তেজপুৰ বিমানবন্দৰ (Tezpur Airport) ভাৰতৰ অন্তৰ্ভুক্ত অসমৰ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ সমীপৱৰ্তী হলেশ্বৰ মন্দিৰৰ নিলগত অৱস্থিত। এই বিমানবন্দৰটো স্থানীয় লোকসকলৰ মাজত শালনীবাৰী বিমানকোঠ হিচাপে অধিক পৰিচিত। শালনীবাৰী নামে গাঁওখনত এই বন্দৰটো থকা হেতুকে এই নাম জনাজাত হৈ পৰে।১
তেজপুৰ বিমান বন্দৰ ভাৰতীয় বিমান বাহিনীৰ এটা উল্লেখযোগ্য বন্দৰ। ইয়াত বহুতো যুঁজাৰু বিমান ছুখয় চি-৩০ ৰখা হৈছে২। কাৰণ, এই বিমান বন্দৰৰ অৱস্থান কূটনৈতিক কৌশলৰ ফালৰ পৰা ভূটান, তিব্বত স্বায়ত্তশাসিত অঞ্চল, চীন, ম্যানমাৰ আৰু বাংলাদেশৰ মাজত।
ইতিহাস
তেজপুৰৰ এই বিমান বন্দৰটো ব্ৰিটিছ ৰয়েল ইণ্ডিয়ান এয়াৰ ফ’ৰ্ছ -য়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰিছিল। United States Army Air Force Tenth Air Force ৰ 7th Bombardment Group-য়ে এই বন্দৰটো B-24 Liberator বোমাবৰ্ষণৰ কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৫৯ চনত, ইয়াক এটা পূৰ্ণাংগ বিমান বিন্দৰলৈ পৰিৱৰ্তন কৰা হ’ল। ইয়াৰ পাছৰ পৰাই তেজপুৰ বিমান বন্দৰৰ পৰা বিভিন্ন ধৰণৰ বিমান উৰণ কৰি আহিছে। তেতিয়াৰ পৰাই ই উত্তৰ-পূব ভাৰতৰ সক্ৰিয় বিমান বন্দৰ হিচাবে পৰিগণিত হৈছে॥
এই বিমান বন্দৰটোৰ পৰা Vampires আৰু Toofani 101 reconnaissance squadron বিমানে প্ৰথম উৰণ আৰম্ভ কৰিছিল। যোৱা ২৫ বছৰ ধৰি ইয়াত IAF MiG-21 বিমান ব্যৱহাৰ কৰি ভাৰতীয় বায়ু বাহিনীৰ পাইলটক প্ৰশিক্ষণ দিয়া হৈছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Salonibari Airport. world-airport-codes.com
- ↑ India to station 'Sukhoi-30 aircraft' at Tezpur airbase
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ বিমানবন্দৰ” প্ৰবন্ধৰ সংশোধন ৩৮১২৭৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।