আবেদ আবেষ্ট (জন্ম ১৯৮৭, বান্দৰ আব্বাছ, ইৰান) হৈছে এজন ইৰানী পৰিচালক, লেখক আৰু অভিনেতা। তেওঁ শ্বাহৰাম মুক্ৰীৰ চলচ্চিত্ৰ ফিচ এণ্ড কেটত অভিনয় কৰিছিল, যিখন চলচ্চিত্ৰই ভেনিছ চলচ্চিত্ৰ উৎসৱত (২০১৩) হৰাইজন বঁটা লাভ কৰিছিল।১ ইয়াৰ উপৰি তেওঁ ইনভেছন চলচ্চিত্ৰতো অভিনয় কৰিছিল, যিখন চিনেমা বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত (২০১৮) টেডি বঁটাৰ বাবে মনোনীত হৈছিল।২ তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আছিল চিমুলেশ্যন (২০১৭), যাৰ বিশ্ব প্ৰিমিয়াৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱৰ (২০১৭) ফ’ৰাম শাখাত প্ৰদৰ্শিত হৈছিল৩ আৰু এইখনে স্পেইন মুভিং ইমেজ চলচ্চিত্ৰ উৎসৱত (২০১৮) শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা আঁজুৰি আনিছিল।৪ তেওঁৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ কিলিং দা ইউনাখ খান (২০২১) ২৫সংখ্যক তালিন ব্লেক নাইটছ চলচ্চিত্ৰ উৎসৱত প্ৰদৰ্শিত হৈছিল৫ আৰু শ্লেমডেন্স চলচ্চিত্ৰ উৎসৱৰ ব্ৰেকআউটছ শাখাত গ্ৰেণ্ড জুৰী বঁটা লাভ কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ "Fish & Cat" won the Venice festival Horizone prize. www.iffr.com
- ↑ Invasion in Berlin international film festival. www.teddyaward.tv
- ↑ Simulation in Berlin international film festival. www.berlinale.de
- ↑ Simulation won the best film award in Spain moving images film festival. www.spainmovingimagesfestival.com
- ↑ Killing the Eunuch Khan in Tallinn Black Nights Film Festival. www.cineuropa.org
- ↑ Chapman, Wilson. (4 Feb 2022). 2022 Slamdance Award Winners. Variety
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আবেদ আবেষ্ট” প্ৰবন্ধৰ সংশোধন ৬১০৫৪৪ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।