অসমৰ পুৰাতাত্বিক স্থান
২৪ প্ৰবন্ধ
-
ৰংঘৰ
ৰংঘৰ আহোম যুগত নিৰ্মিত আৰু এছিয়াৰ সবাতোকৈ পুৰণি মুকলি প্ৰেক্ষাগৃহ বুলি খ্যাত এক ঐতিহাসিক স্থাপত্য-কীৰ্তি। শিৱসাগৰৰ কাষৰ ৰূপহী পথাৰত ৰাজকীয় ক্ৰীড়া, উৎসৱ আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগৰ বাবে ই নিৰ্মাণ কৰা হৈছিল।
-
কাৰেংঘৰ
কাৰেংঘৰ আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত পিৰামিড আকৃতিৰ ৰাজমহল, যি অসমৰ শিৱসাগৰ জিলাৰ গড়গাঁওত অৱস্থিত। ১৫৪০ চনত নিৰ্মাণ আৰম্ভ হোৱা এই ৰাজকাৰেং পৰৱৰ্তী সময়ত ইটাৰে পকী কৰণ, ক্ষয়ক্ষতি আৰু পুনৰ নিৰ্মাণৰ মাজেৰে ঐতিহাসিক ৰূপ লাভ কৰে।
-
তলাতল ঘৰ
তলাতল ঘৰ অসমৰ শিৱসাগৰ জিলাৰ ৰংপুৰত অৱস্থিত এক আহোম ৰাজমহল। ই আহোম স্থাপত্যকলাৰ উল্লেখযোগ্য নিদৰ্শন হিচাপে পৰিগণিত, আৰু ইয়াৰ বহু-মহলীয়া—মাটিৰ ওপৰত আৰু মাটিৰ তলত—গঠন বৈশিষ্ট্যপূর্ণ।
-
হাবুং
হাবুং ( 𑜉𑜢𑜤𑜂𑜫: 𑜑𑜡;𑜈𑜤𑜂𑜫,Habung) পৌৰাণিক কামৰূপৰ আৰু চুতীয়া ৰাজ্যৰ এটা বৃহৎ অঞ্চল আৰু পাছলৈ আহোম ৰাজ্যৰ এক মু'ঙ (প্ৰদেশ) আছিল৷ হাবুং প্ৰদেশ বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত অৱস্থিত আছিল য'ত চুতীয়া ৰজা সকলে হাবুঙীয়া ব্ৰাহ্মণ সকলক ভূমি দান কৰিছিল।
-
হয়গ্ৰীৱ মাধৱ মন্দিৰ
হয়গ্ৰীৱ মাধৱ মন্দিৰ (Hayagriva Madhava Temple) অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এক দেৱালয়। হাজোৰ মণিপৰ্বত নামৰ এটা টিলাৰ ওপৰত এই দেৱালয় অৱস্থিত। বিষ্ণুৰ এক অৱতাৰ "হয়গ্ৰীৱ"ক (ঘোঁৰাৰ মূৰসহ বিষ্ণু) ইয়াত পূজা-অৰ্চনা কৰা হয়। সংস্কৃত ভাষাত 'হয়' মানে 'ঘোঁৰা' আৰু 'গ্ৰীৱ'ৰ অৰ্থ 'ডিঙি'।
-
জয় দৌল
জয় দৌল ১৬৯৮ চনত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে (১৬৯৬–১৭১৪) মাতৃ জয়মতীৰ সন্মান আৰু স্মৃতিত নিৰ্মাণ কৰিছিল। এই মন্দিৰটো ইটা আৰু শিলৰ দ্বাৰা নিৰ্মিত। দৌলৰ দেৱালত স্বৰ্গীয় গন্ধৰ্ব আৰু অপ্সৰাৰ প্ৰতিচ্ছবি আৰু সেই সময়ৰ সামাজিক জীৱনক প্ৰতিনিধিত্ব কৰা ভাস্কৰ্য যেনে পূৰ্বৰ আহোম স্বৰ্গদেউসকলৰ ক্ৰীড়া…
-
শিৱসাগৰৰ শিৱদৌল
শিৱদৌল শিৱসাগৰ জিলাৰ, শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰী ভগ্নী দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মদাম্বিকা নাম দি বৰৰজা পাতিছিল।
-
চিত্ৰলেখা উদ্যান
অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান। পূৰ্বতে এই উদ্যানৰ নাম ক'ল পাৰ্ক আছিল। চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি।
-
বামুণী পাহাৰ
বামুণী পাহাৰ অসমৰ তেজপুৰ নগৰৰ দক্ষিণ-পূব কোণত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ পাৰত স্থিত এই পাহাৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদি আছে। ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নন্দীমুখ আদিও দেখিবলৈ পোৱা যায়।
-
মদন কামদেৱ দেৱালয়
মদন কামদেৱ দেৱালয় হৈছে অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ।
-
দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ
তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।
-
শ্ৰী সূৰ্য পাহাৰ
শ্ৰী সূৰ্য পাহাৰ (Sri Surya Pahar) গোৱালপাৰা নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিণ-পূব আৰু ইয়াৰ ওচৰতে বঙাইগাঁও জিলা। গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ উত্তৰ-পশ্চিমত, ভাৰতৰ অসমৰ এখন উল্লেখযোগ্য স্থান।
-
ঘনশ্যাম দৌল
ঘনশ্যাম দৌল বা নাতি গোঁসাই দৌল ১৮ শতিকাৰ আৰম্ভণিতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহয়ে নিৰ্মাণ কৰাইছিল। আহোম যুগত নিৰ্মিত টেৰাকোটা শিল্পৰ নিদৰ্শন ঘনশ্যাম দৌলৰ স্থাপত্যত পোৱা যায়। এই দৌল জয়সাগৰ পুখুৰীৰ পশ্চিমপাৰত আৰু দেৱীদ’লৰ দক্ষিণফালে অৱস্থিত।
-
নেঘেৰিটিং শিৱদৌল
নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূৱফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলটো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে।
-
বাসুদেৱ দৌল
বাসুদেৱ দৌল (Vasudev Doul; বাসুদেৱ দ'ল হিচাপেও উচ্চাৰিত) অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰী অঞ্চলত অৱস্থিত এটি প্ৰাচীন দৌল (বা মন্দিৰ)। এই দৌলটো ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগৰ অধীনত অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহ (State Protected Monument in India)-ৰ ভিতৰত অন্যতম।
-
ন-পুখুৰী শিৱদৌল
ন-পুখুৰী শিৱদৌল বা ৰুদ্ৰসাগৰ শিৱদৌল ৰজা লক্ষ্মী সিংহৰ (১৭৬৯-১৭৮০) ৰাজত্বকালত নিৰ্মিত ১৮ শতিকাৰ হিন্দু মন্দিৰ। শিৱসাগৰ চহৰৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত এই মন্দিৰটো। আহোম যুগত নিৰ্মিত এইটোৱেই শেষ মন্দিৰ যিয়ে মন্দিৰ নিৰ্মাণ আৰু স্থাপত্য নিৰ্মাণৰ সামগ্ৰিক অৱনতিৰ পূৰ্বে ভৱিষ্যৎক প্ৰতিনিধিত্ব কৰে।
-
মাঘনোৱা দ’ল
মাঘনোৱা দ’ল অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ফুলবাৰী গাঁৱত অৱস্থিত এটা দ'ল। ইয়াক ফুলবাৰী দ’ল নামেৰেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত এই দ’লটো অৱস্থিত। এসময়ত ই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী কালীৰ এক মুখ্য পূজন স্থলী আছিল।
-
হাতীমূৰা মন্দিৰ
হাতীমূৰা মন্দিৰ অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰ। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাৰ প্ৰতি সমৰ্পিত।
-
আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰ
আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰ (Ambari Archeological Site) গুৱাহাটীৰ আমবাৰীত অৱস্থিত এক প্ৰত্নতাত্ত্বিক স্থান। ১৯৬৯ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱন নিৰ্মাণৰ বাবে খনন কৰোঁতে আকস্মিকভাৱে এই ক্ষেত্ৰখন আৱিষ্কৃত হয়।
-
আমবাৰীৰ মৃণ্ময় ভাস্কৰ্য
আমবাৰীৰ মৃণ্ময় ভাস্কৰ্য হ'ল গুৱাহাটীস্থিত আমবাৰীৰ খননৰ সময়ত উদ্ধাৰ হোৱা গুপ্তশৈলীৰ সাদৃশ্যপূৰ্ণ একাধিক পোৰা মাটিৰ ভাস্কৰ্যৰ সমষ্টি। ১৯৬৯ চনত হোৱা খননত শিলৰ সৈতে এই ভাস্কৰ্যসমূহ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত প্ৰথমতে উল্লেখযোগ্য হ'ল ফোঁপোলাকৈ নিৰ্মাণ কৰা নাৰীমূৰ্তিৰ একাংশ।
-
তাম্ৰেশ্বৰ দেৱালয়
তাম্ৰেশ্বৰ দেৱালয় হৈছে অসমৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী অঞ্চলৰ এক অন্যতম পৌৰাণিক স্থান। প্ৰত্নতত্ত্ব বিভাগৰ গৱেষণা মতে তাম্ৰেশ্বৰ দেৱালয় আনুমানিক ১১-১২ শতিকাৰ ভিতৰত ওদালগুৰি জিলাৰ খৈৰাবাৰীত নিৰ্মাণ কৰা হৈছিল। জনশ্ৰুতি অনুসৰি এই প্ৰাচীন শৈৱপীঠ সপ্তম- নৱম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হয়।
-
দেওপাহাৰ
দেওপাহাৰ ভাৰতৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে। দেওপাহাৰ বা দেওপৰ্বত নামৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ। ই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।
-
দেৱী দৌল
দেৱী দৌল গৌৰীসাগৰ পুখুৰীৰ উত্তৰ তীৰৰ পূৱ সীমান্তত অৱস্থিত এটা দৌল বা মন্দিৰ। গৌৰীসাগৰৰ তিনিওটা মন্দিৰৰ ভিতৰত ই সকলোতকৈ ডাঙৰ। মন্দিৰটো ৰজা শিৱ সিংহৰ(১৭১৪-৪৪) ৰাণী ফুলেশ্বৰীৰ নিৰ্দেশ অনুসৰি ইটা আৰু পাথৰেৰে (শিল) নিৰ্মাণ কৰা হৈছিল।
-
লুংজুবেল
লুংজুবেল (Lungzubel) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিয়াটা জনগোষ্ঠী সকলৰ এক প্ৰকাৰৰ বিশেষ সাংস্কৃতিক শিলৰ পাত্ৰ। বিয়াটা ভাষাত লুংজুবেলৰ অৰ্থ হৈছে "চাউলৰ সুৰা ৰখা শিলৰ পাত্ৰ।" অসমৰ ডিমা হাছাও জিলাৰ দক্ষিণ-পশ্চিম অংশ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰত লুংজুবেলৰ ধ্বংসাৱশেষ পোৱা যায়।