অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কংকনা সেন শৰ্মা

কংকনা সেন শৰ্মা (Konkona Sen Sharma; জন্ম: ৩ ডিচেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখক আৰু পৰিচালক, যিয়ে মূলতঃ হিন্দী আৰু বঙালী চলচ্চিত্ৰৰ সৈতে জড়িত। তেওঁ দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।

হালনাগাদ: ১৬ নৱেম্বৰ ২০২৩ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কংকনা সেন শৰ্মা (Konkona Sen Sharma; জন্ম: ৩ ডিচেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখক আৰু পৰিচালক, যিয়ে মূলতঃ হিন্দী আৰু বঙালী চলচ্চিত্ৰৰ সৈতে জড়িত। তেওঁ দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ছবি নিৰ্মাতা অপৰ্ণা সেনৰ জীয়ৰী সেন শৰ্মাই কলাত্মক আৰু স্বাধীন দুয়োবিধ চলচ্চিত্ৰতে অৱতীৰ্ণ হৈছে। এই ধাৰাৰ ছবিত তেওঁৰ উপলব্ধিয়ে তেওঁক সমান্তৰাল ধাৰাৰ ছবিৰ শীৰ্ষস্থানীয় অভিনেত্ৰী ৰূপে প্ৰতিষ্ঠা কৰিছে। তেওঁ ‘লাল চুনাৰি মেঁই দাগ’ আদি মূলধাৰাৰ ছবিতো অভিনয় কৰিছে।১

প্ৰাৰম্ভিক জীৱন

সেন শৰ্মাৰ জন্ম ১৯৭৯ৰ ৩ ডিচেম্বৰত হৈছিল।২ তেওঁৰ দেউতাক মুকুল শৰ্মা এজন বিজ্ঞান লেখক আৰু সাংবাদিক আছিল। মাক অপৰ্ণা সেন এগৰাকী অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। কমলিনী চট্টোপাধ্যায় তেওঁৰ বায়েক।৩ সেন শৰ্মা মাতৃপক্ষীয় ককাক চিদানন্দ দাশগুপ্ত এজন ছবি সমালোচক, পণ্ডিত, অধ্যাপক, লেখক আৰু ‘কলকাতা ফিল্ম ছোচাইটি’ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। আইতাক সুপ্ৰিয়া দাশগুপ্ত প্ৰবাদপ্ৰতীম আধুনিক বঙালী কবি জীবনানন্দ দাসৰ সম্পৰ্কীয় ভগ্নী আছিল। তেওঁ দিল্লীৰ চেইণ্ট ষ্টিফেন কলেজৰ পৰা ২০০১ত ইংৰাজী বিষয়ত স্নাতক উপাধি লয়।৪

কৰ্মজীৱন

সেন শৰ্মাই এজনী শিশুশিল্পী হিচাপে বঙালী ছবি ‘ইন্দিৰা’ত (১৯৮৩) অভিনয়ৰ যোগে চলচ্চিত্ৰ জগতত প্ৰথম ভূমুকি মাৰে। প্ৰাপ্তবয়স্ক অৱস্থাৰ প্ৰথম ছবি বঙালী ভাষাৰ ‘এক যে আছে কন্যা’ (২০০০)। ২০০২ত কৰে ঋতুপৰ্ণ ঘোষৰ প্ৰশংসিত ছবি ‘তিথি’, যিখন ছবিত মিথুন আৰু তেওঁৰ মাতৃ অপৰ্ণা সেনেও অভিনয় কৰিছিল। ২০০১ত কৰে অপৰ্ণা সেন পৰিচালিত ইংৰাজী ভাষাৰ ছবি ‘মিষ্টাৰ এণ্ড মিছেচ আয়াৰ’, যিখন ছবিৰ অভিয়নৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।৫ ইয়াৰ পিছত কৰিছিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত ছবি ‘পেজ থ্ৰী’ (২০০৫)। এজন সপ্ৰতীভ সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰা সেন শৰ্মাই দৰ্শক-সমালোচকৰ প্ৰশংসা আদায় কৰিছিল।৬ তেওঁ মীৰা নায়াৰৰ হলীউডী ছবি ‘দ্য নেমচেক’ৰ (২০০৭) মুখ্য ভূমিকাৰ বাবে আমন্ত্ৰণ পাইছিল যদিও তাৰিখ মিলাব নোৱাৰাত ছবিখনত অভিনয় কৰিব নোৱাৰিলে।৭

২০১৭ৰ ২ জুনত মুক্তি পোৱা ‘এ ডেথ ইন গুঞ্জ’ ছবিৰ যোগে সেন শৰ্মাই পৰিচালনাৰ ক্ষেত্ৰখনত ভৰি থয়। ইয়াত অভিনয় কৰিছিল বিক্ৰান্ত মেচী আৰু কল্কি কোচলিনে। ছবিখনে নিউয়ৰ্ক ফিল্ম মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল।৮

ব্যক্তিগত জীৱন

২০০৭ত তেওঁ অভিনেতা ৰণবীৰ শোৰেৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে। তেওঁলোকৰ বিয়া হয় ২০১০ৰ ৩ চেপ্তেম্বৰত।৯ টাইমচ্ অফ ইণ্ডিয়াৰ খবৰ অনুসৰি সেন শৰ্মাই ২০১১ৰ ১৫ মাৰ্চত দক্ষিণ মুম্বাইৰ এখন হাস্পাতালত প্ৰথম সন্তান হাৰুণক জন্ম দিয়ে।১০ দম্পতীহালে ২০১৫ত পৃথকে থকাৰ ঘোষণা কৰে আৰু অৱশেষত ২০২০ৰ ১৩ আগষ্টত আদালতৰ যোগে তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়।১১

তথ্যসূত্ৰ

  1. ↑ (8 October 2007). Interview with Pradeep Sarkar – Laaga chunari mein daag. Bolly Spice
  2. ↑ (3 December 2013). Konkona Sen Sharma turns 34!. Rediff.com
  3. ↑ Bhatia, Vivek. (3 May 2012). Mother's day out. filmfare.com
  4. ↑ bollywoodgate.com. Konkona's education
  5. ↑ (30 December 2003). Standing ovation for Dev Anand. The Tribune
  6. ↑ boxofficeindia.com. 2005 box office analysis
  7. ↑ Kulkarni, Ronjita. (7 February 2005). Namesake is very uncannily my story!. Rediff.com
  8. ↑ List Film. film.list.co.uk/
  9. ↑ (4 September 2010). Telegraphindia. A quiet wedding for Konkona
  10. ↑ (16 March 2011). TimesOfIndia. Konkona-Ranvir blessed with baby boy
  11. ↑ Lalwan, Vickey. (13 August 2020). Ranvir Shorey and Konkona Sen Sharma get divorced: It's official - Times of India ►. The Times of India

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিভাৰতীয় অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতৰ চলচ্চিত্ৰ পৰিচালকফিল্মফেয়াৰ বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কংকনা সেন শৰ্মা” প্ৰবন্ধৰ সংশোধন ৩৯১৯৩৭ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।