দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
৬ প্ৰবন্ধ
-
ছাই পল্লৱী
ছাই পল্লৱী ছেন্থামাৰাই (Sai Pallavi Senthamarai; জন্ম: ৯ মে' ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেখেতে তেলুগু, তামিল, আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰিছে। "প্ৰেমম" আৰু "ফিডা" নামৰ ছবিত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেতে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
-
আনন্দ দেৱৰকোণ্ডা
আনন্দ দেৱৰকোণ্ডা (Anand Deverakonda; জন্ম: ১৫ মাৰ্চ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ অভিনীত ছবিসমূহৰ ভিতৰত মিডল ক্লাছ মেল'ডিজ আৰুবেবী উল্লেখযোগ্য।
-
ৰুক্মিণী বসন্ত
ৰুক্মিণী বসন্ত (Rukmini Vasanth; জন্ম: ১০ ডিচেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত কাম কৰে। বীৰবল ট্ৰাইলজী কেছ ১: ফাইণ্ডিং বজ্ৰমুনি (২০১৯) নামৰ ছবিখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰত অভিষেক ঘটায়।
-
মংলী
সত্যৱতী চৌহান, মংলী নামেৰে জনাজাত, এগৰাকী ভাৰতীয় গায়িকা আৰু টেলিভিছনৰ উপস্থাপিকা। তেওঁ মূলতঃ তেলুগু ভাষাৰ গান গায় আৰু তেওঁ সাংস্কৃতিক গীতৰ বাবে পৰিচিত। তেওঁ ছিমা বঁটা আৰু আইআইএফএ উৎসৱ বঁটা লাভ কৰিছে। তেওঁ তেলুগুৰ উপৰিও বঞ্জাৰা, কন্নড়, তামিল আৰু হিন্দী ভাষাত গীত গায়।
-
মধু প্ৰিয়া
পেদ্দিন্তি মধু প্ৰিয়া (Madhu Priya) এগৰাকী ভাৰতীয় তেলেগু নেপথ্য গায়িকা। তেলেগু টেলিভিছনত তেওঁ আদাপিল্লানাম্মা নেনু আদাপিলানানী শীৰ্ষক লোকসংগীতটিৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল। তেওঁ তেলেগু ৰিয়েলিটি টিভি শ্ব' বিগ বছ এগৰাকী অংশগ্ৰহণকাৰী আছিল আৰু তেওঁক ১৩ সংখ্যক দিনত বহিষ্কাৰ কৰা হৈছিল।
-
সপ্তমী গৌড়া
সপ্তমী গৌড়া (Sapthami Gowda; জন্ম: ৮ জুন ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত কাম কৰে। ২০২০ চনত তেওঁ দুনিয়া সূৰীৰ পৰিচালনাত নিৰ্মিত পপকৰ্ণ মাংকি টাইগাৰ ছবিত অভিনয়েৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।