উল্লেখযোগ্য ঘটনাৱলী
- ১৯৫৮ - ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'ল'জি, বোম্বাই ( মোম্বাই) উদ্বোধন হয়।
- ১৯৭৭ - ভাৰতৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ‘‘বাছাপ্পা দানাপ্পা জাত্তি’’ৰ কাৰ্যকাল অন্ত পৰিছিল। আজি ভাৰতবৰ্ষৰ আন কেইজনমান ৰাষ্ট্ৰপতিৰো কাৰ্যকালৰ উল্লেখযোগ্য দিন। তেখেতলোকৰ কাৰ্যকাল আৰম্ভ আৰু সামৰণি আজিৰ তাৰিখতে হৈছিল। তেখেতলোক হ’ল:
- ১৯৭৭-১৯৮২ - নীলম সঞ্জীৱ ৰেড্ডী
- ১৯৮২-১৯৮৭ - জেইল সিং
- ১৯৮৭-১৯৯২ - আৰ ভেঙ্কটৰমন
- ১৯৯২-১৯৯৭ - শঙ্কৰ দয়াল শৰ্মা
- ১৯৯৭-২০০২ - কে আৰ নাৰায়ণন
- ২০০২-২০০৭ - এ পি জে আব্দুল কালাম
- ২০০৭-২০১২ - প্ৰতিভা পাটিল
- ২০১২-২০১৭ - প্ৰণব মুখাৰ্জী
- ২০১৭-২০২২ - ৰাম নাথ কোৱিন্দ
- ২০২২ - দ্ৰৌপদী মূৰ্মু, বৰ্তমানৰ ৰাষ্ট্ৰপতি, কাৰ্যকাল আৰম্ভ হৈ চলি আছে।
- ১৯৮৭ - ৰাজীৱ গান্ধীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যকাল আৰম্ভণি হয়।
- ২০০৯ - মাইক্ৰ'ছ'ফটৰ অধ্যক্ষ বিল গেট্ছলৈ ইন্দিৰা গান্ধী শান্তি পুৰস্কাৰ আগবঢ়োৱা হয়।
- ২০১২ - হেছাম কান্দিল ইজিপ্তৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়।
জন্ম
- ১৮৭৫ - বিখ্যাত ইংৰাজ চিকাৰী জিম কৰবেট, লগতে লেখক আৰু প্ৰকৃতিবিদ।
- ১৯২০ - ৰ'জেলিণ্ড ফ্ৰেংকলিন, ব্ৰিটিছ ৰসায়ন বিজ্ঞানী আৰু এক্স ৰে'-ক্ৰিষ্টেল'গ্ৰাফাৰ (ইংঃ X-ray crystallographer)। (মৃঃ ১৯৫৮)
- ১৯২৯ - সোমনাথ চেটাৰ্জি, ৰাজনেতা, চতুৰ্দশ লোকসভাৰ অধ্য়ক্ষ।
- ১৯৮৭ - লুইজ জয় ব্ৰাউন, বিশ্বৰ প্ৰথম টে'ষ্ট টিউব শিশু।
মৃত্যু
- ১৮৩৪ - ছেমুয়েল টেইলৰ ক'লাৰিজ ব্ৰিটিছ ৰোমাণ্টিক কবি।
- ১৯৯১ - নিপ বৰুৱা, বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক। স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)ৰ যোগেদি অসমীয়া বোলছবি জগতত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা বৰুৱাৰ উল্লেখযোগ্য আন কেইখনমান চলচ্চিত্ৰ হ’ল আজলী নবৌ, ককাদেউতা নাতি আৰু হাতী, এণ্টনি মোৰ নাম, বৰুৱাৰ সংসাৰ আদি।
- ২০০১ - দস্যু ৰাণী ফুলন দেৱী, দস্যু তথা পৰৱৰ্তী পৰ্যায়ৰ লোকসভাৰ এগৰাকী সাংসদ।
- ২০০৬ - পদুম বৰুৱা, অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক। তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন হৈছে গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)। ১৯৭৬ চনত এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৫ জুলাই” প্ৰবন্ধৰ সংশোধন ৩২৮৮৪৪ (২৫ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।