চন্দ্ৰ শেখৰ সিং (১৭ এপ্ৰিল ১৯২৭ – ৮ জুলাই ২০০৭) এজন ভাৰতীয় ৰাজনীতবিদ আৰু দেশৰ অষ্টম প্ৰধান মন্ত্ৰী আছিল।১ কোনোধৰণৰ চৰকাৰী বিভাগ নচলোৱাকৈ দেশৰ প্ৰধান মন্ত্ৰী হোৱা তেওঁ ভাৰতৰ একমাত্ৰ ৰাজনীতিবিদ।২ তেওঁৰ দ্বাৰা শাসিত চৰকাৰখনক "পুতলা" অথবা "দুৰ্ভগীয়া" বুলি অভিহিত কৰা হৈছিল। লোকসভাৰ খুব কমসংখ্যক সাংসদৰ সমৰ্থন লৈ তেওঁ চৰকাৰখন গঠন কৰিছিল।৩৪৫৬ মুডী বিনিয়োগ সেৱা চমুকৈ মুডিছে (Moody's) যেতিয়া ভাৰতৰ অৰ্থনৈতিক অৱস্থা নিম্নগামী হোৱাৰ কথা উল্লেখ কৰিছিল, তেতিয়া সেই গুৰুত্বপূৰ্ণ সময়ত চন্দ্ৰ শেখৰৰ চৰকাৰখনে বাজেট ঘোষণা কৰিব পৰা নাছিল। বাজেট ঘোষণা নকৰাৰ ফলত দেশৰ অৱস্থা অধিক বেয়ালৈ ঢাল খাইছিল আৰু গোলকীয় ক্ৰেডিট-ৰেটিং সংস্থাবোৰে বিনিয়োগৰ ক্ষেত্ৰখন জটিল কৰি তুলিছিল। ফলস্বৰূপে ভাৰতে সৰু-সুৰা ল'ন লোৱাৰ ক্ষেত্ৰতো বাধাৰ সমুখীন হৈছিল। আৰ্থিক অনুদানৰ প্ৰক্ৰিয়াটোত অধিক বিজুতি নঘটিবলৈ চন্দ্ৰ শেখৰে সোণৰ বন্ধকীকৰণ ব্যৱস্থাৰ অনুমোদন জনাইছিল আৰু সেই কাৰ্যৰ বাবে তেওঁ ভীষণ সমালোচনাৰ সমুখীন হৈছিল। কাৰণ সেই সিদ্ধান্তটো তেওঁৰ চৰকাৰখনে নিৰ্বাচনৰ সময়ত গোপনে গ্ৰহণ কৰিছিল।৭৮৯১০ উল্লেখযোগ্য যে, ১৯৯১ চনৰ ভাৰতীয় অৰ্থনৈতিক সংকট আৰু ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ ঘটনাই তেওঁৰ চৰকাৰখনৰ অৱস্থা দুৰ্বিষহ কৰি তুলিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
উত্তৰ প্ৰদেশৰ বাল্লিয়া জিলাৰ এখন গাঁৱত, ইব্ৰাহীমপট্টী নামৰ এখন ঠাইৰ এটা ৰাজপুট পৰিয়ালত, ১৯২৭ চনৰ ১ জুলাই তাৰিখে চন্দ্ৰ শেখৰে জন্ম লাভ কৰিছিল। তেওঁ পৰিয়ালটোৱে খেতি-বাতি কৰি জীৱন-নিৰ্বাহ কৰিছিল। তেওঁলোকৰ আৰ্থিক অৱস্থা সুচল নাছিল। ১১ বাল্লিয়াত থকা ছতীশ চন্দ্ৰ কলেজৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৫০ চনত তেওঁ এলাহাবাৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।১২ ছাত্ৰ ৰাজনীতিত তেওঁ "ফায়াৰব্ৰেণ্ড" হিচাপে জনাজাত হৈছিল আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেওঁ সমাজবাদী আন্দোলনত যোগদান কৰিছিল।১৩
দুৰ্গা দেৱী নামৰ যুৱতীৰ লগত চন্দ্ৰ শেখৰ বিবাহপাশত আৱদ্ধ হৈছিল।১৪
ৰাজনৈতিক জীৱন
বাল্লিয়া জিলাৰ প্ৰজা ছছিয়েলিষ্ট পাৰ্টীৰ সম্পাদক নিৰ্বাচিত হোৱাৰ এবছৰৰ পিছতে তেওঁ দলৰ ৰাজ্যিক গোটৰ যুটীয়া সম্পাদকৰ পদত অধিষ্ঠিত হয়। ১৯৫৫-৫৬ চনত চন্দ্ৰ শেখৰ সেইটো দলৰেই ৰাজ্যিক ক্ষেত্ৰৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। ১৯৬২ চনত তেওঁ ৰাজ্য সভালৈ নিৰ্বাচিত হয় আৰু এনেকৈয়ে তেওঁৰ সংসদীয় জীৱন আৰম্ভ হয়। ১৯৬৫ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ১৯৬৭ চনত তেওঁ কংগ্ৰেছৰ সংসদীয় কমিটিৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। নিজৰ সাহস, আস্থাভাজনতা, আৰু সততাৰ বাবে চন্দ্ৰ শেখৰ "তৰুণ টাৰ্ক" বুলি জনাজাত হৈছিল। তেওঁ "ইয়ং ইণ্ডিয়ান" নামৰ এখন সাপ্তাহিক কাকত প্ৰতিষ্ঠা আৰু সম্পাদনা কৰিছিল। কাকতখন ১৯৬৯ চনত দিল্লীৰ পৰা প্ৰকাশিত হৈছিল।১৫
ব্যক্তিবিশেষৰ ৰাজনীতি চন্দ্ৰশেখৰ সদায়েই বিৰোধিতা কৰিছিল। তাৰ পৰিৱৰ্তে তেওঁ নীতি-আদৰ্শ আৰু সামাজিক পৰিৱৰ্তনৰ পোষকতা কৰিছিল। ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালিন অৱস্থা ঘোষণা কৰাৰ সময়ত চন্দ্ৰ শেখৰক গ্ৰেপ্তাৰ কৰা হৈছিল, যদিও তেওঁ সেইসময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা নিয়োজিত ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু কৰ্ম আয়োগৰ এজন সদস্য আছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত কাৰাৰুদ্ধ হোৱা শাসকীয় দলৰ কমসংখ্যক নেতাৰ ভিতৰত চন্দ্ৰ শেখৰৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি।১৬১৭
জৰুৰীকালীন অৱস্থা শেষ হোৱাৰ পাছতেই, ১৯৭৭ চনত তেওঁ জনতা দলৰ প্ৰথমজন সভাপতি নিৰ্বাচিত হৈছিল। কেইবাটাও অকংগ্ৰেছী দলৰ সমৰ্থন আৰু একত্ৰীকৰণৰ ফলত সেইটো দল গঠিত হৈছিল।১৮ ১৯৭৭ চনৰ পাছৰ প্ৰতিটো নিৰ্বাচনতে (১৯৮৪ চনৰ বাহিৰে) তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল।১৯
১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰে। তেওঁলোকৰ চৰকাৰৰ নেতৃত্ব দিছিল মোৰাৰজী দেশাইয়ে। অৱশ্যে ১৯৮০ চনৰ নিৰ্বাচনত দলটোৱে পৰাজয়বৰণ কৰে আৰু ১৯৮৪ চনত মাত্ৰ দহখন আসন লাভ কৰি সম্পূৰ্ণ ধূলিসাৎ হৈ পৰে। বাল্লিয়া সমষ্টিত চন্দ্ৰ শেখৰ জগন্নাথ চৌধুৰীৰ ওচৰত পৰাভূত হয়। ১৯৮৮ চনত জনতা পাৰ্টি অন্যান্য দলৰ সৈতে সংযুক্ত হৈ ভি.পি. সিঙৰ নেতৃত্বত চৰকাৰ গঠন কৰে।২০ পিছে সন্মিলিত চৰকাৰৰ লগত তেওঁ পুনৰ মতানৈক্য হয়। ১৯৯০ চনৰ ৫ নৱেম্বৰত চন্দ্ৰ শেখৰে জনতা দল ত্যাগ কৰে আৰু "জনতা দল ছছিয়েলিষ্ট ফেকচন" গঠন কৰে। ১৯৯০ চনৰ ১০নৱেম্বৰত জাতীয় কংগ্ৰেছৰ নেতা ৰাজীৱ গান্ধীৰ সমৰ্থনত তেওঁ ভি.পি. সিঙক ওফৰাই ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পদটি দখল কৰে।২১
১৯৮৩ চনত চন্দ্ৰ শেখৰে এক বিশেষ পদযাত্ৰা আৰম্ভ কৰিছিল। সেই বছৰৰ ৬ জানুৱাৰীৰ পৰা ২৫ জুনলৈ, প্ৰায় ৪২৬০ কিলোমিটাৰ দূৰত্ব তেওঁলোকে খোজ কাঢ়ি ভ্ৰমণ কৰিছিল। সেই যাত্ৰাটো দক্ষিণে থকা কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈ দিল্লীত থকা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ "ৰাজঘাট"ত শেষ হৈছিল। বৃহত্তৰ সমাজখনৰ নানান সমস্যা আৰু তেওঁলোকৰ জীৱন-যাত্ৰাৰ বিষয়ে উৱাদিহ ল'বলৈ চন্দ্ৰ শেখৰৰ নেতৃত্বত সেই পদযাত্ৰাৰ সূচনা হৈছিল। তামিলনাডু, গুজৰাট, কেৰেলাকে ধৰি ভাৰতৰ পোন্ধৰটা ঠাইত তেওঁ কিছুমান "ভাৰত যাত্ৰা কেন্দ্ৰ" মুকলি কৰি দিছিল। সেইসমূহ কেন্দ্ৰই গ্ৰামাঞ্চলৰ পৰিৱেশত শিক্ষা আৰু তৃণমূল পৰ্যায়ৰ কামৰ উত্তৰণ ঘটাবলৈ সামাজিক আৰু ৰাজনৈতিক কৰ্মীসকলক বিশেষভাৱে প্ৰশিক্ষণ দিছিল।১৮
১৯৮৯ চনত তেওঁ বাল্লিয়া লোক সভা সমষ্টি আৰু বিহাৰৰ মহাৰাজগঞ্জৰ সমষ্টিৰ পৰা জয়লাভ কৰে। তেওঁ বাল্লিয়াৰ আসনখন গ্ৰহণ কৰে।২২
প্ৰধান মন্ত্ৰী হিচাপে
চন্দ্ৰ শেখৰ সাতটা মাহৰ বাবে প্ৰধান মন্ত্ৰী হৈছিল, যিটো আছিল চৰণ সিঙৰ পাছতেই দ্বিতীয়টো চুটি কাৰ্যকাল। সেই সময়ছোৱাত গৃহ পৰিক্ৰমা আৰু প্ৰতিৰক্ষা বিভাগটোও তেঁৱেই চলাইছিল। অৱশ্যে, ১৯৯১ চনৰ ৬ মাৰ্চত কংগ্ৰেছে তেওঁলোকৰ সমৰ্থন উঠাই লোৱা বাবে চন্দ্ৰ শেখৰৰ চৰকাৰে সম্পূৰ্ণ বাজেট ঘোষণা কৰাত ব্যৰ্থ হ'ল।২৩ যাৰ পৰিণতিস্বৰূপে চন্দ্ৰ শেখৰে সেইদিনাই প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় ত্যাগ কৰিবলগা হ'ল।২৪
মৃত্যু
২০০৭ চনৰ ৮ জুলাই তাৰিখে চন্দ্ৰ শেখৰে মৃত্যু বৰণ কৰে। তেওঁ কিছুসময়ৰ পৰা মাল্টিপল মাইল'মাত ভুগি আছিল আৰু মে' মাহৰ পৰা দিল্লীস্থ এপ'লো হাস্পতালতো চিকিৎসাধীন হৈ আছিল।২৫
তথ্যসূত্ৰ
- ↑ (10 November 1990). Rival of Singh Becomes India Premier. Sanjoy Hazarika. The New York Times
- ↑ (11 November 1990). Socialist Is Installed as India's Eleventh Prime Minister. Sanjoy Hazarika. The New York Times
- ↑ (1990). The Working Class. Centre of Indian Trade Unions. পৃ. 86
- ↑ (October 1990). Puppet on a String. Far Eastern Economic Review. পৃ. 6
- ↑ (15 December 1990). Chandra Shekhar exploits fears, weaknesses of Congress(I) and Janata Dal(S). Inderjit Badhwar,.Prabhu Chawla. ইণ্ডিয়া টুডে
- ↑ (1990). The Interim Man. The Economist. পৃ. 42
- ↑ (29 July 2016). 1991, the untold story. Yashwant Sinha. The Hindu
- ↑ (18 October 2016). How the economy found its feet. Deepak Nayar. The Hindu
- ↑ (5 April 2017). In fact: How govts pledged gold to pull economy back from the brink. Shaji Vikraman. The Indian Express
- ↑ Stuart Corbridge; John Harriss. (28 May 2013). Reinventing India: Liberalization, Hindu Nationalism and Popular Democracy. Wiley. পৃ. 144–. ISBN 978-0-7456-6604-4
- ↑ Chand, Attar. (1991). The Long March: Profile of Prime Minister Chandra Shekhar. Mittal. পৃ. 59. ISBN 978-8-17099-272-1
- ↑ Dubey, Scharada. (2009). Movers and Shakers Prime Minister of India. Westland
- ↑ www.pmindia.gov.in/en/former_pm/shri-chandra-she
- ↑ Chand, Attar. (1991). The Long March: Profile of Prime Minister Chandra Shekhar. Mittal. পৃ. 13. ISBN 978-8-17099-272-1
- ↑ www.pmindia.gov.in/en/former_pm/shri-chandra-she
- ↑ www.pmindia.gov.in/en/former_pm/shri-chandra-she
- ↑ www.britannica.com/biography/Chandra-Shekhar
- ↑ চন্দ্ৰ
- ↑ timesofindia.indiatimes.com/india/Chandrashekhar
- ↑ General Elections, 1984 - Constituency Wise Detailed Results. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ www.britannica.com/biography/Chandra-Shekhar
- ↑ www.pmindia.gov.in/en/former_pm/shri-chandra-she
- ↑ Chandra Shekhar · prime minister of India. Encyclopedia Britannica
- ↑ (8 July 2007). Chandra Shekhar critical. The Hindu
- ↑ (9 July 2007). Chandra Shekhar dead. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰ শেখৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৬০৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।