ভাৰত ৰঙ্গ মহোৎসৱ ( Bharat Rang Mahotsav; भारत रंग महोत्सव; BRM) বা ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ ১৯৯৯ চনত আৰম্ভ হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা এয়া এক বাৰ্ষিক নাট্য মহোৎসৱ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ভাৰত চৰকাৰৰ দ্বাৰা সঞ্চালিত নাট প্ৰশিক্ষণৰ প্ৰথম প্ৰতিষ্ঠান। ভাৰতৰ নাট্যকৰ্মীসকলৰ কৰ্মৰাজী প্ৰদৰ্শন কৰিবলৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছিল। প্ৰথম অৱস্থাত এই মহোৎসৱত ৰাষ্ট্ৰীয় পৰিসৰৰ আছিল যদিও ক্ৰমে ই আন্তঃৰাষ্ট্ৰীয় ৰূপ পৰিগ্ৰহ কৰে।১
২০০৯ চনত বাৰ দিন জোৰা মহোৎসৱত ৬৩খন নাট প্ৰদৰ্শিত হৈছিল, যাৰ ভিতৰত ভাৰতীয় আছিল ৫১খন আৰু বিদেশী ১২খন। বৰ্তমান কেবল নাটকৰ বাবে সমৰ্পিত এইখন এছিয়াৰ সৰ্ববৃহৎ মহোৎসৱ বুলি গণ্য কৰা হয়।২
সাধাৰণতে প্ৰতি বছৰে জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত নাট্য বিদ্যালয়ৰ চৌহদ বা ইয়াৰ আশেপাশে এই মহোৎসৱ অনুষ্ঠিত হয়। লগতে অন্য এখন চহৰত ভাৰত ৰঙ্গ মহোৎসৱৰ এখন "উপগ্ৰহীয় মহোৎসৱ"ৰো আয়োজন কৰা হয়। উদাহৰণ স্বৰূপে ২০০৯ চনত লক্ষ্ণৌত ১৮খন নাট প্ৰদৰ্শিত হৈছিল। ২০১০ চনত উপগ্ৰহীয় মহোৎসৱৰ স্থান আছিল ভূপাল।২
ইতিহাস
প্ৰথম ভাৰত ভিত্তিক নাট মহোৎসৱ, ‘ভাৰত ৰঙ্গ মহোৎসৱ’ নতুন দিল্লীত ১৯৯৯ চনৰ মাৰ্চত গিৰীশ কৰ্ণাডৰ হিন্দী ভাষা নাট ‘অমল আল্লানা’ৰে মুকলি কৰা হৈছিল। সেই সময়ত নাট্য বিদ্যালয়ৰ সঞ্চালক আছিল ৰাম গোপাল বাজাজ। প্ৰথম নাট্য মহোৎসৱত কলিকতাৰ ‘নান্দীকাৰ’ৰ একক অভিনয়েৰে মাইকেল মধুসুদন দত্ত ৰচিত ‘মেঘনাট বধ কাব্য’ (বঙালী), গিৰীশ কৰ্ণাডৰ অগ্নি ঔৰ বৰ্খা (হিন্দী, পৰিচালক প্ৰসন্ন) অজ্ঞেয়ৰ উত্তৰ প্ৰিয়দৰ্শী (মেইতেই ভাষা, পৰিচালক ৰতন থিয়াম), ব্ৰেখটৰ ‘মাডাৰ কাৰেজ’ৰ হিন্দী অভিযোজনা ‘হিম্মত মাই’ৰ উপৰিও অন্যান্য বিভিন্ন ভাৰতীয় ভাষা, যেনে- তামিল ভাষা, তেলুগু, মালয়ালম ভাষা, কন্নড় ভাষা, অসমীয়া, মাৰাঠী ভাষা, পঞ্জাবী, ডোগ্ৰী আৰু ভোজপুৰী ভাষা ভাষাৰ নাট প্ৰদৰ্শিত হয়। টিউনিচিয়াৰ পৰা অহা নাট্য দল এটাই ৱিলিয়াম শ্বেইক্সপিয়াৰৰ ‘অথেলো’ৰ নিৰ্বাক সংস্কৰণ এটা মঞ্চস্থ কৰে, য’ত সামান্য কেইটামাহহে আৰবী ভাষা শব্দ ব্যৱহৃত হৈছিল। উক্ত মহোৎসৱত বিদেশী দল একমাত্ৰ এইটোৱে আছিল।৩
স্থান
তিনি সপ্তাহ জুৰি চলা এই মহোৎসৱ ‘সন্মুখ’, ‘অভিমঞ্চ’ আৰু ‘মেঘদূত মুক্তাংগন’কে ধৰি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ চৌহদৰ ভিতৰত বা ওচৰৰে ৰবীন্দ্ৰ কলা ভৱনত অনুষ্ঠিত হয়। কিছুমান নাট চহৰৰ বৃহৎ প্ৰেক্ষাগৃহ কমনী প্ৰেক্ষাগৃহ, শ্ৰীৰাম চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্ট আৰু এল.টি.জি. প্ৰেক্ষাগৃহতো মঞ্চস্থ হয়।৪
তথ্যসূত্ৰ
- ↑ Bharat Rang Mahotsav
- ↑ (5 January 2009). 11th Bharat Rang Mahotsav to begin from Jan 7. Financial Express
- ↑ (18 March 1999). All the world's classics, on a stage. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ National School of Drama’s Bharat Rang Mahotsav 2020. delhi-fun-dos.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত ৰঙ্গ মহোৎসৱ” প্ৰবন্ধৰ সংশোধন ২৭৮০৮০ (২০ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।