অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সনজীদা খাতুন

সনজীদা খাতুন (Sanjida Khatun, জন্ম: ৪ এপ্ৰিল ১৯৩৩) এগৰাকী ৰবীন্দ্ৰ সংগীত শিল্পী, লেখক, গৱেষক, সংগঠক, সংগীতজ্ঞ, শিক্ষক তথা বাংলাদেশৰ সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম ব্যক্তিত্ব। তেওঁ বাংলাদেশৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক প্ৰতিষ্ঠান 'ছায়ানট'ৰ প্ৰতিষ্ঠাপক সদস্য আৰু বৰ্তমান অধ্যক্ষ।

হালনাগাদ: ২৫ মাৰ্চ ২০২৫ ৩৮৩ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সনজীদা খাতুন (Sanjida Khatun, জন্ম: ৪ এপ্ৰিল ১৯৩৩)১ এগৰাকী ৰবীন্দ্ৰ সংগীত শিল্পী, লেখক, গৱেষক, সংগঠক, সংগীতজ্ঞ, শিক্ষক তথা বাংলাদেশৰ সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম ব্যক্তিত্ব। তেওঁ বাংলাদেশৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক প্ৰতিষ্ঠান 'ছায়ানট'ৰ প্ৰতিষ্ঠাপক সদস্য আৰু বৰ্তমান অধ্যক্ষ।২ তেওঁ ৰাষ্ট্ৰীয় ৰবীন্দ্ৰ সংগীত সম্মিলন সমিতিৰ এজন প্ৰতিষ্ঠাপক সদস্য। ইয়াৰ লগতে তেওঁ শিশু শিক্ষা প্ৰতিষ্ঠান নালন্দাৰ সভাপতি। ১৯৯১ চনত তেওঁক বাংলাদেশ চৰকাৰে একুশে পদক প্ৰদান কৰিছিল। ১৯৯৮ চনত তেওঁ বাংলা একাডেমী সাহিত্য পুৰস্কাৰ লাভ কৰিছিল। ২০২১ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক কলা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৩৪

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৩৩ চনৰ ৪ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতত সনজীদা খাতুনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ড° কাজী মোতাহাৰ হুছেইন এজন বিখ্যাত পণ্ডিত আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় অধ্যাপক আছিল। সনজীদা খাতুন বাংলাদেশৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ আৰু সংগীতজ্ঞ। তেওঁ কাজী আনোৱাৰ হুছেইনৰ ভগ্নী আৰু ৰবীন্দ্ৰ সংগীত বিশেষজ্ঞ ৱাহিদুল হকৰ পত্নী।

তেওঁ ১৯৫৪ চনত বাংলা ভাষা আৰু সাহিত্যত সন্মানসহ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৫৫ চনত ভাৰতৰ শান্তিনিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। পিছত তেওঁ ১৯৭৮ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে।৫

কৰ্মজীৱন

সনজীদা খাতুনে শিক্ষকতাৰ জৰিয়তে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। শান্তিনিকেতনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ বাংলা ভাষা আৰু সাহিত্য বিভাগৰ অধ্যাপক পদত যোগদান কৰিছিল। দীৰ্ঘ দিন ধৰি শিক্ষকতা কৰাৰ পিছত তেওঁ বিশ্ববিদ্যালয়ৰ শিক্ষাদানৰ পৰা অৱসৰ গ্ৰহণ কৰে।৬ ১৯৭১ চনত মুক্তি যুদ্ধৰ সময়ত খাতুনে বাংলাদেশ মুক্তি সংগ্ৰামী শিল্পী সংস্থা আৰু ১৯৬০দশকৰ আৰম্ভণিতে ছায়ানট অন্যতম প্ৰতিষ্ঠাতা আছিল।৭৮৯ বৰ্তমান তেওঁ ছায়ানটৰ অধ্যক্ষ পদত অধিষ্ঠিত। তেওঁ ৰাষ্ট্ৰীয় ৰবীন্দ্ৰ সংগীত সম্মিলন সমিতিৰ এজন প্ৰতিষ্ঠাপক সদস্য। ইয়াৰ লগতে তেওঁ শিশু শিক্ষা প্ৰতিষ্ঠান নালন্দাৰ সভাপতি।১০

ব্যক্তিগত জীৱন

সনজীদা খাতুন ৰবীন্দ্ৰ সংগীত বিশেষজ্ঞ ৱাহিদুল হকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ তিনি সন্তান ক্ৰমে আপালা ফাৰহাট নাৱেদ, পাৰ্থ তনবীৰ নাৱেদ, ৰুচিৰা তবচ্ছুম নাৱেদ।

বঁটা আৰু সন্মান

সনজীদা খাতুনে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। 'নজৰুল মানস' কিতাপখনৰ বাবে ১৯৮৮ চনত ব্ৰাক বেংক-সমকাল শিক্ষা পুৰস্কাৰ লাভ কৰিছিল। ১৯৯১ চনত তেওঁক বাংলাদেশ চৰকাৰে একুশে পদক প্ৰদান কৰিছিল। ১৯৯৮ চনত তেওঁ বাংলা একাডেমী সাহিত্য পুৰস্কাৰ লাভ কৰিছিল। ২০১০ চনত তেওঁ ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ লাভ কৰিছিল।১০ একে বছৰে তেওঁ পঞ্চম চিটিচেল চেনেল সংগীত বঁটা অনুষ্ঠানত তেওঁক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।১১ ২০১২ চনত তেওঁ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ সন্মান ' দেশিকোত্তম পুৰস্কাৰ' লাভ কৰে।৭ তদুপৰি কলকাতাৰ ঠাকুৰ গৱেষণা প্ৰতিষ্ঠানে তেওঁক ২০১৯ চনত তেওঁৰ 'ৰবীন্দ্ৰ তত্ত্বচাৰ্য' উপাধি প্ৰদান কৰিছিল। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী প্ৰদান কৰে।১২

উল্লেখযোগ্য গ্ৰন্থ

তেওঁ মুঠ ১৬খন গ্ৰন্থ ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্যসমূহ হৈছে:

  • 'কবি সত্যেন্দ্ৰনাথ দত্ত'
  • 'ৰবীন্দ্ৰসঙ্গীতেৰ ভাবসম্পদ'
  • 'ধ্বনি থেকে কবিতা'
  • 'অতীত দিনেৰ স্মৃতি'
  • 'ৰবীন্দ্ৰনাথ: বিবিধ সন্ধান'
  • 'ধ্বনিৰ কথা আবৃত্তিৰ কথা'
  • 'স্বাধীনতাৰ অভিযাত্ৰা'
  • 'সাহিত্য কথা সংস্কৃতি কথা'
  • 'জননী জন্মভূমি'
  • 'ৰবীন্দ্ৰনাথ এবং ৰবীন্দ্ৰনাথ'

তথ্যসূত্ৰ

  1. ↑ Zahid Reza Noor. (4 April 2015). Sanjida Khatun turns 83. Prothom Alo
  2. ↑ (7 April 2013). Deshikottom Dr. Sanjida Khatun's birthday celebrated at Chhayanaut. The Daily Star
  3. ↑ Padma Awards 2021 announced. Ministry of Home Affairs
  4. ↑ (25 January 2021). Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ Dr. Sanjida Khatun receives Lifetime Achievement award. Bangla Music
  6. ↑ (21 March 2011). Nurturing Bengali Cultural Nationalism. The Daily Star
  7. ↑ (29 April 2012). Sanjida Khatun receives Deshikottoma award. The Daily Star
  8. ↑ Fahima Ferdous. (31 January 2014). A cornerstone of a cultural lighthouse. The Daily Star
  9. ↑ Wall, Nick. (28 August 2018). Around the World in 575 Songs: Asia & Oceania: Traditional Music from all the World's Countries -. Politically Correct Press. ISBN 9781999631451
  10. ↑ (7 May 2010). Kalim Sharafi and Dr. Sanjida Khatun to receive Rabindra Award 2010. The Daily Star
  11. ↑ Zahangir Alom. (14 January 2010). Dr. Sanjida Khatun honoured with lifetime achievement award
  12. ↑ 2 bangladeshis get indias padma award. United News of Bangladesh

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সনজীদা খাতুন” প্ৰবন্ধৰ সংশোধন ৪৯৭১৮৯ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।