লিচিপ্ৰিয়া কাংগুজাম (Licypriya Kangujam, জন্ম: ২ অক্টোবৰ ২০১১) ভাৰতৰ এগৰাকী শিশু পৰিৱেশ কৰ্মী। তেওঁ বিশ্বব্যাপী সৰ্বকনিষ্ঠ জলবায়ু কৰ্মীসকলৰ ভিতৰত অন্যতম আৰু স্পেইনৰ মাদ্ৰিডত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন ২০১৯ (চিওপি২৫)ত বিশ্বৰ নেতাসকলক সম্বোধন কৰি তেওঁলোকক তাৎক্ষণিক জলবায়ু ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল।১২ লিচিপ্ৰিয়াই ২০১৮ চনৰ পৰা ভাৰতত জলবায়ু ব্যৱস্থাৰ বাবে প্ৰচাৰ চলাই আছে। ভাৰতৰ উচ্চ প্ৰদূষণৰ স্তৰ ৰোধ কৰিবলৈ নতুন আইন গৃহীত কৰিবলৈ আৰু বিদ্যালয়সমূহত গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে শিক্ষাদান বাধ্যতামূলক কৰিবলৈ দাবী জনায় আহিছে।৩৪
তেওঁক প্ৰায়ে ভাৰতৰ গ্ৰেটা থুন্বাৰি বুলি অভিহিত কৰা হয়। লিচিপ্ৰিয়াই ২০১৮ চনৰ জুলাইত জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে ওকালতি কৰা আৰম্ভ কৰিছিল।৫ জলবায়ু কৰ্মী গ্ৰেটা থুন্বাৰিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ২০১৯ চনৰ ২১ জুন তাৰিখে লিচিপ্ৰিয়াই ভাৰতত জলবায়ু পৰিবৰ্তন আইন গৃহীত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ভাৰতীয় সংসদ ভৱনৰ বাহিৰত এসপ্তাহ অতিবাহিত কৰিছিল। ২০১৯ চনৰ ৩১ আগষ্ট তাৰিখে লিচিপ্ৰিয়াই মালদ্বীপ চৰকাৰৰ যুৱ আৰু যুৱ ক্ৰীড়া আৰু সম্প্ৰদায় সশক্তিকৰণ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ অৰ্থনীতি আৰু শান্তি প্ৰতিষ্ঠান (আইইপি) বিশ্ব শান্তি সূচকৰ অংশীদাৰিত্ব সঞ্চালক শ্ৰী চাৰ্লছ এলেনৰ দ্বাৰা হস্তান্তৰ কৰা "বিশ্ব শিশু শান্তি পুৰস্কাৰ ২০১৯" লাভ কৰে। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন, ডি.এ.ত অৱস্থিত আৰ্থ দিৱস নেটৱৰ্কৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰা "ৰাইজিং ষ্টাৰ" শীৰ্ষক উপাধি প্ৰদান কৰা হৈছিল।৬৭৮
২০১৯ চনৰ ১৯ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰৰ নীতি আয়োগৰ সহযোগত দৈনিক ভাস্কৰে চণ্ডীগড় বিশ্ববিদ্যালয়ত প্ৰদান কৰা "এছডিজি এম্বেছাডৰ এৱাৰ্ড ২০১৯" বঁটা লাভ কৰে। লিচিপ্ৰিয়াই পণ্ডিচেৰীৰ উপৰাজ্যপাল কিৰণ বেদীৰ গৱৰ্ণৰ দ্বাৰা নতুন দিল্লীত ২০২০ চনৰ ৩ জানুৱাৰী তাৰিখে "গ্লোবেল চাইল্ড প্ৰডিজি বঁটা ২০২০" লাভ কৰিছিল।৯ ২০২০ চনৰ ১৮ ফেব্ৰুৱাৰীত দিল্লী বিশ্ববিদ্যালয়ত অনুষ্ঠিত টেডএক্স এছবিএছচিক সম্বোধন কৰিছিল। ২০২০ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে তেওঁ মুম্বাইত অনুষ্ঠিত টেডএক্সগেটৱেক সম্বোধন কৰে আৰু তেওঁৰ ভাষণৰ বাবে শ্ৰোতাৰ ষ্টেণ্ডিং অভেচন লাভ কৰিছিল।১০১১১২১৩
জীৱনী
লিচিপ্ৰিয়া কাংগুজাম জন্ম ২০১১ চনৰ ২ অক্টোবৰ তাৰিখে ভাৰতৰ মণিপুৰৰ বাসিখংত হৈছিল। তেওঁ কে কে সিং আৰু বিদ্যৰাণী দেৱী কাংগুজাম অংবিৰ জ্যেষ্ঠ কন্যা। সাত বছৰ বছৰ পৰা তেওঁ জলবায়ু পৰিবৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ মোকাবিলা কৰিবলৈ মাত মাতি আহিছে। ২০১৯ চনৰ জুন মাহত তেওঁ ভাৰতৰ সংসদ ভৱনৰ সন্মুখত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি ভাৰতত জলবায়ু পৰিবৰ্তন আইন প্ৰণয়ন কৰিবলৈ প্ৰতিবাদ কৰিছিল।১৪১৫১৬১৭
২০১৮-২০১৯ চনৰ সক্ৰিয়তা
অংশীদাৰ মঞ্চ ২০১৯ (বাইনীয়েল লুয়াংদা)ক সম্বোধন কৰা মুহূৰ্তত লিচিপ্ৰিয়া কাংগুজাম]]
মংগোলীয়া ভ্ৰমণ
২০১৮ চনত লিচিপ্ৰিয়াই তেওঁৰ দেউতাকৰ সৈতে মংগোলীয়া ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ সন্মিলনত অংশগ্ৰহণ কৰিছিল। ই তেওঁক সক্ৰিয় কৰ্মী হিচাপে সামাজিক কাৰ্য্যসমূহত জড়িত হ'বলৈ অনুপ্ৰাণিত কৰিছিল। বিবিচি নিউজৰ এক প্ৰবন্ধত তেওঁ কৈছিল, “মই ভাষণ দিয়া লোকসকলৰ পৰা যথেষ্ট অনুপ্ৰেৰণা আৰু নতুন জ্ঞান পাইছিলো। এইটো এটা জীৱন পৰিবৰ্তনশীল ঘটনা আছিল।” জলবায়ু পৰিবৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰি পৃথিৱীক সুৰক্ষিত কৰিবলৈ সজাগতা বৃদ্ধি কৰাৰ বাবে অনুষ্ঠানটোৰ পিছতে লিচিপ্ৰিয়াই "দা চাইল্ড মুভমেণ্ট" প্ৰতিষ্ঠা কৰিছিল।৬১৮১৯২০২১
কেৰালা বানপানী ২০১৮
লিচিপ্ৰিয়াই কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নক ২০১৮ চনৰ ২৪ আগষ্ট তাৰিখে কেৰালাৰ বানপীড়িত শিশুসকলক সহায় কৰিবলৈ ১ লাখ টকা দান কৰিছিল। দুবছৰ পিছত তেওঁ কেৰালা চৰকাৰৰ পৰা স্বীকৃতি পত্ৰ এখন লাভ কৰিছিল।২২
গ্ৰেট অক্টোবৰ মাৰ্চ ২০১৯
২০১৯ চনৰ ২১ অক্টোবৰত, লিচিপ্ৰিয়াই তেওঁৰ প্ৰায় হাজাৰ সমৰ্থকৰ সৈতে নতুন দিল্লীৰ ইণ্ডিয়া গেটত "গ্ৰেট অক্টোবৰ মাৰ্চ ২০১৯" আৰম্ভ কৰে। গ্ৰেট অক্টোবৰ মাৰ্চ ২১ ৰ পৰা ২৭ অক্টোবৰলৈ বিভিন্ন স্থানত হৈছিল য'ত জলবায়ু পৰিবৰ্তনৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু ভাৰতত জলবায়ু আইন প্ৰণয়ন কৰিবলৈ অনুৰোধ কৰা হৈছিল।৬২৩২৪
ৰ সৈতে লিচিপ্ৰিয়া কাংগুজাম]]
২০২০ চনৰ সক্ৰিয়তা
বিশ্ব অৰ্থনৈতিক মঞ্চ ২০২০
২০২০ চনত লিচিপ্ৰিয়াই বিশ্ব অৰ্থনৈতিক মঞ্চৰ অংশগ্ৰহণকাৰীসকলক কৰ্মী গ্ৰেটা থুনবাৰ্গ, লুইচা নিউবাউৰ, ইছাবেল এক্সেলচন আৰু লুকিনা টিলেৰ সৈতে এখন পত্ৰ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে কোম্পানী, বেংক আৰু চৰকাৰক লগে লগে জীৱাশ্ম ইন্ধনৰ ৰাজসাহায্য বন্ধ কৰিবলৈ আহ্বান জনোৱা হয়। গাৰ্জেন কাকতক দিয়া এক মতামতত তেওঁলোকে কয়, "আমি এই কামবোৰ ২০৫০, ২০৩০ বা আনকি ২০২১ চনৰ ভিতৰত কৰাটো নিবিচাৰো, আমি এতিয়া এইটো কৰিব বিচাৰো – বৰ্তমানৰ দৰে। আমি বিশ্বৰ নেতাসকলক এই বিশ্বৰ সংকটৰ কেন্দ্ৰত থকা জীৱাশ্ম ইন্ধন অৰ্থনীতিত বিনিয়োগ বন্ধ কৰিবলৈ আহ্বান জনাও। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে তেওঁলোকৰ ধন বহনক্ষম প্ৰযুক্তি, গৱেষণা আৰু প্ৰকৃতি পুনৰুদ্ধাৰকৰাত বিনিয়োগ কৰিব লাগে। হস্ৰম্যাদী লাভে জীৱনৰ দীৰ্ঘম্যাদী স্থিৰতা কঢ়িওৱা উচিত নহয়।২৫২৬
বিদ্যালয়সমূহত জলবায়ু পৰিবৰ্তন শিক্ষাদানৰ অভিযান
তেওঁ বিদ্যালয়সমূহত জলবায়ু পৰিবৰ্তনৰ পাঠ অন্তৰ্ভুক্ত বাধ্যতামূলক কৰিবলৈ প্ৰচাৰ চলাই আছে আৰু তেওঁৰ অনুৰোধ অনুসৰি গুজৰাট চৰকাৰে বিদ্যালয় শিক্ষাত জলবায়ু পৰিবৰ্তনৰ পাঠ অন্তৰ্ভুক্ত কৰিছে।২৭
পৃথিৱী দিৱস ২০২০
২০২০ চনত লিচিপ্ৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি.চি. বিশ্বব্যাপী সমবেত সকলক সম্বোধন কৰে। ক'ভিড-১৯ বৈশ্বিক মহামাৰী আৰম্ভ হোৱাৰ বাবে অনুষ্ঠানটো ভাৰ্চুৱেল আছিল। তেওঁ আন ৫০জন বিশ্বব্যাপী নেতা, প্ৰভাৱশালী, চেলিব্ৰিটি, খেলুৱৈ আৰু সংগীতজ্ঞৰ সৈতে প্ৰদৰ্শিত হৈছিল।২৮২৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (20 September 2019). Meet Licypriya Kangujam, the 8-yr-old Indian 'Greta' who is urging leaders at COP25 to save the planet. The Economic Times
- ↑ (10 December 2019). Eight-Year-Old Licypriya Kangujam Is Flying India's Flag at COP25. The Wire
- ↑ (10 December 2019). Indian 8-year-old challenges world leaders to act on climate change at COP25 in Madrid. The Hindu
- ↑ (10 December 2019). Meet Licypriya Kangujam, the 8-yr-old Indian 'Greta' who is urging leaders at COP25 to save the planet. The Economic Times
- ↑ Licypriya Kangujam. (27 Jan 2020). Dear Media, Stop calling me "Greta of India". ..
- ↑ (6 February 2020). India climate activist Licypriya Kangujam on why she took a stand. BBC News
- ↑ (6 February 2020). One year on, child climate activist, 8, continues strike outside Indian parliament. The Straits Times
- ↑ This 7-Yr-Old Girl Stood Near Parliament Urging PM Narendra Modi To Pass The Climate Change Law Now. The Times of India
- ↑ Licypriya Kangujam from India - the world's youngest climate activist - stands with Greta Thunberg and demands three new policies. Business Insider
- ↑ Licypriya Kangujam. TEDxGateway
- ↑ Young ones to take centre stage at TEDxGateway tomorrow. TEDxGateway
- ↑ Licypriya Kangujam. দ্য হিন্দু
- ↑ Climate change, future tech take centre stage. Mumbai Mirror
- ↑ (22 June 2019). A 7-Year-Old Takes Stand Near The Parliament Urging PM Modi To Pass The Climate Change Law. ScoopWhoop
- ↑ (24 September 2019). Angola backs Licypriya's green world campaign. Poknapham
- ↑ (9 September 2019). Seven-year-old becomes the youngest green activist. Daily News and Analysis
- ↑ (22 June 2019). Aged 7, Licypriya Kangujam stands outside Parliament to urge Prime Minister, MPs to pass climate change law. Mirror Now
- ↑ (20 September 2019). Biennale of Luanda - Pan-African Forum for the culture of peace. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
- ↑ (20 September 2019). Biennale of Luanda: Pan-African Forum for the Culture of Peace. African Union
- ↑ (20 September 2019). Licypriya Kangujam met with The President of Namibia. India Education Diary
- ↑ (20 September 2019). Licypriya draws attention of world leaders on her maiden climate change movement in Angola. Rediff Realtime
- ↑ (22 October 2019). Licypriya Kangujam Donated ₹1,00,000 to Kerala Government to Support Victim Children of Kerala Massive Flood in 2018 but Acknowledged after almost 2 Years. Saarcyouth.org
- ↑ (29 January 2020). Meet Licypriya Kangujam, The Indian Climate Activist. SheThePeople.TV
- ↑ (22 October 2019). Licypriya Kangujam kicks off worldwide protest, demands on climate action. Pragativadi
- ↑ Greta Thunberg; others. (10 Jan 2020). At Davos we will tell world leaders to abandon the fossil fuel economy. The Guardian
- ↑ (10 Jan 2020). At Davos we will tell world leaders to abandon the fossil fuel economy. World Economic Forum
- ↑ BBC World Service - BBC OS, BBC OS, How I became an 8-year-old climate activist. BBC
- ↑ Join Celebrities, Musicians, Activists and the Pope for an All-Digital Earth Day and 24 Hours of Action. Cincinnati CityBeat
- ↑ Join Celebrities, Musicians, Activists and the Pope for an All-Digital Earth Day and 24 Hours of Action. Condé Nast Traveller
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিচিপ্ৰিয়া কাংগুজাম” প্ৰবন্ধৰ সংশোধন ৬৩০৬৪৩ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।