বান কি-মুন (Ban Ki-moon) হৈছে দক্ষিণ কোৰিয়াৰ এগৰাকী ৰাজনীতিবিদ তথা কূটনীতিবিদ। তেওঁ ২০০৭ চনৰ জানুৱাৰীৰ পৰা ২০১৬ চনৰ ডিচেম্বৰ লৈকে ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মহাসচিব হোৱাৰ পূৰ্বে বান কি-মুনে দক্ষিণ কোৰিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত আৰু ৰাষ্ট্ৰসংঘত কূটনীতিবিদ হিচাপে কাম কৰিছিল। তেওঁ বিশ্ববিদ্যালয়ৰ স্নাতক শিক্ষা সমাপ্ত কৰাৰ বছৰতেই কূটনৈতিক সেৱাত প্ৰৱেশ কৰিছিল, আৰু ভাৰতৰ নতুন দিল্লীত তেওঁৰ প্ৰথম পদ গ্ৰহণ কৰিছিল।
২০০৬ চনৰ ১৩ অক্টোবৰত তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা অষ্টম মহাসচিব ৰূপে নিৰ্বাচিত হয়। ২০০৭ চনৰ ১ জানুৱাৰীত তেওঁ ক'ফি আন্নানৰ উত্তৰাধিকাৰী ৰূপে মহাসচিবৰ পদ গ্ৰহণ কৰে। মহাসচিব হিচাপে তেওঁ বিশ্বজুৰি শান্তি ৰক্ষা আৰু ৰাষ্ট্ৰসংঘৰ নিযুক্তি পদ্ধতিৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰৰ বাবে দায়বদ্ধ আছিল। কূটনৈতিকভাৱে বানে গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষভাৱে শক্তিশালী দৃষ্টিভংগী গ্ৰহণ কৰিছিল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বক এই বিষয়টো বাৰে বাৰে হেঁচা দিছিল। লগতে দাৰ্ফুৰ সংঘৰ্ষৰ ওপৰত তেওঁ চুদানৰ ৰাষ্ট্ৰপতি ওমৰ আল-বছিৰক শান্তিৰক্ষী সৈন্যক চুদানত প্ৰৱেশ কৰিবলৈ অনুমতি দিবলৈ প্ৰেৰিত কৰিছিল।১২
২০১৬ চনৰ ৩১ ডিচেম্বৰত তেওঁ মহাসচিব পদৰ কাৰ্যকাল সমাপ্ত হয় আৰু সাধাৰণ সভাই তেওঁৰ উত্তৰাধিকাৰী হিচাপে এণ্টনিও গুটেৰেছক নিযুক্তি দিয়ে।৩ তেওঁক ২০১৭ চনৰ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছিল,৪ পিছে তেওঁ ঘোষণা কৰে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।৫
জন্ম আৰু শিক্ষা
১৯৪৪ চনৰ ১৩ জুনত জাপানী কোৰিয়াৰ উত্তৰ চুংচিয়াং প্ৰদেশৰ ইউমচেয়ং কাউণ্টি (ইনচেই)-ৰ ৱাননাম টাউনশ্বিপৰ হেংচি নামৰ এখন সৰু কৃষি গাওঁত বান কি-মুনৰ জন্ম হৈছিল।৬ চিউল নেচনেল ইউনিভাৰ্চিৰ পৰা কলা শাখাৰ স্নাতক আৰু হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম পি এ ডিগ্ৰী লাভ কৰে।৭
কৰ্মজীৱন
তেওঁ এজন ৰাজনীতিবিদ আৰু কূটনীতিবিদ আছিল যি জানুৱাৰী ২০০৭ ৰ পৰা ডিচেম্বৰ ২০১৬ লৈ ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Suzanne Goldenberg. (27 January 2011). Ban Ki-moon ends hands-on involvement in climate change talks. The Guardian
- ↑ Lynch, Colum. (17 April 2007). Sudan To Allow U.N. Force in Darfur. The Washington Post
- ↑ (13 October 2016). António Guterres appointed next UN Secretary-General by acclamation. UN News Centre
- ↑ With an Eye on South Korea's Presidency, Ban Ki-moon Seeks to Burnish his U.N. Legacy. Foreign Policy
- ↑ Cheng, Jonathan. (1 February 2017). Ban Ki-moon Drops Out of South Korean Presidential Race. The Wall Street Journal
- ↑ Warren Hoge. (9 December 2006). For New U.N. Chief, a Past Misstep Leads to Opportunity. The New York Times
- ↑ Maggie Farley and Bruce Wallace. (9 October 2006). Aspiring U.N. Chief Is a Harmonizer, Not a Rock Star; South Korean career diplomat Ban Ki-moon may lack charisma, but he has many fans. Los Angeles Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বান কি-মুন” প্ৰবন্ধৰ সংশোধন ২৯৮১৭৪ (১৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।