ্যামোল ছায়া: দ্য গ্ৰীণ শ্বেড’ (২০০৪) আদি ছবিত একেৰাহে বহু চৰিত্ৰত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰে। তেওঁৰ আন কেইখনমান ছবি হৈছে: হাজৰ বাচোৰ ধোৰে: চিম্ফনী অৱ এগনি (২০০৫), বিদ্ৰোহী পদ্ম আৰু খেলাঘৰ: ডলহাউচ (২০০৬), দাৰুচিনি ডিপ আৰু একজন ছংগে ছিলো (২০০৭), মেঘেৰ কলে ৰড: ছানশ্বাইন ইন দ্য ক্লাউডছ, কি যাদু কৰিলা আৰু চন্দ্ৰ গ্ৰ'হন: চন্দ্ৰগ্ৰহণ (২০০৮), এবাদাত: পূজা (২০০৯) আৰু মধুমোতী (২০১১)। ১১
ব্যক্তিগত জীৱন
২০০৭ চনৰ ১৮ ডিচেম্বৰত পৰম্পৰাগত মুছলমান বিবাহ অনুষ্ঠানত ৰিয়াজে টিভিৰ আয়োজক তথা নৃত্য শিক্ষয়িত্ৰী মুছফিকা টিনাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১২
তথ্যসূত্ৰ
- ↑ (17 August 2013). Actor Riaz on 'Amar Ami' tonight. The Daily Sun
- ↑ Mahmuda Afroz. (4 August 2006). "There is no ingenuity in our current films"-- Riaz. The Daily Star
- ↑ Nusrat Jahan Pritom. (12 June 2014). The Charming Riaz. The Daily Sun
- ↑ Alamgir Kobir. (12 April 2014). আৰ্কাইভ কপি. Daily Naya Diganta
- ↑ Ananda Kantha. (14 February 2014). আৰ্কাইভ কপি. Janakantha
- ↑ (12 February 2014). আৰ্কাইভ কপি. Prothom Alo
- ↑ (15 November 2011). bn:তাৰকাৰ ডায়েৰি. Manab Zamin
- ↑ Mahfuzur Rahman. (8 September 2010). ফিৰে দেখা ঈদেৰ ছবি. The Daily Ittefaq
- ↑ (21 October 2010). bn:ৰিয়াজ. The Daily Ittefaq
- ↑ Alauddin Majid. (3 November 2010). আৰ্কাইভ কপি. Daily Bangladesh Protidin
- ↑ Good work I do not return: Actor Riaz
- ↑ Magazine-GROOVE. (10 February 2014). Dance Makes Them Love: Riaz-Tina. The Daily Sun
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিয়াজ (অভিনেতা)” প্ৰবন্ধৰ সংশোধন ৪২১০৮৬ (১৩ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।