ইতিহাসৰ আজিৰ দিনত
১৭ এপ্ৰিল
ঘটনাৱলী
- ১৯৫৩কম্বোডিয়াই ফৰাচীসকলৰপৰা স্বাধীনতা লাভ কৰে।
- ১৯৬১কিউবাত বে অৱ পিগছ অভিযান আৰম্ভ হৈছিল।
- ১৯৬৪ফ’ৰ্ড মুষ্টেং (Ford Mustang) গাড়ী মুকলি কৰা হৈছিল।
- ১৯৭০চন্দ্ৰ অভিযানৰ সময়ত এক জটিল বিফলতাৰ সন্মুখীন হৈ এপ’ল’ ১৩ মহাকাশযানখনে নিৰাপদে পৃথিৱীলৈ উভতি আহিছিল।
- ১৯৮৩ভাৰতে এছ এল ভি-৩ ৰকেট উৎক্ষেপণ কৰে, যিটো মহাকাশ অন্বেষণৰ প্ৰচেষ্টাৰ এক উল্লেখযোগ্য পদক্ষেপ।
- ২০০৮ভাৰত আৰু ব্ৰাজিলৰ মাজত চাৰিটা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়।
জন্ম
- ১৮০৬মণিৰাম দেৱান, ঊনৈছ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। (মৃত্যু:১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী)
- ১৯০০বিনোদানন্দ ঝা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ। তেওঁ আছিল বিহাৰৰ প্ৰাক্তন তৃতীয় মুখ্যমন্ত্ৰী।
- ১৯১২তাকাজী শিৱশংকৰ পিল্লাই, জ্ঞানপীঠ বঁটা,পদ্ম ভূষণ আৰু সাহিত্য অকাডেমী বঁটা বিজয়ী এজন বিখ্যাত সাহিত্যিক। তেওঁক মালয়ালম ভাষাৰ আগশাৰীৰ সাহিত্যিকসকলৰ ভিতৰত গণ্য কৰা হয়।
- ১৯২৭চন্দ্ৰ শেখৰ সিং, ভাৰতীয় ৰাজনীতবিদ তথা অষ্টম প্ৰধান মন্ত্ৰী।
- ১৯৬৬বিক্ৰম, প্ৰকৃত নাম কেণ্ডি জন ভিক্টৰ, দক্ষিণ ভাৰতীয় অভিনেতা আৰু গায়ক।
- ১৯৭২মুত্তিয়া মুৰলিধৰণ, শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ।
- ১৯৭৯সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ, তামিল ভাষা, তেলুগু, হিন্দী ভাষা আৰু মালয়ালম ভাষা চলচ্চিত্ৰৰ অভিনেতা।
- ১৯৯০বেনো জেফিন, ভাৰতৰ প্ৰথমগৰাকী সম্পূৰ্ণ অন্ধ আই এফ এছ (IFS)বিষয়া।
মৃত্যু
- ১৭৯০বেঞ্জামিন ফ্ৰেংকলিন, আমেৰিকাৰ লেখক, চিত্ৰশিল্পী, ৰাজনীতিবিদ, বিজ্ঞানী, সঙ্গীতজ্ঞ, উদ্ভাৱক, ৰাষ্ট্ৰপ্ৰধান, কৌতুকবিদ, গণআন্দোলনকাৰী আৰু কূটনীতিবিদ।
- ১৯৭৫ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেখেত স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ১৯৬২ চনৰপৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছিল। (জন্ম: ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্টেম্বৰ)
- ২০০৪কে এছ সৌম্যা, ভাৰতীয় অভিনেত্ৰী।
- ২০১১ব্ৰিগেডিয়াৰ ভৱানী সিং, জয়পুৰৰ মহাৰাজ আছিল। ১৯৭১ চনত বাংলাদেশ যুদ্ধত ভাৰত-পাক যুদ্ধত তেওঁৰ বীৰত্বৰ বাবে ১৯৭২ চনত ‘মহাবীৰ চক্ৰ’ৰে সন্মানিত হৈছিল।
- ২০১২নিত্যানন্দ মহাপাত্ৰ, এজন ভাৰতীয় ওডিয়া ৰাজনীতিবিদ, কবি আৰু সাংবাদিক। তেওঁৰ আন আন অনুবাদিত গ্ৰন্থসমূহৰ ভিতৰত “ৰমনা মহৰ্ষি” আৰু “স্বৰাজ্য সংহীতা” অন্যতম।
- ২০১৩ভি. এছ. ৰমাদেৱী, ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য নিৰ্বাচন আয়ুক্ত।
- ২০১৪গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
- ২০২৬যতীন মালী,অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ