সাইখোম মীৰাবাই চানু (Saikhom Mirabai Chanu, জন্ম: ৮ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত কেইবাবাৰো পদক লাভ কৰিছে। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্ৰদান কৰিছিল। একে বছৰে তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।
তেওঁ ২০১৪ চনত গ্লাছগ'ত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল। আকৌ ২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ডকষ্টত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰিছিল। তেওঁৰ ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনাহাইমত অনুষ্ঠিত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ অলিম্পিকত মহিলাৰ ৪৯ কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে।১
প্ৰাৰম্ভিক জীৱন
১৯৯৪ চনৰ ৮ আগষ্টত মণিপুৰৰ ৰাজধানী ইম্ফলত অৱস্থিত নংপক কাকচিঙৰ এটা মেইতেই পৰিয়ালত মীৰাবাইৰ জন্ম হৈছিল। জীৱনৰ আদিছোৱা বয়সতেই পৰিয়ালৰ সদস্যসকলে মীৰাবাইৰ শক্তি-সামৰ্থ চিনাক্ত কৰিছিল। জ্যেষ্ঠ ভ্ৰাতৃৰ বাবে কষ্টসাধ্য এবোজা খৰি মীৰাবাইয়ে হেলাৰঙে দাঙি ঘৰলৈ লৈ আহিব পাৰিছিল।২
ক্ৰীড়া জীৱন
তেওঁ ২০১৪ চনৰ গ্লাছগ'ত অনুষ্ঠিত কমনৱেলথ গেমছত ৪৮ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছিল।৩
মীৰাবাই চানুয়ে ২০১৬ ৰিঅ' অলিম্পিকত মহিলাৰ ৪৮ কেজিৰ শাখালৈ অংশগ্ৰহণ কৰিবলৈ অৰ্হতা অৰ্জন কৰিছিল। কিন্তু তেওঁ ইয়াত বিশেষ ফল দেখুৱাব নোৱাৰিলে।৪ তেওঁ ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ এনাহাইমত অনুষ্ঠিত বিশ্ব ভাৰোত্তলন চেম্পিয়নশ্বিপত ৪৮ কেজি শাখাত সোণৰ পদক লাভ কৰিছিল।৫ এই প্ৰতিযোগিতাত তেওঁ ১৯৪ কেজি ভাৰোত্তোলন কৰি অভিলেখ সৃষ্টি কৰিছিল।
তেওঁ ২০১৪ চনত গ্লাছগ'ত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল। আকৌ ২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ডকষ্টত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰিছিল।৬৭ তেওঁ ইয়াত ১৯৬ কেজি ভাৰোত্তলন কৰি কমনৱেলথ গেমছৰ অভিলেখ সৃষ্টি কৰিছিল। এইটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন। চানুয়ে ২০২০ টকিঅ' অলিম্পিকত মহিলাৰ ৪৯ কেজিৰ শাখাত অংশগ্ৰহণ কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।৮ উল্লেখ্য যে, অলিম্পিকত ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন কৰা মীৰাবাইয়েই হৈছে প্ৰথমগৰাকী ভাৰতীয়। তেখেতে সৰ্বমুঠ ২০২ কেজি ওজনৰ ভাৰ উত্তোলন কৰে।৯ মহিলাৰ ভাৰোত্তোলনত বিজয়ৰ মুকুট পিন্ধা মীৰাবাই চানু হৈছে দ্বিতীয়গৰাকী ভাৰতীয় ভাৰোত্তোলক। ইয়াৰ আগতে কৰ্ণম মালেশ্বৰীয়ে অলিম্পিকৰ ভাৰোত্তোলনৰ শাখাত পদক জয় কৰিছিল। ভাৰোত্তোলনৰ 'ক্লিন এণ্ড জাৰ্ক'ত ১১৫ কেজিৰ ভাৰ সফলভাৱে উত্তোলন কৰি মীৰাবাইয়ে নতুন অলিম্পিক অভিলেখ গঢ়ে।১০ ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ-২০২২ত মীৰাবাইয়ে অংশগ্ৰহণ কৰি মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলনত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে ৷ মীৰাবাইয়ে 'স্নেচ'ত ৮৮ কিলোগ্ৰাম আৰু 'ক্লিন এণ্ড জাৰ্ক'ত ১১৩ কিলোগ্ৰাম সহ মুঠ ২০১ কিলোগ্ৰাম ওজন উত্তোলন কৰি নতুন কমনৱেলথ গেমছ অভিলেখ সৃষ্টি কৰাৰ লগতে নিজৰ ব্যক্তিগত শ্ৰেষ্ঠত্বও সৃষ্টি কৰে। ১১
বঁটা আৰু সন্মান
২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্ৰদান কৰিছিল। এই বঁটা তেওঁ বিৰাট কোহলিৰ লগত এই বঁটা লাভ কৰিছিল। ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী মণিপুৰী মহিলা। একে বছৰে তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।১২১৩ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে মীৰাবাই চানুক এই বঁটা প্ৰদান ৰিছিল।
তেওঁক মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বিৰেন সিঙে ২০ লাখ টকাৰে সম্বৰ্ধনা জনাইছিল।
ৰাষ্ট্ৰপতি ভৱনত মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্ৰদান কৰাৰ মুহূৰ্ত।]]
তথ্যসূত্ৰ
- ↑ (24th July, 2021). Mirabai wins first medal for India at Tokyo Olympics
- ↑ (2021-07-24). Explained: Mirabai's Olympic medal, and why Manipur is churning out world-class weightlifters. The Indian Express
- ↑ (24 July 2014). Lifter Sanjita Khumukcham wins India`s first gold medal at 2014 Commonwealth Games
- ↑ (7 August 2016). Rio Olympics 2016: India’s Saikhom Mirabai Chanu fails to complete weightlifting event. First Post
- ↑ (30 November 2017). Mirabai Chanu wins gold at world Weightlifting Championships
- ↑ Mirabai Won Gold
- ↑ www.firstpost.com/sports/commonwealth-games-2018
- ↑ (24th July 2021). Mirabai Sanu wins silver இந்தியாவின் India’s first medal at Tokyo Olympics!. Indian Express
- ↑ Oliver, Brian. (24 July 2021). Gold for China and disappointment for United States in first weightlifting event of Tokyo 2020. InsideTheGames.biz
- ↑ Mirabai Chanu Silver Tokyo 2020. IndiaToday
- ↑ INDIA, THE TIMES OF. Record-shattering Mirabai Chanu bags India's first gold at Birmingham Commonwealth Games. THE TIMES OF INDIA
- ↑ (2018-01-27). World weightlifting champion Mirabai gets Rs 20 lakh. Zee News
- ↑ (25 January 2018). Padma awards 2018 announced, MS Dhoni, Sharda Sinha among 85 recipients: Here’s complete list. India TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাইখোম মীৰাবাই চানু” প্ৰবন্ধৰ সংশোধন ৫১৫১৩৯ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।