অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাকেশ শৰ্মা

ৰাকেশ শৰ্মা (জন্ম ১৩ জানুৱাৰী, ১৯৪৯) ভাৰতীয় বায়ু সেনাৰ এজন প্ৰাক্তন ব্যৱহাৰিক বৈমানিক। ১৯৮২ চনত তেওঁক ৰাছিয়াৰ মহাকাশ অভিযানত অৰ্ন্তভূক্ত কৰে আৰু ১৯৮৪ চনৰ ২ এপ্ৰিলত চয়ুজ টী-১১ মহাকাযানৰ জৰিয়তে আৰু দুজন মহাকাশচাৰীৰ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় হিচাবে গৌৰৱ অৰ্জন কৰে।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৬ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰাকেশ শৰ্মা (জন্ম ১৩ জানুৱাৰী, ১৯৪৯) ভাৰতীয় বায়ু সেনাৰ এজন প্ৰাক্তন ব্যৱহাৰিক বৈমানিক। ১৯৮২ চনত তেওঁক ৰাছিয়াৰ মহাকাশ অভিযানত অৰ্ন্তভূক্ত কৰে আৰু ১৯৮৪ চনৰ ২ এপ্ৰিলত চয়ুজ টী-১১ মহাকাযানৰ জৰিয়তে আৰু দুজন মহাকাশচাৰীৰ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় হিচাবে গৌৰৱ অৰ্জন কৰে। ১২

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

১৯৪৯ চনৰ ১৩ জানুৱাৰীত পাটিলায়াত ৰাকেশ শৰ্মাৰ জন্ম হৈছিল। ১৯৬৬ চনত তেওঁ আই,এ,এফ কেডাৰ ৰূপে যোগদান কৰিছিল আৰু পিছলৈ ১৯৭০ চনত ভাৰতীয় বায়ু বাহিনী ত এজন বৈমানিক হিচাবে যোগদান কৰে। ১৯৭১ চনত হোৱা ভাৰত-পাকিস্থানৰ যুদ্ধত তেওঁ এজন বৈমানিক হিচাবে যুঁজাৰু মিগ শ্ৰেণীৰ বিমান সফলতাৰে উৰুৱাইছিল। ১৯৮৪ চনত তেওঁ স্কুৱাডন লীডাৰ হিচাবে স্বীকিতি পায়। তেওঁৰ উৰণশৈলী লাহে লাহে সকলোৰে জ্ঞাত হ'বলৈ ধৰে আৰু তেতিয়াই ISRO আৰু Soviet Intercosmos space program ৰ মহাকাশ অভিযানবোৰত ব্যৱহাৰিক বৈমানিক ৰূপে অৰ্ন্তভূক্ত কৰে।

কৃতিত্ব

স্কুৱাডন লীডাৰ ৰাকেশ শৰ্মা মুখ্যত এজন ব্যৱহাৰিক বৈমানিক আছিল। ১৯৮২ চনত তেওঁ ৰাছিয়াৰ মহাকাশ অভিযানত অৰ্ন্তভূক্ত কৰে আৰু ১৯৮৪ চনৰ ২ এপ্ৰিলত চয়ুজ ট-১১ মহাকাযানৰ জৰিয়তে আৰু দুজন মহাকাশচাৰীৰ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় হিচাবে গৌৰৱ অৰ্জন কৰে। মহাকাশত তেওঁৰ প্ৰধান কাম আছিল জৈৱ-দৰৱ(bio medicine) আৰু remote sensing। ৰাকেশ শৰ্মা মহাকাশলৈ যোৱাৰ লগে লগে ভাৰতেও অন্য এক এক কৃতিত্ব লাভ কৰে, মহাকাশলৈ মানুহ পঠিওৱা ১৪ সংখ্যক দেশ হিচাবে। এইটো সফলতাৰ কাৰনে ভাৰত চৰকৰে ৰাকেশ শৰ্মাক অশোক চক্ৰ সন্মান প্ৰদান কৰে। ইয়াৰ সামন্তৰালকৈ Malyshev আৰু Strekalov লৈও এই সন্মান আগবঢ়োৱা হয় আৰু ইয়াৰ লগে লগে প্ৰথম বাৰৰ বাবে আৰু অন্তিম বাৰৰ বাবে ভাৰতীয় ইতিহাসত দুজন বিদেশীক এই বিৰল সন্মান যঁচা হয়।৩ পিছলৈ ৰাকেশ শৰ্মাই HAL বিমান কেন্দ্ৰত ব্যৱহাৰিক বৈমানিক হিচাবে যোগদান কৰে। তাত তেওঁৰ প্ৰধান কাম আছিল ওঝাৰ কাৰখানাৰ পৰা তৈয়াৰ কৰা যুঁজাৰু বিমান সমূহৰ উৰণৰ পূৰ্বে অন্তিম পৰীক্ষা কৰি স্বীকিতি দিয়া(testing officer)। শেষত ৱিং কামাণ্ডাৰ হিচাবে তেওঁ অৱসৰ গ্ৰহন কৰে। ৪অৱসৰৰ পাছত ১৯৮৭ চনত তেওঁ HAL যোগদান কৰে আৰু ১৯৯২ চনত মুখ্য ব্যৱহাৰিক বৈমানিক হিচাবে HAL ৰ নাশিক শাখাত যোগদান কৰে আৰু অন্তিম পৰ্য্যায়ত HAL ৰ বাংগালোৰো শাখাত যোগদান কৰি ২০১৩ চনত সকলোধৰনৰ পদবীৰ পৰা অৱসৰ গ্ৰহণ কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Cosmonaut Biography: Rakesh Sharma. Spacefacts.de
  2. ↑ Rakesh Sharma. Mapsofindia.com
  3. ↑ www.spacefacts.de/bios/international/english/sha
  4. ↑ www.mapsofindia.com/who-is-who/miscellaneous/rak

সম্পৰ্কিত শ্ৰেণী

মহাকাশচাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাকেশ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬০০৬৪১ (১৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।