ৱাহীদা ৰহমান (Waheeda Rehman, জন্ম: ৩ ফেব্ৰুৱাৰী, ১৯৩৮)১২৩ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে মূলতঃ হিন্দী চলচ্চিত্ৰ অভিনয় কৰাৰ লগতে তেলুগু, তামিল আৰু পশ্চিম বংগৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। ১৯৫০, ৬০ আৰু ৭০ৰ দশকৰ প্ৰথমভাগত ভিন্নস্বাদৰ কেইবাখনো বোলছবিৰ বাবে তেখেতে সুনাম অৰ্জন কৰিছে। তেখেতে অনবদ্য কৰ্মজীৱনৰ বাবে ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্বৰ শতবৰ্ষ বঁটা, ফিল্মফেয়াৰ জীৱনজোৰা অৱদান বঁটা আৰু দুবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিম্লফেয়াৰ বঁটা লাভ কৰিছে। বিভিন্ন বাতৰি কাকত-আলোচনীয়ে তেখেতক বলিউডৰ "সকলোতকৈ ধুনীয়া" অভিনেত্ৰী বুলিও আখ্যা দিছ।৪৫৬৭
তথ্যসূত্ৰ
- ↑ Rachana Dubey. (2014-05-15). Waheeda Rehman's date issues. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Archived copy
- ↑ Archived copy
- ↑ I am not very keen on doing films: Waheeda Rehman. timesofindia.com
- ↑ Interview: Waheeda Rehman. glamsham.com
- ↑ Waheeda Rehman: The Quintessential Beauty of Bollywood. firstpost.com
- ↑ 'I did not consider myself beautiful' – Waheeda Rehman. india.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাহীদা ৰহমান” প্ৰবন্ধৰ সংশোধন ৪৩৪৪৪২ (১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।