নাটক
২১ প্ৰবন্ধ
-
নাটক
নাটক (Drama) সাহিত্যৰ এটি বিশেষ ধৰণ বা বিধা। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে। গতিকে নাটক লিখাৰ আগতেই অভিনয়ৰ যোগ্যতা থকা বাঞ্ছনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে।
-
বাটৰ নাট
বাটৰ নাট (Street theatre) নাট্য পৰিবেশনৰ এটা ৰূপ আৰু বিনামূলীয়াকৈ ৰাজহুৱা স্থানত কৰা উপস্থাপন। এই ৰাজহুৱা স্থান যিকোনো ঠাই হ’ব পাৰে-শ্বপিং মল, পাৰ্কিং লট, বিনোদনমূলক স্থান, কলেজ বা বিশ্ববিদ্যালয়ৰ চৌহদ, ৰাস্তাৰ দাঁতি বা চ’ক আদি। এই নাটকবোৰ সাধাৰণতে তেনে ঠাইত কৰা হয়, য’ত বহু মানুহ গোট খায়।
-
মুদ্ৰাৰাক্ষস
মুদ্ৰাৰাক্ষস (मुद्राराक्षस) হৈছে বিশাখাদত্তৰ সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্য (ৰাজ্য প্ৰায় ৩২৪ – প্ৰায় ২৯৭ খ্ৰীষ্টপূৰ্ব) ভাৰতত ক্ষমতালৈ আৰোহণৰ বৰ্ণনা কৰা এখন সংস্কৃত নাটক। নাটকখন সৃষ্টিশীল লেখাৰ উদাহৰণ যদিও সম্পূৰ্ণ কাল্পনিক নহয়।
-
ইলেক্ট্ৰা (ছফ'ক্লেছ)
ইলেক্ট্ৰা (প্ৰাচীন গ্ৰীক: Ἠλέκτρα, ইংৰাজী: Electra, Elektra বা The Electra) হৈছে ছফ'ক্লেছৰ দ্বাৰা ৰচিত এখন গ্ৰীক ট্ৰেজেডী নাটক। এই নাটখন ৰচনা কৰাৰ সঠিক তাৰিখ জনা নাযায় যদিও ফিল’কটেটিছ (Philoctetes, খ্ৰীষ্টপূৰ্ব ৪০৯) আৰু অডিপাছ এট কলনাছ (Oedipus at Colonus, খ্ৰীষ্টপূৰ্ব ৪০৬)ৰ সৈতে বিভিন্ন শৈলীগত…
-
উইলিয়াম শ্বেইকছপীয়েৰৰ ৰচনাৱলীৰ তালিকা
ৱিলিয়াম শ্বেইক্সপিয়াৰ (১৫৬৪–১৬১৬) এগৰাকী ইংৰাজ কবি আৰু নাট্যকাৰ আছিল। তেওঁ প্ৰায় ৩৯খন (অৱশ্যে এই সংখ্যা ৩৮ বুলিও কিছুমানে ক’ব কয়) নাটক আৰু ১৫৪টা ছনেট, লগতে বিভিন্ন অন্যান্য কবিতা ৰচনা কৰিছিল।
-
নৃসিংহ যাত্ৰা
নৃসিংহ যাত্ৰা নাটখন ভাগৱত পুৰাণৰ সপ্তম স্কন্ধ (১-১০ অধ্যায়)ৰ পৰা কাহিনী সংগ্ৰহ কৰি দৈত্যাৰি ঠাকুৰে ৰচনা কৰিছিল। নাটখনৰ মূল সমল হৈছে ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰৰ বিষয়বস্তু। ভক্তিৰসক প্ৰাধান্য দি ৰচনা কৰা নৃসিংহ যাত্ৰা নাটখনত বীৰৰসেও প্ৰাধান্য লাভ কৰিছে।
-
বিশ্ব থিয়েটাৰ দিৱস
বিশ্ব থিয়েটাৰ দিৱস (World Theatre Day) প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে পালন কৰা হয়। এই দিৱস পোন প্ৰথমে ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল। আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰসংঘৰ ইউনেস্কৰ এটা শাখা। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন কৰা হয়।
-
মালৱিকাগ্নিমিত্ৰ
মালৱিকাগ্নিমিত্ৰ (সংস্কৃত: मालविकाग्निमित्रम्, মালবিকা আৰু অগ্নিমিত্ৰৰ সন্ধিযুক্ত) কালিদাসৰ এখন সংস্কৃত নাট। পূষ্যমিত্ৰ শুংগৰ ৰাজত্বকালৰ কিছু পৰিঘটনাৰ আধাৰত এইখন তেওঁৰ প্ৰথম নাটক। মালৱিকাগ্নিমিত্ৰমত বিদেশৰ শুংগ সম্ৰাট অগ্নিমিত্ৰৰ প্ৰধান ৰাণীৰ সুন্দৰী দাসীৰ প্ৰতি থকা প্ৰেমৰ কাহিনী কোৱা হৈছে।
-
মৃচ্চকটিকা
মৃচ্চকটিকা (সংস্কৃত: मृच्छकटिकम्; বানান মৃচ্ছকটিকা, মৃচ্চকতিকা, মৃচকটিকা বা মৃচকতিকা বুলিও কৰা হয়) হৈছে দহটা খণ্ডৰ সংস্কৃত নাটক শূদ্ৰক (চিমুক) নামৰ এজন প্ৰাচীন নাট্যকাৰ।
-
অসমীয়া শিশু নাট
শিশু নাট হ'ল শিশুৰ বাবে, শিশুৰ স'তে আৰু শিশুৰ দ্বাৰা এই তিনিধৰণে শিশুৰ উপযোগীকৈ ৰচনা আৰু মঞ্চত্ব কৰা নাটক। শিশুনাট সমূহত শিশু মনস্তত্ত্ব প্ৰতিফলন কৰি মুখ্যতঃ শিশু দৰ্শক পাঠকৰ বাবেই ৰচনা আৰু মঞ্চস্থ কৰা হয়।
-
এ পেকুলিয়াৰ ফেমিলি
এ পেকুলিয়াৰ ফেমিলি'(এটা অদ্ভুত পৰিয়াল) হৈছে ১৮৬৫ চনত ইংৰাজ নাট্যকাৰ উইলিয়াম ব্ৰাফৰ দ্বাৰা ৰচিত এখন হাস্যৰসাত্মক নাটক। ইয়াৰ সংগীত যুগুতাইছিল থমাছ জাৰ্মান ৰিডে, আৰু অভিনয় কৰিছিল জাৰ্মান ৰিড, তেওঁৰ পত্নী প্ৰিচিলা জাৰ্মান ৰিড আৰু জন পাৰিয়ে।
-
ঐক্যতান
ঐক্যতান হ'ল এটা প্ৰগতিশীল নাট্যগোষ্ঠী। হাস্যৰসাত্মক লেখক তথা চলচ্চিত্ৰ সমালোচক পবিত্ৰ কুমাৰ ডেকা, ইতিহাসবিদ তথা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, সাহিত্যিক অনিল কুমাৰ ডেকা, অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক নিত্য বৰা আদিয়ে ১৯৭৬ চনত অসমৰ গুৱাহাটীত এই নাট্যগোষ্ঠী প্ৰতিষ্ঠা কৰে।
-
কালীয়ুট্টু
কালীয়ুট্টু (ইংৰাজী: Kaliyoottu), যাক কালী নাটকম (অৰ্থাৎ কালীৰ খেল) বুলিও জনা যায়, ভাৰতৰ দক্ষিণ কেৰালাৰ তিৰুৱনন্তপুৰম আৰু কোল্লাম জিলাত জনপ্ৰিয় এক ধৰ্মীয় পৰিৱেশ্য কলা। ই ভদ্ৰকালী আৰু অসুৰ দাৰিকাৰ মাজত হোৱা যুদ্ধৰ সৈতে জড়িত এক লোককলা।
-
কেলি গোপাল
কেলি গোপাল শংকৰদেৱ বিৰচিত এখনি অংকীয়া নাট৷ নাটখনি কীৰ্তন আৰু দশমত সন্নিৱিষ্ট ৰাসলীলাৰ কাহিনীৰেই ৰচিত হৈছে৷ শংকৰদেৱৰ অন্যান্য নাটৰ দৰে এই নাটখনি কাহিনীপ্ৰধান নহয়৷ ই গীত আৰু নৃত্য প্ৰধান নাট৷
-
গণনাট্য
গণনাট্য বা গণনাট্য সংঘ (Gananatya or Gananatya Sangha) হ’ল ব্যাপক প্ৰভাৱ বিস্তাৰকাৰী এক নাট্যদল যিয়ে বংগৰ গ্ৰামীণ অঞ্চলত সামাজিক আৰু ৰাজনৈতিক নাটকক প্ৰসাৰ কৰাৰ উদ্দেশ্যৰে ১৯৩০ আৰু ১৯৪০-ৰ দশকত তৎকালীন ব্ৰিটিছ ভাৰতত গণনাট্য আন্দোলন আৰম্ভ কৰিছিল। গণনাট্য সংঘ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখা।
-
দীনবন্ধু পুৰস্কাৰ
দিনবন্ধু পুৰস্কাৰ হ'ল পশ্চিম বংগৰ এক সন্মানীয় নাট্য বঁটা। ১৯৮৩ চনত পশ্চিম বংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ নাট্য উপদেষ্টা ব’ৰ্ডে বাংলা নাট্য জগতলৈ আগ বঢে়াৱা সামগ্ৰিক অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদানৰ সিদ্ধান্ত লয়। ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে নাট্য উপদেষ্টা ব’ৰ্ডে এই পুৰস্কাৰ প্ৰদান কৰে।
-
ধনু যাত্ৰা
ধনু যাত্ৰা (ଧନୁଯାତ୍ରା; Dhanu Jatra) উৰিষ্যাৰ বৰগড়ত অনুষ্ঠিত হোৱা মুক্তাঙ্গনত পৰিবেশিত নাট্যানুষ্ঠান। বৰগড়ৰ ৮ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ পৌৰ অঞ্চলত বিয়পি থকা ই পৃথিৱীৰ সৰ্ববৃহৎ মুক্তাঙ্গন থিয়েটাৰ আৰু ই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে।
-
পশ্চিম বংগ নাট্য অকাডেমি
পশ্চিম বংগ নাট্য অকাডেমি হৈছে ভাৰতৰ পশ্চিম বংগত নাট্য আৰু নাট্যৰ বাবে এখন বিদ্বান সমাজ। ১৯৮৭ চনৰ ২৬ ছেপ্টেম্বৰত স্থাপিত এই শাখাটো পশ্চিম বংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এটা শাখা।
-
বিদেশীয়া
বিদেশীয়া বা বহৰা বহাৰ (Bidesiya) ভিখাৰী ঠাকুৰ ৰচিত এখন ভোজপুৰী নাটক। ভিখাৰী ঠাকুৰে নাৰী সবলীকৰণ, প্ৰব্ৰজন আৰু দৰিদ্ৰতাৰ ওপৰত লিখা কেইবাখনো নাটকৰ ভিতৰত ই অন্যতম। এই নাটকখন ইমানে জনপ্ৰিয় হৈছিল যে ই ভোজপুৰী অঞ্চলৰ লোকনাট্য শৈলীত পৰিণত হয়।
-
বীণা-বাসৱদত্তা
বীণা-বাসৱদত্তা (Vīṇā-Vāsavadattā) হ’ল শূদ্ৰকৰ (আনুমানিক ৩য় শতিকা) দ্বাৰা ৰচিত এখন ভাৰতীয় সংস্কৃত ভাষাৰ নাটক। নাটকখনৰ প্ৰথম আঠটা অংক বৰ্তমান পোৱা যায়; ইয়াৰ অন্তিম অংশটো বৰ্তমান বিলুপ্ত। নাটকখনৰ শীৰ্ষকটো ইয়াৰ নায়িকা বাসৱদত্তা আৰু বাদ্যযন্ত্ৰ বীণাৰ সৈতে জড়িত।
-
ভাৰত ৰঙ্গ মহোৎসৱ
ভাৰত ৰঙ্গ মহোৎসৱ ( Bharat Rang Mahotsav; भारत रंग महोत्सव; BRM) বা ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ ১৯৯৯ চনত আৰম্ভ হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা এয়া এক বাৰ্ষিক নাট্য মহোৎসৱ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ভাৰত চৰকাৰৰ দ্বাৰা সঞ্চালিত নাট প্ৰশিক্ষণৰ প্ৰথম প্ৰতিষ্ঠান।