অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজু শ্ৰীবাস্তৱ

সত্য প্ৰকাশ শ্ৰীবাস্তৱ (Satya Prakash Srivastav) (২৫ ডিচেম্বৰ ১৯৬৩ – ২১ ছেপ্টেম্বৰ ২০২২), পেছাগতভাৱে ৰাজু শ্ৰীবাস্তৱ নামেৰে পৰিচিত। তেওঁক প্ৰায়ে গজোধৰ নামেৰে মতা হয়। তেওঁ এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু ৰাজনীতিবিদ।

হালনাগাদ: ৩ আগষ্ট ২০২৬ ৫০৮ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সত্য প্ৰকাশ শ্ৰীবাস্তৱ (Satya Prakash Srivastav) (২৫ ডিচেম্বৰ ১৯৬৩ – ২১ ছেপ্টেম্বৰ ২০২২), পেছাগতভাৱে ৰাজু শ্ৰীবাস্তৱ নামেৰে পৰিচিত। তেওঁক প্ৰায়ে গজোধৰ নামেৰে মতা হয়। তেওঁ এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু ৰাজনীতিবিদ।১ উত্তৰ প্ৰদেশৰ কাণপুৰত জন্মগ্ৰহণ কৰা শ্ৰীবাস্তৱে ১৯৮০ চনত হিন্দী চলচ্চিত্ৰ জগতত কাম কৰিবলৈ মুম্বাইলৈ আহে। বাজিগৰ, বম্বেৰপৰা গোৱালৈ, আমদানি আঠান্নী খাৰচা ৰূপাইয়া আদিত তেওঁ অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কমেডী শ্ব’ দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জত প্ৰতিদ্বন্দ্বিতা কৰি ৰানাৰ্ছ আপ হয়। ইয়াৰ স্পিন অফ শ্ব' দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ – চেম্পিয়নছত তেওঁ "দ্য কিং অৱ কমেডী"ৰ খিতাপ লাভ কৰে। তেওঁ বহুতো ষ্টেণ্ড আপ কমেডীৰ লাইভ শ্ব’ কৰিছিল।

২০১৪ চনৰপৰাই তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আছিল।

প্ৰাৰম্ভিক জীৱন

১৯৬৩ চনত উত্তৰ প্ৰদেশ ৰাজ্যৰ কাণপুৰ চহৰৰ এটি কায়স্থ পৰিয়ালত ৰাজু শ্ৰীবাস্তৱে জন্মগ্ৰহণ কৰিছিল।২ তেওঁৰ পিতৃ ৰমেশ শ্ৰীবাস্তৱ এজন কবি আছিল। শৈশৱত শ্ৰীবাস্তৱে অমিতাভ বচ্চনকে ধৰি চলচ্চিত্ৰ তাৰকাৰ অনুকৰণ কৰি ভাল পাইছিল।৩

কেৰিয়াৰ

১৯৮০-ৰ দশকত তেওঁ মুম্বাইলৈ আহে, আৰু বলিউডত সৰু সৰু চৰিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।৩ ৰাজশ্ৰী প্ৰডাকচনৰ চিনেমা মাইনে প্যাৰ কিয়া৪,বাজিগৰ আৰু বম্বে টু গোৱা আদি বিভিন্ন চিনামাত তেওঁ অভিনয় কৰিছিল।১ তেওঁ বলীউডৰ ছবি আমদানি আঠান্নী খাৰচা ৰূপাইয়াত অভিনেতা আৰু কমেডিয়ান হিচাপে কাম কৰিছিল।৫

২০০৫ চনত তেওঁ টেলেণ্ট শ্ব’ দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ জৰিয়তে ষ্টেণ্ড আপ কমেডীত যোগদান কৰে আৰু দ্বিতীয় ৰানাৰ্ছ আপ হয়। তাৰ পিছত তেওঁ ইয়াৰ স্পিন অফ, দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ – চেম্পিয়নছত অংশগ্ৰহণ কৰে আৰু "দ্য কিং অৱ কমেডী" খিতাপ লাভ কৰে।৬ এই অনুষ্ঠানৰ বাবেই তেওঁ বিখ্যাত হৈছিল।৩১ ২০০৯ চনলৈকে তেওঁ ২,৮০০ৰো অধিক লাইভ শ্ব' কৰিছিল।১

২০০৯ চনত এক সাক্ষাৎকাৰত তেওঁ কয় যে কমেডী শ্ব’ৰ অশ্লীলতা তেওঁৰ বাবে চিন্তাৰ বিষয়। তেওঁৰ মতে কমেডিয়ানসকলে আত্মনিয়ন্ত্ৰণৰ অভ্যাস কৰিব লাগে।১ বিগ ব্ৰাদাৰৰ ভাৰতীয় সমকক্ষ বিগ বছ (হিন্দী ছিজন ৩)ত তেওঁ অংশগ্ৰহণ কৰিছিল। দুমাহতকৈ অধিক সময় ঘৰটোত থকাৰ পিছত ২০০৯ চনৰ ৪ ডিচেম্বৰত তেওঁক ভোট আউট কৰা হয়।৭ ২০১০ চনত শ্ৰীবাস্তৱে পাকিস্তানৰপৰা ভাবুকিমূলক ফোন লাভ কৰিছিল যে তেওঁৰ শ্ব'ৰ সময়ত আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিম আৰু পাকিস্তানৰ ওপৰত কৌতুক কৰিব নালাগে।৮

২০১৩ চনত ৰাজুৱে পত্নীৰ সৈতে নাচ বালিয়ে ছিজন ৬ত অংশগ্ৰহণ কৰে, যি ষ্টাৰপ্লাছত কাপলছ্ ডান্স শ্ব’। তেওঁ কপিলৰ সৈতে কমেডী নাইটছতো অভিনয় কৰিছে।৯

২০১৬ চনত তেওঁ হিন্দী ৰিয়েলিটি টেলিভিছন প্ৰতিভা প্ৰতিযোগিতা মাজাক মাজাক মেইত অংশগ্ৰহণ কৰে।১০

২০১৯ চনত কমেডী শ্ব' কমেডী কা মহা মুকাবালাত অংশগ্ৰহণ কৰে।১১

ৰাজনৈতিক জীৱন

সমাজবাদী পাৰ্টিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কানপুৰ লোকসভা সমষ্টিৰ পৰা শ্ৰীবাস্তৱক প্ৰক্ষেপ কৰে।.১২ কিন্তু ২০১৪ চনৰ ১১ মাৰ্চত শ্ৰীবাস্তৱে দলৰ স্থানীয় ইউনিটৰ পৰা পৰ্যাপ্ত সমৰ্থন পোৱা নাই বুলি টিকট ঘূৰাই দিয়ে। এছ পিয়ে আশা কৰিছিল যে তেওঁ চাকৰি এৰিব কাৰণ আসনখনৰ প্ৰতিদ্বন্দ্বিতা গুৰুত্বপূৰ্ণ হৈ পৰিছিল।১৩ চাকৰি এৰি দিয়াৰ পিছত এছ পিয়ে কানপুৰৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে।১৪

এছ পি এৰি যোৱাৰ কিছুদিনৰ ভিতৰতে ২০১৪ চনৰ ১৯ মাৰ্চত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।১৫বিজেপিয়ে তেওঁক ২০১৪ চনৰ লোকসভাৰ টিকট নিদিলে। তেওঁ লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাইছিল।১৬২০১৪ চনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তেওঁক স্বচ্ছ ভাৰত অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়ে আৰু এই অভিযানৰ বিজ্ঞাপন ৰেকৰ্ডিং কৰে।১৭১০ ২০১৮ চনত শ্ৰীবাস্তৱে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল যে তেওঁ ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত লোকসভাৰ বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাব যদিও সেয়া পৰিশেষত বাস্তৱায়িত নহ’ল।১৮

২০১৯ চনৰ মাৰ্চ মাহত তেওঁক বিজেপি নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰে উত্তৰ প্ৰদেশ চলচ্চিত্ৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।১৬

ব্যক্তিগত জীৱন

১৯৯৩ চনৰ ১ জুলাইত লক্ষ্ণৌৰ শিখাৰ সৈতে শ্ৰীবাস্তৱে বিবাহপাশত আবদ্ধ হয়৷তেওঁলোকৰ দুটা সন্তান-এজন ল’ৰা আৰু এজনী ছোৱালী।।১৯

মৃত্যু

২০২২ চনৰ ১০ আগষ্টত জিমত ট্ৰেডমিলত দৌৰি থাকোঁতে ৰাজু শ্ৰীবাস্তৱে বুকুৰ বিষৰ অভিযোগ কৰে আৰু হৃদযন্ত্ৰ বন্ধ হৈ পৰে।২০২১ তেওঁৰ এঞ্জিওপ্লাষ্টি কৰা হয় আৰু ভেণ্টিলেটৰত ৰখা হয়।.২২ চিকিৎসাৰ সময়ত তেওঁৰ মগজুটো ফুলা দেখা গৈছিল আৰু স্নায়ু বিশেষজ্ঞৰ দ্বাৰাও চিকিৎসা কৰা হৈছিল।২৩হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পিছৰে পৰা তেওঁৰ অৱস্থা সংকটজনক২৪ বুলি কোৱা হৈছিল। ২০২২ চনৰ ২১ ছেপ্টেম্বৰৰ পুৱা দিল্লীত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।২৫

ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষা পদ্ধতি ব্যৱহাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল।২১ তেওঁৰ সৎকাৰ অনুষ্ঠান দিল্লীত অনুষ্ঠিত হৈছিল।২৬

নৰেন্দ্ৰ মোডী, যোগী আদিত্যনাথ, ৰাজনাথ সিং, অমিত শ্বাহ, অজয় দেৱগন, অক্ষয় কুমাৰ, অনিল কাপুৰ, বিবেক অগ্নিহোত্ৰী, ৰাজপাল যাদৱ আদিয়ে শ্ৰীবাস্তৱৰ মৃত্যুত শোক প্ৰকাশ কৰে।২৭২৮

তথ্যসূত্ৰ

  1. ↑ (11 September 2009). An institute of comedy, courtesy Raju Srivastav. Deccan Herald. Indo-Asian News Service
  2. ↑ Satish Chand Shukla. (17 July 2021). कायस्‍थों को एक मंच पर लाने का काम शुरू, राजू श्रीवास्तव से शुरू हुआ सदस्यता अभियान. jagran.com
  3. ↑ (21 September 2022). Raju Srivastava: Popular Indian comedian dies aged 58. BBC News
  4. ↑ Sharma, Sampada. (29 December 2017). 28 years of Maine Pyar Kiya: Eight lesser-known facts about the Salman Khan starrer. The Indian Express
  5. ↑ (23 November 2018). Big B praises Raju Srivastav in KBC, comedian gets emotional. ABP Live
  6. ↑ Comic moments in comedian Kapil Sharma-Ginni Chatrath reception. Tellychakkar.com
  7. ↑ Hegde, Rajul. (7 December 2009). Was shocked when Tanaaz, Aditi pulled my pajamas. Rediff
  8. ↑ (31 January 2009). Comedian Raju Srivastav gets threat from Pak. The Times of India. Times of India
  9. ↑ (21 September 2022). Raju Srivastava Died On 21 Sept. Bolly Movie Review Tech
  10. ↑ (12 August 2022). Comedian Raju Srivastav suffers major heart attack — a look at his life & career. cnbctv18.com
  11. ↑ Raju Srivastav tickles the funny bone at Le Meridien, Bangalore. The Times of India
  12. ↑ (14 February 2013). Akhilesh Yadav turns to comedy, fields Raju Srivastava from Kanpur in Lok Sabha election. Indian Express
  13. ↑ (11 March 2014). Comedian Raju Srivastava returns SP Lok Sabha ticket. The Hindu
  14. ↑ (19 March 2014). Jagdambika Pal, artiste Raju Srivastava join BJP. The Indian Express
  15. ↑ (19 March 2014). Jagdambika Pal, artiste Raju Srivastava join BJP. Indian Express
  16. ↑ (21 September 2022). Raju Srivastav's journey in politics: Found home in BJP after days in SP and an LS ticket. The Indian Express
  17. ↑ (25 October 2017). Raju Srivastav files complaint against using his image in anti-BJP message. The New Indian Express
  18. ↑ (20 January 2021). Netizens Call Out Raju Srivastava For His Hypocrisy After He Disses 'Tandav'. ScoopWhoop
  19. ↑ Jha, Sumit. (2 July 2019). LOL with Raju Srivastava on his wedding anniversary in Lucknow!. The Times of India
  20. ↑ (10 August 2022). Comedian Raju Srivastava suffers heart attack in gym; is too much exercise bad for heart?. Hindustan Times
  21. ↑ (22 September 2022). Raju Srivastava: नए तरीके से हुआ राजू श्रीवास्तव का पोस्टमार्टम, जानिए पुराने तरीके से कैसे अलग है वर्चुअल ऑटोप्सी. Good News Today
  22. ↑ Raju Srivastava's condition has not improved, remains on ventilator. The Economic Times
  23. ↑ (19 August 2022). Raju Srivastava's health worsens, top neurologist flies from Kolkata to treat comedian. India Today
  24. ↑ (11 August 2022). Raju Srivastava 'critical and on ventilator' following heart attack. The Hindu. PTI
  25. ↑ (21 September 2022). Comedian Raju Srivastava passes away at 58. India Today
  26. ↑ (22 September 2022). Raju Srivastav Funeral. Amar Ujala
  27. ↑ Desk, HT Entertainment. (21 September 2022). Raju Srivastava death: Anil Kapoor, Ajay Devgn, Vivek Agnihotri pay tribute to 'true legend of stand-up comedy'. Hindustan Times
  28. ↑ Singh, Neha. (21 September 2022). RIP Raju Srivastav: PM Modi, Yogi Adityanath, Rajnath Singh, Amit Shah and others condole the death of Comedian. NewsroomPost

সম্পৰ্কিত শ্ৰেণী

উত্তৰ প্ৰদেশৰ ব্যক্তিষ্টেণ্ড আপ কমেডিয়ানভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ানকমেডিয়ানঅভিনেতাভাৰতীয় অভিনয় শিল্পীভাৰতীয় ৰাজনীতিবিদৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজু শ্ৰীবাস্তৱ” প্ৰবন্ধৰ সংশোধন ৬২২৯৪৬ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।