মান্য চীনা ভাষা বা মাণ্ডাৰিন বা পুটংঘুৱা বা গুৱয়ু চীন আৰু টাইৱানৰ একমাত্ৰ আনুষ্ঠানিক ভাষা আৰু ছিংগাপুৰৰ চাৰিটা আনুষ্ঠানিক ভাষাৰ অন্যতম। এই ভাষাৰ উচ্চাৰণ চীনা ভাষাৰ বেইজিং উপভাষাৰ ওপৰত আধাৰিত, শব্দাৱলী উত্তৰ চীনৰ বিভিন্ন চীনা উপভাষাৰ পৰা গ্ৰহণ কৰা আৰু ব্যাকৰণ বিংশ শতিকাৰ আধুনিক চীনা সাহিত্যৰ পৰা গ্ৰহণ কৰা, যিয়ে পূৰ্বৰ শাস্ত্ৰীয় চীনা ভাষাৰ স্থান গ্ৰহণ কৰিলে।
অন্য চীনা ভাষীয় প্ৰকাৰসমূহৰ দৰেই মান্য চীনা ভাষাও এটা 'সুৰীয়া ভাষা'। দক্ষিণৰ প্ৰকাৰসমূহতকৈ মান্য চীনা ভাষাত কম স্বৰধ্বনি, আৰু অন্তিম ব্যঞ্জনধ্বনি আছে, পিচে অধিক আৰম্ভণিৰ স্বৰধ্বনি আছে। অন্য চীনা ভাষাৰ প্ৰকাৰসমূহৰ দৰেই এই ভাষাও এটি বিষয়-ভিত্তিক ভাষা, ইয়াৰ ক্ৰম বিষয়-ক্ৰিয়া-বস্তু।
এই ভাষা সৰল চীনা লিপি, পৰম্পৰাগত চীনা লিপি আৰু বিশেষ কাৰণত হান্যু পিন্যিন ৰোমানিকৃত লিপিত লিখা হয়।
নাম
চীনা ভাষাত মান্য প্ৰকাৰটোক তলত উল্লেখিত নামেৰে জনা যায়:
- টাইৱানত পুটংঘুৱা (國語) যাৰ অৰ্থ ৰাষ্ট্ৰীয় ভাষা
- মালয়েছিয়া আৰু ছিংগাপুৰত হুৱায়ু (华语/華語), যাৰ অৰ্থ চীনা ভাষা১
- ফিলিপাইন, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিত হান্যু (汉语/漢語) যাৰ অৰ্থ হানসকলৰ ভাষা।
ইংৰাজীত এই ভাষাক সূচাবলৈ চীনা আৰু হংকং চৰকাৰে পুটংঘুৱা,২৩ পুটংঘুৱা চাইনিজ,৪ আৰু মাণ্ডাৰিন৫৬৭ while those of Taiwan,৮৯ Singapore,১০১১ ব্যৱহাৰ কৰে। মালেইছিয়া চৰকাৰে এই ভাষাৰ বাবে মাণ্ডাৰিন ব্যৱহাৰ কৰে।১২
আগতে অনা-হান চীনা শাসকসকলে এই ভাষা বুজাবলৈ গুৱয়ু ব্যৱহাৰ কৰিছিল। পিচে ১৯০৯ চনত চিং ৰাজকীয় শিক্ষা মন্ত্ৰণালয়ে এই ভাষাক বুজাবলৈ আনুষ্ঠানিকভাৱএ গুৱয়ু শব্দ ব্যৱহাৰ কৰিলে আৰু এই ভাষাক নতুন ৰাষ্ট্ৰীয় ভাষা ঘোষণা কৰিলে।১৩ পুটংঘুৱা নামৰ ব্যৱহাৰো অনানুষ্ঠানিকভাৱে পুৰণি। ১৯০৬ চনতেই ঝু ৱেংঝিয়ঙে এই নামৰ ব্যহাৰ কৰিছিল, আধুনিক চীনা ভাষাক অন্য চীনা প্ৰকাৰৰ পৰা বেলেগ কৰিবলৈ।
বিংশ শতিকাৰ কোনো কোনো ভাষাবিদৰ বাবে পুটংঘুৱা বা 'সাধাৰণ ভাষা' আছিল গুৱয়ু বা 'ৰাষ্ট্ৰীয় ভাষা'ৰ পৰা পৃথক। আগৰটো ৰাষ্ট্ৰীয় সন্মানীয় প্ৰকাৰ, আৰু পিছৰটো আইনী মান। সেই সময়ৰ সাধাৰণ ধাৰণাৰ মতে দুয়োটা ভাষা আছিল 'বেলেগ'। গুৱয়ুক শাস্ত্ৰীয় চীনা ভাষাৰ ওচৰৰ এটি ভাষা বুলি গণ্য কৰা হৈছিল, আৰয় পুটংঘুৱাক "আধিনিক যুগৰ মানুহৰ সাধাৰণ ভাষা", যাক ৰাইজে ৰাষ্ট্ৰীয় কথিত ভাষাৰ ৰূপত স্বীকাৰ কৰিছিল। পুটংঘুৱা শব্দ বাওঁপন্থী নেতা যেনে চু চিউবাই আৰু লু চুনেও ব্যৱহাৰ কৰিছিল,সেয়ে ১৯৫৬ নত গণপ্ৰজাতন্ত্ৰী চীনৰ চৰকাৰে এই শব্দক মাণ্ডাৰিন ভাষা বুজাবলৈ স্বীকাৰ কৰিলা। তাৰ পূৰ্বে চৰকাৰে দুয়োটা শব্দ সলনা-সলনি কৰি ব্যৱহাৰ কৰিছিলে।১৪
তথ্যসূত্ৰ
- ↑ Kane, Daniel. (2006). The Chinese Language: Its History and Current Usage. Tuttle Publishing. পৃ. 22–23, 93. ISBN 978-0-8048-3853-5
- ↑ Chinese Central Government Official Web Portal. "Constitution". 2012. Accessed 6 November 2013
- ↑ (April 2007). About Hong Kong. Government of Hong Kong
- ↑ Chinese Central Government Official Web Portal. "Spoken and Written Languages". 2012. Accessed 6 November 2013
- ↑ Chinese Central Government Official Web Portal. "State Councilor urges more efforts to popularize Chinese language". 21 January 2011. Accessed 6 November 2013
- ↑ Chinese Central Government Official Web Portal. "Languages". 8 November 2012. Accessed 6 November 2013
- ↑ Chinese Central Government Official Web Portal. "China-US relations pioneer praised in Beijing meeting". 30 August 2012. Accessed 6 November 2013
- ↑ Taiwanese Government Entry Point. Ministry of Foreign Affairs. "Languages ". 24 May 2013. Accessed 6 November 2013
- ↑ Taiwan Culture Portal. Ministry of Culture. "About Taiwan ". 2012. Accessed 6 November 2013
- ↑ Ministry of Defense Singapore. PACC PAMS Singapore. "About Singapore ". 28 July 2011. Accessed 6 November 2013
- ↑ Singapore Tourism Board. "Singapore Culture, Language, and People". 2013. Accessed 6 November 2013
- ↑ Official Portal of the Government of Malaysia. "About Malaysia: Language ". Accessed 6 November 2013
- ↑ Norman 1988, পৃ. 133–134
- ↑ Yuan, Zhongrui. (2008) "国语、普通话、华语 (Guoyu, Putonghua, Huayu)". China Language National Language Committee, People's Republic of China
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মান্য চীনা ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩১১০৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।