অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৭ এপ্ৰিল

১৯৫৩ - কম্বোডিয়াই ফৰাচীসকলৰপৰা স্বাধীনতা লাভ কৰে। ১৯৬১ - কিউবাত বে অৱ পিগছ অভিযান আৰম্ভ হৈছিল। ১৯৬৪ - ফ’ৰ্ড মুষ্টেং (Ford Mustang) গাড়ী মুকলি কৰা হৈছিল। ১৯৭০ - চন্দ্ৰ অভিযানৰ সময়ত এক জটিল বিফলতাৰ সন্মুখীন হৈ এপ’ল’ ১৩ মহাকাশযানখনে নিৰাপদে পৃথিৱীলৈ উভতি আহিছিল।

হালনাগাদ: ১৭ এপ্ৰিল ২০২৬ ৩৫৮ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৫৩ - কম্বোডিয়াই ফৰাচীসকলৰপৰা স্বাধীনতা লাভ কৰে।
  • ১৯৬১ - কিউবাত বে অৱ পিগছ অভিযান আৰম্ভ হৈছিল।
  • ১৯৬৪ - ফ’ৰ্ড মুষ্টেং (Ford Mustang) গাড়ী মুকলি কৰা হৈছিল।
  • ১৯৭০ - চন্দ্ৰ অভিযানৰ সময়ত এক জটিল বিফলতাৰ সন্মুখীন হৈ এপ’ল’ ১৩ মহাকাশযানখনে নিৰাপদে পৃথিৱীলৈ উভতি আহিছিল।
  • ১৯৮৩ - ভাৰতে এছ এল ভি-৩ ৰকেট উৎক্ষেপণ কৰে, যিটো মহাকাশ অন্বেষণৰ প্ৰচেষ্টাৰ এক উল্লেখযোগ্য পদক্ষেপ।
  • ২০০৮ – ভাৰত আৰু ব্ৰাজিলৰ মাজত চাৰিটা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়।

জন্ম

  • ১৮০৬ - মণিৰাম দেৱান, ঊনৈছ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। (মৃত্যু:১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী)
  • ১৯০০ – বিনোদানন্দ ঝা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ। তেওঁ আছিল বিহাৰৰ প্ৰাক্তন তৃতীয় মুখ্যমন্ত্ৰী।
  • ১৯১২ – তাকাজী শিৱশংকৰ পিল্লাই, জ্ঞানপীঠ বঁটা,পদ্ম ভূষণ আৰু সাহিত্য অকাডেমী বঁটা বিজয়ী এজন বিখ্যাত সাহিত্যিক। তেওঁক মালয়ালম ভাষাৰ আগশাৰীৰ সাহিত্যিকসকলৰ ভিতৰত গণ্য কৰা হয়।
  • ১৯২৭ - চন্দ্ৰ শেখৰ সিং, ভাৰতীয় ৰাজনীতবিদ তথা অষ্টম প্ৰধান মন্ত্ৰী।
  • ১৯৬৬ - বিক্ৰম, প্ৰকৃত নাম কেণ্ডি জন ভিক্টৰ, দক্ষিণ ভাৰতীয় অভিনেতা আৰু গায়ক।
  • ১৯৭২ - মুত্তিয়া মুৰলিধৰণ, শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ।
  • ১৯৭৯ - সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ, তামিল ভাষা, তেলুগু, হিন্দী ভাষা আৰু মালয়ালম ভাষা চলচ্চিত্ৰৰ অভিনেতা।
  • ১৯৯০ - বেনো জেফিন, ভাৰতৰ প্ৰথমগৰাকী সম্পূৰ্ণ অন্ধ আই এফ এছ (IFS)বিষয়া।

মৃত্যু

  • ১৭৯০ - বেঞ্জামিন ফ্ৰেংকলিন, আমেৰিকাৰ লেখক, চিত্ৰশিল্পী, ৰাজনীতিবিদ, বিজ্ঞানী, সঙ্গীতজ্ঞ, উদ্ভাৱক, ৰাষ্ট্ৰপ্ৰধান, কৌতুকবিদ, গণআন্দোলনকাৰী আৰু কূটনীতিবিদ।
  • ১৯৭৫ - ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেখেত স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ১৯৬২ চনৰপৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছিল। (জন্ম: ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্টেম্বৰ)
  • ২০০৪ - কে এছ সৌম্যা, ভাৰতীয় অভিনেত্ৰী।
  • ২০১১ - ব্ৰিগেডিয়াৰ ভৱানী সিং, জয়পুৰৰ মহাৰাজ আছিল। ১৯৭১ চনত বাংলাদেশ যুদ্ধত ভাৰত-পাক যুদ্ধত তেওঁৰ বীৰত্বৰ বাবে ১৯৭২ চনত ‘মহাবীৰ চক্ৰ’ৰে সন্মানিত হৈছিল।
  • ২০১২ - নিত্যানন্দ মহাপাত্ৰ, এজন ভাৰতীয় ওডিয়া ৰাজনীতিবিদ, কবি আৰু সাংবাদিক। তেওঁৰ আন আন অনুবাদিত গ্ৰন্থসমূহৰ ভিতৰত “ৰমনা মহৰ্ষি” আৰু “স্বৰাজ্য সংহীতা” অন্যতম।
  • ২০১৩ - ভি. এছ. ৰমাদেৱী, ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য নিৰ্বাচন আয়ুক্ত।
  • ২০১৪ - গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
  • ২০২৬ - যতীন মালী,অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী।

দিৱস

  • বিশ্ব হিমোফিলিয়া দিৱস। হিমোফিলিয়া হ'ল একধৰণৰ বিলম্বিত ৰক্তক্ষৰণজনিত ৰোগ।
  • আন্তঃৰাষ্ট্ৰীয় হাইকু কবিতা দিৱস। হাইকু হৈছে জাপানী কবিতাৰ এক পৰম্পৰাগত ৰূপ যাৰ সৰলতা আৰু সংক্ষিপ্ততা।
  • মালবে'ক ৱৰ্ল্ড ডে। মালবে'ক ৱৰ্ল্ড ডে ত মালবে'ক আঙুৰৰ বিভিন্ন প্ৰজাতি উদ্‌যাপন কৰে, যি প্ৰধানঃ আৰ্জেণ্টিনাৰ সৈতে জড়িত।

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৭ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৬০০৮৬৫ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।