ইতিহাসৰ আজিৰ দিনত
১৮ এপ্ৰিল
ঘটনাৱলী
- ১৬১২মোগল সাম্ৰাজ্যৰ সম্ৰাট শ্বাহজাহানে মুমতাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
- ১৮৫৩এছিয়াত প্ৰথম ৰে'ল চলাচল আৰম্ভ হয়।
- ১৮৫৯তাঁতিয়া টোপিক ফাঁচী দিয়া হয়।
- ১৯০৬ছান ফ্ৰান্সিস্কোত হোৱা ভূমিকম্প আৰু অগ্নিকাণ্ডত প্ৰায় ৪০০০ লোকৰ মৃত্যু হয়।
- ১৯১৭মহাত্মা গান্ধীয়ে সত্যগ্ৰহৰ বাবে বিহাৰৰ চম্পাৰণক নিৰ্বাচন কৰে।
- ১৯২৩ব্ৰংক্সত য়েংকি ষ্টেডিয়াম মুকলি কৰা হয়।
- ১৯৩০সূৰ্য সেন ওৰফে মাষ্টাৰ দা আৰু ভাৰতীয় ৰিপাব্লিকান আৰ্মীৰ ৬২ জন লোকে চট্টগং শাস্ত্ৰগৰত অভিযান চলায়।
- ১৯৪৮নেদাৰলেণ্ডৰ হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় স্থাপন কৰা হয়।
- ১৯৫০অন্ধ্ৰপ্ৰদেশৰ (বৰ্তমান তেলেংগানা) পচাম্পল্লী গাঁৱৰ পৰা বিনোবা ভাৱেই ভূদান আন্দোলন আৰম্ভ কৰে।
- ১৯৫৫বাণ্ডুঙত আফ্ৰিকান-এছিয়ান সন্মিলনৰ আয়োজন কৰা হয়।
- ১৯৭১ভাৰতৰ প্ৰথমখন জাম্বো জেট বিমান ৭৪৭ “সম্ৰাট অশোক” নামেৰে মুম্বাইত অৱতৰণ কৰে।
- ১৯৯৪ৱেষ্ট ইণ্ডিজৰ বেটছমেন ব্রায়ান লাৰাই ৩৭৫ ৰান সংগ্ৰহ কৰি টেষ্ট মেচৰ এটা ইনিংছত সৰ্বাধিক ৰানৰ বিশ্ব অভিলেখ গঢ়িছিল।
- ২০০১ভাৰতৰ সীমান্তত প্ৰৱেশ কৰা বাংলাদেশৰ সেনাৰ গুলীত ১৬ জন ভাৰতীয় জোৱান শ্বহীদ হয়।
- ২০০২১৯৭৩ চনৰ পৰা ইটালীত বসবাস কৰা আফগানিস্তানৰ প্ৰাক্তন শাসক মহম্মদ জাহিৰ শ্বাহ কাবুললৈ উভতি আহে।
- ২০০৮পাকিস্তানে ভাৰতীয় বন্দী সৰাবজিৎ সিঙৰ ফাঁচীৰ সময় এমাহ পিছুৱাই দিয়ে।
- ২০০৮ভাৰত আৰু মেক্সিকোৱে অসামৰিক বিমান পৰিবহণ আৰু শক্তিৰ ক্ষেত্ৰত নতুন চুক্তি স্বাক্ষৰ কৰে।
- ২০০৮ইনফ’ছিছ টেকন’লজিছে আমেৰিকাৰ কনচেকোৰ সৈতে উন্নয়ন আৰু মেৰামতি সেৱা প্ৰদানৰ বাবে পাঁচ বছৰীয়া চুক্তিত স্বাক্ষৰ কৰে।
- ২০১৩ইৰাকৰ ৰাজধানী বাগদাদত হোৱা বোমা বিস্ফোৰণত ২৭ জন নিহত, ৬৫ জন আহত।
- ২০১৪মাউণ্ট এভাৰেষ্টত হোৱা হিমস্খলনত নেপালৰ ১২ জন পৰ্বতাৰোহীৰ মৃত্যু।
জন্ম
- ১৮৫৮ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
- ১৮৬০কালিচৰণ ব্ৰহ্ম, ভাৰতীয় সমাজ সংস্কাৰক।
- ১৯০১চন্দেশ্বৰ প্ৰসাদ নাৰায়ণ সিং, ভাৰতীয় ৰাজনীতিবিদ। ১৯২৭ চনত বিহাৰৰ বিধান পৰিষদৰ সদস্য হিচাপে নিযুক্তি আৰু ১৯৭৭ চনত পদ্ম বিভূষণ বঁটা লাভ কৰে।
- ১৯১৬ললিতা পাৱাৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪৯বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম, ফিনলেণ্ডৰ অৰ্থনীতিবিদ।
- ১৯৬৪মাঞ্জাম্মা জগতী, ভাৰতীয় নৃত্যশিল্পী, কণ্ঠশিল্পী, থিয়েটাৰ অভিনেত্ৰী।
- ১৯৭৮প্ৰদ্যুৎ কুমাৰ ডেকা, অসমৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু লেখক।
- ১৯৯২লোকেশ ৰাহুল (KL Rahul), ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু
- ১৮৬৯দামোদৰ হৰি চাপেকাৰ, ভাৰতৰ বিপ্লৱী শ্বহীদ।
- ১৯৫৫এলবাৰ্ট আইনষ্টাইন, নোবেল পুৰস্কাৰ বিজয়ী মাৰ্কিন পদাৰ্থ বিজ্ঞানী। (জন্ম: ১৪ মাৰ্চ, ১৮৭৯)
- ১৯৫৯বৰিন্দ্ৰ কুমাৰ ঘোষ, এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সাংবাদিক। তেওঁক বৰিণ ঘোষ বুলিও জনা যায়।
- ১৯৯৯মিগিশ্বি ছেটছুকো, জাপানী যোগ চিত্ৰশিল্পী।
- ২০০১খুৰশীদ বানো, পাকিস্তানী অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
- ২০০২টুৰ হেয়াৰ্ডাল, নৰ্ৱেয়ান ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ।
- ২০১৯হাছিবুল ইছলাম মিজান, বাংলাদেশৰ চলচ্চিত্ৰ পৰিচালক।
- ২০২১ডাঃ ভূমিধৰ বৰ্মন, অসমৰ ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ