অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গ্ৰেটা থুন্‌বাৰি

গ্ৰেটা থুন্‌বাৰি (Greta Thunberg; ৩ জানুৱাৰী, ২০০৩) এগৰাকী চুইডিছ পৰিৱেশ কৰ্ম্মী। বিগত এটা বছৰ ধৰি তেওঁ জলবায়ু পৰিবৰ্তন সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰি আহিছে।

হালনাগাদ: ১৮ জুলাই ২০২৬ ১,৭৮৪ শব্দ · ১০ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

গ্ৰেটা থুন্‌বাৰি (Greta Thunberg; ৩ জানুৱাৰী, ২০০৩) এগৰাকী চুইডিছ পৰিৱেশ কৰ্ম্মী। বিগত এটা বছৰ ধৰি তেওঁ গোলকীয় উষ্ণতা বৃদ্ধি সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰি আহিছে।

২০১৮ চনৰ আগষ্ট মাহত মাথোঁ পোন্ধৰ বছৰ বয়সত তেওঁ বিদ্যালয়ৰ শ্ৰেণী বৰ্জন কৰি চুইডিছ সংসদৰ সন্মুখত জলবায়ুৰ পৰিবৰ্তন ৰোধাৰ বাবে অধিক কাৰ্য্যক্ষম পদক্ষেপৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। কিছুদিনৰ ভিতৰতে অন্য বহু ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ প্ৰতিবাদত যোগ দিয়ে। তেওঁলোকে সন্মিলিত হৈ ভৱিষ্যতৰ বাবে শুক্ৰবাৰ (Fridays for Future) নামেৰে জলবায়ুৰ বিদ্যালয় প্ৰতিবাদ (school climate strike movement) আৰম্ভ কৰে। থুন্‌বাৰিয়ে ২০১৮ চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তন অভিৱৰ্ত্তন (2018 United Nations Climate Change Conference)-ত দিয়া বক্তৃতাৰ পিছত বিশ্বৰ বহুতো দেশত শিক্ষাৰ্থীৰ প্ৰতিবাদ অনুষ্ঠিত হয়।১২

থুন্‌বাৰি তেওঁৰ পোনপটীয়া (blunt),৩ তথ্যপূৰ্ণ কথা কোৱাৰ ধৰণৰ৪ বাবে খ্যাত। তেওঁ নিজৰ পিতৃ-মাতৃক জলবাুয়ুৰ পৰিবৰ্তনত বিৰূপ প্ৰভাৱ পেলাব পৰা জীৱন এৰি বহনক্ষম উপায় অৱলম্বন কৰিবলৈ সন্মত কৰাইছে।

মে', ২০১৯ ত 'টাইম' আলোচনীয়ে থুন্‌বাৰিক 'নতুন প্ৰজন্মৰ নেত্ৰী' (next generation leader) হিচাপে আখ্যা দিছে।৫ কিছু প্ৰচাৰ মাধ্যমে তেওঁ সমাজৰ বিভিন্ন স্তৰত পেলোৱা প্ৰভাৱক গ্ৰেটা থুন্‌বাৰি এফেক্ট' (Greta Thunberg effect) ৰূপে অভিহিত কৰিছে।৬

জীৱন

গ্ৰেটা থুন্‌বাৰিৰ জন্ম হৈছিল ২০০৩ চনৰ ৩ জানুৱাৰীত ষ্ট'কহ'মত।৭৮ তেওঁৰ মাতৃ অপেৰা গায়িকা মালেনা আৰ্ণমেন (Malena Ernman) আৰু পিতৃ অভিনেতা ভাণ্টে থুন্‌বাৰি (Svante Thunberg)।৯ তেওঁৰ ককাক অভিনেতা আৰু পৰিচালক ওলফ থুন্‌বাৰি (Olof Thunberg)।১০

গ্ৰেটা থুন্‌বাৰি
গ্ৰেটা থুন্‌বাৰিছবি: Anders Hellberg · CC BY-SA 4.0

থুন্‌বাৰিৰ মতে তেওঁ জলবায়ু পৰিবৰ্তনৰ বিষয়ে ২০১১ চনত শুনিবলৈ পায় যেতিয়া তেওঁৰ বয়স আছিল মাথোঁ আঠ বছৰ। সেইসময়তে জলবায়ুৰ পৰিবৰ্তন ৰোধ কৰিবৰ বাবে কিয় কোনো দৃঢ় পদক্ষেপ লোৱা হোৱা নাই এই লৈ তেওঁ আচৰিত হৈছিল।১১ পৰৱৰ্ত্তী তিনিবছৰত তেওঁ বিষণ্ণতাত ভোগে আৰু কথা কোৱা আৰু খোৱাৰ পৰা বিৰত থাকে। স্বাস্থ্যপৰীক্ষাৰ অন্তত তেওঁৰ Asperger syndrome,১২ obsessive–compulsive disorder (OCD),১২ আৰু selective mutism১২১৩ থকা বুলি ধৰা পৰে। যদিও এই ৰোগসমূহে পূৰ্বতে তেওঁক সীমাবদ্ধ কৰি ৰাখিছিল, থুন্‌বাৰিয়ে Asperger syndrome ক ৰোগৰ সলনি তেওঁৰ 'চুপাৰপাৱাৰ' বুলিহে অভিহিত কৰে।১৩

প্ৰায় দুবছৰ ধৰি, থুন্‌বাৰিয়ে তেওঁৰ পিতৃ-মাতৃক পৰ্ণাশনী (vegan) হৈ আৰু উৰাজাহাজেৰে ভ্ৰমণ কৰাটো বাদ দি পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ (carbon footprint) কমাবলৈ সন্মত কৰাৰ প্ৰচেষ্টা কৰে। অৱশ্যে ইয়াৰ ফলত তেওঁৰ মাকে সংগীতশিল্পী হিচাপে তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰ ত্যাগ কৰিব লগা হয়।৯১৪ পিতৃ-মাতৃৰ এনে জীৱন শৈলীৰ পৰিবৰ্তন কৰিবলৈ সক্ষম হোৱাৰ বাবেই তেওঁ সমাজলৈকো পৰিবৰ্তন আনিব পাৰিব বুলি আশাবাদী হৈ পৰে।৯ থুন্‌বাৰিৰ পৰিয়ালৰ এই ঘটনাসমূহ ২০১৮ চনত প্ৰকাশিত Scenes from the Heart নামৰ গ্ৰন্থখনত প্ৰকাশ পাইছে।১৫

২০১৮ চনৰ শেষৰ ফালে গ্ৰেটা থুন্‌বাৰিয়ে জলবায়ুৰ পৰিবৰ্তন ৰোধাৰ বাবে বিদ্যালয়ৰ ধৰ্মঘট আৰম্ভ কৰে। অনতিপলমে তেওঁ বিশ্বব্যাপি খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। তেওঁ বিদ্যালয়ৰ শ্ৰেণী বৰ্জন কৰাক লৈ তেওঁৰ পিতৃ সন্মত নহয় যদিও থুন্‌বাৰিয়ে এটা দৃঢ় পক্ষ লোৱাটো সমৰ্থন কৰে বুলি মত প্ৰকাশ কৰে। পিতৃৰ ভাষ্য অনুসৰি 'তেওঁ হয় একো নকৰাকৈ ঘৰত থাকি অসুখী হৈ পৰিব নাইবা ধৰ্মঘট কৰিও সুখী হ'ব। '১৪ থুন্‌বাৰিৰ মতে তেওঁৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত এই ধৰ্মঘটক লৈ মতবিৰোধ আছে। ব্যক্তি হিচাপে তেওঁলোকে এই আন্দোলন আৰু ধৰ্মঘটক সমৰ্থন কৰে কিন্তু শিক্ষাগুৰু হিচাপে তেওঁলোকে থুন্‌বাৰিয়ে শ্ৰেণীত পাঠগ্ৰহণ কৰাটো বিচাৰে।১৪

থুন্‌বাৰিয়ে জলবায়ু পৰিবৰ্তনক লৈ দিয়া এলানি বক্তৃতাৰ সংকলন ২০১৯ চনৰ মে' মাহত No One Is Too Small to Make a Difference নামেৰে প্ৰকাশ কৰে।১৬ এই গ্ৰন্থৰ পৰা হোৱা সকলো আয় তেওঁ জনকল্যাণমূলক সংগঠনত দান দিয়ে।১৭ জলবায়ুৰ পৰিবৰ্তন ৰোধাৰ বাবে পদক্ষেপ ল'বলৈ দাবী জনাই দিয়া এটা ভাষণত থুন্‌বাৰিয়ে তেওঁৰ ৰোগ ( selective mutism) ৰ বাবে তেওঁ প্ৰয়োজন হ'লেহে কথা কয় ("only speaks when necessary") বুলি মত প্ৰকাশ কৰে।১১ ২০১৯ চনত থুন্‌বাৰিয়ে "The 1975" নামৰ এটা গানত কণ্ঠদান কৰে। তেওঁ সকলোকে আহ্বান জনাই কয় যে 'এয়া জন সত্যাগ্ৰহ (civil disobedience) ৰ সময়, এয়া বিদ্ৰোহৰ সময়। '১৮

আটলাণ্টিক সাগৰেৰে যাত্ৰা

২০১৯ চনৰ আগষ্ট মাহত থুন্‌বাৰিয়ে যুক্তৰাজ্যৰ প্লাইমাউথৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কলৈ সৌৰশক্তিৰে পৰিচালিত এখন নাৱেৰে আটলাণ্টিক মহাসাগৰেদি যাত্ৰা কৰে। এই যাত্ৰাত থুন্‌বাৰিয়ে সেউজগৃহ গেছৰ বিকিৰণ নোহোৱাকৈ যাত্ৰা কৰাৰ এক নিদৰ্শন দাঙি ধৰে। ২০১৯ চনৰ ১৪ আগষ্টৰ পৰা ২৮ আগষ্টলৈ চৈধ্য দিন ধৰি তেওঁ এই যাত্ৰা কৰি নিউয়ৰ্কত উপস্থিত হয়হি। আমেৰিকাত থকাৰ সময়ত থুন্‌বাৰিয়ে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ জলবায়ুৰ কাৰ্য্যৰোপণ সমাৰোহ (UN Climate Action Summit) আৰু ছাণ্টিয়াগোত ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া জলবায়ু পৰিৱৱৰ্ত্তন অভিৱৰ্ত্তন (COP 25 Climate Change Conference)-ত অংশ লব।১৯২০

২০১৮-২০১৯ কালছোৱাৰ কাৰ্য্যসূচী

২০১৯ৰ অষ্ট্ৰিয়ান বিশ্ব জলবায়ু সন্মিলনীত গ্ৰেটা
২০১৯ৰ অষ্ট্ৰিয়ান বিশ্ব জলবায়ু সন্মিলনীত গ্ৰেটাছবি: Bundesministerium für europäische und internationale Angelegenheiten · CC BY 2.0

জলবায়ুৰ বাবে বিদ্যালয় ধৰ্মঘট

"ডেম'ক্ৰেচি নাও!"অৰ এ'মি গুডমেনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত থুন্‌বাৰিয়ে কৈছিল যে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ স্কুল এখনত হোৱা গুলীবৰ্ষণৰ পিছত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে স্কুললৈ আহিবলৈ অস্বীকাৰ কৰিছিল, তেতিয়াই পোনপ্ৰথমবাৰৰ বাবে জলবায়ুৰ হকে ধৰ্মঘট কৰাৰ কথা তেওঁৰ মনলৈ আহিছিল।৯ ফ্ল'ৰিডাৰ পাৰ্কলেণ্ডস্থিত মাৰ্জৰি ষ্ট'নমেন ডগলাছ হাইস্কুলৰ এই শিশু কৰ্মীসকলে বন্দুক প্ৰচলনৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ "আমাৰ জীৱনৰ স্বাৰ্থত শোভাযাত্ৰা" কাৰ্য্যসূচী হাতত লৈছিল।২১২২

ইয়াৰ পিছত ২০১৮ চনৰ মে' মাহত চুইডিছ সংবাদ পত্ৰ Svenska Dagbladet য়ে জলবায়ু পৰিবৰ্তন সম্পৰ্কে আয়োজন কৰা ৰচনা প্ৰতিযোগিতা এখনত থুন্‌বাৰিয়ে পুৰস্কাৰ লাভ কৰে। ৰচনাখনৰ এটা অংশত তেওঁ লিখিছিল, "মই সুৰক্ষিত অনুভৱ কৰিবলৈ বিচাৰোঁ। কিন্তু যেতিয়া আমি মানৱ ইতিহাসৰ সবাতোকৈ ডাঙৰ সংকটটোৰ মুখামুখি হৈছোঁ, কেনেকৈ নিজকে সুৰক্ষিত বুলি পতিয়ন নিয়াব পাৰিম?"২৩ সংবাদপত্ৰখনে তেওঁৰ প্ৰবন্ধটো প্ৰকাশ কৰাৰ পিছতে জলবায়ু পৰিবৰ্তন ৰোধৰ হকে কাম কৰিবলৈ আগ্ৰহী "ফছিল ফ্ৰি ডালস্লেণ্ড" নামৰ গোটটোৰ সদস্য ব' থৰেনে তেওঁৰ সৈতে যোগাযোগ কৰে। থুন্‌বাৰিয়ে সেই গোটটোৰ কেইবাখনো সভাত অংশ লৈছিল। ইয়াৰে এখন সভাত থৰেনে পৰামৰ্শ দিছিল যে স্কুলীয়া ছাত্ৰ-ছাত্ৰীবোৰে জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে মাত মাতি ধৰ্মঘট কৰিব পাৰে।২৪ থুন্‌বাৰিয়ে যুৱ সম্প্ৰদায়ৰ আন বহুতকো এই প্ৰচেষ্টাৰ অংশীদাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনোৱে এইক্ষেত্ৰত বিশেষ সদিচ্ছা নেদেখুৱালে। সেইবাবে পিছলৈ তেওঁ নিজেই ধৰ্মঘটৰ সূচনা কৰাৰ সিদ্ধান্ত ল'লে।৯

ৰ সদনত গ্ৰেটা]]

২০১৮ চনৰ গ্ৰীষ্মকালত ছুইডেনৰ তাপমাত্ৰাই যোৱা ২৬২ বছৰৰ ভিতৰত সৰ্বোচ্চ মান পায়। প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ ফলত ব্যাপক হাৰত বনজুই লাগে। নৱম শ্ৰেণী পোৱাৰ মাত্ৰ কিছুদিন পিছতে ২০১৮ চনৰ ২০ আগষ্টত থুন্‌বাৰিয়ে সিদ্ধান্ত লয় যে চুইডিছ সাধাৰণ নিৰ্বাচন শেষ নোহোৱালৈ তেওঁ বিদ্যালয়ৰ শ্ৰেণী বৰ্জন কৰিব।১৪ থুন্‌বাৰিয়ে দাবী কৰিছিল যে চুইডিছ চৰকাৰে পেৰিছ চুক্তিৰ লগত খাপ খোৱাকৈ কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব লাগে। স্কুল চলি থকা সময়তে তেওঁ ৰিকস্দাগৰ বাহিৰত বহি তিনি সপ্তাহ ধৰি Skolstrejk för klimatet (অৰ্থাৎ, জলবায়ুৰ বাবে বিদ্যালয় ধৰ্মঘট) শীৰ্ষক বেনাৰ লৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।২৫ তেওঁ কাগজৰখিলা কিছুমানো বিলাই দিছিল, য'ত লিখা আছিল, "মই এনে কৰাৰ কাৰণটো হৈছে- তোমালোক ডাঙৰসকলে মোৰ ভৱিষ্যতটো নষ্ট কৰিবলৈ ওলাইছা"।

থুন্‌বাৰিয়ে ধৰ্মঘটৰ ছবিসমূহ প্ৰথমে ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ জৰিয়তে প্ৰচাৰ কৰিছিল। পিছলৈ ছডিয়েল মিডিয়াত আন বহু লোকেও থুন্‌বাৰিৰ প্ৰচেষ্টাক প্ৰচাৰ কৰে।২৬ "উই ড'ণ্ট্ হেভ টাইম" নামৰ জলবায়ুকেন্দ্ৰিক চুইডিছ ছ'চিয়েল মিডিয়া কোম্পানী এটাৰ প্ৰতিষ্ঠাপক ইংমাৰ ৰেঞ্জহগৰ মতে থুন্‌বাৰিৰ ধৰ্মঘটে তেতিয়াৰ পৰা সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ল'লে,যেতিয়া তেওঁ স্বাধীন ফটোগ্ৰাফাৰ এজনৰ সৈতে গৈ থুন্‌বাৰিৰ ছবিসমূহ তেওঁৰ ফেইচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত ভাগ-বতৰা কৰিলে। এইসম্পৰ্কে তেওঁ ইংৰাজী ভাষাত ভিডিঅ' এটা প্ৰস্তুত কৰি কোম্পানীটোৰ ইউটিউব চেনেলতো আপল'ড কৰিছিল। সেই ভিডিঅ'টোৱে প্ৰায় ৮৮,০০০ দৰ্শন লাভ কৰিছিল।২৭ নৰ্ডিয়া নামৰ ফিনিছ বেংকৰ প্ৰতিনিধি এজনে থুন্‌বাৰিৰ টুইট এটাৰ উদ্ধৃতি তেওঁৰ ২,০০,০০০ অনুসৰণকাৰীৰ মাজলৈ লৈ গৈছিল। থুন্‌বাৰিৰ ছ'চিয়েল মিডিয়াৰ পৃষ্ঠাসমূহে স্থানীয় সংবাদদাতাৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু তেওঁলোকে প্ৰস্তুত কৰা সংবাদৰ ফলত মাত্ৰ এসপ্তাহতকৈ সামান্য বেছি সময়ৰ ভিতৰতে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়তো চৰ্চালৈ আহিছিল।২৬

সাধাৰণ নিৰ্বাচন শেষ হোৱাৰ পিছত থুন্‌বাৰিয়ে কেৱল প্ৰতি শুক্ৰবাৰে ধৰ্মঘট অব্যাহত ৰাখিলে। তেওঁক অনুকৰণ কৰি সমগ্ৰ বিশ্বৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল ধৰ্মঘটত অংশ ল'বলৈ অনুপ্ৰাণিত হৈছে।২৮ ২০১৮ চনৰ ডিচেম্বৰ মাহৰ তথ্য অনুসৰি অতি কমেও ২৭০খন চহৰত ২০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ধৰ্মঘট পালন কৰিছে।২৮

২০১৮ চনৰ অক্টোবৰ মাহৰ পৰা থুন্‌বাৰিয়ে কেৱল এককভাৱে প্ৰতিবাদী কাৰ্য্যসূচী পালনৰ পৰিৱৰ্তে সমগ্ৰ ইউৰোপতে বিভিন্ন প্ৰতিবাদী সমদলত অংশ লৈছে। এইসমূহত তেওঁ সৱল বক্তৃতা দিয়াৰ ফলত ছ'চিয়েল মিডিয়াত তেওঁৰ অনুসৰণকাৰীৰ সংখ্যাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০১৯ চনৰ মাৰ্চ মাহলৈ চুইডিছ সংসদৰ বাহিৰত থুন্‌বাৰিয়ে প্ৰতি শুক্ৰবাৰে নিয়মীয়াকৈ প্ৰতিবাদ অব্যাহত ৰাখিছিল। এতিয়া আন বহুতো ছাত্ৰ-ছাত্ৰীয়েও তেওঁক প্ৰতিবাদী কাৰ্য্যসূচীসমূহত সহযোগ কৰে। তেওঁৰ কাৰ্য্যসূচীসমূহে তেওঁক স্কুলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত বাধা দিয়া নাই, কেৱল তেওঁ এতিয়া পূৰ্বৰ দৰে বেছি আজৰি সময় নাপায়।১২

থুন্‌বাৰিৰ বাৰ্তা

২০১৮ চনত ছুইডিছ সদনৰ বাহিৰত থুন্‌বাৰিয়ে প্ৰতিবাদ জনাওতে তেওঁৰ বয়স আছিল পোন্ধৰ। সেইসময়ত তেওঁৰ ওচৰত দুটা সৰল বাৰ্তা আছিল। প্ৰথমটো বাৰ্তা আছিল "জলবায়ুৰ বাবে বিদ্যালয় ধৰ্মঘট" শীৰ্ষক আহ্বান। আৰু আনটো বাৰ্তা আছিল তেওঁ বিলাই দিয়া কেইখনমান প্ৰচাৰপত্ৰত। সেই প্ৰচাৰপত্ৰবোৰত লিখা আছিল: "তোমালোক অগ্ৰজসকলে আমাৰ ভৱিষ্যতৰ ওপৰত বিষ্ঠাত্যাগ কৰাৰ কাৰণেই মই এনেকুৱা কৰিব লগা হৈছে" (I am doing this because you adults are shitting on my future)।২৯ থুন্‌বাৰিৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলনটোৱে পৰৱৰ্তী সময়ত এক বিপুল জনজাগৰণৰ সৃষ্টি কৰে আৰু পৰিৱৰ্তিত জলবায়ুৰ বিষম প্ৰতিক্ৰিয়াৰ সম্বন্ধে থুন্‌বাৰিয়ে বিভিন্ন ঠাইত বক্তৃতা দিবলৈ আৰম্ভ কৰে। থুন্‌বাৰিৰ মতে, "গোলকীয় উষ্ণতাই সৃষ্টি কৰা সংকট ইমানেই ভয়াৱহ যে সুদূৰ ভৱিষ্যতে ইয়াৰ ফলত মানৱ সমাজ ধ্বংস হোৱাৰো অৱকাশ আছে। আৰু ইয়াৰ ফলত আমাৰ সভ্যতাৰো বিলুপ্তি ঘটিব। " থুন্‌বাৰিয়ে ইয়াৰ বাবে জগৰীয়া কৰিছে বৰ্তমান সময়ৰ পৃথিৱীৰ অগ্ৰজসকলক। তেওঁৰ ভাষাত, "তোমালোকে আমাৰ ভৱিষ্যত চুৰ কৰিছা। "৩০৩১ লণ্ডনৰ সদনত বক্তব্য ৰাখি থুন্‌বাৰিয়ে কৈছিল, "তোমালোকে আমাৰ আগত মিছা মাতিলা। তোমালোকে আমাক মিছা আশা দিলা। তোমালোকে কৈছিলা যে আমি সকলোৱে ভৱিষ্যতলৈ আগ্ৰহেৰে বাট চাব লাগে। " থুন্‌বাৰিয়ে স্পষ্টতাৰে ইয়াকো কয় যে, "আমি এতিয়া সাৰ পোৱা উচিত আৰু সলনি হোৱা উচিত কাৰণ সমস্যাটো সমাধান কৰিবলৈ নামমাত্ৰহে কাম কৰা হৈছে। "৩২ তেওঁ কয় যে, "পৰিস্থিতি অত্যন্ত ভয়ংকৰ। আমি সকলো আতংকিত হোৱা উচিত। "৩৩ থুন্‌বাৰিৰ মতে-পৃথিৱীৰ ৰাজনীতিজ্ঞসকল আৰু সিদ্ধান্তগ্ৰহণকাৰী বিভাগসমূহে বিজ্ঞানীমহলৰ কথা মনপুতি শুনা উচিত।৩৪ IPCC (Intergovernmental Panel on Climate Change)-ৰ প্ৰতিবেদনলৈ আঙুলিয়াই দি ২০১৯ চনত থুনবাৰ্গে কয় যে, "আমাৰ ভুলৰ সংশোধনী কৰাৰ পৰা আমি এতিয়াও ১২টা বছৰ পিছুৱাই আছোঁ। "৩৫

বাৰ্লিনত গ্ৰেটা
বাৰ্লিনত গ্ৰেটাছবি: This image is a work by Wikipedia and Wikimedia Commons user C.Suthorn. When reu · CC BY-SA 4.0

মতপ্ৰকাশৰ জৰিয়তে নিজৰ চিন্তাধাৰা ব্যক্ত কৰিবলৈ থুন্‌বাৰিয়ে সাধাৰণতে তীক্ষ্ণ ভাষা আৰু ৰৈখিক উপমিতি (Graphic Analogy) ব্যৱহাৰ কৰে। কোনোধৰণৰ কাৰ্যপন্থা হাতত নোলোৱাৰ বাবে তেওঁ প্ৰায়েই ব্যৱসায়িক গোষ্ঠী আৰু পৃথিৱীৰ ৰাজনৈতিক নেতাবোৰক গালি পাৰে। ডাভোছ উপস্থিত হৈ থুন্‌বাৰিয়ে প্ৰখ্যাত উদ্যোগপতি আৰু ৰাজনৈতিক নেতাসকলক উদ্দেশ্যি কৈছিল, "কিছুমান মানুহে, কিছুমান কোম্পানীয়ে, কিছুমান সিদ্ধান্তগ্ৰহণকাৰী পক্ষই অকল্পনীয় হাৰত ধন উপাৰ্জন কৰিবলৈ কেনেদৰে ত্যাগ স্বীকাৰ কৰিব লাগে- সেইটো ভালদৰেই জানে। মই ভাবোঁ, আজি ইয়াত উপস্থিত থকা আপোনালোক মানুহখিনিও সেইটো দলৰেই প্ৰতিনিধি। "৩৬ ইয়াতে বক্তৃতা শেষ নকৰি থুন্‌বাৰিয়ে কৈ গ'ল, "ঘৰত জুই লাগিলে যেনেদৰে প্ৰতিক্ৰিয়া দেখুৱাব লাগে, ঠিক তেনেদৰে তোমালোকে এইমুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো মই বিচাৰোঁ। কাৰণ, জুইকুৰা ইতিমধ্যেই লাগিছে। "৩৭ ২০১৮ চনৰ অক্টোবৰত লণ্ডনত উপস্থিত হৈ থুন্‌বাৰিয়ে মন্তব্য দিয়ে, " আমি এইমুহূৰ্তত একধৰণৰ অবিস্মৰণীয় সংকটৰ মুখামুখি হৈছোঁ, যাক ইয়াৰপূৰ্বে কাহিনীও সংকটৰ দৰে গ্ৰহণ কৰা হোৱা নাছিল। আৰু আমাৰ নেতাসকলৰ আচৰণ আছিল শিশুসুলভ। "৩৮

গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰীতে সীমাৱদ্ধ কৰিবলৈ বহুচৰ্চিত পেৰিচ চুক্তিত সিদ্ধান্ত লোৱা হৈছিল। থুন্‌বাৰিৰ মতে এইয়াই যথাৰ্থ নহয়। গ্ৰীনহাউচ গেছ নিৰ্গমণৰ গ্ৰাফডাল ২০২০ চনৰ পূৰ্বেই নিম্নমুখী হোৱা উচিত।৩৯ ২০১৯ চনৰ জানুৱাৰীত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদনত মন্তব্য প্ৰকাশ কৰি কৈছিল যে, "ব্ৰিটেইনে এতিয়া নিগৰ্মণ হ্ৰাস কৰাৰ কথাকে কৈ নাথাকি সেইবোৰক সম্পূৰ্ণভাৱে নিশ্চিহ্ন কৰাৰ কথা ভাবিব লাগে। "৪০ ২০১৯ চনত ইউৰোপীয়ান অৰ্থনৈতিক আৰু সামাজিক সমিতিয়ে আয়োজন কৰা সন্মিলনীত অংশগ্ৰহণ কৰি থুন্‌বাৰিয়ে বক্তব্য ৰাখে যে, "২০৩০ চনৰ আগে আগে ইউৰোপিয়ান ইউনিয়নে কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমণ ৮০% পৰ্যন্ত হ্ৰাস কৰিব লাগিব আৰু তাৰ বাবে পেৰিছত গ্ৰহণ কৰা ৪০%ৰ লক্ষ্যটো দুগুণ কৰিব লাগিব। "৪১৪২

নিজৰ ফেইচবুক পৃষ্ঠাত প'ষ্ট কৰা এক অভিমতত থুন্‌বাৰিয়ে কয় যে তেওঁ এগৰাকী জলবায়ু বিজ্ঞানী নহয়। তেওঁ এগৰাকী সাধাৰণ বাৰ্তাবাহকহে; যিয়ে বিজ্ঞানীসকলে বহুদিনৰপৰা কৈ থকা কথাবোৰহে পুনৰাবৃত্তি কৰি আহিছে; আশানুৰূপ সফলতা এতিয়াও তেওঁ পোৱা নাই। তেওঁ কয় যে, "যদিহে সকলোৱে বিজ্ঞানীমহলৰ কথা শুনিলেহেঁতেন আৰু তেওঁলোকে দাখিল কৰা তথ্যবোৰক গুৰুত্বসহকাৰে ল'লেহেঁতেন, তেন্তে আমি পুনৰ বিদ্যালয়লৈ যাব পাৰিলোঁহেঁতেন। "৪৩ নিউয়ৰ্ক ভ্ৰমণৰ সময়ত থুন্‌বাৰি পুনৰ এইটো প্ৰসংগলৈ উভতি আহে। এখন কাৰ্বন-নিউট্ৰেল জাহাজত যাত্ৰা কৰি নিউয়ৰ্কলৈ অহা থুন্‌বাৰিৰ সেই জাহাজখনৰ পালত বৰ বৰ আখৰেৰে লিখা আছিল 'বিজ্ঞানৰ পক্ষ লোৱা' (UNITE BEHIND THE SCIENCE)।৪৪ নিউয়ৰ্কত উপস্থিত হোৱাৰ পাছত থুন্‌বাৰিয়ে ডোনাল্ড ট্ৰাম্পকো সতৰ্ক কৰি কয় যে, "বিজ্ঞানৰ কথা শুনা" (Listen to the science)।৪৫

বঁটা আৰু সন্মান

  • ২০১৮ৰ মে' মাহত, জলবায়ু ধৰ্মঘট আৰম্ভ হোৱাৰ পূৰ্বে গ্ৰেটাই ভেন্সকা ডাগব্লেডেট তৰ্ক-ৰচনা লিখাৰ প্ৰতিযোগিতাত যোগদান কৰি জয়ী হৈছিল। তৰ্ক-ৰচনাৰ বিষয় আছিল- যুৱসকলৰ বাবে জলবায়ু।৪৬
  • ২০১৮ৰ নৱেম্বৰত গ্ৰেটা শিশু জলবায়ু বঁটাৰ বাবে মনোনীত হয়। কিন্তু বঁটাটোৰ ফাইনেলিষ্টসকলে ষ্টকহমলৈ বিমানেৰে গৈ বঁটাপ্ৰদান অনুষ্ঠানত অংশ ল'ব লাগিব কাৰণে গ্ৰেটাই সেই বঁটা নাকচ কৰিলে। তেওঁ বিমানযাত্ৰা কৰি বঁটাগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ অমান্তি হৈছিল। গ্ৰেটাই নিজৰ টুইটাৰ একাউণ্টত লিখিছিল যে-"জৰুৰীকালিন সময়ক বাদ দি আমাৰ প্ৰজন্মই কাহিনীও বিমানেৰে যাত্ৰা কৰিব নোৱাৰিব। কিয়নো অগ্ৰজসকলে ইতিমধ্যেই আমাৰ কাৰ্বন বাজেট শেষ কৰি পেলাইছে। " উল্লেখনীয় যে, বিশেষ বঁটাটো প্ৰদান কৰিছিল ছুইডিছ বৈদ্যুতিক কোম্পানী টেলগে এনাৰ্জিয়ে।৪৭৪৮
  • '২০১৮ বৰ্ষৰ আদৰ্শনীয় ব্যক্তি'ৰ শিতানত গ্ৰেটালৈ ফ্ৰাইছহাছেট বৃত্তি প্ৰদান কৰা হয়।৪৯
  • বিশ্বপ্ৰসিদ্ধ টাইম আলোচনীয়ে গ্ৰেটা থুন্‌বাৰিক '২০১৮ বৰ্ষৰ ২৫ গৰাকী প্ৰভাৱশালী কিশোৰ'ৰ তালিকাভুক্ত কৰে।৫০
  • ২০১৯ বৰ্ষত গ্ৰেটা ছুইডেনৰ 'সৰ্বাধিক গুৰুত্ববহনকাৰী মহিলা' হিচাপে বিবেচিত হয়।৫১
  • ২০১৯ বৰ্ষৰ ১৩ মাৰ্চত, ছুইডেনৰ সদনে গ্ৰেটা থুন্‌বাৰিৰ নামটো শান্তিৰ ন'বেল বঁটাৰ এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰেৰণ কৰে। গ্ৰেটাৰ নামটো বাছনি কৰা ৰাজনীতিবিদসকলৰ মতে-পৰৱৰ্তী সময়ত গোলকীয় উষ্ণতা যুদ্ধ, সংঘাত আৰু অনুপ্ৰৱেশৰ একোটা কাৰক হিচাপে বিবেচিত হ'ব, যদিহে ইয়াক ৰোধ কৰিবলৈ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহয়। থুন্‌বাৰিয়ে তেওঁলোকৰ এই প্ৰচেষ্টাক সসন্মানেৰে শলাগি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰে।৫২ যদিহে গ্ৰেটাই অহা বছৰত শান্তিৰ ন'বেল বঁটা লাভ কৰে, তেন্তে তেঁৱেই হ'ব ন'বেল বঁটা লাভ কৰা কনিষ্ঠতম ব্যক্তি।৫৩
  • ২০১৯ বৰ্ষৰ ৩১ মাৰ্চত, থুন্‌বাৰিয়ে 'জাৰ্মান গ'ল্ডিন কামেৰা বিশেষ জলবায়ু সুৰক্ষা বঁটা' লাভ কৰে।৫৪
  • এপ্ৰিল, ২০১৯ত টাইম আলোচনীয়ে গ্ৰেটাক ২০১৯ বৰ্ষৰ এশগৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰে।৫৫
  • ২০১৯ বৰ্ষৰ মে' মাহত বেলজিয়ামৰ মনছ্ বিশ্ববিদ্যালয়ে থুন্‌বাৰিলৈ এটি সন্মানীয় ডক্টৰেট ডিগ্ৰী (honoris causa) ঘোষণা কৰে। ২০১৯-২০ বৰ্ষৰ নতুন শিক্ষাবৰ্ষৰ উন্মোচনী সভাত (১০ অক্টোবৰ, ২০১৯) গ্ৰেটাক তেওঁলোকে ডিপ্ল'মা আৰু স্মাৰকটি প্ৰদান কৰিব।৫৬
  • ২০১৯ বৰ্ষৰ মে' মাহত শিল্পী জ'ডি থ'মাছে থুন্‌বাৰিৰ ৫০ ফুট উচ্চতাৰ এখন ছবি দেৱালত অংকিত কৰে। এই ছবিখনত গ্ৰেটাৰ মুখৰ অৰ্ধাংশক সাগৰৰ পৰা উদয় হোৱা যেন দেখুউৱা হৈছে।৫৭
  • ২০১৯ বৰ্ষৰ ৭ জুনত, এমনেষ্টি ইণ্টাৰনেছনেলে ঘোষণা কৰে যে, জলবায়ু আন্দোলনৰ জৰিয়তে পৃথিৱীজুৰি প্ৰভাৱ বিস্তাৰ কৰা গ্ৰেটা থুন্‌বাৰিক তেওঁলোকে তেওঁলোকৰ সৰ্ব্বোচ্চ সন্মান বিবেকৰ প্ৰতিনিধি (the Ambassador of Conscience Award) প্ৰদান কৰিব।৫৮ ঘোষণাৰ পাছত গ্ৰেটাই মন্তব্য দিয়ে -''বঁটাটো সেইসকল লাখ-লাখ মানুহৰ-যিসকলে ফ্ৰাইডেইছ ফ'ৰ ফিউচাৰ আন্দোলনৰ জৰিয়তে সমগ্ৰ পৃথিৱীতে জাগৰণ সৃষ্টি কৰিবলৈ ওলাই আহিছে। '৫৯
  • ছেপ্টেম্বৰ ২০১৯ সংখ্যাৰ ব্ৰিটিছ ভ'গ আলোচনীয়ে গ্ৰেটা থুন্‌বাৰিক আন পোন্ধৰগৰাকী মহিলাৰ সৈতে আলোচনীখনৰ বেটুপাতত সন্নিৱিষ্ট কৰে।৬০
  • ২০১৯ চনত পোনপ্ৰথমবাৰৰ বাবে গ্ৰেটাক GQ আলোচনীয়ে পট-পৰিৰ্তনকাৰী বঁটা (Game Changer Award) দিয়াৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে, গ্ৰেটাৰ অৱদানৰ কথা মনত ৰাখিয়েই এই বঁটাটো বিশেষভাৱে প্ৰতিষ্ঠা কৰা হৈছে।৬১
  • ২৫ ছেপ্টেম্বৰ ২০১৯ত গ্ৰেটা থুন্‌বাৰিক ছুইডেনে শুদ্ধ জীৱনশৈলী (Right Livelihood Award) বঁটাৰ বাবে মনোনীত কৰে। এইটো বঁটা ছুইডেনত বৈকল্পিক ন'বেল বঁটা (Sweden's alternative Nobel Prize) হিচাপে পৰিচিত। বৈজ্ঞানিক তথ্যৰ আশ্ৰয়ত জলবায়ুৰ হকে জৰুৰীকালিন পদক্ষেপ হাতত ল'বলৈ ৰাজনৈতিক দাবীবোৰ জোৰদাৰ আৰু প্ৰাণৱন্ত কৰাৰ বাবে গ্ৰেটাক এই সন্মান প্ৰদান কৰা হয়।৬২
  • ২৭ ছেপ্টেম্বৰ ২০১৯ চনত মণ্ট্ৰিয়ালত এটি জলবায়ু-যাত্ৰাৰ শেষত গ্ৰেটাক চহৰখনৰ চাবি নামৰ এক বিশেষ সন্মান (Keys to the City) গ্ৰহণ কৰিবলৈ মণ্ট্ৰিয়ালৰ চিটি হললৈ আমন্ত্ৰণ জনোৱা হয়। মণ্ট্ৰিয়ালৰ মেয়ৰে তেওঁক আদৰণি জনায়। সন্মান গ্ৰহণ কৰি গ্ৰেটাই কয়-"মই অতিশয় সন্মানবোধ কৰিছোঁ। "৬৩

তথ্যসূত্ৰ

  1. ↑ Cohen, Ilana; Heberle, Jacob. (19 March 2019). Youth Demand Climate Action in Global School Strike. Harvard Political Review
  2. ↑ Haynes, Suyin. (24 May 2019). Students From 1,600 Cities Just Walked Out of School to Protest Climate Change. It Could Be Greta Thunberg's Biggest Strike Yet. Time (magazine)
  3. ↑ (25 April 2019). 'Is my English OK?': Greta Thunberg's blunt speech to UK MPs. SBS News
  4. ↑ (25 January 2019). The Swedish teen holding world leaders accountable for climate change. France 24
  5. ↑ Gilliver, Liam. (16 May 2019). Greta Thunberg On The Cover Of TIME: 'Now I Am Speaking to the Whole World'. Plant Based News
  6. ↑ Watts, Jonathan. (23 April 2019). The Greta Thunberg effect: at last, MPs focus on climate change. The Guardian
  7. ↑ (21 February 2019). Greta Thunberg's climate campaign. Arctic Portal
  8. ↑ Lobbe. (13 December 2018). À 15 ans, elle remet les dirigeants mondiaux à leur place!. Sympatico
  9. ↑ Thunberg, Greta. (11 December 2018). School Strike for Climate: Meet 15-Year-Old Activist Greta Thunberg, Who Inspired a Global Movement. Democracy Now!
  10. ↑ Santiago, Ellyn. (14 December 2018). Greta Thunberg: 5 Fast Facts You Need to Know. Heavy.com
  11. ↑ Thunberg, Greta. (24 November 2018). School strike for climate – save the world by changing the rules. TEDxStockholm
  12. ↑ Watts, Jonathan. (11 March 2019). Greta Thunberg, schoolgirl climate change warrior: 'Some people can let things go. I can't'. The Guardian
  13. ↑ Rourke, Alison. (2 September 2019). Greta Thunberg responds to Asperger's critics: 'It's a superpower'. The Guardian
  14. ↑ Crouch, David. (1 September 2018). The Swedish 15-year-old who's cutting class to fight the climate crisis. The Guardian
  15. ↑ (6 May 2019). 'Scenes From the Heart': Backstory of 16-Year-Old Climate Activist Greta Thunberg
  16. ↑ No One Is Too Small to Make a Difference. Penguin Books UK
  17. ↑ (24 May 2019). Send us your questions for climate activist Greta Thunberg. The Guardian
  18. ↑ Snapes, Laura. (25 July 2019). 'Time to rebel': Greta Thunberg adds voice to new song by the 1975. The Guardian
  19. ↑ Watts, Jonathan. Greta Thunberg sets sail for New York on zero-carbon yacht. The Guardian
  20. ↑ Picheta, Rob. Greta Thunberg reaches New York after 15-day yacht journey
  21. ↑ Thunberg, Greta. (23 December 2018). Teen activist on climate change: If we don't do anything right now, we're screwed. CNN
  22. ↑ (7 February 2019). The Guardian view on teenage activists: protesters not puppets. The Guardian
  23. ↑ Tait, Amelia. (6 June 2019). Greta Thunberg: How one teenager became the voice of the planet. Wired. "I want to feel safe," she wrote. "How can I feel safe when I know we are in the greatest crisis in human history?"
  24. ↑ Lindeque, Brent. (5 May 2019). Greta Thunberg: School strike for climate and to save the world!. Good Things Guy
  25. ↑ Gessen, Masha. (2 October 2018). The Fifteen-Year-Old Climate Activist Who Is Demanding a New Kind of Politics. The New Yorker
  26. ↑ Greta Thunberg: How one teenager became the voice of the planet, Wired, August 2019
  27. ↑ (9 February 2019). Start-up used teen climate activist to raise millions: Swedish paper. The Local
  28. ↑ Carrington, Damian. (4 December 2018). 'Our leaders are like children', school strike founder tells climate summit. The Guardian
  29. ↑ Crouch, David. (2018-09-01). The Swedish 15-year-old who's cutting class to fight the climate crisis. The Guardian
  30. ↑ Greta Thunberg. www.facebook.com
  31. ↑ You Are Stealing Our Future: Greta Thunberg, 15, Condemns the World's Inaction on Climate Change. Democracy Now!
  32. ↑ Caldwell, Christopher. (2019-08-02). Opinion. The New York Times
  33. ↑ (25 January 2019). 'I want you to panic': 16-year-old issues climate warning at Davos - Guardian News
  34. ↑ 'It's an existential crisis. Listen to scientists'. BBC News
  35. ↑ Thunberg, Greta. (2019-01-25). 'Our house is on fire': Greta Thunberg, 16, urges leaders to act on climate. The Guardian
  36. ↑ আৰ্কাইভ কপি
  37. ↑ www.youtube.com/watch?v=RjsLm5PCdVQ&t=2m23s
  38. ↑ www.commondreams.org/news/2018/10/31/our-darkest
  39. ↑ www.commondreams.org/news/2019/07/29/deliver-fun
  40. ↑ www.theguardian.com/environment/2019/apr/23/gret
  41. ↑ news.yahoo.com/climate-activist-thunberg-urges-e
  42. ↑ www.theguardian.com/environment/2019/feb/21/gret
  43. ↑ www.commondreams.org/views/2019/02/03/response-l
  44. ↑ www.euronews.com/2019/08/28/greta-thunberg-swedi
  45. ↑ www.theguardian.com/environment/video/2019/aug/2
  46. ↑ www.wired.co.uk/article/greta-thunberg-climate-c
  47. ↑ news.cision.com/telge-energi/r/statement--regard
  48. ↑ www.washingtonpost.com/world/2018/12/15/teenage-
  49. ↑ আৰ্কাইভ কপি
  50. ↑ আৰ্কাইভ কপি
  51. ↑ www.zeit.de/news/2019-03/08/klimaaktivistin-gret
  52. ↑ www.huffingtonpost.in/entry/climate-activist-gre
  53. ↑ www.ecowatch.com/greta-thunberg-nobel-peace-priz
  54. ↑ www.dw.com/en/greta-thunberg-wins-german-golden-
  55. ↑ web.archive.org/web/20190417232254/http://time.c
  56. ↑ www.brusselstimes.com/all-news/belgium-all-news/
  57. ↑ www.bbc.com/news/av/uk-england-bristol-48471558/
  58. ↑ www.amnesty.org/en/latest/news/2019/06/greta-thu
  59. ↑ 'http://www.bbc.co.uk/newsround/49726794
  60. ↑ www.irishtimes.com/life-and-style/fashion/meghan
  61. ↑ www.gq-magazine.co.uk/culture/article/gq-men-of-
  62. ↑ www.reuters.com/article/us-sweden-award-right-li
  63. ↑ dailyhive.com/montreal/greta-thunberg-key-city-m

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীপৰিৱেশ কৰ্মীছুইডেনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰেটা থুন্‌বাৰি” প্ৰবন্ধৰ সংশোধন ৬১৮০১২ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।