অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোণাৰাম চুতীয়া

সোণাৰাম চুতীয়া (Sonaram Chutia, জন্ম: ৮ জুন, ১৯১৫, মৃত্যু: ৩০ জানুৱাৰী, ২০১৩) একাধাৰে এজন শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু আছিল। তেখেতে ন-বাৰকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ (পূৰ্বৰ শ্ৰীশ্ৰী সংঘৰ) পদাধিকাৰৰ দায়িত্ব বহন কৰি তেখেতে এই সংগঠনক উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে…

হালনাগাদ: ২২ আগষ্ট ২০২৬ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

সোণাৰাম চুতীয়া (Sonaram Chutia, জন্ম: ৮ জুন, ১৯১৫, মৃত্যু: ৩০ জানুৱাৰী, ২০১৩) একাধাৰে এজন শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু আছিল। তেখেতে ন-বাৰকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ (পূৰ্বৰ শ্ৰীশ্ৰী সংঘৰ) পদাধিকাৰৰ দায়িত্ব বহন কৰি তেখেতে এই সংগঠনক উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে উন্নীত কৰি তুলিছিল।১ তেখেতে অসম চৰকাৰৰ পৰা ২০০০ চনত কেবিনেট মৰ্যাদাসহ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। তেখেতে বাৰখন গ্ৰন্থ ৰচনা কৰাৰ উপৰিও চাৰিকুৰিৰো অধিক প্ৰবন্ধ লিখিছিল। বৈষ্ণৱ দৰ্শনত অগাধ পাণ্ডিত্যৰ বাবেই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই তেখেতক বৈষ্ণৱ পণ্ডিত উপাধিৰে বিভূষিত কৰিছে।২

জন্ম

১৯১৫ চনৰ ৮ জুন তাৰিখে বামকুকুৰাছোৱা গাঁও, কাকজান, যোৰহাটত সোণাৰাম চুতীয়াৰ জন্ম হৈছিল।৩ তেওঁৰ পিতৃৰ নাম আছিল জাগীৰাম চুতীয়া আৰু মাতৃৰ নাম আছিল ফুলেশ্বৰী চুতীয়া।৪

শিক্ষা

  • ১৯২২ চনত কাকজানৰ বাম কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি সোণাৰাম চুতীয়াই শিক্ষাৰ পাতনি মেলে।
  • ১৯২৭ চনত পাঠশালাৰ শেষ পৰীক্ষাত উত্তীৰ্ণ আৰু তিনি টকাকৈ ছাত্ৰ বৃত্তি লাভ।
  • ১৯৩১ চনত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা এম ই পৰীক্ষাত উত্তীৰ্ণ আৰু পাঁচ টকাকৈ ছাত্ৰবৃত্তি লাভ।৫
  • ১৯৩৫ চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা ৫টা বিষয়ত (সাধাৰণ গণিত, সংস্কৃত, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), অতিৰিক্ত গণিত আৰু মেকানিকচ) লেটাৰসহ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল।৬ ইয়াৰ পিছত তেওঁ কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল।৭
  • ১৯৩৯ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৪

কৰ্মজীৱন

  • ১৯৩৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰিছিল।৪
  • ১৯৪০ চনত শিক্ষকৰ চাকৰি ত্যাগ কৰি জাতীয় মহাসভাত যোগদান কৰিছিল।
  • ১৯৪২ চনত সমগ্ৰ ভাৰতবৰ্ষ জুৰি ভাৰত ত্যাগ আন্দোলন চলিছিল। ইয়াত সোণাৰাম চুতীয়াদেৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে তেখেতক ৪ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। যোৰহাট কাৰাগাৰত সোণাৰাম চুতীয়াদেৱ ২ বছৰ ১৭ দিন বন্দী হৈ আছিল। ইয়াৰ পিছত ৬ মাহ কাল তেখেতক নিজ ঘৰত অন্তৰীণ বন্দী কৰি ৰখা হৈছিল।
  • ১৯৪৫ চনত তেখেত যোৰহাট লোকেল ব'ৰ্ডৰ সদস্য নিৰ্বাচিত হৈছিল আৰু এই কালছোৱাতে গোপীনাথ বৰদলৈৰ অনুপ্ৰেৰণাত তেখেতে মোহনদাস কৰমচান্দ গান্ধীৰ সেৱা আশ্ৰমত দহমহীয়া বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ লৈছিল। ইয়াতে তেওঁ মহাত্মা গান্ধীৰ ধৰ্ম আৰু কৰ্মবীক্ষাৰে প্ৰভাৱাম্বিত হৈছিল।
  • ১৯৪৬ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘত যোগদান আৰু সংঘৰ প্ৰচাৰ সংগঠকৰ কামত নিজকে তেখেতে আত্মনিয়োগ কৰিছিল।৬
  • ১৯৫৪ চনত গোলাঘাটত গ্ৰাম্য উন্নয়ন বিষয়া হিচাপে যোগদান কৰিছিল।
  • ১৯৬২ চনৰপৰা ১৯৬৫ চনলৈকে মাজুলী, সাপেখাটী, সোণাৰিত খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যপালন কৰিছিল।
  • ১৯৬৮ চনত জয়সাগৰৰ পঞ্চায়তীৰাজ আৰু গাঁও পঞ্চায়ত সম্পাদক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল।
  • ১৯৭০ চনত অধ্যক্ষ পদৰপৰা অৱসৰ গ্ৰহণ কৰি টীয়ক ৰজাবাৰী হাইস্কুলৰ প্ৰধান হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল।
  • ১৯৭৫ চনত চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰিছিল।
  • ১৯৭৮ চনৰপৰা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্য্যনিবাহ কৰি আছে।

ধৰ্মান্তৰিত হোৱাৰ সিদ্ধান্ত

ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি কাৰাৰুদ্ধ হৈ থকাৰ সময়ত ১৯৪২ চনত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীদেৱৰ সৈতে সোণাৰাম চুতীয়াদেৱৰ সাক্ষাৎ হৈছিল। তেখেতৰ অনুপ্ৰেৰণাতে এওঁ বেদ-উপনিষদ পঢ়িবলৈ লৈছিল।৬ অৱশেষত তেওঁ ধৰ্মান্তৰিত হোৱাৰ সিদ্ধান্ত ত্যাগ কৰিছিল।৭

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ হিচাপে সোণাৰাম চুতীয়াদেৱে ন-বাৰকৈ পদাধিকাৰৰ পদ অলংকৃত কৰিছিল।

চনঅধিবেশনস্থান৭
১৯৫৬২৮তমচৰাইদলনি, উত্তৰ লক্ষীমপুৰ৬
১৯৬৫৩৪তমকলাবাৰী, দৰং জিলা
১৯৬৬৩৫তমতিনিচুকীয়া, ডিব্ৰুগড়
১৯৬৭৩৬তমহাওৰাঘাট, কাৰ্বি আংলং জিলা
১৯৬৮৩৭তমবিজনী, গোৱালপাৰা
১৯৬৯৩৮তমমাজবাট, দৰং জিলা
১৯৭০৩৯তমলখিমপুৰ জিলা
১৯৭৭৪৭তমকেন্দুগুৰি, যোৰহাট
১৯৭৮৪৮তমগুৱাহাটী

প্ৰকাশিত গ্ৰন্থ তালিকা

  • ঈশ্বৰৰ সৰ্বপিতা (অনুবাদ) (১৯৫৪)
  • নামধৰ্ম প্ৰকাশ৪ (১৯৫৪)
  • মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ চৰিত্ৰ (১৯৬৮)
  • অসমৰ বৈষ্ণৱ দৰ্শনৰ স্বৰ্ণৰেখা (১৯৭২)
  • বিষোদগাৰৰ বিচিত্ৰ কাহিনী (১৯৭৬)
  • মহাপুৰুষীয় ধৰ্ম আৰ কৰ্মকাণ্ড (১৯৮০)
  • শোৱৰ অষুধি (১৯৮০)
  • ভাগৱত মহাত্ম্য (১৯৮৬)
  • মহাপুৰুষীয় ধৰ্ম জিজ্ঞাসা৬ (১৯৮৬)
  • বেদ আৰু মহাপুৰুষীয় ধৰ্ম (১৯৮৬)
  • মুণ্ডণ (১৯৭৮)
  • ভক্তিৰত্নৱলী (টীকা আৰু ভাষ্যসহ) (১৯৭৯)
  • বৈষ্ণৱ পণ্ডিত শ্ৰীসোণাৰাম চুতীয়া ৰচনাৱলী - ১ম খণ্ড (১৯৯৮)
  • অসমৰ সত্ৰঃ এক অনুসন্ধান (২০০৩)
  • আমি ভগৱানৰ দাস (২০০৩)
  • বৈষ্ণৱ পণ্ডিত শ্ৰীসোণাৰাম চুতীয়া ৰচনাৱলী - ২য় খণ্ড (যন্ত্ৰস্থ)

বঁটা আৰু পুৰস্কাৰ

  • ২২ আগষ্ট ১৯৭২ চন: ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে তাম্ৰপত্ৰেৰে সন্মানিত হৈছিল।
  • ৯ আগষ্ট ১৯৯৩ চন: অসম চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে সম্বৰ্ধিত হৈছিল।৬
  • ২০ ফেব্ৰুৱাৰী ১৯৯৪ চন: শ্ৰীশঙ্কৰ সংঘৰ দ্বাৰা, সংঘৰ সৰ্ব্বোচ্চ সন্মান শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছিল।৪৬
  • ২০০০ চন: অসম চৰকাৰৰ দ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰদান কৰা হৈছিল।৭৬
  • ২০০৫ চন: যোৰহাটস্থ একলব্য আৰু উত্তৰ-পূব গৱেষণা মঞ্চৰ দ্বাৰা 'দলিত দৰদী' অভিধা প্ৰদান।
  • ২০১২ চন: যোৰহাট জিলা সাহিত্য শাখাৰ দ্বাৰা 'যোৰহাট ৰত্ন' উপাধি প্ৰদান।

ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা মান-পত্ৰ আৰু সম্বৰ্দ্ধনা আদি লাভ কৰে।৮

মৃত্যু

২০১৩ চনৰ ৩০ জানুৱাৰী তাৰিখে সোণাৰাম চুতীয়াদেৱে নিশা ৯ বাজি ১০ মিনিটত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৯৮ বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে।৪ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হোৱাত সেইদিনা পুৱা ১১ বজাত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ নিম্ন ৰক্তচাপ আৰু হাওঁফাওঁজনিত ৰোগত আক্ৰান্ত হৈছিল।১

তথ্যসূত্ৰ

  1. ↑ (৩১ জানুৱাৰী, ২০১৩). বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ দেহাৱসান. amarasom.glpublications.in. glpublications. পৃ. ১ম
  2. ↑ ড° বেণু গগৈ, ড° গৌতম গগৈ. (২০০৫). তিমিৰ ফাৰিয়া বাজ. পৃ. ১৮
  3. ↑ ajirdainikbatori.com/current/anchalik1.htm তথ্য সংগ্ৰহৰ সময়-৩১ জানুৱাৰী ২০১৩
  4. ↑ (Thursday, January 31, 2013). Sonaram Chutia passes away. telegraphindia.com. The Telegraph
  5. ↑ ajirdainikbatori.com/current/anchalik1.htm তথ্য সংগ্ৰহৰ সময়-৩১ জানুৱাৰী ২০১৩
  6. ↑ (৩১ জানুৱাৰী, ২০১৩). বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ দেহাৱসান. glpublications.in. পৃ. অষ্টম
  7. ↑ ড° বেণু গগৈ, ড° গৌতম গগৈ. (২০০৫). তিমিৰ ফাৰিয়া বাজ. পৃ. ১৭২, ১৭৩
  8. ↑ ajirdainikbatori.com/current/anchalik1.htm তথ্য সংগ্ৰহৰ সময়-৩১ জানুৱাৰী ২০১৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামীঅসমীয়া প্ৰবন্ধকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাৰাম চুতীয়া” প্ৰবন্ধৰ সংশোধন ৬২৯৭৯৭ (২২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।