অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুভাষ দত্ত

সুভাষ দত্ত (Subhash Dutta)(জন্ম-৯ ফেব্ৰুৱাৰী ১৯৩০, মৃত্যু-১৬ নৱেম্বৰ ২০১২) এজন বিখ্যাত বাংলাদেশী চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰশিল্পী আৰু অভিনেতা। আৰম্ভণিতে তেওঁ এগৰাকী চিত্ৰশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

সুভাষ দত্ত (Subhash Dutta)(জন্ম-৯ ফেব্ৰুৱাৰী ১৯৩০, মৃত্যু-১৬ নৱেম্বৰ ২০১২) এজন বিখ্যাত বাংলাদেশী চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰশিল্পী আৰু অভিনেতা। আৰম্ভণিতে তেওঁ এগৰাকী চিত্ৰশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১ দত্ত সত্যজিৎ ৰায়ৰদ্বাৰা অতিশয় প্ৰভাবিত হৈছিল আৰু সত্যজিতৰ প্ৰতি তেওঁৰ গভীৰ মৰমৰ বাবে তেওঁক দত্তজিৎ উপনাম দিয়া হৈছিল।

কৰ্ম জীৱন

কৰ্মজীৱনৰ আৰম্ভণিতে দত্তই ফিল্ম পোষ্টাৰ আৰ্টিষ্ট হিচাপে কাম কৰিছিল। তেওঁ পূব পাকিস্তানত (বৰ্তমান বাংলাদেশ) নিৰ্মিত প্ৰথম বঙালী ভাষাৰ চিনেমা মুখ ও মুখোশ (১৯৫৬)ৰ পোষ্টাৰ আঁকিছিল। ১৯৬৪ চনত তেওঁৰ প্ৰথমখন চিনেমা সুতৰাং পৰিচালনা কৰে।১৯৬৫ চনত ফ্ৰেংকফৰ্ট উৎসৱত এই ছবিখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰে।১১৯৭২ চনত তেওঁ অৰণ্যক নাট্যদলৰ সৈতে অভিনয় কৰে।১

বঁটা

২০১২ চনত দত্ত
২০১২ চনত দত্তছবি: Aashaa · CC BY-SA 3.0

তেওঁৰ পৰিচালিত চিনেমাসমূহে ফ্নম পেন চলচ্চিত্ৰ মহোৎসৱ (১৯৬৮) আৰু মস্কো চলচ্চিত্ৰ মহোৎসৱ (১৯৬৭, ১৯৭৩, ১৯৭৯)ত বঁটা লাভ কৰে। তেওঁৰ অভিনয়ৰ বাবে পাকিস্তান চলচ্চিত্ৰ মহোৎসৱৰ (১৯৬৫) পৰাও বঁটা লাভ কৰে।১

ব্যক্তিগত জীৱন আৰু মৃত্যু

দত্তৰ দুজন পুত্ৰ শিৱাজী আৰু ৰাণাজী আৰু দুগৰাকী কন্যা শিল্পী আৰু শতাব্দী।১

২০১২ চনৰ ১৬ নৱেম্বৰত ঢাকাৰ ৰাম কৃষ্ণ মিছন ৰোডৰ নিজৰ ঘৰত হৃদৰোগত আক্ৰান্ত হৈ দত্তৰ মৃত্যু হয়।২১৭ নৱেম্বৰৰ পুৱা ৯ বজাত তেওঁৰ মৃতদেহ তেওঁৰ বাসগৃহৰপৰা ৰামকৃষ্ণ মিছনলৈ লৈ যোৱা হয় আৰু তাত ধৰ্মীয় অনুষ্ঠানৰ অন্তত সকলো শ্ৰেণীৰ লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে মৃতদেহটো কেন্দ্ৰীয় শ্বহীদ মিনাৰলৈ যোৱা হয়। তেওঁৰ মৃতদেহ পুৱা ১১ বজাৰপৰা দুপৰীয়া ১ বজালৈ শ্বহীদ মিনাৰত ৰখা হৈছিল। সেই সময়ত পৰিয়ালৰ সদস্যৰ উপৰি ৰাজনৈতিক নেতা আৰু কৰ্মী, কবি, সাহিত্যিক বুদ্ধিজীৱী আৰু সকলো শ্ৰেণীৰ লোকে ইয়াত তেওঁক শেষ শ্ৰদ্ধা জনাইছিল। আৰু তাতেই তেওঁৰ স্মৃতিত এখন শোকপুথি মুকলি কৰা হয়। এইগৰাকী মহান শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বহু লোকে শোকপুথিখনত শিল্পীগৰাকীৰ গৌৰৱৰ বিষয়ে লিখিছিল। শ্বহীদ মিনাৰত তেওঁক ঢাকা জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় মৰ্য্যাদাৰে গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। শ্বহীদ মিনাৰৰপৰা দুপৰীয়া তেওঁৰ মৃতদেহ তেওঁৰ দীৰ্ঘদিনীয়া কৰ্মস্থলী বাংলাদেশ ফিল্ম উন্নয়ন কৰ্পৰেশ্যন (এফ.ডি.চি)লৈ লৈ যোৱা হয়। এফ.ডি.চি.ৰ বিষয়া-কৰ্মচাৰী, শিল্পী, কলা-কুশলীসকলে তেওঁক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে। এফ ডি চিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁৰ মৃতদেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে পোস্তগোলা শ্মশানলৈ লৈ যোৱা হয়। আৰু তাতেই তেওঁক চিৰকাললৈ সমাধিস্থ কৰা হয়।

পৰিচালিত চলচ্চিত্ৰ

  • সুতৰাং - (১৯৬৪)৪
  • আবিৰ্ভাব - (১৯৬৮)৫
  • কাগজেৰ নৌকা৬
  • পালাবদল৭
  • আলিঙ্গন (১৯৬৯)৭
  • আয়না ও অবশিষ্ট ৬
  • বিনিময় - (১৯৭০)৮
  • আকাঙ্ক্ষা
  • ডুমুৰেৰ ফুল৮
  • অৰুণোদয়েৰ অগ্নিসাক্ষী - (১৯৭২)৮
  • সকাল সন্ধ্যা৮
  • ফুলশয্যা ৮
  • বসুন্ধৰা - (১৯৭৭)৮
  • আবদাৰ
  • নাজমা
  • সবুজসাথী
  • স্বামী-স্ত্ৰী
  • ও আমাৰ ছেলে (২০০৮)৮

অভিনীত চলচ্চিত্ৰ

  • এ দেশ তোমাৰ আমাৰ - কানুলাল - (১৯৫৯)
  • হাৰানো দিন - (১৯৬১)৯
  • সুতৰাং - (১৯৬৪)
  • আবিৰ্ভাব - (১৯৬৮)
  • ক্যায়সে কুহু
  • পয়সে
  • কলকাতা ’৭১
  • নয়া মিছিল
  • কাগজেৰ নৌকা
  • পালাবদল
  • ফুলশয্যা
  • আকাঙ্ক্ষা
  • বসুন্ধৰা - (১৯৭৭)
  • বাল্য শিক্ষা - পথ-গায়ক
  • আয়না ও অৱশিষ্ট
  • ডুমুৰেৰ ফুল
  • ''বিনিময়'
  • সকাল সন্ধ্যা
  • আলিঙ্গন (১৯৬৯)
  • ৰাজধানীৰ বুকে৯
  • সূৰ্যস্নান৯১০১১
  • চান্দা৯
  • তালাশ
  • নদী ও নাৰী
  • হাৰানো সুৰ
  • আয়না - (২০০৫)
  • বাবা আমাৰ বাবা - (২০১০)

গ্ৰন্থতালিকা

  • Gazdar, Mushtaq. (1997). Pakistan Cinema, 1947-1997. Oxford University Press. ISBN 0-19-577817-0
  • Raju, Zakir Hossain. (2002). Being & Becoming: The Cinemas of Asia. MacMillan. ISBN 0333-93820-8
  • Shikdar, Abdul Hai. (2004). bn:বাংলাদেশের চলচ্চিত্র, ইতিহাসের এক অধ্যায়. Himi Books & Books. ISBN 984-8336-42-7

তথ্যসূত্ৰ

  1. ↑ Chole gelen Subhash Dutt. Prothom Alo
  2. ↑ (2012-11-16). Filmmaker Subhash Dutta no more. bdnews24.com
  3. ↑ Nigar Award 1962: 19 September, 1963 Hotel Metropol Karachi
  4. ↑ Gazdar 1997, পৃ. 254
  5. ↑ Gazdar 1997, পৃ. 262
  6. ↑ Gazdar 1997, পৃ. 257
  7. ↑ Gazdar 1997, পৃ. 265
  8. ↑ Hasan, Khalid. (22 February 2018). Subhash Dutta: The Visual Storyteller. The Daily Observer
  9. ↑ Gazdar 1997, পৃ. 250
  10. ↑ Raju 2002, পৃ. 11
  11. ↑ Shikdar 2004, পৃ. 110

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিচলচ্চিত্ৰ প্ৰযোজকঅভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুভাষ দত্ত” প্ৰবন্ধৰ সংশোধন ৬৩২৮১৭ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।