মুম্বাইৰ অভিনেতা
১২ প্ৰবন্ধ
-
ৰাজেশ খান্না
ৰাজেশ খান্না আছিল বলিউডৰ হিন্দী চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতা,প্ৰযোজক আৰু পৰিচালক। তেওঁ কেইবাখনো হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল আৰু ৰাজনীতিতো প্ৰৱেশ কৰিছিল। তেওঁ ১৯৯১-৯৬ চনৰ পৰা পাঁচ বছৰৰ বাবে নতুন দিল্লী লোকসভা আসনৰ পৰা কংগ্ৰেছ দলৰ সাংসদ আছিল। পিছত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
-
দেৱ আনন্দ
দেৱ আনন্দ ( Dev Anand; জন্ম: ধৰমদেৱ পিশোৰীমল আনন্দ ; ২৬ ছেপ্টেম্বৰ ১৯২৩ – ৩ ডিচেম্বৰ ২০১১) হিন্দী চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত এজন ভাৰতীয় অভিনেতা, লেখক, পৰিচালক আৰু প্ৰযোজক। আনন্দক ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু সফল অভিনেতা হিচাপে গণ্য কৰা হয়।
-
ৰণবীৰ কাপুৰ
ৰণবীৰ কাপুৰ (, জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮২) মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১২ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে।
-
অক্ষয় খান্না
অক্ষয় খান্না (Akshaye Khanna; জন্ম: ২৮ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী ছবিত কাম কৰে। তেওঁ তেওঁৰ অভিনয়ৰ বহুমুখিতা আৰু শক্তিশালী চিত্ৰণৰ বাবে পৰিচিত। তেওঁ ফিল্মফেয়াৰ বঁটাকে ধৰি বহুতো বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে।
-
প্ৰাণ (অভিনেতা)
প্ৰাণ কৃষণ ছিকন্দ আহলুৱালিয়া ( Pran Krisshan Sicannd Ahluwalia; ১২ ফেব্ৰুৱাৰী ১৯২০-১২ জুলাই ২০১৩) এজন ভাৰতীয় অভিনেতা, ভাৰতীয় চিনেমাৰ ইতিহাসত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ খলনায়ক হিচাপে পৰিচিত আৰু হিন্দী চলচ্চিত্ৰৰ চৰিত্ৰাভিনেতা হিচাপে পৰিচিত আছিল।
-
আহান পাণ্ডে
আহান পাণ্ডে (Ahaan Panday; জন্ম ২৩ ডিচেম্বৰ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ চোহেইল খানৰ ফ্ৰিকি আলী আৰু শুজাত সৌদাগৰৰ সংগীতধৰ্মী কথাছবি ৰক অন ২-ত সহকাৰী পৰিচালক হিচাপে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰে, দুয়োখন ছবি ২০১৬ চনত মুক্তি পাইছিল।
-
টাইগাৰ শ্ৰফ
জয় হেমন্ত শ্ৰফ (জন্ম: ২ মাৰ্চ ১৯৯০), পেছাগতভাৱে টাইগাৰ শ্ৰফ (Tiger Shroff) নামেৰে পৰিচিত, মূলতঃ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ একচন ৰোমাঞ্চধৰ্মী ছবি হেৰোপন্তী (২০১৪)ত অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।
-
বৰুণ ধৱন
বৰুণ ধৱন (; জন্ম: ২৪ এপ্ৰিল ১৯৮৭) মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১৪ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে।
-
ৰণবীৰ সিং
ৰণবীৰ সিং জগজীৎ সিং ভৱনানী (Ranveer Singh Jugjeet Singh Bhavnani; জন্ম ৬ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা-সন্মান লাভ কৰিছে।
-
কাৰ্তিক আৰিয়ান
কাৰ্তিক আৰিয়ান (Kartik Aaryan) (জন্ম: কাৰ্তিক তিৱাৰী; ২২ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ইঞ্জিনিয়াৰিং পঢ়ি থকা সময়তেই তেওঁ লাভ ৰঞ্জন পৰিচালিত ছবি প্যাৰ কা পাঞ্চনামা (২০১১)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
ইব্ৰাহিম আলী খান (অভিনেতা)
ইব্ৰাহিম আলী খান পাটাউদী (Ibrahim Ali Khan Pataudi; জন্ম: ৫ মাৰ্চ ২০০১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ অভিনেতা ছাইফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ পুত্ৰ। ইব্ৰাহিমে শিশুকালতেই, তাছান (২০০৮) নামৰ ছবি এখনত প্ৰথম অভিনয় কৰিছিল।
-
সতীশ শ্বাহ
সতীশ ৰবিলাল শ্বাহ (Satish Ravilal Shah; ২৫ জুন ১৯৫১ – ২৫ অক্টোবৰ ২০২৫) এজন ভাৰতীয় অভিনেতা আছিল। জানে ভি দো ইয়াৰো (১৯৮৩), য়েহ জো হেয় জিন্দেগী (১৯৮৪), চাৰাভাই বনাম চাৰাভাই (২০০৪), মেইন হুন না (২০০৪), কল হো না হো (২০০৩), ফানা (২০০৬) আৰু ওম শান্তি ওম (২০০৭) আদি ছবিত কমিক চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ…