মৃণাল সেন (Mrinal Sen) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। সত্যজিত ৰায়ৰ লগতে মৃণাল সেনকো সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। সেনে মূলতঃ বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালনা কৰিছিল। সমসাময়িক ঋত্বিক ঘটক, তপন সিনহা আৰু সত্যজিৎ ৰায়ৰ সৈতে তেওঁ ভাৰতত নিউ ৱেভ চিনেমাৰ পথ প্ৰদৰ্শক আছিল। তেওঁ ১৮টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক বঁটা লাভ কৰিছে। ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰিছে। ফ্ৰান্স চৰকাৰে তেওঁক Ordre des Arts et des Lettres প্ৰদান কৰাৰ বিপৰীতে ৰাছিয়া চৰকাৰে তেওঁক অৰ্ডাৰ অৱ ফ্ৰেণ্ডশ্বিপ প্ৰদান কৰিছে। সেনক দাদাচাহেব ফাল্কে বঁটাও প্ৰদান কৰা হয়। সত্যজিৎ ৰায়ৰ সৈতে তেওঁ একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আছিল, যাৰ ছবিসমূহ তিনিটা প্ৰভাৱশালী চলচ্চিত্ৰ মহোৎসৱ যেনে কান চলচ্চিত্ৰ মহোৎসৱ, ভেনিচ চলচ্চিত্ৰ মহোৎসৱ আৰু বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে। সেনে নিজকে "ব্যক্তিগত মাৰ্ক্সবাদী" বুলি কৈছিল।১২৩
প্ৰভাৱ
পাঁচখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পিছত তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা অতি কম বাজেটেৰে এখন চিনেমা নিৰ্মাণ কৰে। ভুৱন সোম (১৯৬৯) নামৰ এই ছবিখনে অৱশেষত তেওঁক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এজন প্ৰধান চলচ্চিত্ৰ নিৰ্মাতা হিচাপে চিনাকি কৰি দিলে। ভুৱন সোমে ভাৰততো "নতুন চিনেমা" চলচ্চিত্ৰ আন্দোলনৰ সূচনা কৰিছিল। ৪
সামাজিক প্ৰেক্ষাপট আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱ
ইয়াৰ পিছত তেওঁ নিৰ্মাণ কৰা ছবিসমূহ মূলতঃ ৰাজনৈতিক আছিল, আৰু ইয়ে তেওঁক মাৰ্ক্সবাদী শিল্পী হিচাপে জনাজাত কৰাই দিছিল। সমগ্ৰ ভাৰততে বৃহৎ পৰিসৰৰ ৰাজনৈতিক অশান্তিৰ সময়ো আছিল সেয়া। বিশেষকৈ কলিকতা আৰু ইয়াৰ আশে-পাশে এই সময়ছোৱাক বৰ্তমান নক্সালবাদী আন্দোলন বুলি জনা যায়। এই পৰ্যায়ৰ লগে লগে তেওঁ ধাৰাবাহিকভাৱে এখনৰ পাছত এখন ছবিৰ সৃষ্টি কৰে, য’ত তেওঁ নিজৰ মনোযোগ সলনি কৰে আৰু বাহিৰত শত্ৰু বিচৰাৰ পৰিৱৰ্তে তেওঁ নিজৰ মধ্যবিত্ত সমাজৰ ভিতৰৰ শত্ৰুক বিচাৰিছিল। তৰ্কসাপেক্ষভাৱে এইটোৱেই আছিল তেওঁৰ আটাইতকৈ সৃষ্টিশীল পৰ্যায়।৫
কলকাতাৰ চিত্ৰায়ণ
পুনশঃৰ (১৯৬১) পৰা মহাপৃথিৱীলৈকে (১৯৯১) সেনৰ বহুতো চিনেমাত কলকাতাৰ বিশেষ স্থান আছে। তেওঁ কলকাতাক চৰিত্ৰ হিচাপে, আৰু প্ৰেৰণা হিচাপে দেখুৱাইছে। তেওঁ জনসাধাৰণ, মূল্যবোধ ব্যৱস্থা, শ্ৰেণী পাৰ্থক্য আৰু কলকাতা চহৰৰ পথবোৰক চিনেমাত সুন্দৰকৈ প্ৰতিফলিত কৰিছে।
স্বীকৃতি
সেন ১৯৮২ চনত ৩২ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ সদস্য আছিল। ১৯৮৩ চনত তেওঁ ত্ৰয়োদশ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ সদস্য আছিল। ১৯৯৭ চনত সেন ২০ সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ সদস্য হয়। ২০১২ চনৰ ২৪ জুলাইত পশ্চিমবংগ চৰকাৰে ৰাজ্যখনৰ পৰা চলচ্চিত্ৰ ব্যক্তিত্বক সম্বৰ্ধনা জনোৱাৰ বাবে আয়োজন কৰা অনুষ্ঠানলৈ সেনক আমন্ত্ৰণ জনোৱা হোৱা নাছিল। খবৰ অনুসৰি তেওঁৰ ৰাজনৈতিক মতামতেই তেওঁক অনুষ্ঠানৰ পৰা বাদ দিয়াৰ কাৰণ বুলি ধৰা হয়। ৬
চলচ্চিত্ৰপঞ্জী
- ৰাতভোৰে (১৯৫৫)
- নীল আকাশেৰ নীচে (১৯৫৯)
- বাইশে শ্ৰাৱণ (১৯৬০)
- পুনস্ক (১৯৬১)
- অৱশেষে (১৯৬৩)
- প্ৰতিনিধি (১৯৬৪)
- আকাশ কুসুম (১৯৬৫)
- মাতিৰা মানিষা (১৯৬৬-ওড়িয়া)
- ভুৱন সোম (১৯৬৯)
- ইণ্টাৰভিউ (১৯৭১)
- এক অধুৰী কহানী (১৯৬১)
- কলকাতা ১৯৭১ (১৯৭২)
- পদাতিক (১৯৭৩)
- কোৰাচ (১৯৭৪)
- মৃগয়া (১৯৭৬)
- ওকা উৰী কথা (১৯৭৭-তেলেগু)
- পৰশুৰাম (১৯৭৮)
- এক দিন প্ৰতিদিন (১৯৭৯)
- আকালেৰ সন্ধানে (১৯৮০)
- চালচিত্ৰ (১৯৮১)
- খাৰিজ (১৯৮২)
- খণ্ডহৰ (১৯৮৩)
- জেনেছিচ (১৯৮৬)
- কভি দূৰ কভি পাছ (১৯৮৬-৮৭) (দূৰদৰ্শনৰ বাবে ১২খন চুটিছবি)
- এক দিন অচানক (১৯৮৬)
- মহাপৃথিৱী (১৯৯১)
- অন্তৰীণ (১৯৯৩)
- আমাৰ ভুৱন (২০০২)
মৃত্যু
সেন বহু বছৰ ধৰি বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ আছিল। ২০১৮ চনৰ ৩০ ডিচেম্বৰত ৯৫ বছৰ বয়সত কলকাতাৰ ভৱা নীপুৰৰ নিজ গৃহত তেওঁৰ মৃত্যু হয়। ৭৮৯
তথ্যসূত্ৰ
- ↑ (1 February 2005). Memories from Mrinalda. Rediff. Rediff.com
- ↑ Mrinal SEN - Festival de Cannes 2021. festival-cannes.com
- ↑ Tuhina Mondol. (31 December 2018). Mrinal Sen — the 'accidental filmmaker'. The Statesman
- ↑ Vasudev, Aruna. (1986). The New Indian Cinema. Macmillan India. ISBN 0-333-90928-3
- ↑ Thorval, Yves. (2000). Cinemas of India. Macmillan India. পৃ. 280–282. ISBN 0-333-93410-5
- ↑ (25 July 2012). Omission of Mrinal Sen from West Bengal film awards triggers controversy
- ↑ Mrinal Sen, legendary filmmaker and Phalke awardee, passes away at 95. Indian Express
- ↑ (30 December 2018). Bengali filmmaker Mrinal Sen dies at 95
- ↑ Rakesh Sharma. (30 December 2018). The Dadasaheb Phalke award-winning film director Mrinal Sen Passed away on Sunday at the age of 95. Bollywood Galiyara. BollywoodGaliyara.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃণাল সেন” প্ৰবন্ধৰ সংশোধন ৬৪০১৭০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।