অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভিয়েনা

ভিয়েনা (; Wien, ) অষ্ট্ৰিয়াৰ নখন প্ৰদেশৰ এখন। ই অষ্ট্ৰিয়াৰ ভিতৰতে সৰ্ববৃহৎ মহানগৰী আৰু ইয়াৰ ৰাজধানী। এই মহানগৰৰ জনসংখ্যা প্ৰায় ১.৮ মিলিয়ন যি অষ্ট্ৰিয়াৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ। জনসংখ্যাৰ ফালৰ পৰা ভিয়েনা ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত সপ্তম বৃহৎ মহানগৰ।

হালনাগাদ: ১৮ জুন ২০২৬ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভিয়েনা (;১২ Wien, ) অষ্ট্ৰিয়াৰ নখন প্ৰদেশৰ এখন। ই অষ্ট্ৰিয়াৰ ভিতৰতে সৰ্ববৃহৎ মহানগৰী আৰু ইয়াৰ ৰাজধানী। এই মহানগৰৰ জনসংখ্যা প্ৰায় ১.৮ মিলিয়ন যি অষ্ট্ৰিয়াৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ। ৩ জনসংখ্যাৰ ফালৰ পৰা ভিয়েনা ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত সপ্তম বৃহৎ মহানগৰ। বিংশ শতাব্দীৰ আৰম্ভণিলৈকে এই মহানগৰীৰ বিশ্বৰ সৰ্ববৃহৎ জাৰ্মান ভাষী বসবাস কৰা মহানগৰৰূপে পৰিগণিত হৈছিল।৪ বৰ্তমান বাৰ্লিনৰ পিছতে জাৰ্মানভাষী লোকৰ জনসংখ্যাৰ ক্ষেত্ৰত এই মহানগৰীৰ স্থান দ্বিতীয়।৫৬ ৰাষ্ট্ৰসংঘ, অপেক (OPEC)-কে ধৰি ভিয়েনাত ভালেসংখ্যক আন্তৰাষ্ট্ৰীয় সংগঠন আছে।

ভৌগোলিক অৱস্থান

ভিয়েনা অষ্ট্ৰিয়াৰ পূবে অৱস্থিত। এই চহৰৰ সীমাত চেক ৰিপাব্লিক, শ্ল’ভাকিয়া আৰু হাংগেৰী অৱস্থিত। সীমামূৰীয়া ব্ৰেটিছলাভা (Bratislava)-ৰ সৈতে ভিয়েনাই তিনি মিলিয়ন লোকৰ এক মেট্ৰ’পলিটান মহানগৰৰ সৃষ্টি কৰিছে। ২০০১ চনত ইয়াৰ চিটি চেণ্টাৰক ইউনেষ্ক’ই ৱৰ্ল্ড হেৰিটেজ ছাইট ৰূপে স্বীকৃতি দিছে।৭

মুখ্য আকৰ্ষণ

ভিয়েনা চহৰৰ প্ৰসিদ্ধ সংগীতৰ ধাৰাৰ বাবে এই চহৰক সংগীতৰ চহৰ (City of Music) বুলি জনা যায়। ৮ এই চহৰ বিংশ শতিকাৰ প্ৰাৰম্ভতে ইউৰোপিয়ান সংগীতৰ এক কেন্দ্ৰবিন্দু হৈ উঠে। তদুপৰি এই চহৰ বিশ্বৰ প্ৰথম মনোবিজ্ঞানী (psycho-analyst) চিগমুণ্ড ফ্ৰয়েদ (Sigmund Freud) ৰো গৃহ চহৰ।৯ এই চহৰখন প্ৰাচীন অট্টালিকা, বাগিচা আৰু নানা ঐতিহাসিক কৃতীচিহ্নৰেও পৰিপূৰ্ণ।১০

মাৰচাৰ (Mercer) নামৰ মানৱ-সম্পদ বিকাশৰ এক সংগঠনৰ বাৰ্ষিকভাৱে চলাই অহা ’জীৱন ধাৰণৰ মানদণ্ড ( "Quality of Living") শীৰ্ষক ছাৰ্ভেত ২০০৯ ৰ পৰা ২০১৫ চনলৈ একেৰাহে ভিয়েনাই বিশ্বৰ সকলো মহানগৰক পিছ পেলাই সৰ্বোচ্চ স্থান দখল কৰি আহিছে। ১১১২১৩১৪১৫১৬ অন্য এক একে বিষয়ৰ ছাৰ্ভে (Monocle) ত ২০১৫ ত বিশ্বৰ মুখ ২৫খন মহানগৰৰ ভিতৰত ভিয়েনাই দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। ১৭১৮১৯২০২১

বাহ্যিক সংযোগ

  • Pippal, M.: A short History of Art in Vienna, Munich: C.H. Beck 2000, ISBN 978-3-406-46789-9, provides a concise overview.
  • Dassanowsky, Robert ed,: "World Film Locations: Vienna", London: Intellect/Chicago: U of Chicago Press, 2012, ISBN 978-1-84150-569-5. International films about Vienna or Austria shot on location throughout cinema history.

তথ্যসূত্ৰ

  1. ↑ Wells, John C. (2008). Longman Pronunciation Dictionary. Longman. ISBN 978-1-4058-8118-0
  2. ↑ Roach, Peter. (2011). Cambridge English Pronouncing Dictionary. Cambridge University Press. ISBN 978-0-521-15253-2
  3. ↑ (2008). VCÖ.at: VCÖ fordert Nahverkehrsoffensive gegen Verkehrskollaps in den Städten. vcoe.at
  4. ↑ "Vienna after the war", The New York Times, 29 December 1918 (PDF)
  5. ↑ Wien nun zweitgrößte deutschsprachige Stadt | touch.ots.at
  6. ↑ (31 May 2013). Ergebnisse Zensus 2011. Statistische Ämter des Bundes und der Länder
  7. ↑ Historic Centre of Vienna. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
  8. ↑ Vienna – the City of Music – VIENNA – NOW OR NEVER. Wien.info
  9. ↑ BBC Documentary – Vienna – The City of Dreams
  10. ↑ Historic Centre of Vienna. UNESCO World Heritage Centre
  11. ↑ Mercer 2015 Quality of Living Rankings
  12. ↑ 2014 Quality of Living survey. mercer.com
  13. ↑ Mercer press release: Quality of Living global city rankings—2009
  14. ↑ Mercer Quality of LIfe Worldwide City Rankings, 2010 from resourceshelf.com
  15. ↑ (29 November 2011). Mercer's Survey 2011. Mercer
  16. ↑ Inocencio, Ramy. (4 December 2012). What city has world's best quality of life?. CNN
  17. ↑ Monocle. Quality of Live Survey 2015. MonocleMonocle's 2012 "Quality of Life Survey" ranked Vienna fourth on a list of the top 25 cities in the world "to make a base within" (up from sixth in 2011 and eighth in 2010)
  18. ↑ Quality of Life Survey 2012. Monocle
  19. ↑ Monocle's top 25 cities for 2011, on businessinsider.com
  20. ↑ Monocle's 2011 "Quality of LIfe" summary
  21. ↑ (15 June 2010). 08 Vienna. Monocle.com

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰৰাজধানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিয়েনা” প্ৰবন্ধৰ সংশোধন ৬১২৯৭০ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।