ওড়িয়া চলচ্চিত্ৰৰ অভিনেত্ৰী
১৭ প্ৰবন্ধ
-
কোয়েল মল্লিক
কোয়েল মল্লিক (Koel Mallick) (জন্ম: ২৮ এপ্ৰিল, ১৯৮২) বঙালী চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত ভাৰতীয় অভিনেত্ৰী।
-
জয়া শীল
জয়া শীল ঘোষ ( Jaya Seal Ghosh) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। অতি কম বয়সৰ পৰাই পাঁচ বছৰ ধৰি তেওঁ গুৰু ইন্দিৰা পি পি বৰাৰ অধীনত ভৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিছিল।
-
অপৰাজিতা মহান্তি
অপৰাজিতা মহান্তি (জন্ম নাম: অপৰাজিতা খান; জন্ম: ৩১ জানুৱাৰী ১৯৬২), এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ১৯৮০ চনত মুক্তিপ্ৰাপ্ত সীতা লবকুশ চলচ্চিত্ৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে।
-
আয়েশা জুল্কা
আয়েশা জুল্কা (Ayesha Jhulka জন্ম: ২৮ জুলাই ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে৷ তেওঁ ওড়িয়া, কন্নড়, আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷
-
বৰ্ষা প্ৰিয়দৰ্শিনী
বৰ্ষা প্ৰিয়দৰ্শিনী (জন্ম ৭ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ ওড়িয়া চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ বাংলা চলচ্চিত্ৰতো কাম কৰিছে। তেওঁ তেওঁৰ সমাজসেৱামূলক প্ৰতিষ্ঠান সন্মানিতাৰ জৰিয়তে দৰিদ্ৰ শিশুসকলৰ শিক্ষাৰ লগতে মহিলাৰ ক্ষমতায়নৰ ক্ষেত্ৰত কাম কৰে।
-
মিনতি মিশ্ৰ
মিনতি মিশ্ৰ (Minati Mishra; ১৯২৯ – ৬ জানুৱাৰী ২০২০) আছিল এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু অভিনেত্ৰী। ভাৰতীয় লোকনৃত্যৰ অন্যতম নৃত্য ওড়িছীৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে তেখেত সুপৰিচিত। ২০১১ চনত তেখেত ওড়িছী প্ৰদৰ্শন কৰা সৰ্বজ্যেষ্ঠ জীৱিতি প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হয়।
-
শুভশ্ৰী গাংগুলী
শুভশ্ৰী গাংগুলী (বাংলা: শুভশ্ৰী গঙ্গোপাধ্যায়; জন্ম: ৩ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত বাংলা চলচ্চিত্ৰত কাম কৰে। বাংলা চলচ্চিত্ৰৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা আৰু আগশাৰীৰ অভিনেত্ৰী গাংগুলীয়ে ২০০৮ চনত ওড়িয়া কমেডি-ড্ৰামা ছবি মতে তো লভ হেলাৰেৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু তাৰ…
-
অৰ্চিতা সাহু
অৰ্চিতা সাহু এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে ওড়িয়া ভাষাৰ ছবিত কাম কৰে। বাবু আই লাভ ইউ, মুঁ একাতুমৰ, চকলেট আৰু আকাশে কি ৰং লগিলা আদি কেইবাখনো জনপ্ৰিয় ওড়িয়া ছবিত মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছে। ছবিৰ বাহিৰেও মডেল হিচাপে সফলতা লাভ কৰিছে।
-
পুপুল ভূঞা
পুপুল ভূঞা এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন উপস্থাপক আৰু মডেল, যিয়ে ওড়িয়া চলচ্চিত্ৰ, টেলিফিল্ম, বিজ্ঞাপন, আৰু ৰিয়েলিটি শ্ব'ত অভিনয় কৰিছে। ২০১৩ চনত কাব্য কীৰণৰ সৈতে প্ৰথম ওড়িয়া থ্ৰীডি ছবি কাউঁৰী কন্যাৰ জৰিয়তে ওলিউডত চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল৷ ২০১৮ চনত অপেৰা মিচেছ ইণ্ডিয়া গ্ল'বেল…
-
ভানুমতী দেৱী
ভানুমতী দেৱী (Bhanumati Devi; ১৫ মে' ১৯৩৪ – ৪ জানুৱাৰী ২০১৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী আছিল। ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰিছিল। ১৯৩৪ চনৰ ১৫ মে'ত ব্ৰিটিছ বাৰ্মাত তেওঁৰ জন্ম হয়।[3][4] দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৰিয়ালৰ সৈতে ভাৰতৰ ওড়িশাৰ পুৰীলৈ স্থানান্তৰ হয়।
-
অনিতা দাস
অনিতা দাস (ইংৰাজী: Anita Das; ১ অক্টোবৰ ১৯৫৩ – ১১ মে’ ২০১৮) ওড়িয়া চিনেমাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী আছিল। তেওঁ নিজৰ কেৰিয়াৰত তিনিবাৰকৈ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ২০১৮ চনৰ ১১ মে’ত ৬৪ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দাসৰ মৃত্যু হয়।
-
এলিনা সামন্তৰায়
ৰে এলিনা সামন্তৰায় (ইংৰাজী: Elina Samantray) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ ইশ্ক তু হি তু চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। তেওঁ তৰঙ্গ টিভিত প্ৰচাৰিত ৰিয়েলিটি টেলিভিছন অনুষ্ঠান কিয়ে হেব মো হিৰ’ইনৰ প্ৰথম ছিজনৰ বিজয়িনী আছিল।
-
কাব্য কিৰণ
কাব্য কিৰণ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ ওড়িয়া আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ওলিউডত নিজৰ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল আৰু ২০১৫ চনত ৰং-ই-ইস্কৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।
-
ঝিলিক ভট্টাচাৰ্য
জিলীক ভট্টাচাৰ্য এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে ওড়িয়া আৰু বঙালী চলচ্চিত্ৰ জগতত অভিনয় কৰে। তেওঁ টাৰ্গেট ছবিৰ জৰিয়তে ওড়িয়া চলচ্চিত্ৰত অভিষেক ঘটায়। ইয়াৰ পূৰ্বে তেওঁ অভিষেক বচ্চন অভিনীত ৰাৱন ছবিত সহকাৰী নৃত্য পৰিচালক হিচাপে কাম কৰিছিল।
-
দীপ্তিৰেখা পাঢ়ী
দীপ্তিৰেখা পাঢ়ী এগৰাকী ওড়িয়া টেলিভিছন অভিনেত্ৰী আৰু মুখ্য কণ্ঠশিল্পী। তেওঁ ওড়িয়া চলচ্চিত্ৰ লভ ডট কমত প্ৰথমে মুখ্য কণ্ঠশিল্পী হিচাপে কাম কৰিছিল। তাৰ পিছত তেওঁ ইটিভি ওড়িয়াত প্ৰচাৰিত ৰাজকন্যা ধাৰাবাহিকত নায়িকা পূৰ্বী হিচাপে অভিনয় কৰিছিল।
-
প্ৰকৃতি মিশ্ৰ
প্ৰকৃতি মিশ্ৰ (ইংৰাজী: Prakruti Mishra) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ওড়িয়া চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কৰা কামৰ বাবে পৰিচিত। তেওঁ হেল্ল’ আৰ্ছি চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত, যাৰ বাবে তেওঁ ২০১৮ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বিশেষ উল্লেখ) লাভ কৰিছিল।
-
লেছলী ত্ৰিপাঠী
লেছলী এন ত্ৰিপাঠী (ইংৰাজী: Leslie Ann Tripathy) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰথমে ওড়িয়া সংগীত ভিডিঅ' আৰু চলচ্চিত্ৰত আৰু তাৰ পিছত বলীউডত অভিনয় কৰিছিল। ২০১৪ চনত ত্ৰিপাঠীয়ে ডব্লিউ ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।