কে এছ সৌম্যা (K. S. Sowmya; (১৮ জুলাই ১৯৭২ – ১৭ এপ্ৰিল ২০০৪), সৌন্দৰ্যা নামেৰে পৰিচিত ভাৰতীয় অভিনেত্ৰীগৰাকী তেলেগু চলচ্চিত্ৰৰ উপৰিও কন্নড় আৰু তামিল চলচ্চিত্ৰতো অভিনয় কৰিছিল।১ তেওঁ ২০০২ চনত কন্নড় চলচ্চিত্ৰ “দ্বিপা”ৰ প্ৰযোজকৰ শ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ইয়াৰোপৰি তেওঁ নন্দী বঁটা, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে দুটা কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু কেইবাখনো চলচ্চিত্ৰত তেওঁৰ অভিনয়ৰ বাবে ফিল্মফেয়াৰ বঁটা দক্ষিণ লাভ কৰিছে। যেনে- অম্মোৰু (১৯৯৪), পবিত্ৰ বন্ধম (১৯৯৬), অন্থাহপুৰাম (১৯৯৮), ৰাজা (১৯৯৯), দোনী চাগালী (১৯৯৮), দ্বীপ (২০০২), আৰু আপথামিত্ৰা (২০০৪)।১২ সৌন্দৰ্যাই ১২ বছৰত প্ৰায় ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল৷৩৪ তেওঁক তেলেগু চলচ্চিত্ৰৰ ইতিহাসৰ এগৰাকী শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে গণ্য কৰা হৈছিল।৩
ব্যক্তিগত জীৱন আৰু শিক্ষা
১৯৭২ চনৰ ১৮ জুলাইত কোলাৰ জিলাৰ মুলবাগালৰ গাঞ্জিগুণ্টে নামৰ এখন গাঁৱত সৌন্দৰ্যাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল কে এছ সত্যনাৰায়ণ আৰু মাতৃ মঞ্জুলা। তেওঁৰ দেউতাক এগৰাকী কন্নড় চলচ্চিত্ৰৰ লেখক-প্ৰযোজক আছিল। বাংগালোৰত প্ৰথম বছৰৰ পিছত তেওঁ এমবিবিএছ পঢ়া বাদ দিয়ে।৫৬
২০০৩ চনত তেওঁৰ মাতৃ সম্পৰ্কীয় জি. এছ. ৰঘুৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়, যি পেছাত এগৰাকী ছফ্টৱেৰ অভিযন্তা আছিল।
কৰ্মজীৱন
সৌন্দৰ্যাৰ প্ৰথম অভিনিত চলচ্চিত্ৰখন হৈছে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত কন্নড় চলচ্চিত্ৰ গন্ধৰ্ব। সেইটো বছৰতে তেওঁ ত্ৰিপুৰানেনী শ্ৰীপ্ৰসাদ ওৰফে বৰাপ্ৰসাদৰ দ্বাৰা পৰিচালিত তেলেগু চলচ্চিত্ৰ ৰাইথু ভাৰতমত কৃষ্ণাৰ সৈতে অভিনয় কৰে। ১২ বছৰত তেওঁ প্ৰায় ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল, প্ৰধানকৈ তেলেগু ভাষাত। তেলেগু অভিনেতা ভেঙ্কাটেশে তেওঁক “ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী সম্পূৰ্ণ অভিনেত্ৰী” ("A thorough actress in Indian Cinema") বুলি বৰ্ণনা কৰিছে।৭
সৌন্দৰ্যাই তেওঁৰ মাতৃভাষা কন্নড় ভাষাৰ চলচ্চিত্ৰৰ পৰা মুখ্য চৰিত্ৰত অভিনয় আৰম্ভ কৰিলেও তেওঁ তেলেগু চলচ্চিত্ৰৰ পৰাহে বেছি জনপ্ৰিয়তা লাভ কৰে। তেলেগু ভাষাত হিৰোইন হিচাপে তেওঁৰ প্ৰথম হিট ছবি আছিল এছ ভি কৃষ্ণ ৰেড্ডীৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ ৰাজেন্দ্ৰুদু গজেন্দ্ৰুডু৷ প্ৰকৃত বাণিজ্যিক স্বীকৃতি তেওঁ ই ভি ভি সত্যনাৰায়ণৰ দ্বাৰা পৰিচালিত ১৯৯৪ চনৰ চলচ্চিত্ৰ হেলো ব্ৰাদাৰৰ পৰাহে পায়, য'ত তেওঁ নাগাৰ্জুন আৰু ৰাম্য কৃষ্ণৰ সৈতে অভিনয় কৰিছিল। কোডি ৰামকৃষ্ণৰ দ্বাৰা পৰিচালিত অম্মোৰুত বঁটা বিজয়ী চৰিত্ৰত অভিনয় কৰিছিল, য'ত তেওঁ দেৱী অম্মোৰুৰ ভক্ত ভৱানীৰ চৰিত্ৰত ৰাম্য কৃষ্ণ আৰু সুৰেশৰ সৈতে অভিনয় কৰিছিল। ১৯৯৫ চনত তেওঁৰ ইলেভেন (eleven) মুক্তি পাইছিল।৭ তামিল ভাষাত, পোন্নুমণিত তেওঁ কাৰ্তিক আৰু শিৱকুমাৰৰ বিপৰীতে এগৰাকী মানসিকভাৱে অক্ষম ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে মুখ্য প্ৰশংসা লাভ কৰে।
নিৰন্তৰ সফলতা, সমালোচকৰ প্ৰশংসা আৰু জনপ্ৰিয়তা
ডি. ৰামানাইডুৰ মতে, “তেলেগু চলচ্চিত্ৰৰ আটাইতকৈ ধুনীয়া যোৰ” ("Most Beautiful Pairs of Telugu cinema") হৈছে এন টি আৰ আৰু সাবিত্ৰী, এ এন আৰ আৰু বাণীশ্ৰী, চিৰঞ্জীৱী আৰু বিজয়শান্তি, ডাগ্গুবাটি ভেঙ্কাটেশ আৰু সৌন্দৰ্যা।
১৯৯৭ চনত, তেওঁ পবিত্ৰ বন্ধম, পেলি চেচুকুন্দম, আম্মা ডোংগা, মা আয়ানা বংগৰাম, অচি না মাৰাদালা আৰু আৰো প্ৰণামৰ যোগেদি সফলতা লাভ কৰে আৰু তেওঁৰ প্ৰদৰ্শনৰ বাবে সমগ্ৰ উদ্যোগৰ পৰা প্ৰশংসা লাভ কৰে। দক্ষিণ ভাৰতীয় চুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে তেওঁ অৰুণাচলমত অভিনয় কৰিছিল, যি ১৯৯৭ চনৰ তামিল চলচ্চিত্ৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছিল। উদ্যোগটোৱে যদিও তেওঁক সোণৰ হাত বুলি গণ্য কৰিছিল; তেওঁ এগৰাকী প্ৰাক্তন পৰিচালকৰ জীয়ৰী হিচাপে সদায় এই সফলতাক এগৰাকী ব্যক্তিৰ অনুষ্ঠান হিচাপে নহয় বৰং ৩৬টা বিভাগৰ দলবদ্ধ কাম হিচাপেহে গণ্য কৰিছিল।৭
১৯৯৮ চনত গুণশেখৰৰ দ্বাৰা পৰিচালিত চূদালানী ভুন্দীত চিৰঞ্জীৱীৰ বিপৰীতে অভিনয় কৰি সৌন্দৰ্যাই গুৰুত্বপূৰ্ণ সফলতাৰে আগবাঢ়ি যায়। তেওঁ সিংগীতম শ্ৰীনিবাস ৰাওৰ দ্বাৰা পৰিচালিত তামিল চলচ্চিত্ৰ কাথালা কাথালাত কমল হাচান আৰু প্ৰভুদেৱাৰ সৈতে অভিনয় কৰিছিল, যিখন চলচ্চিত্ৰক সেইটো বছৰতে তেলেগু ভাষালৈ ডাব কৰা হৈছিল নাভান্দি লাভান্দি নামেৰে। তেলেগু চলচ্চিত্ৰ পেল্লী পিতালু, শ্ৰী ৰামুলায়, নিন্নে প্ৰেমীষ্টা আৰু কন্নড় চলচ্চিত্ৰ দোনী চাগালী বাণিজ্যিকভাৱে সফল হৈছিল। কৃষ্ণ বংশীৰ দ্বাৰা পৰিচালিত অন্থাহপুৰামে সৌন্দৰ্যাৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে পৰিগণিত হয়, তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ৰাজ্যিক নন্দী বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে তেওঁ একেৰাহে দুবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
তেওঁৰ ১৯৯৯ চনত মুক্তি প্ৰাপ্ত ৰাজা চলচ্চিত্ৰত ভেঙ্কাটেশৰ বিপৰীতে অভিনয় কৰে, যিখন ব্লকবাষ্টাৰ ছবি আছিল আৰু তেওঁ তৃতীয় বাৰৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁৰ মুক্তপ্ৰাপ্ত আন আন চলচ্চিত্ৰবোৰ হৈছে- ৰজনীকান্তৰ বিপৰীতে পাদায়াপ্পা, নাগাৰ্জুনৰ বিপৰীতে আজাদ আৰু প্ৰেমাকু ভেলেয়াৰা, প্ৰেমাকু স্বাগতম আৰু অৰুন্ধতীয়ে তেওঁৰ স্থিতি অধিক দৃঢ় কৰে। সেইটো বছৰতে, তেওঁ হিন্দী চলচ্চিত্ৰ সূৰ্যবংশমত অমিতাভ বচ্চনৰ বিপৰীতে অভিনয় কৰে।৭
২০০০ চনত তেওঁ চিৰঞ্জীৱীৰ বিপৰীতে অন্নায়াত অভিনয় কৰে, জয়ম মানাদেৰা আৰু দেৱী পুত্ৰুডুত ভেঙ্কাটেশৰ বিপৰীতে, নিন্নে প্ৰেমীষ্টাত নাগাৰ্জুন আৰু শ্ৰীকান্তৰ বিপৰীতে আৰু তেওঁ আন কেইবাজনৰো সৈতে অভিনয় প্ৰদৰ্শন কৰে, যেনে চিৰঞ্জীৱীৰ বিপৰীতে এদুৰুলেনী মনীষী আৰু শ্ৰীমঞ্জুনাথ, অৰ্জুন সৰজা, অম্বৰীশ আৰু সুমালতা আৰু ৰজনীকান্তৰ বিপৰীতে নৰসিংহ আৰু ৰাম্যাকৃষ্ণৰ বিপৰীতে পেল্লী পেটালু, ডঙাটা আৰু নাগদেৱতা।৭ তেওঁ গীতত গেষ্ট এপিয়াৰেঞ্চ হিচাপেও অভিনয় কৰিছিল।
২০০৪ চনত বালকৃষ্ণই হায়দৰাবাদৰ এটা উন্মোচন অনুষ্ঠান অনুষ্ঠিত হৈ নৰ্তানাচালাৰ পুনৰ নিৰ্মাণৰ কথা ঘোষণা কৰে। সৌন্দৰ্যাই দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল৮ কিন্তু তেওঁৰ মৃত্যুৰ পিছত ছবিখন স্থগিত ৰখা হৈছিল।
অন্যান্য ভাষা
সৌন্দৰ্যাই অমিতাভ বচ্চনৰ বিপৰীতে হিন্দী চলচ্চিত্ৰ সূৰ্যবংশমত অভিনয় কৰিছিল। তেওঁ ৰজনীকান্ত আৰু কাধলা কাধলাৰ সৈতে অৰুণাচলম আৰু পাদয়াপ্পাকে ধৰি কেইবাটাও তামিল চুপাৰ-হিট ছবিত অভিনয় কৰিছিল। তেওঁ মালয়ালম চলচ্চিত্ৰ কিলিচুন্দন মামপাজামত অভিনয় কৰিছিল।
পৰোপকাৰ
সৌন্দৰ্যাই বাংগালোৰত অনাথ শিশুসকলৰ বাবে তেওঁৰ দেউতাকৰ নামত তিনিখন বিদ্যালয় খুলিছিল। সৌন্দৰ্যাৰ মৃত্যুৰ পিছত, তেওঁৰ মাতৃ মঞ্জুলাই বাংগালোৰত “অমৰসৌন্দৰ্যা বিদ্যালয়াছ” নামেৰে অধিক বিদ্যালয়, প্ৰতিষ্ঠান আৰু অনাথ আশ্ৰম আৰম্ভ কৰিছিল।
মৃত্যু
২০০৪ চনৰ ১৭ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাংগালোৰৰ পৰা কৰিমনগৰলৈ যাত্ৰা কৰি থাকোঁতে তেওঁৰ ভাতৃ অমৰনাথৰ সৈতে বিমান দুৰ্ঘটনাত সৌন্দৰ্যাৰ মৃত্যু হয়, য’ত তেওঁ সেইটো বছৰতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।৯
বঁটা আৰু সন্মান
| চন | বঁটা | বঁটাৰ ধৰণ | চলচ্চিত্ৰ | চৰিত্ৰ |
|---|---|---|---|---|
| ২০০৩ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | দ্বীপ | প্ৰযোজক |
| ১৯৯৮ | কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | দোনী চাগালী | ক্ষমা |
| ২০০৩ | কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | দ্বীপা | নাগী |
| ১৯৯৫ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | ফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট এক্ট্ৰেছ - তেলেগু | অম্মোৰু | ভৱানী |
| ১৯৯৮ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | ফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট এক্ট্ৰেছ - তেলেগু | অন্থাহপুৰাম | ভানুমতী |
| ১৯৯৯ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | ফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট এক্ট্ৰেছ - তেলেগু | ৰাজা১০ | অঞ্জলী |
| ২০০২ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | ফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট চাপৰ্টিং এক্ট্ৰেছ - তামিল | ইভান (Nominated) | দিক্ষাণ্যা |
| ২০০৩ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | ফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট এক্ট্ৰেছ - কন্নড় | দ্বীপা | নাগী |
| ২০০৩ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | ফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট ফিল্ম - কন্নড় | দ্বীপা১১ | প্ৰযোজক |
| ২০০৪ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | ফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট এক্ট্ৰেছ - কন্নড় | আপথামিত্ৰা (Posthumously awarded) | গংগা/ নাগাবাল্লী |
| ১৯৯৬ | নন্দী বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | পৱিত্ৰ বন্ধন | ৰাধা |
তথ্যসূত্ৰ
- ↑ Pandya, Haresh. (2004-05-10). Soundarya. Online edition. The Guardian
- ↑ (2002-09-26). International Film Festival of India-2002. Pib.nic.in
- ↑ timesofindia.indiatimes.com/entertainment/telugu
- ↑ www.ibtimes.co.in/mahanati-success-inspires-film
- ↑ TIMESOFINDIA, TIMESOFINDIA. Soundarya's 44th Birth Anniversary: Remembering the evergreen actress of Telugu cinema. TIMESOFINDIA
- ↑ Upadhyaya, Prakash. After Savithri biopic Mahanati's success, filmmaker ponders next one on Soundarya. International Business Times
- ↑ Kumar, Ch Sushil. (1998-03-28). Child, woman, star. Interview. Rediff.com
- ↑ PressReader.com - Connecting People Through News. www.pressreader.com
- ↑ Press Trust of India. (2004-04-17). Soundarya killed in plane crash. its a tragedy. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Rahman bags 12th Filmfare award. Pvv.ntnu.no
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌন্দৰ্যা” প্ৰবন্ধৰ সংশোধন ৪১৬৬৭২ (২ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।