অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ

গাব্ৰিয়েল হজে ডি লা কনকৰ্ডিয়া (Gabriel José de la Concordia) গাৰ্চিয়া মাৰ্কেছ (; (৬ মাৰ্চ ১৯২৭ - ১৭ এপ্ৰিল ২০১৪) এগৰাকী কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী আছিল। লেটিন আমেৰিকাৰ দেশসমূহত আদৰত তেখেতক গাব নামে জনা যায়।

হালনাগাদ: ২২ জুন ২০২৬ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

গাব্ৰিয়েল হজে ডি লা কনকৰ্ডিয়া (Gabriel José de la Concordia) গাৰ্চিয়া মাৰ্কেছ (; (৬ মাৰ্চ ১৯২৭ - ১৭ এপ্ৰিল ২০১৪) এগৰাকী কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী আছিল। লেটিন আমেৰিকাৰ দেশসমূহত আদৰত তেখেতক গাব নামে জনা যায়। বিংশ শতিকাৰ এজন উল্লেখযোগ্য লিখক হিচাবে পৰিগণিত মাৰ্কেছক ১৯৭২ চনৰ Neustadt International Prize for Literature আৰু ১৯৮২ চনৰ সাহিত্যৰ ন'বেল পুৰস্কাৰ প্ৰদান কৰা হয়। স্ব নিৰ্দেশিত (self-directed) শিক্ষা গ্ৰহণকাৰী মাৰ্কেছে আইন শিক্ষা এৰি সাংবাদিকতাৰ পেচা গ্ৰহণ কৰে। প্ৰথমৰ পৰাই তেখেতে কলম্বিয়াৰ আৰু বিদেশী ৰাজনীতিৰ নিৰ্ভিক সমালোচক আছিল। ১৯৫৮ চনত তেওঁ মাৰ্চিডিজ বাৰ্চাক (Mercedes Barcha) বিয়া কৰায়; তেওঁলোকৰ সন্তান দুজন হৈছে ৰ'ড্ৰিগ' গাৰ্চিয়া (নিৰ্দেশক) (Rodrigo García (director)) আৰু গঞ্জাল' (Gonzalo)১

সংবাদসেৱী হিচাবে আত্মপ্ৰকাশ কৰা মাৰ্কেছে অনেক বিখ্যাত অ-কাল্পনিক সাহিত্যকৰ্ম আৰু চুটিগল্প ৰচনা কৰিছে যদিও তেখেত সাধাৰণতে তেখেতৰ উপন্যাস যেনে One Hundred Years of Solitude (১৯৬৭), Autumn of the Patriarch (১৯৭৫) আৰু Love in the Time of Cholera (১৯৮৫) আদিৰ বাবেহে বেছিকৈ জনাজাত। তেখেতৰ কৰ্মৰাজী অত্যন্ত উচ্চপ্ৰশংসিত আৰু ব্যাবসায়িকভাবেও সফল। তেখেতে বিশেষকৈ "যাদুকৰী বাস্তবতা" (magic realism) নামেৰে এক ৰচনাশৈলী জনপ্ৰিয় কৰি তোলে য'ত যাদুকৰী তত্ত্ব আৰু দৈনন্দিন জীৱন আৰু বাস্তবতাৰ সমাহাৰ দেখা যায়। তেখেতৰ কিছুমান লিখনী মাক'ণ্ড (Macondo) নামৰ এখন কাল্পনিক গাঁৱৰ পটভূমিত ৰচিত (তেখেতৰ জন্মস্থান আৰাকাটাকাৰ (Aracataca) আধাৰত) আৰু বেছিভাগেই "একান্ততা"ৰ ধাৰা (theme of solitude) অনুসৰণ কৰে।

তথ্যসূত্ৰ

  1. ↑ Author Gabriel Garcia Marquez dies, BBC News, 17 April 2014

সম্পৰ্কিত শ্ৰেণী

কলম্বিয়াৰ ব্যক্তিসাহিত্যিকসাহিত্যৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ” প্ৰবন্ধৰ সংশোধন ৬১৩৮০৯ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।