অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কৰাচী

কৰাচী ( / ALA-LC: Karācī ) পাকিস্তানৰ সৰ্ববৃহৎ তথা আটাইতকৈ জনবহুল চহৰ আৰু সিন্ধু প্ৰদেশৰ ৰাজধানী। তদুপৰি কৰাচী পৃথিৱীৰ ভিতৰতে ষষ্ঠ জনবহুল চহৰ। এই চহৰখন পাকিস্তানৰ মূল সাগৰীয় বন্দৰ আৰু বাণিজ্য কেন্দ্ৰ। এই চহৰৰ সদাব্যস্ত নিশাৰ জীৱনৰ বাবে কৰাচীক City of Lights বুলিও আখ্যা দিয়া হয়।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৬ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কৰাচী ( / ALA-LC: Karācī ) পাকিস্তানৰ সৰ্ববৃহৎ তথা আটাইতকৈ জনবহুল চহৰ আৰু সিন্ধু প্ৰদেশৰ ৰাজধানী। তদুপৰি কৰাচী পৃথিৱীৰ ভিতৰতে ষষ্ঠ জনবহুল চহৰ।১ এই চহৰখন পাকিস্তানৰ মূল সাগৰীয় বন্দৰ আৰু বাণিজ্য কেন্দ্ৰ। এই চহৰৰ সদাব্যস্ত নিশাৰ জীৱনৰ বাবে কৰাচীক City of Lights বুলিও আখ্যা দিয়া হয়। কৰাচীৰ নগৰীয়া অঞ্চলৰ জনসংখ্যা ২০১৩ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ২৩.৫ মিলিয়ন আৰু মাটিকালি ৩৫২৭ বৰ্গ কিলোমিটাৰ২৩। এই চহৰৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬০০০ জন। ৪

কৰাচী বিশ্বৰ সপ্তম সৰ্ববৃহৎ চহৰ৫ আৰু মুছলমান লোকৰ বসতিপূৰ্ণ সৰ্ববৃহৎ চহৰ।৬ এই চহৰখন পাকিস্তানৰ বেংকিং, উদ্যোগ, বেহা-বেপাৰ আদি সকলো অৰ্থনৈতিক কাৰ্য্যৰ কেন্দ্ৰ। এই চহৰতে পাকিস্তানৰ প্ৰভাৱশালী উদ্যোগসমূহ অৱস্থিত। তদুপৰি এই চহৰখন দক্ষিণ এছিয়াৰ উচ্চশিক্ষাৰো এক কেন্দ্ৰস্থানৰূপে পৰিগণিত হৈছে।৭

কৰাচীক বিটা ৱৰ্ল্ড চহৰ ৰূপেও গণ্য কৰা হয়।৮৯ ইছলামাবাদৰ পূৰ্বেই এই চহৰ পাকিস্তানৰ ৰাজধানী আছিল।১০ এই দেশৰ সৰ্ববৃহৎ বন্দৰ কৰাচী বন্দৰ (Port of Karachi) আৰু বিন কাছিম বন্দৰ (Port Bin Qasim) ইয়াতে অৱস্থিত।১১

এই মহানগৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত। ২০০৯ চনত কৰাচীৰ মুঠ ঘৰুৱা উৎপাদন (GDP) প্ৰায় ৭৮ বিলিয়ন ডলাৰ হৈছিল আৰু ২০২৫ চনলৈ ই ১৯৩ বিলিয়ন দলাৰলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।১২

তথ্যসূত্ৰ

  1. ↑ Largest cities and their mayors in 2011. City Mayors
  2. ↑ About Karachi. Karachi Chamber of Commerce and Industry
  3. ↑ Karachi > Gallery. UN-Habitat
  4. ↑ (2 April 2012). Sindh population surges by 81.5 pc, households by 83.9 pc. Thenews.com.pk
  5. ↑ demographia.com/db-worldua.pdf
  6. ↑ World Urbanization Prospects, 2009 revision (online data)
  7. ↑ Pakistan City Karachi Online Information. Pakistancity.org
  8. ↑ (3 June 2009). GaWC – The World According to GaWC 2008. Lboro.ac.uk
  9. ↑ GAWC World Cities Ranking List. Diserio.com
  10. ↑ Dragons and Tigers: A Geography of South, East, and Southeast Asia. John Wiley & Sons
  11. ↑ Port Qasim | About Karachi. Port Qasim Authority
  12. ↑ Global city GDP rankings 2008-2025. PricewaterhouseCoopers

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰাচী” প্ৰবন্ধৰ সংশোধন ৬০৩৩১৬ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।