ভাৰতীয় চলচ্চিত্ৰ অভিনেতা
২৫ প্ৰবন্ধ
-
ৰাজেশ খান্না
ৰাজেশ খান্না আছিল বলিউডৰ হিন্দী চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতা,প্ৰযোজক আৰু পৰিচালক। তেওঁ কেইবাখনো হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল আৰু ৰাজনীতিতো প্ৰৱেশ কৰিছিল। তেওঁ ১৯৯১-৯৬ চনৰ পৰা পাঁচ বছৰৰ বাবে নতুন দিল্লী লোকসভা আসনৰ পৰা কংগ্ৰেছ দলৰ সাংসদ আছিল। পিছত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
-
ৰণবীৰ কাপুৰ
ৰণবীৰ কাপুৰ (, জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮২) মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১২ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে।
-
ৰাজকুমাৰ ৰাও
ৰাজকুমাৰ ৰাও (Rajkummar Rao) (জন্ম: ৰাজ কুমাৰ যাদৱ; ৩১ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনৰ পৰা বৰ্তমানলৈকে তেওঁ ৩০খনতকৈও অধিক ছবিত অভিনয় কৰিছে।
-
অক্ষয় খান্না
অক্ষয় খান্না (Akshaye Khanna; জন্ম: ২৮ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী ছবিত কাম কৰে। তেওঁ তেওঁৰ অভিনয়ৰ বহুমুখিতা আৰু শক্তিশালী চিত্ৰণৰ বাবে পৰিচিত। তেওঁ ফিল্মফেয়াৰ বঁটাকে ধৰি বহুতো বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে।
-
ওম পুৰী
ওম প্ৰকাশ পুৰী (Om Puri); ১৮ অক্টোবৰ ১৯৫০ – ৬ জানুৱাৰী ২০১৭) আছিল এজন ভাৰতীয় অভিনেতা যিয়ে মূলসুঁতিৰ বাণিজ্যিক হিন্দী ছবিৰ লগতে উৰ্দু, মালয়ালম, বাংলা, কানাড়া, ইংৰাজী, পাঞ্জাবী, গুজৰাটী, তেলেগু, আৰু মাৰাঠী ছবিৰ লগতে স্বতন্ত্ৰ আৰু কলাত্মক ছবিত অভিনয় কৰিছিল আৰু কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চিনেমাতো…
-
নানী (অভিনেতা)
ঘণ্টা নবীন বাবু (Ghanta Naveen Babu; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৮৪), পেছাদাৰীভাৱে তেওঁৰ পৰ্দা নাম নানীৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু টেলিভিছন উপস্থাপক। তেওঁ প্ৰধানকৈ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে।
-
আহান পাণ্ডে
আহান পাণ্ডে (Ahaan Panday; জন্ম ২৩ ডিচেম্বৰ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ চোহেইল খানৰ ফ্ৰিকি আলী আৰু শুজাত সৌদাগৰৰ সংগীতধৰ্মী কথাছবি ৰক অন ২-ত সহকাৰী পৰিচালক হিচাপে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰে, দুয়োখন ছবি ২০১৬ চনত মুক্তি পাইছিল।
-
টাইগাৰ শ্ৰফ
জয় হেমন্ত শ্ৰফ (জন্ম: ২ মাৰ্চ ১৯৯০), পেছাগতভাৱে টাইগাৰ শ্ৰফ (Tiger Shroff) নামেৰে পৰিচিত, মূলতঃ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ একচন ৰোমাঞ্চধৰ্মী ছবি হেৰোপন্তী (২০১৪)ত অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।
-
সিদ্ধাৰ্থ মালহোত্ৰা
সিদ্ধাৰ্থ মালহোত্ৰা (; জন্ম: ১৬ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ এগৰাকী ফেশ্বন মডেল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ মাই নেম ইজ খান (২০১০) ছবিখনত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল।
-
কুন্দনলাল চাইগল
কুন্দনলাল চাইগল (Kundan Lal Saigal) কুন্দনলাল চাইগল আছিল ভাৰতীয় চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতাআৰু পাৰ্শ্ব গায়ক। কুন্দন লাল চাইগল চমুকৈ কে এল চাইগলক হিন্দীচলচ্চিত্ৰ উদ্যোগৰ প্ৰথম চুপাৰষ্টাৰ হিচাপে হিচাপে গণ্য কৰা হৈছিল। সেই সময়ত কলিকতা আছিল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কেন্দ্ৰস্থল।
-
ডেনি ডেনজংপা
ডেনি ডেনজোংপা এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, গায়ক, চলচ্চিত্ৰ পৰিচালক আৰু এজন সফল ব্যৱসায়ী। তেওঁ মুখ্যতঃ বলীউডৰ চলচ্চিত্ৰত কাম কৰিছে যদিও কেইবাখনো নেপালী, তামিল, বাংলা আৰু তেলেগু চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ ১৯৭১ চনৰপৰা প্ৰায় ১৯০খন হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
বনি সেনগুপ্ত
বনি সেনগুপ্ত (Bonny Sengupta; জন্ম: ১০ আগষ্ট ১৯৯০; অনুপ্ৰিয় সেনগুপ্ত) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেতা আৰু ৰাজনীতিবিদ। তেওঁৰ প্ৰথম দুখন চলচ্চিত্ৰ, বৰবাদ আৰু পাৰব না আমি ছাড়তে তোকে, পৰিচালক ৰাজ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰিছিল।
-
বিজয় দেৱৰকোণ্ডা
দেৱৰকোণ্ডা বিজয় সাই (Deverakonda Vijay Sai; জন্ম: ৯ মে' ১৯৮৯), পেছাগতভাৱে বিজয় দেৱৰকোণ্ডা নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ প্ৰধানকৈ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে।
-
ৰণবীৰ সিং
ৰণবীৰ সিং জগজীৎ সিং ভৱনানী (Ranveer Singh Jugjeet Singh Bhavnani; জন্ম ৬ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা-সন্মান লাভ কৰিছে।
-
অশোক পাঠক
অশোক পাঠক (Ashok Pathak) এগৰাকী ভাৰতীয় অভিনেতা। পঞ্চায়ত নামৰ টিভি ধাৰাবাহিকখনত বিনোদৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। বিট্টু বছ নামৰ ছবিখনত অভিনয়েৰে তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।
-
আনন্দ দেৱৰকোণ্ডা
আনন্দ দেৱৰকোণ্ডা (Anand Deverakonda; জন্ম: ১৫ মাৰ্চ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ অভিনীত ছবিসমূহৰ ভিতৰত মিডল ক্লাছ মেল'ডিজ আৰুবেবী উল্লেখযোগ্য।
-
ঋষব শেট্টী
প্ৰশান্ত শ্বেট্টী (Prashanth Shetty; জন্ম: ৭ জুলাই ১৯৮৩), পেছাগতভাৱে ঋষব শেট্টী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজক যি প্ৰধানকৈ কানাড়া ভাষাৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰে। শ্বেট্টীয়ে টুগলাক (২০১২) নামৰ ছবিখনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
কাৰ্তিক আৰিয়ান
কাৰ্তিক আৰিয়ান (Kartik Aaryan) (জন্ম: কাৰ্তিক তিৱাৰী; ২২ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ইঞ্জিনিয়াৰিং পঢ়ি থকা সময়তেই তেওঁ লাভ ৰঞ্জন পৰিচালিত ছবি প্যাৰ কা পাঞ্চনামা (২০১১)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
গিৰীশ কুমাৰ
গিৰীশ কুমাৰ (Girish Kumar; জন্ম: ৩০ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ৰোমাণ্টিক কমেডীধৰ্মী ছবি ৰামাইয়া ৱাস্তাৱৈয়াত অভিনয়েৰে তেওঁ বলীউডত পদাৰ্পণ কৰে। ২০১৩ চনৰ ১৯ জুলাইত মুক্তি পোৱা এই ছবিখনত তেওঁ অভিনেত্ৰী, শ্ৰুতি হাছানৰ বিপৰীতে অভিনয় কৰিছিল।
-
বাহবিজ দোৰাবজী
বাহবিজ দোৰাবজী (ইংৰাজী: Vahbbiz Dorabjee) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল।
-
বিজয় ৰাজ
বিজয় ৰাজ (Vijay Raaz; জন্ম: ৫ জুন ১৯৬৩) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু কথক, যিয়ে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰে। ভোপাল এক্সপ্ৰেছ (১৯৯৯) নামৰ ছবি এখনত অভিনয়েৰে তেওঁ অভিষেক ঘটায় আৰু তাৰ পিছৰপৰা ৯০খনতকৈও অধিক ছবিত কাম কৰে।
-
সুমনা দাস
সুমনা দাস গোৰাদিয়া (ইংৰাজী: Sumana Das Goradia) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। বেত্তাব দিল কী তামান্না হেঁইত শামলীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ডিজনী চেনেলৰ কিয়া মাষ্ট হেঁ লাইফ, ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰে আদি ধাৰাবাহিকতো ৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে। সুমনা দাসৰ জন্ম হৈছিল অসমৰ ডিফুত।
-
ইব্ৰাহিম আলী খান (অভিনেতা)
ইব্ৰাহিম আলী খান পাটাউদী (Ibrahim Ali Khan Pataudi; জন্ম: ৫ মাৰ্চ ২০০১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ অভিনেতা ছাইফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ পুত্ৰ। ইব্ৰাহিমে শিশুকালতেই, তাছান (২০০৮) নামৰ ছবি এখনত প্ৰথম অভিনয় কৰিছিল।
-
কুনাল গোস্বামী
কুনাল গোস্বামী (Kunal Goswami) এগৰাকী ভাৰতীয় অভিনেতা আৰু ব্যৱসায়ী ব্যক্তিত্ব যিয়ে চলচ্চিত্ৰ আৰু টেলিভিছনত অভিনয় কৰিছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰ তাৰকা তথা প্ৰযোজক-পৰিচালক মনোজ কুমাৰৰ পুত্ৰ৷
-
সতীশ শ্বাহ
সতীশ ৰবিলাল শ্বাহ (Satish Ravilal Shah; ২৫ জুন ১৯৫১ – ২৫ অক্টোবৰ ২০২৫) এজন ভাৰতীয় অভিনেতা আছিল। জানে ভি দো ইয়াৰো (১৯৮৩), য়েহ জো হেয় জিন্দেগী (১৯৮৪), চাৰাভাই বনাম চাৰাভাই (২০০৪), মেইন হুন না (২০০৪), কল হো না হো (২০০৩), ফানা (২০০৬) আৰু ওম শান্তি ওম (২০০৭) আদি ছবিত কমিক চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ…