অপৰ্ণা সেন (Aparna Sen; বিবাহৰ পূৰ্বে অপৰ্ণা দাসগুপ্ত; জন্ম:২৫ অক্টোবৰ, ১৯৪৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালিকা আৰু অভিনেত্ৰী, যি বঙালী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ নটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱাৰ উপৰিও ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সেনৰ জন্ম এটা বঙালী পৰিয়ালত হৈছিল। তেওঁলোক বৰ্তমানৰ বাংলাদেশৰ চিটাগং জিলাৰ কক্সবজাৰৰ মূল নিবাসী আছিল। তেওঁৰ দেউতাক চিদানন্দ দাসগুপ্ত এজন চলচ্চিত্ৰ পৰিচালক আৰু প্ৰবীন সমালোচক আছিল। তেওঁৰ মাতৃ সুপ্ৰিয়া দাসগুপ্ত এগৰাকী কষ্টিউম ডিজাইনাৰ আছিল, যিয়ে ৭৩ বছৰ বয়সত স্বামীৰ পৰিচালনাৰ ‘আমোদিনী’ (১৯৯৫) ছবিৰ কষ্টিউম ডিজাইনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। সেন এগৰাকী প্ৰখ্যাত বঙালী কবি জীবনানন্দ দাসৰ সম্পৰ্কীয় আছিল।২ সেনে তেওঁৰ শৈশৱ হাজাৰীবাগ আৰু কলকাতাত কটাইছিল। তেওঁ স্কুলীয়া শিক্ষা কলিকতাৰ কলকাতাৰ মডাৰ্ণ হাইস্কুলত গ্ৰহণ কৰিছিল, যিখন এখন ছোৱালীৰ স্কুল আছিল। তেওঁ প্ৰেচিডেঞ্চি কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক শ্ৰেণীত ভৰ্তি হৈছিল যদিও ডিগ্ৰী লব নোৱাৰিলে।৩
কৰ্মজীৱন
অভিনয়
সেনে ১৫ বছৰ বয়সত, প্ৰেচিডেঞ্চি কলেজত পঢ়ি থকা অৱস্থাতে ১৯৬১ চনৰ ছবি ‘তিন কন্যা’ৰ সমাপ্তি অংশৰ মৃণ্ময়ী চৰিত্ৰটোৰ যোগে চলচ্চিত্ৰ জগতত ভৰি দিছিল। এই ছবিখনৰ পৰিচালক আছিল সত্যজিৎ ৰায়, যিগৰাকী ব্যক্তি সেনৰ দেউতাকৰ দীৰ্ঘদিনীয়া বন্ধু আছিল। প্ৰখ্যাত ফটোগ্ৰাফাৰ ব্ৰায়ান ব্ৰেকে ১৫ বছৰত বয়সত তোলা তেওঁৰ ফটো লাইফ মেগাজিনৰ বেটুপাতত প্ৰকাশ পায়।৪
২০০৯ত সেনে শৰ্মিলা ঠাকুৰ আৰু ৰাহুল বসুৰ সৈতে অনিৰুদ্ধ ৰয়চৌধুৰীৰ ছবি অন্তহীনত অৱতীৰ্ণ হয়। ছবিখনে চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হৈছিল।৫
পৰিচালনা
১৯৮১ চনত সেনে শশী কাপুৰে প্ৰযোজনা কৰা ‘৩৬ চৌৰঙ্গী লেন’ৰে পৰিচালনাৰ ক্ষেত্ৰখনত প্ৰবেশ কৰে, যিখন ছবিয়ে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁ পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কেইখনমান ছবি- 'পাৰমিতাৰে একদিন', 'মিষ্টাৰ এণ্ড মিচেছ আয়াৰ', '১৫ পাৰ্ক এভিনিউ', 'যুগান্ত', 'পৰমা' আদি।৬
অন্যান্য
১৯৮৬ৰ পৰা ২০০৫লৈ সেনে বঙালী পষেকীয়া মহিলা আলোচনী সানন্দাৰ সম্পাদক হয়। আনন্দবাজাৰ পত্ৰিকা গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এই আলোচনীখন পশ্চিমবঙ্গ আৰু বাংলাদেশ উভয়তে সমানে জনপ্ৰিয় আছিল। ২০০৫ৰ নবেম্বৰৰ পৰা ২০০৬ৰ ডিচেম্বৰলৈ তেওঁ ‘কলকাতা টিভি’ চেলেনৰ ক্ৰিয়েটিভ ডিৰেক্টৰ হিচাপে জড়িত আছিল। ২০১১ত সাৰদা গ্ৰুপে আৰম্ভ কৰা ‘পৰমা’ আলোচনীৰ সম্পাদনাৰ দায়িত্ব লয়। ২০১৩ৰ ১৪ এপ্ৰিলত ই বন্ধ হৈ যায়।৭ সেন আৰু তেওঁৰ সম্পাদনা দলটোৱে ‘প্ৰথমা এখন’ বুলি আন এখন আলোচনী প্ৰকাশ কৰে, যিখন বেছিদিন জীয়াই নাথাকিল।৮
সন্মান
সেনে এগৰাকী জুৰী হিচাপে বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছে। ১৯৮৯ত তেওঁ ১৬তম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰী আছিল।৯ ২০০৮ত এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ডৰ আৰু ২০১৩ত ২য় লাডাখ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰী নিৰ্বাচিত হয়।১০
১৯৮৭ত ভাৰতৰ ৰাষ্ট্ৰপতি গিয়ানী জায়েল সিঙে চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ (2020-10-25). Aparna Sen — A River Plunging into its Own Depths. Journal of Indian Cinema
- ↑ (2018-01-17). Aparna Sen Gets Candid At DIFF. The Daily Star
- ↑ Aparna Sen Biography. filmibeat.com
- ↑ Monsoon girl. Te Papa
- ↑ (23 January 2010). Bollywood wins big at National Film Awards. Reuters India
- ↑ Master Of Her Art: Aparna Sen As An Actor And Filmmaker. Sethepeople, The Women's Channel
- ↑ Paroma, the fortnightly magazine of Saradha launched by CM. Events at Saradha Realty
- ↑ Sengupta, Reshmi. (21 August 2014). Why I did not quit. The Telegraph
- ↑ 16th Moscow International Film Festival (1989). MIFF
- ↑ (13 June 2013). Aparna Sen to head Ladakh international film festival jury. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰ্ণা সেন” প্ৰবন্ধৰ সংশোধন ৫২১৪১৬ (২৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।